পোহৰ
বাইদেউ, উঠক। এজন পুলিচ অফিচাৰে দীপাক আগভেটি ধৰি ক'লে। মোৰ বাইকখনেৰে আপোনাৰ স্কুলত থৈ আহিম। উঠকচোন, ইমান বেগেৰে খোজ কাঢ়িছে, একেবাৰে দৌৰা যেন পায় । দীপা কিছু সময়ৰ বাবে থমকি ৰ'ল। তাৰপিছত তাই ক'লে, নাই নাই, নালাগে। অলপ গ'লেই মই পাম ।
পুলিচ অফিচাৰ জনে বাইকৰ পৰা নামি দীপাক ভৰি চুই সেৱা কৰি ক'লে - বাইদেউ, মই আপোনাৰ ছাত্ৰ অলক । আপুনি আমাৰ ঘৰলৈ গৈ ভণ্টি আৰু মোক যদি স্কুললৈ নানিলেহেঁতেন, তেন্তে আজিও আমি খৰি বিক্ৰী কৰি খাই থাকিব লাগিলহেঁতেন । দেউতাৰ ভৰি এখন বিকল বাবে মানুহে 'খোৰা ' বুলি ইতিকিং কৰিছিল। গাৱঁৰ মানুহে আমাক খৰি বিচাৰিবলৈ পঠাইছিল । কিন্তু কোনেও পঢ়াৰ কথা কোৱা নাছিল । সেই হাবিখনৰ পৰা খৰি বিচাৰি থাকোঁতে একমাত্ৰ আপুনিয়েই আমাক প্ৰকৃত পথৰ সন্ধান দিছিল।
বাইদেউক ভাল কথাটো কোৱাই নাই। ভণ্টি এতিয়া এ, এন, এম ( নাৰ্ছ ) । মই পুলিচ অফিচাৰ । আমি এটা ভাল ঘৰ বনাইছো। বাইদেউ, আপোনাক আমি এতিয়াও সাক্ষাৎ ভগৱান বুলি স্মৰণ কৰি আহিছোঁ । এদিন আপুনি আমাৰ ঘৰলৈ যাবই লাগিব । দীপাই কিছু সময়ৰ বাবে আবেগিক হৈ পৰিল।
*****************
0 Comments