header ads

One Earth, One Home আৰু স্কাউট- গাইড নীতিৰ প্ৰাসংগিকতা | Article by Durgamani Borgohain

One EarthOne Home.....আৰু স্কাউট- গাইড নীতিৰ প্ৰাসংগিকতা 


এটা জাতি কিমান সংস্কৃতি সম্পন্ন, কিমান উচ্চ খাপৰ চিন্তাধাৰাৰে লালিত - পালিত , সেইটো নিৰ্দ্ধাৰণ কৰে জাতিটোৰ সাহিত্য - সংস্কৃতিয়ে ।   ঠিক তেনেদৰে এই মোহনীয় অনিন্দ্যসুন্দৰ পৃথিৱীখনৰ স্থায়িত্বও জীৱশ্ৰেষ্ঠ হিচাপে পৰিগণিত হোৱা মানৱগোষ্ঠীৰ চিন্তাধাৰাৰ ওপৰত যে নিৰ্ভৰশীল সেই কথা ঋষি -মুনি, সাধু পুৰুষসকলে বেদ- উপনিষদ আৰু বিভিন্ন শাস্ত্ৰসমূহৰ মাধ্যমৰে যুগে যুগে বুজাই আহিছে ।

উপনিষদত বৰ্ণিতঃ-

"অয়ং নিজঃ পৰাং বেত্তি গণনা লঘুচেতসাম্

উদাৰচৰিতানাম্, তু বসুধৈৱ কুটুম্বকম্ ৷৷’’

অৰ্থাৎ এওঁ (মোৰ) আপোন, এওঁ পৰ, এই চিন্তা তুচ্ছ - নীচ মনৰ মানুহৰ;  উদাৰ, বহল মনৰ মানুহৰ বাবে সমগ্ৰ পৃথিৱীখনেই আপোন, নিজৰ। 

             কিন্তু বৰ্তমান সময়ত হোৱা সামাজিক, নৈতিক, আধ্যাত্মিক দিশৰ অবক্ষয়ৰ বাবে এই উচ্চ ধ্যান- ধাৰণাই বিস্তৃতি লাভ কৰাত যেন বাধাপ্ৰাপ্ত হৈ পৰিছে। 

           সেয়েহে ইয়াৰ গুৰুত্ব উপলব্ধি কৰি One Earth One Home (এখন পৃথিৱী এখন ঘৰ) এই বিষয়টো সাৰোগত কৰি শিশু সকলক প্ৰকৃতি প্ৰেমেৰে উদ্বুদ্ধ কৰি তোলা মানসেৰে প্ৰাথমিক শিক্ষা বিভাগে ৱৰ্লড ৱাইল্ড লাইফ্ (W.W.F.) ৰ সহযোগত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক সামৰি যি কাৰ্য্সূচী লৈছে, অতিকৈ প্ৰশংসনীয় । ইয়াৰ উদ্দেশ্য হৈছে ভৱিষ্যত প্ৰজন্মই বন্য প্ৰাণী, জৈৱ-বৈচিত্ৰ্য় আদি সম্পৰ্কে বিশদভাৱে জ্ঞান লাভ কৰি এখনেই ঘৰ সদৃশ এই পৃথিৱীখনত সমভাৱে,  সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিবৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ সক্ষম হোৱা। 

          মানৱ কল্যাণ মূলক বিভিন্ন ধৰ্মগ্ৰন্থ, বেদ আদিত বৰ্ণিত কথাৰ ওপৰত ভিত্তি কৰি উত্তৰ পুৰুষৰ বিভিন্ন সাহিত্যিকে সাহিত্যৰ ভৰাঁল চহকী কৰি গৈছে। সমান্তৰালভাৱে সমাজ সংগঠক, বিশ্বপ্ৰেমী সকলেও এই মোহনীয় পৃথিৱীখনৰ সকলো বস্তুৱেই যাতে চিৰ সুন্দৰত্ব লাভ কৰি থাকে, তাৰ বাবে বহুতো অনুপ্ৰেৰণামূলক আৰু আদৰ্শনীয় কৰ্ম কৰি খ্যাতি ৰাখি গৈছে। 

          সেই সকলৰ এজন হৈছে বিশ্ব ভ্ৰাতৃত্ববোধৰ আন্দোলনৰ (Scout movement)  জন্মদাতা লৰ্ড বেডেন পাৱেল। 

         ১৮৫৭ চনৰ ২২ ফেব্ৰুৱাৰীত  লণ্ডনত জন্ম গ্ৰহণ কৰা তথা নিজৰ কৰ্ম দক্ষতাৰ বাবে অতি কম বয়সতে মেজৰ জেনেৰেল পদত অধিষ্ঠিত হোৱা পাৱেলৰ দ্বাৰা উদ্ভাৱিত  'স্কাউট আন্দোলন' ৰ তিনিটা প্ৰতিজ্ঞা আৰু ন'টা নীতিৰ ভাৱাদৰ্শতো বসুধৈৱ কুটুম্বকম (সমগ্ৰ পৃথিৱীখনেই আপোন, অতি মৰমৰ ) এই আদৰ্শই যেন প্ৰতিফলিত হৈছে। 

        এই আন্দোলনৰ স্কাউট- গাইড / সদস্য- সদস্যাই নিজৰ আত্ম- মৰ্যাদাৰ ওপৰত নিৰ্ভৰ কৰি যথাসাধ্যে ঈশ্বৰ আৰু দেশৰ প্ৰতি কৰ্তব্য কৰা, সকলো সময়তে আনক সহায় কৰা এই দুটাৰ উপৰিও শেষৰ প্ৰতিজ্ঞাটোক নটা নীতি প্ৰতিক্ষণে মানি চলাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়। এই নটা নীতিৰ তৃতীয়, পঞ্চম আৰু ষষ্ঠ নীতিত সুন্দৰভাবে তথা স্পষ্টভাবে উল্লেখ আছে। 

 ----স্কাউট- গাইড সকল পৰস্পৰ বন্ধু- বান্ধবী, ভাই- ভনী, ককাই -ভাই। 

 ----স্কাউট গাইড সকল জীৱ - জন্তুৰ বন্ধু আৰু প্ৰকৃতিপ্ৰেমী ।

 ----স্কাউট গাইড সকল শৃংখলাবদ্ধ আৰু ৰাজহুৱা সম্পত্তি ৰক্ষাকাৰী ।

          পূৰ্বতে উল্লেখ কৰা সংস্কৃত শ্লোকটিৰ ’কুটুম্ব’ শব্দটোৱে এক বহল আৰু বিস্তৃত অৰ্থ প্ৰকাশ কৰিছে। সাধাৰণ অৰ্থত কুটুম বুলিলে আমি ইষ্ট-কুটুম অৰ্থাৎ আমাৰ পৰিয়াল বৰ্গকহে বুজো, কিন্তু ইয়াত কুটুম্ব শব্দটোৱে পৃথিৱীত উপলব্ধ প্ৰতিটো জীৱ, প্ৰতিডাল গছ-লতিকা, পাহাৰ-ভৈয়াম, সাগৰ -নদীকো যে সামৰি কোৱা হৈছে, সেইকথা  আমি আমাৰ উত্তৰপুৰুষ, দেশৰ  ভৱিষ্যত, সন্তান, ছাত্ৰ-ছাত্ৰীসকলক  শিক্ষাৰ প্ৰধান কঠিয়াতলী ঘৰখনতেই অনুধাৱন কৰাব লাগিব। কাৰণ স্বভাৱতে অনুকৰণপ্ৰিয় শিশুসকলৰ তিনিৰ পৰা বাৰ-তেৰ বছৰ বয়স এই সময়ছোৱাৰ ভিতৰতে  ঘৰখনত দেখি থকা, শুনি - থকা, ভাল - বেয়া, আচাৰ- ব্যৱহাৰ, ৰীতি-নীতি, সু- সংস্কাৰ , কু- সংস্কাৰ এইবোৰৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু সেই অনুসাৰেই তেওঁলোকৰ মানসিকতা, আধ্যাত্মিকতাৰ ভাৱ গঢ়ি উঠে। 

          সেয়েহে এই সময়ছোৱাত শিশুসকলে যদি পৰিয়ালৰ প্ৰতিজন সদস্যৰ মাজত সহৃদয়তাৰ  ভাৱ, ভাতৃত্ববোধৰ ভাৱ, এজনে আনজনক সহায় -সহযোগিতা কৰা আদি ভাল গুণসমূহ অনবৰতে দেখি থাকে তেতিয়াহ'লে তেওঁলোকৰ সেই কোমল মনবোৰো  সদায় ভ্ৰাতৃত্ববোধভাৱত উদ্বুদ্ধ হৈ পৰিব আৰু ভবিষ্যতে কোনো ধৰণৰ হিংসা, বিদ্বেষ আদি ঋণাত্মক ভাবধাৰাই তেওঁলোকৰ মন কলুষিত কৰিব নোৱাৰিব। 

         ইয়াৰোপৰি পৃথিৱীত উপলব্ধ প্ৰতিটো বস্তু, প্ৰতিটো উপাদানেই যে আমাক বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে, বন্যপ্ৰাণী জৈৱ- বৈচিত্ৰ্যতা আদি সম্পৰ্কত শিশুমনে অনুভৱ কৰিব নোৱাৰে; অথচ অতি গুৰুত্বপূৰ্ণ কথাবোৰ আধ্যাত্মিক মনোভাৱৰে  হওক বা বৈজ্ঞানিক মনোভাৱৰেই হওক বুজাই দিব লাগিব। 

       উদাহৰণস্বৰূপে আমাৰ প্ৰত্যেকৰে প্ৰাণৰক্ষক হৈছে পানী। এসাজ ভাত নোখোৱাকৈ থাকিব পৰা যায়, কিন্তু প্ৰকৃতিত উপলব্ধ পানী অবিহনে জীৱন ধাৰণ কৰাটো অসম্ভৱ। পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী যদিও সৃষ্টিকৰ্তাৰযে কোনো ভুল নাই, কাৰণ সকলো জীৱই পানী পান কৰি জীৱন নিৰ্বাহ কৰাৰ উপৰিও জীৱশ্ৰেষ্ঠ মানুহক চাফ- চিকুণতাৰ লগতে বিভিন্ন বস্তু নিৰ্মাণতো পানীৰ প্ৰয়োজন। সেয়ে (চাৰি ভাগৰ তিনি ভাগ) অপৰ্য্যাপ্ত পানী আছে বুলি শিশু সকলে যাতে পানীৰ অপচয় নকৰে সেই শিক্ষাও ঘৰখনতেই শিকাব লাগিব। প্ৰকৃতিত উপলব্ধ বিভিন্ন বিৰিখ, গছৰ পৰাই আমি অক্সিজেন সেৱন কৰি জীয়াই আছো, বিশুদ্ধ বায়ু সেৱন কৰি, স্বাস্থ্যকৰ ফল-মূল খাই সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰিছোঁ, সেয়েহে কোনো কাৰণতেই যাতে গছ-লতিকা কাটি জীৱন ধাৰণ কৰাত ব্যাঘাত জন্মোৱা কাম নকৰে সেই কথাও ঘৰখনতেই   এনেদৰে অনুধাৱন কৰাব লাগিব যাতে শৈশৱ কালতেই প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ মনত শিৰা- উপশিৰাই প্ৰকৃতি প্ৰেম জাগ্ৰত হয়। 

        স্কাউট্‌ আন্দোলনৰ পঞ্চম নীতি স্কাউট - গাইড সকল জীৱজন্তুৰ বন্ধু আৰু প্ৰকৃতিপ্ৰেমী হোৱাৰ যি নীতি অন্তৰ্ভুক্ত কৰিছে সেইটোও অতি তাৎপৰ্যপূৰ্ণ। 

       অতীত কালত,  যি সময়ত আজিৰ দৰে যাতায়তৰ সুবিধা নাছিল, মালবাহী বাহন,চহ কৰা  টেক্টৰ নাছিল;  সেই সময়ত গৰু, ঘোঁৰা, হাতীকে আদি কৰি বিভিন্ন জন্তুই জীৱশ্ৰেষ্ঠ মানৱৰ উপকাৰ সাধন কৰি আহিছে, যিটো আজি বৈজ্ঞানিক যুগতো  আমি নুই কৰিব নোৱাৰো। চৰাই- চিৰিকটি সমূহেও প্ৰতি মুহূৰ্ত্তত উপকাৰ সাধন কৰি আহিছে। কাউৰী, শগুণবোৰে (যদিও আজি কালি বৰকৈ দেখিবলৈ পোৱা নাযায় ) লেতেৰা, গেলা-পঁচা বস্তুবোৰ খাই বায়ু প্ৰদূষণ ৰোধ কৰাত অৰিহণা যোগাই আহিছে; বিভিন্ন জীৱ-জন্তু, মাছ -কাছ, গছ- গছনিৰ পৰা বিভিন্ন বেমাৰৰ প্ৰতিষেধক ঔষধাদি প্ৰস্তুত কৰি আমাৰ জীৱনৰ ম্যাদ বৃদ্ধি কৰাত অৰিহণা যোগোৱা ইত্যাদি কথাবোৰ আমি শিশু সকলক উদাহৰণ সহ সুন্দৰভাবে বুজাই দি জীৱ-জন্তু বিলাকৰ প্ৰতিও আনুগত্য ভাৱ, কৃতজ্ঞতা প্ৰকাশ কৰাটো যে নিতান্তই প্ৰয়োজন তাক উপলব্ধি কৰাব লাগিব। 

      জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও আধ্যাত্মিক ভাৱেৰে বুজাই গৈছে ----

"কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম ৷

জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ৷৷"

        ভগবানৰ ওপৰত বিশ্বাস ৰাখি, নিষ্ঠাসহকাৰে কায়মনোবাক্যে যদি শিশুসকলক কোমলতে ভাঁজ দিলেহে বাঁহে ভাজ লোৱাৰ দৰে কুমলীয়া অৱস্থাতে অৰ্থাৎ মানসিক, নৈতিকদিশত পূৰ্ণবিকাশৰ সম্ভাৱনাৰ সময়তে এটা সুন্দৰ নীতি, আদৰ্শমূলক কথাবোৰ হৃদয়ঙ্গম কৰাব পৰা যায় তেতিয়াহ'লে বৰ্তমান সময়ত হিংসা, হত্যা, ধৰ্ষণ’, লুণ্ঠন আদিৰে জৰ্জৰিত অশান্ত  হৈ পৰা আই বসুমতী নিশ্চয়কৈ এই অপশক্তিসমূহৰ পৰা মুক্ত হৈ পৰিব আৰু এই পৃথিৱীখন হাঁহি - ধেমালি, সুখ - আনন্দৰে ভৰা প্ৰকৃতাৰ্থত এখন অনিন্দ্য়সুন্দৰ ঘৰ, মাত্ৰ এখন ঘৰলৈ পৰ্যবসিত হব আৰু তেতিয়াই One Earth One Home "এখন পৃথিৱী এখন ঘৰ"এই চিন্তাধাৰায়ো বিশেষত্ব লাভ কৰিব।

************************************


দূৰ্গামণি বৰগোহাঁই

শিক্ষয়িত্ৰী 
ডৰাকঁহৰা হাইস্কুল, 

কমলপুৰ শিক্ষাখণ্ড

দূৰভাষ - 60006-94869 


অলংকৰণ :-  পল্লবী পাঠক

Post a Comment

0 Comments