header ads

জ্যোতি প্ৰসাদ আগৰৱালা | Assamese poem by Puspanjali

জ্যোতি প্ৰসাদ আগৰৱালা 


গীতেৰে,সুৰেৰে, ভাষাৰে

তুমি জগত জিনিলা,

তোমাৰ শব্দৰ ছন্দে ছন্দে

পুলকিত কৰিলা।  


অসমীয়াৰ  তুমি মান  ,

আই মাতৃৰ সুযোগ্য সন্তান ।

তোমাৰ কলমেৰে সৃষ্টি ৰছে,

তোমাৰ গীতেৰে মৌ বৰষে।


তোমাৰ সংস্পৰ্শত প্ৰাণ পায় 

উঠে বহুতো শিল্পী, সুৰকাৰ,গীতিকাৰ,

নেতা আৰু অভিনেতা। 

 

তোমাৰ কৰ্মেৰে উজ্জ্বলিলা ,

কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিলা।

তোমাক লৈ আমি গৌৰৱান্বিত

তুমি যুগে যুগে পালা অমৰত্ব।।   

*********************


পুষ্পাঞ্জলী পাংগিং গাম

সহকাৰী শিক্ষয়িত্ৰী

নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়,

ছমৰীয়া শিক্ষাখণ্ড

 


 

অলংকৰণ :-  পল্লবী পাঠক


Post a Comment

0 Comments