header ads

এটা সপোনৰ পম খেদি | A Short Story by Priteemani Das

 এটা সপোনৰ পম খেদি

এটা সপোনৰ পম খেদি

দুৱাৰমুখত কোনোবা ৰৈ থকাৰ অনুমান কৰি লিখাৰ পৰা মুৰ উঠাই চালো ।"ইয়েচ, কাম ইন ।"অভিজিত সোমাই আহিল ।"হাৰে ,তুমি কান্দিছা কিয়?"সোধাৰ লগে লগে অভিজিতৰ কান্দোন দুগুণে চৰিল ।চাৰিজন সহকৰ্মীৰে ভৰা আমাৰ অফিচৰুমটো এক আশ্চৰ্যচকিত মৃদু গুণগুণণিৰে ভৰি পৰিল ।

"বাইদেউ, বেঙীয়ে মোক আঁচুৰি কি কৰিলে চাওঁকনা ।"মই দেখিলো ল'ৰাজনৰ বাউসীৰ পৰা টোপাটোপে তেজ পৰিছে অফিচৰুমৰ পকী মজিয়াত ।"কেনেকৈ এয়া হ'ল অভি?ছেলিমাক জোকাইছিলা নে কি?"তাৰ উত্তৰলৈ বাট নাচাই মই মহতাবদাক চিঞঁৰি মাতিলো ।বাচন ধুই থকা মহতাবদা দৌৰি আহি এফ এ বক্সটো আনি তাৰ শুশ্ৰূষাত লাগিল ।চতূৰ্থ শ্ৰেণীৰ পৰা কোলাহল বাঢ়ি আহিল ।চিনিয়ৰ ম'ষ্ট শিক্ষক মতলীবদাক পঠালো উৰহী গছৰ ওৰ ল'বলৈ ।

 

মিদ দে মিলৰ গেলামালৰ লিষ্টখন পৰিমাণসহ লিখি অনিতাৰ হাতত দি বটলৰ পৰা এধোক পানী খালো ।

 

মই এইখন স্কুলত প্ৰধান শিক্ষয়িত্ৰী হিচাপে জইন কৰা ছমাহ হৈছে ।ৰঙিয়া মহকুমাৰ পৰা পাঁচ কিল'মিটাৰ পূবে স্কুলখন ।পাণ্ডব বৰ্জিত ঠাইখনত না যাতায়ত,না যোগাযোগ ,না স্বাস্থ্য, একো নাই ।শিক্ষাৰ নামত বৃহৎ অঞ্চল জুৰি মাথো আমাৰ বিদ্যালয় সংলগ্ন ভেঞ্চাৰ হাইস্কুলখন ।এই অঞ্চলটো হিন্দু মুছলিম উভয়ৰে মিলনভূমি যদিও লোকপিয়ল অনুুসৰি গৰিষ্ঠসংখ্যক লোক মুছলমান সম্প্ৰদায়ৰ ।

 

আহাৰ মাহৰ এদিন দুপৰীয়া মাটিকটা প্ৰাথমিক বিদ্যালয়ত চৰকাৰী নিৰ্দেশত জইন কৰিবলৈ আহোঁ মই ।টেম্পোখনৰ পৰা নামি মোৰ চকু কপালত উঠিল ।সন্মুখত এয়া দেখো সাগৰ !পানীৰ সোঁতৰ হো হো আৱাজ ।মোৰ বুকুৱে ধান বানিবলৈ আৰম্ভ কৰিলে ।মোৰ কৰ্মজীৱন যে অতিশয় প্ৰত্যাহ্বানেৰে ভৰা বুজিবলৈ বাকী নাথাকিল ।বানপানীৰ ৰূদ্ৰমূৰ্তি দেখি ভয় খালেও মই বিচলিত নহ'লো ।মোৰ পক্ষাঘাট আক্ৰান্ত শাহু আৰু নতুনকৈ পৃথিৱীৰ পোহৰ দেখা কণমাণিজনীৰ মুখখনে মোক দূৰ্বাৰ সাহসী কৰি তুলিছিল ।তাতে আকৌ বগা টুপী পৰিহিত এগাল পকা ডাঢ়িৰে ভৰা দেউতাৰ বয়সৰ মানুহ এজন সাহসৰ জুমুঠি হৈ মোৰ ওচৰত থিয় হৈছিল ।তেওঁৰ হাতত ধৰি এক বিস্তীৰ্ণ জলাধাৰ অতিক্ৰমি মই স্কুল পালোঁ ।

 

সেই দিন ধৰি কামৰূপ মুলুকৰ এই এন্ধাৰ চুকটো শিক্ষাৰ পোহৰেৰে পোহৰাবৰ বাবে মই প্ৰাণেপণে চেষ্টা কৰিছো ।বহু সমস্যাৰে মোকাবিলা কৰিছো ।কিন্তু ছেলিমা নামৰ তেৰবছৰীয়া ছোৱালীজনীয়ে সৃষ্টি কৰা সমস্যাই মোক চকুৰে সৰিয়হ ফুল দেখুৱাইছে ।ছেলিমা জন্মৰ পৰাই মুক ।কিছকিছিয়া একোছা চুলি,গাখীৰত সেন্দুৰ মিহলি গাৰ ৰং,আৰু চিকমিকিয়া নাকফুলিটোৰে জোঙা নাকৰ ছেলিমাজনী দেখিলে বিশ্বাস কৰিবলৈ টান লাগে যে তাই শব্দব্ৰহ্ম বঞ্চিত ।'বেঙী' তাইৰ চিৰ পৰিচিত নাম ।ওচৰ- চুবুৰীয়া,সমনীয়া,ভায়েক ভনীয়েক,আনকি আব্বা আম্মীয়েকেও পাহৰিলে তাইৰ ধুনীয়া নামটো ।বেলেগকনো কি ক'ব?ছেলিমা বুলিলে তাই নিজেই থৰ লাগে ।বেঙী বুলিলে চাৰিহাত আঁতৰৰ পৰাও মিচিকিয়াই সঁহাৰি জনায় তাই ।কিন্তু তাইৰ উগ্ৰ ব্যৱহাৰত ৰূষ্ট সকলো ছাত্ৰ ছাত্ৰী শিক্ষক।যোৱা ছমাহে কেবাজনো ছাত্ৰছাত্ৰীক কামুৰি আঁচুৰি আঘাত কৰিলে ।স্কুলৰ অনুশাসন ব্যবস্থাক ভেঙুচালিৰ আঙুলি টোঁৱাইছে অভিভাৱকে ।নিম্নগামী হৈছে ছাত্ৰছাত্ৰীৰ উপস্থিতিৰ ৰেখাচিত্ৰ ।

 

ছেলিমাৰ আচৰণৰ চৰজমিন তদন্তৰ তাৎক্ষণিক প্ৰয়োজনীয়তা অনুভব কৰি সেইদিনা চতুৰ্থ শ্ৰেণীত সোমালো মই ।ইংৰাজীৰ বিষয় শিক্ষয়িত্ৰীয়ে মুখস্থ কৰিব দিয়া কবিতাটোৰ ছয়শাৰী মুখস্থ লিখিবলৈ দি মই নিবিষ্ট মনে চাই ৰলো ছেলিমা নামৰ অভিশপ্ত (?)ছোৱালীজনীৰ মৰমলগা মুখ খনলৈ ।এই মেল এদাপটেশ্যন,এই এগ্ৰেছিভনেছৰ কাৰণ কি হ'ব পাৰে ।চাইকো পেচেণ্ট নহয়তো তাই?নে তাইৰ মনৰ হীনমন্যতাৰ বৰ্হিপ্ৰকাশ এয়া?যদি সেয়াই হয় ,স্বাভাৱিক সকলো শিশুৰ লগত একেলগে শিক্ষাদান কৰোৱা সমগ্ৰ শিক্ষাৰ মহান উদ্দ্যেশ্যৰ সাৰ্থকতা ক'ত?

 

এটা অস্ফুট গেঙনিত মোৰ সম্বিত ঘুৰি আহিল। সন্মুখত ছেলিমা । প্ৰায় শুদ্ধকৈয়ে মুখস্থ লিখিছে তাই ইংৰাজী কবিতাংশ ।আখৰকইটাও ইমান সুন্দৰ! যেন মণি মুকুতাহে থুপ খাই আছে পাতখিলাত ।দু:চিন্তাৰ ঠাই অধিকাৰ কৰিলে এক বিষোদগাৰে ।বিষোদগাৰ সৃষ্টিকৰ্তাৰ প্ৰতি ।

 

"হেল্ল' ঋতু ।ছেলিমাৰ আইদেণ্টিটি কাৰ্ড হ'লনে?" ইম্পৰটেন্সটো ভালকৈবুজাই ক'ব লাগিব ।তিনি ডিচেম্বৰৰ প্ৰগ্ৰেমটোৰ বাবে ইনভাইট্যেশ্যনো দিব লাগিব ।ৰুদ বিহেভিয়াৰ?"কাম অন ঋতু , দিচ ইজ অল বিকজ অফ ইলিটাৰেচি এন্দ ইগন'ৰেন্স ।এতিয়াই?অ'কে ।দু কাম ।"

 

ৰহমত খুৰাই ঋতু আৰু মোক ছেলিমাৰ ঘৰলৈ লৈ গ"ল ।ঘৰ চোতাল নে পদুলি একো ধৰিব নোৱাৰি ।এহাল মুনিহ তিৰোতাই খৰিৰ ওপৰত গোবৰ লেপি থিয়কৈ ৰ'দাইছে ।দুটি অবোধ শিশুৱে এটুকুৰা পাউৰুটিৰ বাবে মেলিথোৱা ধানখেৰৰ ওপৰত লুটিয়া লুটি লাগিছে ।ৰহমত খুৰাৰ ইঙ্গিতত ঋতুৱে আমি অহাৰ উদ্দেশ্যব্যাখ্যা কৰিছিলহে মাত্ৰ ।এক অপ্ৰত্যাশিত আক্ৰমণে আমাক হতবাক কৰিলে ।"কেইটাকা দিব বাইদেউ চৰকাৰে ?সেইকেটা টাকাই আমাক নপৌচে ।মেল মিটিঙটো বাদেই বেঙীৰ ইস্কুল যাবাও বন্ধ কৰিছোঁ তাইৰ আব্বা আৰু মই ।আমি খেতিৰ কামত গেলে বাচ্চা ৰাখবো কাই?কথা বাঢ়াই নলবো ।যাওঁক ।

 

আমি ঠাইতে থৰ লাগিলো ।ছেলিমাৰ মাকৰ হৈ কৰা ৰহমত খুৰাৰ হাতযোৰটোৱে মোক সিদিনা ৰাতি শুব দিয়া নাছিল ।তথাপিও মই সপোন দেখিছিলো।পুৱতি নিশাৰ সপোন ।

 

তিনি ডিচেম্বৰৰ এক ৰদ্ৰৌজ্বল পুৱা ।এজাক বিশেষভাবে সক্ষম ভবিষ্যতে মুখৰিত কৰিছে আমাৰ বিদ্যালয়ৰ মুকলি বাকৰি ।জ্যোতিসংগীত ৰাভা সংগীতৰ তালে তালে নাচিছে স্বপ্নাতুৰ সূৰুজমুখী ।এবুকু আশা আৰু সপোনক সাকাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছো মই, ঋতু, বহুকেইগৰাকী শিক্ষক বন্ধু ।হাতত হাত থৈছে ৰহমত খুড়াৰ দৰে সহৃদয়বান স্থানীয় মুছলমানে ।

 

ওৰেটো দিন চলা কায্যসূচীৰ সফল ৰূপায়নৰ পিছত সভাপতিৰ অনুৰোধ মতে চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী প্ৰাৰ্থীক পুৰস্কাৰ প্ৰদান কৰিবলৈ থিয় হলো ।কিন্তু মাইক্ৰ'ফনত ঘোষণাটো শুনি মই যেন নিজৰ কাণকেই বিশ্বাস কৰিবলৈ টান পালো ।এজাউৰি হাত চাপৰিৰ তালে তালে ছেলিমা মঞ্চলৈ আগবাঢ়িছে জিলাৰ অপ্ৰতিদ্বন্দী চিত্ৰশিল্পী হৈ ।শিক্ষাৰ প্ৰতি ইমান বীতশ্ৰদ্ধ মাতৃৰ সন্তানৰ বাবে এনে স্বীকৃতি কি সম্ভব?এনেতে মোৰ কাণত পৰিল =""বাহ বেঙীয়েও প্ৰাইজ পাইছে ?বেঙীৰ ফুৰ্তি চা ।"এজন শিক্ষিত ব্যক্তিৰ মুখত ফুটা কথাষাৰত এক লহমাৰ বাবে আহত হলেও পুৰস্কাৰটো দিওতে ছেলিমাৰ মূৰত থলো আশীৰ্বাদৰ হাত। সংকল্প ল'লো ছেলিমাক নিজা উদ্যোগত চিত্ৰকলাৰ আনুষ্ঠানিক শিক্ষা দিয়াবলৈ ।বেঙী বেঙী হিপ হিপ হুৰৰে ।সৌৱা এজাক উতনুৱা ল'ৰাই চিঞৰিছে ।সৌৱা অভিজিতে হাতৰ আঙুলি মুখত ভৰাই হুইছেল বজাইছে ।নিমন্ত্ৰিত সুধীবৃন্দৰ আগত মোৰ লজ্জানত শিৰ ।মাইক্ৰ'ফ'নত বজা ঋতুৰ উদাক্ত ভাষণত মই মুৰ তুলি চালো ।ঋতুৰ চকুদুটা জলিছিল।তাইৰ মুখ মণ্ডল যেন উদ্গীৰণোন্মুখ এক আগ্নেয়গিৰি ।যি আগ্নেয়গিৰিয়ে আজি বৰষিব প্ৰতিবাদৰ লাভা।

 

ৰাইজ বিশ্ব প্ৰতিবন্ধী দিবসৰ তাৎপৰ্য তেতিয়াহে থাকিব যেতিয়া আমি শিক্ষিত সমাজে নিজৰ মানসিক প্ৰতিবন্ধকতা আঁতৰাব পাৰিম ।ইয়াত কোনো বেঙা বেঙী খোৰা কোঙা সমবেত হোৱা নাই ।আই পিতায়ে দিয়া তেওঁলোকৰ একোটা সুন্দৰ নাম আছে ।আমি শিক্ষিত হৈয়ো যদি এই বিশেষভাবে সক্ষম সকলক মানবীয় মৰ্যাদা নিদিওঁ দিব কোনে?স্বাভিমানৰ  অস্তিত্বৰে জীয়াই থকাৰ অধিকাৰ তেওঁলোকৰ জানো নাই ?"

চাৰিওফালে কাঁহ পৰি জীণ গ'ল ।মোৰ চকুত পৰিল সৌৱা হাতযোৰ কৰি ছেলিমাৰ মাক ক্ৰমশ আগুৱাই আহিছে মঞ্চৰ ফালে ।

 ***********************************

 

প্ৰিতীমনি দাস।

সহঃ শিক্ষয়িত্ৰী

চম্পকনগৰ ছোৱালী মধ্যইংৰাজী বিদ্যালয় ।

শিক্ষাখণ্ড ছয়গাওঁ ।

 


অলংকৰণ :- মনবীনী দাস

Post a Comment

0 Comments