সংশোধন
"ধেৎতেৰি,কি পেক্ পেকাই
থাকl"ৰিক্সাখনত বহি চিগাৰেট হুপি গৈ থকা পিতৃয়ে কাষত বহি থকা পুতেকক বিৰক্তিৰে
ক'লে l বেচৰকাৰী বিদ্যালয়ত পঢ়া পুতেকক ঘৰলৈ লৈ গৈছে l ইউনিট পৰীক্ষাত নম্বৰ কম পাইছে
lঅন্য দুই এক অভিভাৱকে গৌৰৱেৰে সুধিছে,"তেওঁনো কিয় ইমান কম নম্বৰ পালে ?"
আমাৰ বাপাই..আমাৰ ..মাইনাই..ইত্যাদিl
বিদ্যালয়ৰ প্ৰধান গৰাকীয়ে বক্তব্যত কৈছে, "সকলো
ছাত্ৰ ছাত্ৰীয়ে সকলো পৰীক্ষাতে সমানে নম্বৰ নাপাই,অৰ্থ এইটো নহয় যে তেওঁ বেয়া হৈ গ'ল"
l কথাষাৰ সচাঁ যদিওঁ দুই এক অভিভাৱকৰ গাত বিন্ধা কথাই ৰমেনৰ মূৰটো গৰম কৰি দিছে lকিমান
ডাঙৰ মানুহ ওলাল তেওঁৰ বিদ্যালয়ৰ পৰা আৰু আজি নিজৰ ল'ৰাই....!
মাকজনীয়ে হাঁহ,পাৰ, ছাগলী,গৰু পোহাৰ পৰা কাপোৰ বোৱালৈ
আৰু যে কত কি কৰে , ৰমেনে ভাবিছে l
ইপিনে ,নম্বৰ কম পোৱা বাবে মনৰ দুখতে দেউতাকে চিগাৰেট
খোৱা বুলি ভাবি কিবা কিবি সুধি দেউতাকৰ মনটো পাতলাব বিচাৰিছিল মইনাই l
ঘৰ আহি পোৱাত মাকে কলে "মইনা!আহিলি?কাপোৰ সলাই
হাতমুখ ধুই দেউতাৰাৰ লগত আহ l"
"সি একেবাৰে কম নম্বৰ পালে নহয়,"খাব বহি
ৰমেনে ক'লে। মইনাই থালখন লাৰি আছে,খোৱা নাই lমাকে কলে,"আপুনি খং কৰিছে নেকি?"ৰমেনে
মইনাৰ ফালে লাহেকৈ মূৰটো ঘূৰাই চালে l
"মই আৰু স্কুলত নাযাওঁ,দেউতাই চিগাৰেট খাইছে আৰু
মোক বেয়া শব্দৰে গালি দিছে; মাষ্টৰ মানুহে এইবিলাক কৰে নেকি ?হেডছাৰে কি কৈছে শুনা
নাই,নাখাঁও যা মই, দেউতাই চিগাৰেট খাইছে l" মাক দেউতাকে দুয়ো দুয়োৰে ফালে
চালে,মাকে ল'ৰাজনক সাৱটি ধৰি ক'লে,"হব দে মইনা আজিৰ পৰা মই যাম,আপুনিও যে আৰু!"
"হব দে,মই আৰু চিগাৰেট নাখাওঁ" ৰমেনে লাহেকৈ ক'লে ।"আৰু বেয়াশব্দ? মাষ্টৰ
মানুহে কয় নেকি?" মইনাই ক'লে ।"হ'ব দে নকওঁ আৰু।" "হেডছাৰে কি
কৈছে নুশুনা,মই এইবাৰ পুৰা নম্বৰ পাম নহয়,জ্বৰ হোৱা বাবেহে !"মইনাই কলে l
"ভেঞ্চাৰ স্কুলতে জীৱনটো গ'ল,এইবাৰ স্কুল ললেওঁ টিউটৰ হিচাপেনো কিমান পাব,তথাপি
কিবা এটা ভাল লাগে lমই ঘৰখনত লাগি নাথাকিলে কেনেকৈ চলে l" মাকে গোদগোদালে
l"মই এইবাৰ পুৰা নম্বৰ ৰাখিম নহয় মাl"এনেকৈ ভাল বেয়া বুজা মানুহ হলেই হ'ব
মইনা,ডাঙৰ মানুহ নালাগে ভাল মানুহ হ,তেহে আমাৰ সুখ হ'ব l"
হংসধৰ শৰ্মা
অৱসৰপ্ৰাপ্ত অধ্যক্ষ
বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়।
শিক্ষাখণ্ড -- কৰৰা
অলংকৰণ :- পল্লবী পাঠক
0 Comments