header ads

শিশুৰ শিক্ষাত বৈদ্যুতিন মাধ্যমৰ সু-প্রয়োগ আৰু অভিভাৱকৰ শিক্ষা সচেতনতা : এক কাৰ্যক্ৰম | Article by Apurba Thakuria

 


অপূৰ্ব ঠাকুৰীয়া

জিলা প্ৰাথমিক শিক্ষা বিষয়া,

কামৰূপ জিলা


              আমি লক্ষ্য কৰিছোঁ যে ক'ভিড-১৯ অতিমাৰীয়ে সমাজৰ সৰ্বস্তৰতে প্রভাৱ পেলাইছে। শিক্ষা ব্যৱস্থাও ইয়াৰ ব্যতিক্রম নহয়। সমগ্র বিশ্বৰ লগতে আমাৰ দেশতো ক'ভিডসৃষ্ট পৰিস্থিতিয়ে শিশুৰ শিক্ষাৰ ধাৰাবাহিকতাত নেতিবাচক প্রভাৱ পেলাইছে। এনে প্রভাৱৰ প্রকোপ চহৰ অঞ্চলতকৈ গ্রামাঞ্চলত বেছি। বিশেষকৈ পিছপৰা, অনুন্নত, আৰ্থিক দৈন্যত ভোগা, দুৰ্গম অঞ্চলৰ বাসিন্দা শিশুৱে ক'ভিডৰ এনে প্রকোপৰ ফলত যথেষ্ট ক্ষতিগ্রস্ত হৈছে। এক কথাত কোটি কোটি শিশুৱে বিগত ন-দহ মাহে প্রকৃতাৰ্থত শিক্ষা লাভৰপৰা বঞ্চিত হৈছে। UNICEF ( United Nations International Children's Emergency Fund) ৰ এক সমীক্ষা অনুসৰি বিশ্বৰ প্রায় ৯১ শতাংশতকৈ বেছি শিশুৱে ক'ভিড অতিমাৰীৰদ্বাৰা ক্ষতিগ্রস্ত হৈছে। সেই একেই তথ্য অনুসৰি প্রায় ১.৬ বিলিয়ন শিশু তথা যুৱক-যুৱতীয়ে সোঁশৰীৰে বিদ্যালয়লৈ গৈ পাঠদান গ্রহণ কৰিব পৰা নাই বুলি প্রকাশ পাইছে। এয়া এক উদ্বেগজনক ছবি। আমাৰ ৰাজ্যখনো এনে ঘটনাৰ ব্যতিক্রম নহয়। এনে পৰিস্থিতিত বৈদ্যুতিন মাধ্যমেই (Online education) একমাত্র ভৰসাৰ থলি হৈ পৰিছে।

        যদিওবা উন্নত দেশ আৰু কিছু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এনে মাধ্যমৰ প্রয়োগ কিছু পৰিমাণে চলি আছিল কিন্তু সৰহসংখ্যক বিদ্যালয় বা শিশুৰ বাবে এয়া এক নতুন পদ্ধতি।  শিক্ষণ-শিকন প্রক্রিয়াত এনে নতুন পদ্ধতিৰ প্রয়োগৰ বেলিকা ভালেমান দিশ বিবেচনা কৰিবলগীয়া হয়। এহাতে যিদৰে উন্নত সঁজুলি ( ম'বাইল আদি ) বা নেটৱৰ্ক আদিৰ প্রয়োজনৰ কথা থাকে তেনেদৰে শিশু-উপযোগী সমল আৰু পাকৈত ব্যক্তিৰ দ্বাৰা বিষয়বস্তু পৰিবেশনৰ কথাটোও ইয়াত জড়িত হৈ থাকে। তদুপৰি এনে পদ্ধতি সকলোৰে বাবে সুলভ কৰি তোলাৰ আগতে কিছু পৰীক্ষামূলক প্রয়োগ কৰাৰো প্রয়োজনীয়তা থাকে। কোৱা নিষ্প্ৰয়োজন যে, ক'ভিডসৃষ্ট পৰিৱেশ পৰিস্থিতিয়ে তেনে সুযোগ প্রদান নকৰিলে বৰং এনে পদ্ধতিৰ ব্যৱহাৰৰ বাবে এক বাধ্যবাধকতাৰহে সৃষ্টি কৰিলে।

           সামাজিক দূৰত্ব বজাই ৰখাৰ খাতিৰত শিশুসকলক এনে বৈদ্যুতিন মাধ্যমেৰে শিক্ষা প্রদানৰ দিহা কৰা হ'ল। আৰ্থিকভাৱে দুৰ্বল ভালেমান অভিভাৱকেও নিজ সন্তানক শৈক্ষিক সমৰ্থন দিবলৈ গৈ এনড্ৰইড ম'বাইল আদিৰ ব্যৱস্থা কৰি দিব লগা হ'ল। এইখিনিতে কোৱা যুগুত যে, ভালেমান আসোঁৱাহ থকা সত্বেও বুজনসংখ্যক শিশুৱে এনে অনলাইন শিক্ষাৰ পৰা লাভৱান হৈছে। বিগত ন-দহ মাহে এনে পদ্ধতিৰ সফল প্রয়োগেৰে শিক্ষক-শিক্ষাৰ্থীৰ মাজত এক সমন্বয় স্থাপন কৰিব পৰা গৈছে। বিভিন্ন অনুষ্ঠান-প্রতিস্থানে প্রস্তুত কৰা শিশু উপযোগী উন্নতমানৰ ই-সমল ব্যৱহাৰ কৰাৰ সুযোগ লাভ কৰিছে। কাজেই শৈক্ষিক ধাৰাবাহিকতা অক্ষুন্ন ৰখাত বৈদ্যুতিন মাধ্যম সম্পূৰ্ণৰূপে নহ'লেও বহুলাংশে সফল হৈছে বুলি কব পাৰি।

        ক'ভিডসৃষ্ট পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে শাম কটা নাই। এনে পৰিৱেশত বৈদ্যুতিন মাধ্যমেৰে প্রদান কৰা শিক্ষাৰ প্রাসংগিকতা এতিয়াও মূৰ্ত হৈ আছে। তদুপৰি মুক্ত শৈক্ষিক সমলৰ ব্যৱহাৰ সদায়ে থাকিব। এনে ক্ষেত্রত শিক্ষক-অভিভাৱকৰ কৰণীয় অনেক থাকিব বুলি আমাৰ মনে ধৰে।

        গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ম'বাইল বা ইন্টাৰনেটৰ ব্যাপক প্রয়োগে শিশুৰ মনত বিৰূপ প্রভাৱ পেলাব পাৰে। বিশ্বৰ ভিন্ন প্রান্তত হোৱা বিভিন্ন গৱেষণাত এনে কথা প্রকাশ পাইছে। ইন্টাৰনেটৰ অবাধ ব্যৱহাৰৰ ফলত অপৰাধ প্রৱণতা, পৰ্ণগ্রাফী, শিশু সৰবৰাহ, অকালপক্কতা, বিভিন্ন ৰোগ আদিৰ বলি হ'ব লগীয়া হৈছে কোমলমতীয়া এই শিশুসকল। গতিকে বৈদ্যুতিন মাধ্যমৰ শিক্ষণ-শিকন পদ্ধতিৰ গইনা লৈ কোনোৱে যাতে শিশুৰ অপকাৰ কৰিব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট সকলোৱে সতৰ্ক হ'ব লাগিব। এই ক্ষেত্রত পৰিয়ালৰ বিশেষকৈ পিতৃ-মাতৃ / অভিভাৱকৰ ভূমিকা হ'ব সৰ্বাধিক। গৃহ-শিকনৰ ক্ষেত্রত নিজ সন্তানে মোবাইল ফোনটো সঠিকভাৱে ব্যৱহাৰ কৰিছেনে নাই তাৰ তদাৰক পিতৃ-মাতৃ, অভিভাৱকে কৰিব লাগিব। ইন্টাৰনেটৰ অবাঞ্চিত, অলাগতিয়াল বিষয়বস্তুৰ মাজেৰে যাতে সন্তানে অবাটে বাট বুলিব নোৱাৰে তাৰ বাবে পিতৃ-মাতৃ, অভিভাৱক সচেতন হ'ব লাগিব। এক নিৰ্ধাৰিত সময়সূচী তথা পৰিকল্পিত ব্যৱস্থাৰ মাজেৰেহে যাতে ম'বাইল বা অন্য ডিজিটেল মাধ্যমৰ ব্যৱহাৰ হয় সেয়া নিশ্চিত কৰিব লাগিব। লক্ষ্য কৰিব লাগিব যাতে এনে মাধ্যমৰ ফলত শিশুসকল বিপথে পৰিচালিত নহয়।

        ক'ভিডসৃষ্ট পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি তথা বৈদ্যুতিন মাধ্যমৰ ব্যৱহাৰৰ ফলত উদ্ভুত এনেবোৰ দিশ বিবেচনা কৰি কামৰূপ জিলাত 'শিশুৰ শিক্ষাত বৈদ্যুতিন মাধ্যমৰ সু-প্রয়োগ আৰু অভিভাৱকৰ শিক্ষা-সচেতনতা' শীৰ্ষক এক অভিলাষী কাৰ্যসূচী ৰূপায়নৰ দিহা কৰা হৈছে । বিগত বৰ্ষৰ আগষ্ট মাহৰপৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অন্যতম উদ্দেশ্য হ'ল-  শিক্ষণ-শিকন প্রক্রিয়াত বৈদ্যুতিন মাধ্যমৰ সু-প্রয়োগ নিশ্চিতকৰণ তথা এনেক্ষেত্রত শিশুক প্রয়োজনীয় শৈক্ষিক সমৰ্থন দিবলৈ পিতৃ-মাতৃ, অভিভাৱকৰ শিক্ষা-সচেতনতা বৃদ্ধি কৰা। সমগ্র শিক্ষা, কামৰূপৰ উদ্যোগত তথা স্বেচ্ছাসেৱী সংগঠন 'ভাৰতী ফাউণ্ডেচন'ৰ সহযোগত ৰূপায়িত এই কাৰ্যসূচীৰ যোগেদি প্রথম পৰ্যায়ত প্রায় ডেৰ লক্ষাধিক অভিভাৱকক সামৰি লোৱা হৈছে। জানিব পৰা মতে, প্রায় পাঁচ সহস্রাধিক শিক্ষক আৰু প্রায় বিশ সহস্রাধিক অভিভাৱকক এই কাৰ্যসূচীৰ অধীনত ইতিমধ্যে প্রশিক্ষণ দিয়া হৈছে। জিলাখনৰ উপায়ুক্ত মহোদয়ৰ নেতৃত্বত এখন জিলা পৰ্যায়ৰ শৈক্ষিক সমিতিয়ে এই কাৰ্যসূচীৰ অন্তৰ্গত সকলো কামকাজৰ তদাৰক কৰি আছে। উল্লেখ্য যে , তিনি তৰপীয়া এক কাৰ্যব্যৱস্থাৰ মাজেৰে ক্রমে শিক্ষক-অভিভাৱকৰ প্রশিক্ষণ, ক্ষেত্র পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰদ্বাৰা কাৰ্যসূচীৰ তদাৰকীকৰণ, IEC  তথা অন্যান্য সমলৰ যোগে সজাগতা, জন-সচেতনতা বৃদ্ধি কৰাৰ মাধ্যমেৰে এই কাৰ্যসূচীক সফল কৰি তুলিব বিচৰা হৈছে। আশা কৰা হৈছে যে এনে কাৰ্যসূচীৰ ফলশ্রুতিত শিশুৰ গৃহশিক্ষাৰ ক্ষেত্রত অভিভাৱকৰ শৈক্ষিক সমৰ্থন বৃদ্ধি হ'ব, শিক্ষাৰ্থীয়ে বৈদ্যুতিন-সমলবোৰ সঠিকভাৱে ব্যৱহাৰ কৰাত আগভাগ ল'ব, শিক্ষকৰ পৰামৰ্শ অনুসৰি শিশুসকলে গৃহ-শিকনত আগবাঢ়িব পাৰিব, ইন্টাৰনেটৰ কু-প্রভাৱৰপৰা শিশুসকল মুক্ত হৈ থাকিব আদি। কোৱা বাহুল্য যে, এনে পদক্ষেপৰ জৰিয়তে শিশুৰ শিক্ষাত বৈদ্যুতিন মাধ্যমৰ সু-প্রয়োগ নিশ্চিত কৰিবলৈ এক জন-আন্দোলন গঢ়ি তুলিব পৰাৰ থল আছে। এই ক্ষেত্রত সংশ্লিষ্ট সকলোৰে ঐকান্তিক প্রচেষ্টা আৰু দায়ৱদ্ধতাৰ প্রয়োজন হ'ব। অৱশ্যে সময়-নিৰ্ধাৰিত এই কাৰ্যসূচীয়ে যে জিলাখনৰ শৈক্ষিক উত্তৰণত এক সুদূৰপ্রসাৰী প্রভাৱ পেলাব সেয়া ধুৰুপ। 

------------------------------------------------


অলংকৰণ :- তন্দ্রা দে




Post a Comment

0 Comments