header ads

বিশ্ব প্ৰতিবন্ধী দিৱস | Assamese Article by Bhanu Nath

বিশ্ব প্ৰতিবন্ধী দিৱস


        বিশ্ব প্ৰতিবন্ধী দিৱস ৩ ডিচেম্বৰ তাৰিখে পালন কৰা হয় প্ৰতিবন্ধী বুলিলে 

বিভিন্ন শাৰীৰিক আৰু মানসিক বিকাৰকে বুজায়। বৰ্তমান ইয়াক বিশেষভাবে সক্ষম ব্যক্তি/শিশু বুলি কোৱা হয় ৷ প্ৰতিবন্ধী বহুধৰণৰ আছে যেনে জন্মগত, দূৰ্ঘটনাক্ৰমে আৰু শাৰীৰিক ৰোগাক্ৰান্ত। 

        আজি এই প্ৰৱন্ধটিত তিনিগৰাকী ব্যক্তিৰ কথাকে কব খুজিছোঁ। ব্যক্তি তিনিগৰাকী হল (ক) হেলেন কেলাৰ (খ) ষ্টিফেন হকিং (গ) লেখিকা মই নিজেই। 

        হেলেন কেলাৰৰ জন্ম হৈছিল ১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্টৰ এটা মধ্যবিত্ত পৰিয়ালত। ডেৰ বছৰ বয়সতে মেনিন্‌ জাইটিছ ৰোগ হৈ কাণেৰে নুশুনা, চকুৰে নেদেখা, শেষত বাক শক্তিও হেৰুৱাই পেলাইছিল । কিন্তু তেখেতৰ বুদ্ধি আছিল অতি প্ৰখৰ। সেয়েহে তেওঁ মানুহৰ ওঁঠ স্পৰ্শ কৰি মনৰ ভাৱ বুজি পোৱাৰ কৌশলেৰে (শিক্ষা) পঢ়িব আৰু লিখিব পৰা হ'ল। ১৯০৪ চনত কলা শাখাত তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে। বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ শিক্ষাৰ বিকাশৰ কাৰণে শিক্ষা প্ৰতিষ্ঠান এখনত অধ্যক্ষ ৰূপে কাম কৰিলে ৷ তেনে লোকৰ মংগলৰ বাবে নানা দেশ ভ্ৰমণ কৰি বক্তৃতা প্ৰদান কৰিলে। আলোচনী আদিত প্ৰবন্ধ আদি লিখিলে। 

     ষ্টিফেন হকিং- ষ্টিফেন হকিং ২১ বছৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈয়ো বহু বঁটাৰ অধিকাৰী হ'ব পাৰিছিল। তেখেতৰ জন্ম হৈছিল ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলণ্ডত। তেখেতে এখন হাতৰ দুটা আঙুলিৰে হুইল চেয়াৰত বহি কম্পিউটাৰ চলাইছিল৷ তেখেতে বেছিভাগ জটিল অংক মনতে কৰি পেলাব পাৰিছিল। হকিঙৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য সম্পৰ্কীয় গৱেষণাই বিজ্ঞান জগতক সমৃদ্ধ কৰিছে। ২০০২ চনত বি.বি.চি. য়ে তেওঁক এশজন মহান বৃটিছৰ এজন বুলি অভিহিত কৰে।

         মই নিজেই এই প্ৰৱন্ধৰ লেখিকা। মই নিজেই এগৰাকী শাৰীৰিক আৰু মানসিক প্ৰতিবন্ধী। মোৰ শৰীৰত এটা ৰোগ আছে যাৰ পৰা আজিও হাত সাৰিব পৰা নাই ৷ ৰোগটো কেতিয়াৰ পৰা আৰম্ভ হল আৰু কেতিয়া শেষ হব মই নাজানো। মায়ে কৈছে, ৰোগটো জন্মৰ তিনিমাহৰ পৰা। কবিৰাজ, বেজালিবোৰে কিবা কিবি আদি কৰিছে ৷ ডাক্তৰবোৰে কৈছে ৰোগটো জন্মগত। 

        বেমাৰটো ভাল হ'বৰ বাবে মায়ে মন্দিৰে মন্দিৰে প্ৰসাদ, পাৰ, ছাগলী দিছিল। বেজালিবোৰে বনদৰব দিছিল। ডাক্তৰসকলে তিনিবাৰ অপাৰেচন (Operation) কৰিলে। তিনিবাৰ অপাৰেচন কৰি ডাক্তৰসকলে ডিঙিৰ সোঁফালটো গাতৰ নিচিনা কৰি পেলালে। গতিকে পাঠক সকলে চাওঁকচোন মই শাৰীৰিক আৰু মানসিক ভাবে কিমান দুৰ্বল। 

        শেষত কব খোজো যে শাৰীৰিক, মানসিক প্ৰতিবন্ধকতা কোনো কাৰণতে বাধা হব নোৱাৰে। তাৰ বাবে লাগিব অধ্যৱসায়, আত্মবিশ্বাস, ধৈৰ্য্য শক্তি। 

********************

শ্ৰী ভানু নাথ

মাধৱদেৱ হাইস্কুল (ভাগৱতীপাৰা)

সহঃ শিক্ষয়িত্ৰী

ৰামপুৰ শিক্ষা খণ্ড

মোঃ নং ৯৭০৬৯৭৯৮৪৫


অলংকৰণ :-  সুৰভি দাস

 

Post a Comment

0 Comments