header ads

ভোগালী বিহু | Assamese poem by Abinash Das

ভোগালী বিহু



মাঘৰ বিহুটি আমাৰ ভোগালী, 

মন যে হৈ পৰে উদুলি-মুদুলি ! 

মিলিজুলি সাজোঁ মেজি আমি পথাৰত, 

ঢেঁকীৰ শব্দ শুনোঁ সকলোৰে ঘৰত। 

 

পুহ মাঘৰ দোমাহিত

পতা হয় ভোগালী উছৱ

ঘৰে-ঘৰে ধান, চাউলৰ

হৈ পৰে উভৈনদী। 

 

কৃষক আমাৰ পৰম বন্ধু

                                খেতিৰে সেউজী কৰে                                  

খহটা পথাৰখনি

গাঁও-চহৰ একাকাৰ কৰি

ভোগালীৰ  উমাল বতাহ বলে। 

 

ৰাতিপুৱাই গা ধুই

মেজি জ্বলাবলৈ যাওঁ, 

নতুন চাউল ঢেঁকীত খুন্দি

লাড়ু-পিঠা খাওঁ। 

 

বিহুৰ আগদিনা হয় উৰুকা, 

ৰাইজে মিলি পাতে ভোজভাতৰ চৌকা। 

ম'হ যুঁজ, কণী যুঁজ আৰু যে কত খেল, 

আনন্দত চলি থাকে আমাৰ মৌ-মেল। 

মৰমৰ এই বিহুটিক ভোগৰ বিহু কওঁ, 

সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদটি লওঁ ।

************************** 


অবিনাশ দাস

অষ্টম শ্ৰেণী

ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়

শিক্ষাখণ্ড : ছয়গাঁও


অলংকৰণ :-  সুৰভি দাস

Post a Comment

0 Comments