header ads

মুকবধিৰ | Assamese Short story by Pallabi Pathak

মুকবধিৰ



            সেইদিনা কোনে ধৰি আনি অনন্যাক চোতালত বহুৱাই দিছিল তাই গমেই নাপালে। বু বু-বা বা কৈ বহুতেই কিবাকিবি কৈ থকা তাই গম পাইছিল। কিন্তু কথাবোৰ হে কাণত সোমোৱা নাছিল। তাইৰ কাণত তেতিয়ালৈ ডাঃ নীলাক্ষি বৰাই কোৱা এষাৰ কথাই বাজি আছিল --"অনন্যা, তুমি বৰ ভাগ্যৱান, তোমাৰ ওচৰত ভগবানৰ এটা বিশেষ উপহাৰ আছে। বৰ্ণিল এটা বিশেষ শিশু, a special child....ভগৱানে কিন্তু সকলোকে এনেকুৱা শিশু নিদিয়ে দেই। তাৰ ছবিবোৰে যেন কথা কয়। ইমান ধুনীয়া ছবি আঁকে সি !!!."..... সঁচাই, সেই দিন ধৰি অনন্যায়ো মানি লৈছিল ।বৰ্ণিল সঁচাকৈয়ে এটি বিশেষ শিশু। সি অঁকা ছবিবোৰ সকলোকে দেখুৱাই গৌৰৱ বোধ কৰিছিল তাই ।

        ওচৰৰ ঘৰৰ বৰ্ণিলৰ সমবয়সীয়া ৰাহুলক দেখিছে তাই; কি ধৰণে মাক -বাপেকক কথা কয়, সকলোৰে আগত অপমান কৰে,লাজত পেলায়, আৰু দেখিছে কি বেয়া সংগ তাৰ; কিমান ৰাতি দেউতাকে সেই পোন্ধৰ বছৰীয়া ল'ৰাটোক বাটত আনৰ লগত মাৰ-পিট কৰাৰ বাবে কেতিয়াবা পুলিচ থানাৰ পৰা, কেতিয়াবা আকৌ হস্পিতালৰ পৰা ঘৰলৈ লৈ আহিব লগা হয়। সেয়ে, নালাগে সি কথা ক'ব, নালাগে খোজকাঢ়ি ঘূৰি ফুৰিব।হুইল চেয়াৰ খনেই তাৰ পৃথিৱী হৈ ,ৰংবোৰেই তাৰ সংগী হওঁক। ছবিৰে সকলো ক'ব আৰু বুজাব পাৰে সি ।তাতেই সন্তুষ্ট আছিল তাই।
কিন্তু তাইৰ স্বামী অমলৰ বাবে যেন বৰ্ণিল দিনে দিনে এটা কঢ়িয়াব নোৱাৰা বোজা হৈ পৰিছিল।প্ৰথম অৱস্থাত ঠিকেই আছিল । কিন্তু দিন যোৱাৰ লগে লগে বৰ্ণিলৰ দেহৰ জঠৰতাই বাপেক পুতেকৰ মাজৰ সম্পৰ্কটোকো বিকলাংগ কৰি তুলিছিল। প্ৰতিটো কথাতে বিৰক্ত হৈছিল অমল। আনকি বৰ্ণিলৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সজীৱ ছবিবোৰতো কেতিয়াও ৰং বিছাৰি পোৱা নাছিলে অমলে। বৰ্ণিলৰ এই অৱস্থাৰ বাবে বহুসময়ত অমল আৰু অমলৰ মাকে তাইক দোষাৰোপ কৰা কথাবোৰ শুনিব লগীয়া হৈছিল অনন্যাৰ লগতে বৰ্ণিলেও।
        একো ক'ব পৰা নাছিল সি বাপেকক। কিন্তু তাৰ মনৰ ভিতৰৰ ধুমুহাজাকৰ উমান অনন্যাই নোপোৱাকৈ থকা নাছিল। বৰ বেছি হতাশ হ'লেই সি ছবি আঁকিছিল।তাৰ তুলিকাত কেতিয়াবা প্ৰাণ পাই উঠা এজাক প্ৰচণ্ড ধুমুহাৰ ছবিয়ে অনন্যাক বুজাইছিল তাৰ অশান্ত মনটোৰ কথা। কেতিয়াবা আকৌ দেউতাকৰ বুকুত এটা প্ৰকাণ্ড শিল থকা ছবিখনে তাইক কন্দুৱাইছিল।ভয় খাইছিল তাই ।তেতিয়া তাই যিমান পাৰে তাক মাতৃত্বৰ উমেৰে উমাল কৰি সেই ধুমুহাজাক শান্ত কৰিবলৈ চেষ্টা কৰিছিল ।
এনেদৰে বৰ্ণিল আৰু মুখাপিন্ধা বিবেকহীন সমাজ এখনৰ মাজত ভাৰসাম্য বজাই ৰাখি আজি পোন্ধৰতা বছৰ পাৰ কৰিছিল তাই। তেতিয়াওঁ তাইৰ বৰ্ণিলৰ প্ৰতি মৰম কমা নাছিল ,যেতিয়া নীলিম দ্বিতীয় সন্তান হিচাপে সিহঁতৰ মাজত আহিছিল। নীলিম আহিছিল মানে আচলতে অমলৰ হেঁচাতহে আনিবলৈ বাধ্য হৈছিল তাই। বৰ্ণিলৰ মৰমেৰে সদায়ে পৰিপুষ্ট হৈ আছিল অনন্যাৰ মাতৃ হৃদয়খন। বৰ্ণিলৰ উপস্থিতিয়েই তাইক পূৰ্ণতা দিছিল মাতৃত্বৰ।
        কিন্তু অমলেযে তেনেকৈ ভবা নাছিল কথাবোৰ। তাৰ এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে কাৰোবাক বিচাৰিয়ে যেন জোৰ কৰি আদায় কৰিছিল নীলিমক অনন্যাৰ দেহৰ পৰা। 
দিনবোৰ গৈ আছিল। নীলিমৰ জন্মৰ পিছত এটি সুষ্ঠ- সুঠাম শিশুৰ পিতৃ হ'বলৈ পাই অমল যেন আৰু সলনি হৈ পৰিল। দিন বাগৰিল, লাহে লাহে বৰ্ণিল গোটেই পৰিয়ালটোৰ বাবে একেবাৰে বোজা হৈ পৰিল। নীলিমৰ আগমনে অমলৰ মনত বৰ্ণিলৰ প্ৰতি থকা নূন্যতম মৰম আৰু দ্বায়িত্ব বোধো নোহোৱা কৰিলে। অৱশেষত অমলে এদিন বৰ্ণিলক এখন বিশেষ ভাবে সক্ষম শিশুৰ হোষ্টেলত থোৱাৰ সিদ্ধান্ত ল'লে। অনন্যাৰ মূৰত যেন সৰগ ভাগি পৰিল। তাই ধৰিব নোৱাৰিলে ক'ত কেনেকৈ ইমান সলনি হ'ল অমল। বুকুৰ এটুকুৰা বৰ্ণিলক কাষৰ পৰা আঁতৰাই পঠিওৱাৰ কথা তাই যে কল্পনা কৰিবই নোৱাৰে।
আকৌ এবাৰ যুদ্ধ চলিল অনন্যাৰ । এফালে বৰ্ণিল, আনফালে তাইৰ পৰিয়াল সহ সমাজখন। কিন্তু নোৱাৰিলে তাই কাকো বুজাব, কাকো সৈমান কৰিব। দুদিন ধৰি কেৱল কান্ধিছিল তাই। বৰ্ণিলৰ কোঠালৈও যাব পৰা নাছিল তাই। কি বুলি নো ক'ব তাক।ইমান অসহায় তাই কেতিয়াও অনুভৱ কৰা নাছিল। ইপিনে বৰ্ণিলৰো প্ৰচণ্ড খং । দেউতাকৰ ছবিখন আঁকি এটা অংশ কিয় জানো বিকৃত কৰি পেলাইছিল সি। খোৱা -বোৱা কৰা নাছিল সি।
        অৱশেষত ৰাতিপুৱা সেই সময়খিনি আহিছিল। আজি বৰ্ণিলক লৈ যোৱা হ'ব। গোটেই ৰাতিটো কান্দি কান্দি অনন্যাই বৰ্ণিলৰ বস্তু বোৰ সামৰিছিল।
ৰাতিপুৱা অমলৰ কামবোৰত বিশেষ ব্যস্ততা দেখি অনন্যাৰ বুকুখন কোঁচ খাই গৈছিল। কিন্তু হঠাতে অহা এটা প্ৰচণ্ড শব্দই সকলোকে যেন স্থবিৰ কৰি পেলাইছিল। অনন্যা দৌৰি গৈছিল বৰ্ণিল থকা কোঠাটোলৈ। কিন্তু বৰ্ণিল নাছিল তাত। বেলকনিখনৰ কাষতে বাগৰি থকা হুইল চেয়াৰ খন দেখি অনন্যাই 'বৰ্ণিল' বুলি বিকট চিঞৰ মাৰি দৌৰি গ'ল।.......
        সদায়ে ৰঙৰ স'তে খেলি ভাল পোৱা বৰ্ণিল আজি এসোপা মান ৰঙা ৰঙৰ মাজত তলত পৰি চটফটাই আছিল। দুমহলীয়া বেলকনি খনৰ পৰা কেনেকৈ বৰ্ণিল পৰিল, অনন্যাৰ  সেয়া চিন্তা কৰা শক্তি খিনিও নোহোৱা হৈ গৈছিল। শিল পৰা কপৌটোৰ দৰে তাই কেৱল ওপৰৰ পৰাই চাই থাকিল তাক। অমলে দৌৰাদৌৰিকৈ বৰ্ণিলক হস্পিতাললৈ লৈ গৈছিল।
        কিমান সময় তাই বৰ্ণিলৰ কোঠাটোতে পৰি থাকিল নিজেও গম নাপালে। এটা সময়ত জ্ঞান পাই তাই আকৌ কোঠাটোত বৰ্ণিলক বিচাৰিব ধৰিলে। এনেতে বৰ্ণিলে অঁকা শেষৰ ছবিখন তাইৰ হাতত পৰিল। হয়তো যোৱা ৰাতি ছবিখন আকিঁছিল সি। ছবিখনে যেন অনন্যাক আকৌ এবাৰ জোকাৰি গ'ল। সি প্ৰথমবাৰৰ বাবে অনন্যাৰ ছবি এখন আঁকিছিল সেইদিনা। কিন্তু তাইৰ মুখখন কাপোৰ এখনেৰে বান্ধি থোৱাকৈ অঁকা ছবিখনে সেইদিনা অনন্যাক বহু কথা শিকাইছিল।
তাই বুজিছিল কিমান ক্ষোভ আৰু দুখত বৰ্ণিলে এই ছবিখন আঁকিছিল ।আচলতে তাইৰ মাতৃত্বক এই ছবিখনে এটা গালি দি গৈছিল। তাচ্ছিল্য কৰিছিল তাইৰ অসহায় ৰূপটোক।
এটা সময়ত বৰ্ণিলৰ নিঠৰ দেহটো ঘূৰাই অনা হৈছিল। বগা কাপোৰেৰে ঢাকি চোতালতে শুৱাই থৈছিল তাক। ধূপৰ তীব্ৰ গোন্ধ এটা আহি নাকত লাগিছিল তাইৰ। কোনোবাই তাইক বহাই দিছিল চোতালখনত তাৰ কাষতে।
        এৰা ! কিমান যে শান্তিত শুইছে সি। আৰু তাক কোনেও আমনি কৰিব নোৱাৰে। এতিয়া তাক লৈ কোনেও লাজ নাপায়। লাহে লাহে কাপোৰেৰে মেৰিয়াই ৰচীৰে বান্ধি তাক লৈ গ'ল তাইৰ পৰা চিৰদিনৰ বাবে। কিন্তু তাই আজিও চিঞৰি কান্দিব নোৱাৰিলে।
        মানুহবোৰে ফুচফুচাই কোৱা কথাবোৰ এইবাৰ কাণত পৰিছিল তাইৰ। " ভালেই হ'ল সি যোৱাই, থাকিলে মাক- বাপেকৰ কম সমস্যা হ'ল হয়নে?ইপিনে কথাও ক'ব নোৱাৰে, একো বুজাবও নোৱাৰে।"
তাই তেতিয়া চিঞৰি চিঞৰি ক'ব বিছাৰিছিল সিহঁতক, নহয় সি ক'ব পাৰে, সি বুজাব পাৰে মনৰ কথা .... সি বিশেষ ..... কিন্তু তাই একো কব নোৱাৰিলে ।
বৰ্ণিলৰ শেষৰ ছবিখনে তাইৰ মুকবধিৰতাৰ প্ৰমাণ দি গৈছিল।


************************


পল্লবী পাঠক। 

বিজ্ঞান শিক্ষয়িত্ৰী। 
শিঙিমাৰী পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয়। 
শিক্ষাখণ্ড -- ছয়গাওঁ।



অলংকৰণ :-  সুৰভি দাস





Post a Comment

0 Comments