header ads

ভোগৰ বিহু ভোগালী | An Assamese poem by Dipamani Daimari

ভোগৰ বিহু ভোগালী
 
 

অসমৰ বিহু তিনিটি আমাৰ অতিকে আপোন,

অসমীয়া সমাজ-জীৱনৰ ই হ'ল এখন দাপোণ ৷

বিহু আমাৰ জাতীয় উৎসৱ বাপতি-সাহোন,

সকলো অসমীয়াই বিহুক কৰোঁহো প্ৰণাম ৷

তিনিটি বিহুৰ ভিতৰত মাঘ বিহু হ'ল ভোগৰ বিহু ,

মাঘ বিহুত খাওঁ আমি নানা পিঠা-লাৰু ৷

উৰুকা উপলক্ষে সজা হয় ভেলাঘৰ আৰু মেজি,

উৰুকাৰ দিনা ভোজ-ভাত খাওঁ গঞা ৰাইজে মিলি ৷

উৰুকাৰ পিছদিনা ৰাতিপুৱাই মেজি জ্বলোৱা হয়,

মেজিৰ তলত আঁঠু লৈ ৰাইজে ভগৱানৰ আশিস লয় ৷

মেজিৰ ছাঁইৰ ক'লা ফোট পিন্ধে গঁঞা ৰাইজে ,

সেই ছাইৰ ক'লা ফোট গৰুকো পিন্ধাই দিয়ে ৷

আৰু দিয়ে তেল সানি..

নিমখ দিয়ে খুৱাই ,

গৰুবোৰে আনন্দতে ডেও দি ফুৰে

বন্ধনৰপৰা মুকলি হৈ।

তাৰ পিছদিনা ৰাতিপুৱাই গা-পা ধুই ,

সৰুৱে ডাঙৰৰ আশিস লয় দুখনি চৰণ চুই ৷

ডাঙৰে সৰুক দিয়ে --

আশিস আৰু মৰম,

তাৰপিছতেই আৰম্ভ হয়

চাহ-জলপান গৰম গৰম ৷

বিভিন্ন ধৰণৰ পিঠা-লাৰুৰে

কাঁহী দিয়ে ভৰাই ,

দৈ-চিৰা-গুৰ, সান্দহ আদিৰে খাওঁ উদৰ পূৰাই ৷

মাঘ মাহত দূৰ হয় কাতি মাহৰ আকাল ,

সকলোৰে ঘৰত উপচি পৰে সোণগুটিৰ ভঁৰাল ৷

মাঘ যে আমাৰ ভোগৰ বিহু

খাদ্য খাওঁ টকালি-টকালি ,

সেয়েহে ইয়াৰ আন এটা নাম

বিহু ভোগালী ৷

বাপতি-সাহোন এই বিহুটিক

ৰাখিম আমি জীয়াই ,

নহ'লে যে লজ্জানত হ'ব লাগিব

আমি সকলো অসমীয়াই ৷

 

++++++++++++++++++++++


দীপামণি দৈমাৰী

সহ শিক্ষয়িত্ৰী, বালিঝাৰ এম. ই. মাদ্ৰাছা

শিক্ষাখণ্ড: ছমৰীয়া




অলংকৰণ :-  পল্লবী পাঠক

Post a Comment

0 Comments