header ads

এইড্‌চ দিৱস | Article by Dikshita Kalita

এইড্‌চ দিৱস

এইড্‌চ দিৱস  Article by Dikshita Kalita


         এইড্‌চ এক সামাজিক ব্যাধি। এইড্‌চ দিৱস এক ডিচেম্বৰ  তাৰিখে পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হ'ল - এইড্‌চ মহামাৰীৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। তদুপৰি এই মহামাৰীত মৃত্যু হোৱা লোক সকলৰ বাবে শোক প্ৰকাশ কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। ২০২০ চনৰ এইড্‌চ দিৱসৰ বিষয় আছিল  Global Solidarity Resilient Services. এইড্‌চৰ সম্পূৰ্ণ নাম হল  'Acquired Immuno Deficiency Syndrome' । 

        সমগ্ৰ পৃথিৱীতে ভয়াৱহ ৰূপ লোৱা এই এইড্‌চ ৰোগ হৈছে এবিধ ভাইৰাছজনিত ৰোগ । ই এক এনে ৰোগ, যিয়ে আমাৰ দেহত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে নষ্ট কৰি পেলায়।ফলস্বৰূপে, দেহত এবাৰ আৰম্ভ হোৱা যিকোনো ৰোগে এইড্‌চৰ প্ৰভাৱত প্ৰতিষেধক ল'লেও উপশম নহয়, বৰঞ্চ ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।এইড্‌চ ৰোগৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল তাক সঠিককৈ কোৱাটো অসম্ভৱ যদিও প্ৰথমে ধৰা পৰিছিল ১৯৮১ চনত আমেৰিকাৰ আটলান্টাত আৰু লগে লগে ইউৰোপৰ বিভিন্ন ঠাইতো ইয়াৰ বীজাণু ধৰা পৰিছিল। পিছত ১৯৮৩ চনত পেৰিছৰ কেইজনমান গবেষকে  এইড্‌চ ৰোগৰ ভাইৰাছ আৱিস্কাৰ কৰিছিল। ভাৰতবৰ্ষত এই ৰোগৰ সংক্ৰমণ হোৱাটো প্ৰথম ধৰা পৰিছিল ১৯৮৬ চনত মুম্বাইত। ভাৰতবৰ্ষত বেছিকৈ এইড্‌চ ৰোগী পোৱা ৰাজ্য কেইখনমান হৈছে মহাৰাষ্ট্ৰ, কেৰালা, পঞ্জাৱ, মণিপুৰ, দিল্লী। অসমত ১৯৯০ চনত প্ৰথমগৰাকী এইড্‌চ ৰোগী চিনাক্ত কৰা হৈছিল। 

        এই ৰোগৰ প্ৰধান লক্ষণসমূহ হৈছে বহুদিন জ্বৰত ভুগি থকা, শৰীৰৰ ওজন হ্ৰাস হোৱা, বহুদিন কাঁহ হৈ থকা, বহুদিন পনীয়া শৌচ হৈ থকা, শৰীৰত অত্যধিক যন্ত্ৰণা অনুভৱ কৰা, ৰাতি ৰাতি শৰীৰৰ পৰা ঘাম নিৰ্গত হোৱা, ছালৰ খজুৱতি বা জ্বৰশুং আদি ওলোৱা তথা শৰীৰৰ বিভিন্ন স্থানত টেমুনাজাতীয় গাঙঠি উঠা ইত্যাদি। 

         অৱশ্যে এইটো উল্লেখ কৰিব পাৰি যে এই লক্ষণসমূহে দেখা দিলেই যে এজন মানুহৰ এইড্‌চ হৈছে, তাক সঠিককৈ কব নোৱাৰি। অন্য কাৰণতো এই লক্ষণে দেখা দিলেই চিকিৎসকৰদ্বাৰা সঠিক পৰীক্ষা নিৰীক্ষা কৰিহে প্ৰকৃত সত্য নিৰূপণ কৰিব পৰা যায়। 

        এইডচ ৰোগসমূহ মূলতঃ শৰীৰত ৰোগ প্ৰতিৰোধ হ্ৰাসৰ ফলতে হয় আৰু এই ক্ষমতা হ্ৰাসকৰণত মুখ্য ভূমিকা গ্ৰহণ কৰে HIV নামৰ ভাইৰাছবিধে। এই ভাইৰাছবিধে দেহৰ শ্বেতৰক্ত কোষবিলাক ধ্বংস কৰে। তাৰ ফলস্বৰূপে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু সাধাৰণ জীৱাণুৰ সংক্ৰমণতে ৰোগীজন মৃত্যু মুখলৈ আগবাঢ়ে। 

        আনহাতে Human Deficiency Virus নামৰ এই ভাইৰাছবিধ তেজৰ জৰিয়তে এজন ব্যক্তিৰ দেহৰপৰা আন এজন ব্যক্তিৰ দেহলৈ প্ৰৱেশ কৰে। কোনো ব্যক্তি HIV ত আক্ৰান্ত হৈছে নে নাই তাক জানিবলৈ কৰা পৰীক্ষাটোক এছিছা বোলে। এছিছাৰ সম্পূৰ্ণ নাম হল Enzymelinked Immunosorbent Assay. যদি এছিছাৰ পৰীক্ষাত HIV সংক্ৰমণ ধৰা পৰে , তেতিয়া নিশ্চিতকৰণৰ বাবে আৰু এটা পৰীক্ষা কৰা হয় ,তাক Western Blot বুলি কোৱা হয়। এইড্‌চ ৰোগ সংক্ৰমণ হোৱাৰ বিভিন্ন কাৰণ হৈছে

 

১) এইড্‌চ ৰোগ আক্ৰান্তৰপৰা তেজ ললে। 

২) এইড্‌চ আক্ৰান্ত লোকৰ শৰীৰত দিয়া বেজী সুস্থ লোকৰ শৰীৰত দিলে। 

৩) এইড্‌চ আক্ৰান্ত মহিলা বা পূৰুষৰ লগত মুক্তভাৱে যৌন সম্পৰ্ক কৰিলে। 

৪) এইড্‌চ আক্ৰান্ত মাতৃৰ শৰীৰৰপৰা গৰ্ভস্থ সন্তানৰ শৰীৰলৈকে সংক্ৰমিত হয়। 


        এই ৰোগৰ ভয়াবহতা সম্পৰ্কে প্ৰায় লোকেই জনা হৈছে যদিও নিৰক্ষৰ তথা পিছপৰা শ্ৰেণীৰ মাজত এই ৰোগ সম্পৰ্কে ভিন ভিন বিশ্বাস তথা উৰাবাতৰি প্ৰচাৰ হৈ আহিছে। এই ক্ষেত্ৰত স্পষ্ট কৰি দিব পাৰি যে, এইড্‌চ আক্ৰান্ত ৰোগীৰ সৈতে কৰমৰ্দন কৰিলে, একেটা পাত্ৰত আহাৰ গ্ৰহণ কৰিলে, চুমা খালে, একেটা স্নানাগাৰ ব্যৱহাৰ কৰিলে, তদুপৰি সংক্ৰামক ৰোগৰ বাহক ’মহে’  কামুৰিলে এইড্‌চ  ৰোগ সংক্ৰমিত নহয়। ইয়াৰদ্বাৰা আমি কব পাৰোঁ যে ’সজাগতা’ই হৈছে এই ৰোগ প্ৰতিৰোধৰ প্ৰধান উপায়। 

        সেয়েহে এইড্‌চ ৰোগ মানেই হৈছে সজাগতা। ইয়াৰোপৰি এই ৰোগ নিৰ্ণয় কৰাৰ একমাত্ৰ উপায় হ'ল তেজ পৰীক্ষা কৰা। সাৱধান হ'লে, সজাগ হ'লে এই ৰোগৰপৰা আমি হাত সাৰি থাকিব পাৰিম। 

উৎস : বাতৰি কাকত

***************************


দীক্ষিতা কলিতা

উচ্চ মাধ্যমিকৰ এগৰাকী  ছাত্ৰী 

কমলপুৰ শিক্ষাখণ্ড,


অলংকৰণ :-  পল্লবী পাঠক

 




Post a Comment

0 Comments