মাঘ বিহু: বৃহত্তৰ অসমীয়া জাতিৰ সমন্বয়ৰ প্ৰতীক
"মাঘ আহিল
ঐ মাঘ আহিল
আমি মাঘ বান্ধিছো
টাকুৰি ঘূৰাদি নাচ
ঐ টাকুৰি ঘূৰাদি নাচ"
অসমৰ জাতীয় উৎসৱ বিহুৰ ভিতৰত মাঘ বিহুৰ কথাই সুকীয়া। এই উৎসৱৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতি একতাৰ ডোলেৰে বান্ধ খাই আছে। মাঘ বিহুৰ দিনাখন বৈদিক যুগৰ লোকসকলে শীত নিবাৰণৰ বাবে সূৰ্যৰ প্ৰখৰ তাপ আহৰণৰ বাবে মহাযজ্ঞৰ আয়োজন কৰিছিল। এই মহাযজ্ঞই পিছলৈ মেজি পূজা বা মাঘবিহু বুলি জনজাত হয়।সূৰ্যটো মকৰ ৰাশিত থাকি উত্তৰ দিশলৈ গতি কৰি থকা দিনটোৱেই মকৰ সংক্ৰান্তি। এই মকৰ সংক্ৰান্তিতেই মাঘ বিহু অসমীয়া সমাজত পালন কৰি অহা হৈছে। মাঘৰ এই সময়ত মঘা নক্ষত্ৰ বা তাৰ ওচৰ চুবুৰীয়া নক্ষত্ৰত পুৰ্ণিমান্ত হোৱা হেতুকে চান্দ মাহকে প্ৰকৃততে মুখ্য চান্দ্ৰ মাঘ বোলে। এই মাহৰ শুদ্ধমান অনুযায়ী মকৰ ৰাশিত ৰবিৰ স্হিতি কাল সময়খিনিহে সৌৰমাঘ নামে প্ৰথিত। পঞ্জিকামতে মাঘ মাহ ভাস্কৰাব্দৰ দশম মাহ আৰু শীত ঋতুৰ অন্তৰ্গত হয়। চলিত বছৰ উত্তৰায়ন সংক্ৰান্তি ৰাতি দং ৩০/৪৭/ঘ ৬/৩৫/১২ সময়মতে সূৰ্য সংক্ৰমণৰ কাৰণে শোৰ্ষাদ্ধ পুণ্য। দিনৰ ১১/৩২/৩ যোৱাত সংক্ৰান্তিৰ স্নান, মকৰাদি স্নান প্ৰশস্ত। উল্লেখনীয় যে এই মাহৰ সংক্ৰান্তিৰ পৰাই শীতৰ প্ৰকোপ ক্ৰমে কমি যায়।
বিহুৰ আগদিনা উৰুকা। উৰুকাক নামনি অসমত 'লগভাত' বা 'দলভাত' বুলি কোৱা হয়। উক্ত দিনা নিশাৰ ভাগত গাঁৱৰ বা চুবুৰীৰ মানুহে লগ হৈ বা দল বান্ধি ভোজভাত খাই বাবেই এনেদৰে কয়। বজাৰৰ ডাঙৰ জীয়া মাছটো আৰু ঘৰতে মঙহাল খাহীটোৰ মাংস, কণী, নানা তৰহৰ শাক-পাচলি বা জহা চাউলেৰে সেইদিনাৰ ভোজভাত খোৱা হয়। খাবলৈ নোপোৱা ডাল দৰিদ্ৰজনেও খুজি-মাগি হ'লেও 'দলভাত'ৰ খোৱাদ লবলৈ বিচাৰে। বিভিন্ন ঠাইত আকৌ মেজিসজা ঠাইত ভেলাঘৰ সাজি তাত 'দলভাত' ৰান্ধি খায়। মংগলদৈৰ ফালে এই ভেলাঘৰক 'ডেকাচাং' বুলিহে কয়। ঠাই বিশেষে উৰুকাৰ ৰাতিৰ এই খানা 'গৰখীয়া ভোজ' বুলি জনাজাত।
প্ৰণিধানযোগ্য যে কোনো কোনোৱে আকৌ কাঠ-আলু, আলু, কচু সিজাই বা পুৰিও খায়। উল্লেখনীয় পুৰণি বৃহত্তৰ কামৰূপত বিহুৰ উৰুকাৰ দিনা চুঙা পিঠা বনোৱাটো এটা পৰম্পৰা।
বিহুৰ দিনা দোকমোকালিতে উঠি ডেকা ল'ৰাবোৰে বস্তিৰ অলাগতিয়াল গছ-গছনি আদিত দা আদিৰে কোবায় আৰু গায় --
"মাঘ ঐ মাঘ
গছৰ গুটি লাগ
লাগ ঐ লাগ
লাগ লাগ লাগ.......।"
ঠাই বিশেষে ইয়াক 'গাছবন্ধা' বা 'গছবন্ধা' বুলি জনাজাত। পলাশবাৰীৰ ফালে মাঘ বিহুৰ শলীয়া খেদা প্ৰথা আজিও প্ৰচলিত হৈ আছে। শলীয়া হ'ল কেৰ্কেটুৱা। ভেলা নামৰ বুঢ়াজন হ'ল ভেলা বা মঠ বা মেজিৰ প্ৰতীক। তামোল বা নাৰিকলৰ গছৰ পৰা শলীয়া ৰূপী কেৰ্কেটুৱাক খেদাৰ এই প্ৰথাই হ'ল শলীয়া খেদা প্ৰথা।
বিহুৰ দিনা পুৱা ডেকাসৱে আগতে বনাই থোৱা মঠ জ্বলাবলৈ গাঁৱৰ সকলো লগ হয়। সংস্কৃত 'মেধ্য' শব্দৰ পৰা মেজি শব্দটো আহিছে। গাঁৱৰ ডেকালল'ৰাবোৰে প্ৰতি ঘৰৰ পৰা খুজি অনা বাঁহ, ধানখেৰ, বন জংঘলেৰে বৰ মেজি, সৰু মেজি আৰু ধৰ্ম পুঁজি সজায়। প্ৰচলিত নিয়ম অনুসৰি মেজিত তামোল-পাণ, ঘিউ, তিল দি অগ্নি পূজা কৰি তলৰ মন্ত্ৰ উচ্চাৰণ কৰি অগ্নিক প্ৰণাম কৰে।
'অগ্নি
প্ৰজ্বলিতং বন্দে জ্ঞাতবেদ হুতাশনং।
সুবৰ্ণ বৰ্ণমলং জ্যোতিৰূপং নম: স্হত।'
মেজি জ্বলোৱা ঠাইত নৈবেদ্য আগবঢ়াই অহাটো আজিও প্ৰচলিত । নি:সন্তান দম্পতিয়ে সন্তান কামনা কৰি সন্তান লাভ কৰা বা যি সন্তানৰ বহু বছৰলৈ মাত নহয় , তেনে সন্তানৰ মাক-বাপেকে নৈবেদ্য আগবঢ়াই সুফল পোৱা বুলি লোকবিশ্বাস নথকা নহয় ।
কৃষি প্ৰধান অসমীয়া সমাজত মাঘৰ পৰা নতুন বছৰ ভবা হয়। সেয়ে সমাগত নতুন বছৰৰ বাবে বিভিন্ন প্ৰকাৰৰ সমৃদ্ধিৰ বাবে মেজিৰ জুইৰ পোৰা খৰি আনি ঘৰত বা গছৰ গুৰিত লগায়। বহুতে আকৌ লাগতি গছ, ঘৰৰ খুঁটা আদিত ফটা-কানিৰে বান্ধ বান্ধে। ইয়াক মাঘী বান্ধ বুলিও কোৱা হয়। অসমীয়া ডেকা ল'ৰাই আজিও বাৰীৰ পিছফালে গৈ গীত গোৱাৰ ৰীতি প্ৰচলন আছে। গীতৰ কিয়দাংশ হ'ল-----
"মাঘ আহিল
ঐ মাঘ আহিল
আমি মাঘি বান্ধিছো
গছ বিৰিখত ফল লাগক
পুখুৰীত ভৰক মাছ
টাকুৰি ঘূৰাদি নাচ
টাকুৰি ঘূৰাদি
নাচ"।
আকৌ----
"মাঘৰ পন্তা বাঘৰ
বল
বাপুহঁতৰ পইতাভাত
মাঘত খাই,
বাঘৰ সমান বল
পাই।"
মাঘ বিহুক অসমীয়া ৰাইজে ভোগালী উৎসৱ হিচাপে এক বিশেষ স্থান দি আহিছে। মাঘবিহু হ'ল ভোগৰ উৎসৱ। পুহ মাহৰ ভিতৰত পথাৰত ধান দোৱা হয়। প্ৰায় সকলো প্ৰকাৰৰ ধান চপোৱা হয়। ভঁৰাল ধানেৰে উপচি পৰে। ভঁৰাল উপচি থকা ধানেৰে বিধে বিধে পিঠা পনা তৈয়াৰ কৰা হয়। তিল পিঠা, ঘিলা পিঠা, নাৰিকলৰ পিঠা, পিঠাগুৰি, লাড়ু, পকা লাড়ু আদি বিভিন্ন প্ৰকাৰৰ লাড়ু আদি বিভিন্ন প্ৰকাৰৰ ভোগৰ সামগ্ৰী বনোৱা হয়।
মাঘ মাহৰ আন এক পৰম্পৰা হ'ল মাহকৰাই খোৱা।
"বাটে বাটে যাওঁ
মাহকৰাই খাওঁ
মোৰ লগত যি আহে
তাকো এগাল দিওঁ।"
বিহুৰ দিনা নাম প্ৰসংগ ইত্যাদিৰে দিনটো ৰং-ৰইচেৰে উদযাপন কৰা হয়। সৰুজনে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লোৱাটো আন এক পৰম্পৰা। আনন্দ আৰু ভোগৰ উৎসৱ এনেদৰে পালন কৰি কৃষিজীৱী অসমীয়াই ন-বছৰৰ বাবে ন-উদ্যমেৰে কৰ্মত মনোযোগ দিয়ে।
মাঘ বিহুত হাজোত বুলবুলি চৰাই যুঁজ (এতিয়া পিছে বন্ধ), ঠাইভেদে কুকুৰা যুঁজ, মহ যুঁজ আদি অনুষ্ঠানৰো আয়োজন কৰা হয়।
মাঘ বিহুৱে অসমীয়াৰ সমাজত থকা অনৈক্যৰ মাজত ঐক্য প্ৰমাণ কৰে। বৃহত্তৰ অসমীয়া জনজীৱনত প্ৰায় প্ৰতিটো জনগোষ্ঠীয়ে কম বেছি পৰিমাণে ভোগালী বিহু পালন কৰা হয়। তাৰ ভিতৰত ডিব্ৰুগড়ৰ সোণোৱাল সকলৰ বিহু সম্পূৰ্ণ একে। কেৱল তেওঁলোকৰ মৰাক ভাত দিয়া আৰু মেজি জ্বলোৱাৰ পদ্ধতি আমাৰ লগতে নিমিলে। বিহুৰ দিনা ঘাট মাউৰা ল'ৰাইহে প্ৰথমে মেজি জ্বলায়। পৰিয়ালৰ মৃত লোকসকলৰ বাবে বাৰীৰ পিছফালে এচুকত ভাত দি মৃত ব্যক্তিসকলক তেওঁলোকে স্মৰণ কৰে।
বড়ো-কছাৰীসকলে মাঘ বিহু তিনিদিনীয়াকৈ পালন কৰে। ইয়াক তেওঁলোকে "মাঘী উৎসৱ" বুলি কয়। তৰাগছ বান্ধি তেওঁলোকে নিজৰ শ্ৰীবৃদ্ধি কামনা কৰে। গোগামুখ, ধেমাজি, জোনাই আদিত থকা মিচিং জনগোষ্ঠীয়ে মাঘ বিহুক 'মাঘী সংক্ৰান্তি' বুলি পালন কৰে। তেওঁলোকেও মেজি (লুৰি মাগ্ পা:) বনাই বিহুৰ দিনা জ্বলাই দি অগ্নি পূজা কৰে।
আহোমসকলে 'মজি ক্কচুম কহি' নামেৰে ভোগালী উৎসৱ পালন কৰে। ডিমাছাসকলে মাঘ বিহুক 'মাঘবিচু' হিচাপে পালন কৰে। ৰাভাসকলে এই বিহুক 'দুমাছি' বুলি পালন কৰে। মাঘ মাহৰ শুক্লপক্ষৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে ভোগৰ উৎসৱ মাঘবিহু পালন কৰে। প্ৰকৃতাৰ্থত মাঘ বিহু বৃহত্তৰ অসমীয়া সমাজৰ সমন্বয়ৰ প্ৰতীক। সম্প্ৰীতিৰ সোণালী সূতাৰে বান্ধ খাই আছে বৃহত্তৰ অসমীয়া সমাজ। মেজিৰ জুইৰ উম লৈ সকলোৱে পাহৰি যায় মনৰ নানান যন্ত্ৰণা । বছৰৰ মূৰত এবাৰৰ বাবে অহা ভোগৰ উৎসৱ ভোগালী বিহু অসমীয়াই প্ৰাণ ভৰি উপভোগ কৰে। আজিৰ আধুনিকতাসৰ্বস্ব সমাজ-ব্যৱস্থাই ভোগালী বিহুৰ মাদকতা বহু পৰিমাণে কমাই আনিছে যদিও ম্লান কৰিব পৰা নাই।
আগন্তুক বৰ্ষবোৰতো ভোগালী বিহুৰ মাদকতা সম্পূৰ্ণ হৈ থাকক। বিভিন্ন
সুস্বাদু প্ৰীতিৰে ভোজ-ভাত খাই আমিও সম্প্ৰীতিৰ দোলেৰে বান্ধ খাই থাকোঁ ।
----------///-------------
পংকজ পল্লৱ শৰ্মা
প্ৰধান শিক্ষক
কোঠৰা উচ্চ মাধ্যমিক
বিদ্যালয়
ৰঙিয়া শিক্ষাখণ্ড।
অলংকৰণ :- মনবীনী দাস
0 Comments