জ্যোতি দিৱসৰ চিন্তাৰ প্ৰাসংগিকতা
১৭ জানুৱাৰীত সমগ্ৰ অসমবাসীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিটো শিল্পী দিৱস হিচাপে বিদ্যালয় , মহাবিদ্যালয় , চৰকাৰী-বেচৰকাৰী পুথিভঁৰাল , সংঘ , অনুষ্ঠান - প্ৰতিষ্ঠান সকলোৱে পালন কৰি আহিছে | ১৯৫৩ চনৰ ১৭ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ৰূপকোঁৱৰৰ মৃত্যু তিথিটো 'জ্যোতি দিৱস' হিচাপে পালন কৰা হৈছিল | শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে সেই দিনটো হেমাংগ বিশ্বাস আৰু ড০ ভূপেন হাজৰিকাদেৱৰ সহযোগত ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত আনুষ্ঠানিক ভাৱে 'জ্যোতি দিৱস' হিচাপে পালন কৰিছিল | পৰৱৰ্তী সময়ত 'জ্যোতি দিৱস'ৰ সলনি 'শিল্পী দিৱস' হিচাপে নামাকৰণ কৰা হয়।
শিল্পীৰ পৃথিৱী সদায় পোহৰৰ পৃথিৱী | এগৰাকী শিল্পী হ'বলৈ হলে তেওঁৰ বোধ হ'ব লাগিব প্ৰখৰ গভীৰ আৰু মানৱীয় অনুভূতিসিক্ত। জ্যোতি প্ৰসাদো এনেধৰণৰ গুণৰ অধিকাৰী আছিল আৰু সচাঁ অৰ্থত এগৰাকী শিল্পী আছিল | কেৱল প্ৰখৰ,গভীৰ অাৰু বিশালেই নহয় , তেখেত আছিল সুন্দৰতা আৰু মানৱীয় অনুভূতিৰে , ঐশ্বৰ্যৰে মহিমামণ্ডিত তথা স্ৰষ্টা আৰু দ্ৰষ্টা দুয়োটা গুণেৰে গুণান্বিত। শৈল্পিক বিশ্লেষণ কৰিলে আমি পাওঁ জ্যোতি প্ৰসাদ সমাজ মুক্তিৰ প্ৰধান সেনানী | জ্যোতিপ্ৰসাদে জীৱন জুৰি যি শিল্প সাধনা কৰিলে , সেই শিল্পৰ লক্ষ্য আাৰু উদ্দেশ্য অতি স্পষ্ট | শিল্প মানে নাচ - গান নহয় আৰু ধন ঘটা প্ৰণালীও নহয় | এইবোৰ যিহেতু কলা গতিকে এইবোৰে কলা হিচাপে মানুহক দিব লাগিব বিমল আনন্দ আৰু সেইদৰে ব্যক্তিক দিব লাগিব জাতীয় জীৱন উদ্ধুদ্ধ কৰিব পৰা জাতীয় চেতনা | তেখেতৰ জীৱন দৰ্শন আৰু সৃষ্টিৰাজিত চকু ফুৰালে দেখা যাব জ্যোতিপ্ৰসাদৰ বৈপ্লৱিক চেতনা,সাংস্কৃতিক চেতনাৰ মাজেদি অহা সাম্যবাদী ভাবাদৰ্শ |
সাম্যবাদত সামাজিক প্ৰগতিৰ মূল ভেটি হৈছে অৰ্থনীতি | আনহাতে জাতীয়তাবাদৰ এটা শীতল স্ৰোত হৈছে সাম্যবাদ | এই দুই ভাবাদৰ্শৰে গঢ়ি উঠা জাতিয়েই সুস্থিৰ আৰু সুদৃঢ় | শ্ৰমিক কৃষকৰ উপৰি দাৰ্শনিক , বিজ্ঞানী , ইঞ্জিনিয়াৰ , চিকিৎসক , শিক্ষক , আদিৰো গঠন মূলক চিন্তা সৃষ্টি আৰু জনসেৱামূলক দৃষ্টিভংগী এই গোটেই গুণবোৰ জ্যোতি প্ৰসাদৰ জীৱনত বাৰুকৈয়ে প্ৰতিফলিত হোৱা যেন লাগে | চাহ বাগিচাত জন্ম হোৱা বাবেই নেকি তেখেতৰ তেজৰ শিৰাই শিৰাই প্ৰবাহিত হৈছিল শ্ৰমিক বনুৱাৰ জীৱন শৈলী |সম্ভ্ৰান্ত পৰিয়ালৰ হৈয়ো তেখেতে বিলাসী জীৱন এৰি এগৰাকী সমাজ সংগঠকৰ ভূমিকা পালন কৰি বৈপ্লৱিক চিন্তাৰে বিপ্লৱত জঁপিয়াই পাৰিছিল তথা লোককলাৰো সন্ধান কৰিছিল।
জ্যোতিপ্ৰসাদ আছিল আধুনিক
অসমৰ শিল্প কলা আৰু চিন্তাৰ নতুনত্বৰ
বাৰ্তাবাহক শিল্পী সাহিত্যিক | প্ৰগতিশীল দৃষ্টিভংগী,উচ্চ চিন্তাধাৰা আৰু অভিনয়ৰ সৃষ্টিশীলতাৰে
তেওঁ নতুনত্বৰ সন্ধান দিছিল |জ্যোতিয়ে যিহেতু
সাধাৰণ শ্ৰমজীৱি মানুহৰ মুক্তি বিচাৰিছিল সেয়ে তেওঁ ৰাজনৈতিকভাৱে গতিশীল আৰু প্রগতিকামী
হ'ব পাৰিছিল | সম্ভ্রান্ত চিন্তাৰ পৰা জ্যোতিপ্ৰসাদৰ উত্তৰণ যদিও তেওঁৰ ভাৱ প্ৰবণ বা খেয়ালি বিলাস মনৰ
নাছিল | ই আছিল গুণগত ভাৱে তাৎপৰ্যপূৰ্ণ | সেই বাবে তেওঁক ৰূপান্তৰৰ শিল্পী বুলি কয়
| তেওঁৰ শেষ জীৱনৰ ভাষণ আৰু সৃষ্টিৰাজি আদিত এই উত্তৰণৰ চিন সুপৰিস্ফুত | আনহাতে
সামাজিক অন্যায়,অবিচাৰ,শোষণ আদিৰ বিৰুদ্ধে বলিষ্ঠ প্ৰতিবাদ তেওঁৰ ৰচনাৰাজিত পৰিলক্ষিত
হৈছে | তেওঁ অসমীয়া তথা কথিত মধ্যবিত্ত শ্ৰেণীৰ মানসিকতাৰ পৰা আঁতৰি আহি সমাজৰ নিম্নস্তৰৰ
মানুহৰ জীৱন দৰ্শন আদি অনুধাৱন কৰিবলৈ বিচাৰিছিল | শিল্পী হিচাপে তেখেতে সময়ৰ আহ্বানক
সাবটি লৈ সমাজৰ পক্ষত থিয় দিছিল | শিল্পী সম্পৰ্কেও তেওঁৰ ধাৰণা
আছিল সম্পূৰ্ণ সুকীয়া | তেওঁ প্ৰতিজন মানুহকে শিল্পী আৰু গোটেই পৃথিৱীখনক
শিল্পৰ ঘৰ বুলি কৈছিল। তেওঁক সপোন দিঠকত পৰিণত কৰা শিল্পী বুলিও কৈছিল | তেওঁৰ ভাৱত
প্ৰকাশ পাইছিল যিদিনাই জনতাক ৰূপান্তৰৰ শ্ৰমিক বুলি ভাবিব পাৰিব সেইদিনাহে শাসকৰ হাতত
জনতাই শাসনভাৰ তুলি দিব পাৰিব | এই ক্ষেত্ৰত জ্যোতিপ্ৰসাদৰ দৃষ্টিভংগী আছিল চিৰন্তন সত্য | বৰ্তমান এইবোৰ
ক্ষেত্ৰত তেওঁৰ প্ৰাসংগিকতা বাৰুকৈয়ে স্মৰণীয়
|
আজিৰ শিল্পী দিৱসত তেখেতৰ
সৃষ্টিৰাজি নতুন প্ৰজন্মই জানিবৰ বাবে যি ধৰণে প্ৰকাশ হ'ব লাগিছিল ক'ৰবাত যেন যতি পৰিছে...
তেনেকুৱা ভাৱ হয় | কেইটামান শুনি থকা গীত , নৃত্য , কবিতা আদিৰ বাহিৰে জ্যোতিৰ বেলেগ বেলেগ চিন্তা আৰু সৃষ্টিৰাজি কমকৈ প্ৰতিফলিত হোৱা
দেখা যায় |
*********************
নাম- অনিমা দাস
পদবী-প্ৰধান শিক্ষয়িত্ৰী
ছয়গাঁও আঞ্চলিক প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছয়গাঁও
মো : নং - ৭০০২৭১৭৩৮৭
অলংকৰণ :- পল্লবী পাঠক
0 Comments