Labels

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ | Assamese poem by Sewali Baishya

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ


সুন্দৰৰ পূজাৰী তুমি

                      বিপ্লৱী বীৰ, 

স্বদেশ প্ৰেমিক তুমি

                     আই অসমীৰ। 

নিৰ্মাণ কৰিলা প্রথমখন 

                  কথাছবি  জয়মতী 

তুলি ধৰি অসমীয়া সংস্কৃতিৰ 

                   সুন্দৰ মালাধাৰি। 

সুৰৰ যাদুকৰ তুমি , 

               ৰচনা কৰিলা জনতাৰ গান, 

'তোমাৰ গানত জ্বলে

                        শতযুগৰ কত অভিমান'। 

জনতাৰ যে তুমি মনৰো মনৰ

                প্ৰাণৰো প্ৰাণৰ শিল্পী, 

তোমাৰ সৃষ্টি জ্যোতি-সংগীতবোৰে

                        বিলায় তোমাৰে জ্যোতি।

অসমীয়া গীতে নাটে কৰিলা

সংস্কৃতিৰ ভঁৰাল চহকী,

তোমাৰ স্মৃতি সুঁৱৰি আমি 

পালন কৰোঁ শিল্পী দিৱসটি।

 

***************



শেৱালি বৈশ্য, 

প্ৰধান শিক্ষয়িত্ৰী, 

শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়, 

হাজো শিক্ষাখণ্ড


 

অলংকৰণ :-  সুৰভি দাস

Post a Comment

0 Comments