header ads

প্ৰজন্ম | Assamese Short Story by Anju Roy Baishya

প্ৰজন্ম

    ভোগালী বিহু ওচৰ চাপি আহিছে ।ঘৰখনৰ একমাত্র ল'ৰা পলাশ দুবছৰ ধৰি ঘৰলৈ অহা নাই ।এইবাৰ বিহুত আহিব বুলি মাকলৈ ফোন কৰিছে । 

        পুতেক ভোগালী বিহু উপলক্ষে দিল্লীৰপৰা ঘৰলৈ আহিব বাবে ঘৰখনত উথপ্ থপ্ লাগিছে;নালাগিবনো কিয় ? একমাত্র ল'ৰা, তাতে আকৌ সম্পূৰ্ণ দুবছৰৰ পিছতহে আহিব।অনুৰাধাই পিঠা-পনা যোগাৰ কৰিছে মৰমৰ পুতেকৰ বাবে। সি সৰু থাকোঁতে মাকে বিধে বিধে লাড়ু -পিঠা বনাই তাক খুৱাইছিল।তাৰ অনুপস্থিতিত মাকৰ সেই হেপাঁহকণ মাৰ যোৱাৰ নিচিনাই হৈছে।


        পুতেক অহাৰ লগে লগে ঘৰখনত হাঁহি বিৰিঙি নীৰৱ- নিশব্দ ঘৰখন প্ৰাণ পাই উঠাৰ অপেক্ষাত।দেউতাকেও সি ভাল পোৱা বিধে বিধে মাছ-মাংস আনি ওপচাই পেলালে।

        পিঠা - পনা আগত দি মাকে ক'লে ,"বাবা তই ভালপোৱা পিঠা বনাইছোঁ,ইমান দিনেতো কি খাইছা কি খোৱা নাই খবৰেই নাই।"

        সি পিঠা এখনত একামোৰ মাৰি থৈ দিলে ।মাকে সুধিলে,"পিঠাখন একামোৰ মাৰি থৈ দিলি যে বেয়া হৈছে নেকি?" সি ক'লে ,"বেয়া হোৱা নাই, কিন্তু এইবোৰ খাবলৈ মন নোযোৱা হ'ল।"মাকৰ মনটো সেমেকি গ'ল।

        ভাত খোৱাৰ সময়ত সি আগতে খাই ভাল পোৱা ভিন্ন ব্যঞ্জন মাকে ডাইনিং টেবুলত পৰিবেশন কৰিলে। সি খাবলৈ বহি মাকক ক'লে,"মা,ইমানবোৰ কি বনাইছা? পোলাও,বিৰিয়ানি খাই খাই এইবোৰ খাব নোৱাৰা হ'লোঁ মা ।" মাকৰ বুকুখন গধুৰ হৈ পৰিল।সি নেদেখাকৈয়ে মাকে চকুপানী টুকিলে।

        মাক-দেউতাকৰ বাবে তাৰ  সময়ৰ অভাৱ হ'ল।দিনৰ দিনটো দুৱাৰখন বন্ধ কৰি কোঠাত সোমাই মোবাইলটো পিটিকি থাকে আৰু সন্ধিয়া বন্ধুবৰ্গৰ লগত কটাই ৰাতি ঘৰ সোমাইহি ।

        তাৰ এই আচহুৱা পৰিৱৰ্তনে মাক-দেউতাকক অথাই সাগৰত পেলালে।দেউতাকে মাকৰ মনত সকাহ দিয়াৰ বাবে কয়,"দুখ নকৰিবা অনুৰাধা ,এয়া যুগৰ পৰিৱৰ্তন ।তুমি,মই এতিয়া আউটডেটেত হ'লো, বুজিছা ।"


********************


অঞ্জু ৰয় বৈশ্য

সহ-শিক্ষয়িত্রী

ছমৰীয়া হাইস্কুল,ছমৰীয়া

 




অলংকৰণ :- সংগীতা কাকতি


Post a Comment

0 Comments