এটি কবিতা : মোৰো মন যায়
মোৰো মন যায়
সিহঁতৰ দৰে ফুৰিবলৈ স্বচ্ছলতাৰে
মন যায় এটি অচল
জীৱনৰ
বিভীষিকা নেওচি
সাজিবলৈ নিজক ন
ৰূপত
কিন্তু হায়
দগ্ধ হওঁ মই
বাৰে বাৰে
কোমল মনত
দুঃচিন্তাৰ
চুৰিৰে খুচি নিজকে
নোখোজো দাঙি ধৰিবলৈ
পৰিচয় মোৰ
মই যে সক্ষম বিশেষভাৱে
যাব খোজোঁ
চাব খোজোঁ
কৰিব খোজোঁ
বহু বহুতো
সিহঁতৰ দৰে
সমানে সমানে
মচিব খোজোঁ
ভিন্নতাৰ চিন মোকাম
তাৰ বাবেই
সঙ্গী কৰি ল'ব খোজোঁ
গীত নৃত্য চিত্ৰ
নাট-নাটিকা আলেখ্য আদিবোৰক
মোৰ নিজৰ হৃদয়ৰ আপোনৰো
আপোন কৰি।
*************************
কুংকুম সাধনিদাৰ বৰুৱা
সহকাৰী শিক্ষয়িত্রী
কিনানগাওঁ এম ই স্কুল
ব্লক : বকো।
অলংকৰণ :- তন্দ্রা দে
0 Comments