header ads

জ্যোতিপ্ৰসাদৰ নাটকত ভাৰতীয় চেতনা | Article by Dr Taranikanta Haloi

জ্যোতিপ্ৰসাদৰ নাটকত ভাৰতীয় চেতনা

জ্যোতিপ্ৰসাদৰ নাটকত ভাৰতীয় চেতনা

 

         ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূলাধাৰ হল বেদ৷ এই বেদ চাৰিখন- ঋকবেদ, যজুৰ্বেদ, সাম্‌বেদ আৰু অথৰ্ববেদ৷ বেদসমূহৰ পূৰ্ণাংগ বা আংশিক ব্যাখ্যা, অনুলেখন আদিৰ ফলশ্ৰুতিত সৃষ্টি হৈছে- মন্ত্ৰ, ব্ৰাহ্মণ, সংহিতা, শ্ৰুতি, ছন্দ, উপনিষদ, সূত্ৰ, পুৰাণ-উপপুৰাণ, কাব্য-মহাকাব্য-খণ্ডকাব্যকে আদি কৰি বিস্তৃত আৰু বিশাল ভাৰতীয় সাহিত্য সম্ভাৰ৷ এক মহান সভ্যতা আৰু মহৎ সংস্কৃতি গঢ় লৈ উঠিবৰ বাবে সকলো বিষয়ৰ সকলোবোৰ উপাদানেই এই সাহিত্যবোৰত অন্তৰ্ভুক্ত হৈ আছে৷ ভাৰতীয় জাতীয় জীৱনত সেয়েহে এই গ্ৰন্থবোৰৰ প্ৰভাৱ অপৰিসীম আৰু অলঙ্ঘনীয়৷ আমাৰ সমাজ-সভ্যতা, ধৰ্ম-দৰ্শন, কলা-সংস্কৃতি, বিশ্বাস-আদৰ্শ সকলোবোৰ গঢ় লৈ উঠিছে এই সাহিত্যৰাজিক আধাৰ হিচাবে লৈ৷

        বৈদিক আৰু তাৰ পৰৱৰ্তী যুগত সংস্কৃত ভাষাই সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰি সমগ্ৰ ভাৰতবাসীৰ উমৈহতীয়া ভাষাৰূপে আৰু চিন্তা-চেতনা প্ৰকাশৰ মাধ্যমৰূপে বিবেচিত হৈছিল৷ ভাৰতবৰ্ষৰ চুকে-কোণে বেদ-পুৰাণ আদিৰ ব্যাখ্যা আৰু সাহিত্য চৰ্চাও হৈছিল সংস্কৃত ভাষাতেই৷ তাৰ মাজতে অবশ্যে জনসাধাৰণৰ দৈনন্দিন জীৱনৰ কথিত ভাষাৰূপে ক্ৰমবিৱৰ্তনৰ মাজেৰে আগবাঢ়ি আঞ্চলিক পৰিৱেশ আৰু বৈশিষ্ট্যৰ প্ৰভাৱত খ্ৰীষ্টীয় নৱম-দশম শতিকা মানত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত প্ৰাদেশিক ভাষাবোৰৰ সৃষ্টি হয়৷ পালি, প্ৰাকৃত, অপভ্ৰংশ আদি স্তৰ অতিক্ৰম কৰি আধুনিক ৰূপ লোৱা এই প্ৰাদেশিক ভাষাবোৰতো পিছলৈ সাহিত্য চৰ্চা আৰম্ভ হয় যদিও সেইবোৰ বৈদিক আৰু সংস্কৃত সাহিত্যৰ প্ৰভাৱেৰে পৰিপুষ্ট৷ বিষয়বস্তু, কলা-কৌশল, আদৰ্শ সকলো দিশতে এই প্ৰাদেশিক ভাষাৰ সাহিত্যৰাজিয়ে প্ৰথমাৱস্থাত সম্পূৰ্ণৰূপে নহলেও বেছিখিনি সংস্কৃত সাহিত্যতে নিৰ্ভৰ কৰিছিল৷ সেয়া যি কি নহওঁক বৈদিক, সংস্কৃত বা প্ৰাদেশিক ভাষাৰ মাধ্যমত জনসাধাৰণৰ মাজত সেই সাহিত্যবোৰৰ আদৰ্শ বা দৰ্শনৰ প্ৰভাৱ সূদুৰ-প্ৰসাৰী ৰূপত পৰিছিল৷ 

        খ্ৰীষ্টীয় নৱম-দশম শতিকাত নিজস্ব ৰূপ পৰিগ্ৰহণ কৰা অসমীয়া ভাষাৰ সৃষ্টিৰ মূল হল সংস্কৃত ভাষা৷ অসমীয়া লিখিত সাহিত্যৰ পৰম্পৰাও আৰম্ভ হৈছিল মুৃলতঃ সংস্কৃত সাহিত্যক নিৰ্ভৰ কৰি৷ হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, মাধৱ কন্দলী আদি প্ৰাচীন কবিসকলে বিভিন্ন পুৰাণ গ্ৰন্থৰ অসমীয়া অনুবাদ বা পুৰাণ আশ্ৰিত কাহিনীৰে নতুন নতুন কাব্য ৰচনাৰে ত্ৰয়োদশ-চতুৰ্দশ শতিকাত অসমীয়া লিখিত সাহিত্যৰ পৰম্পৰা আৰম্ভ কৰিছিল৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ প্ৰমুখ্যে তেওঁৰ সমসাময়িক তথা পৰৱৰ্তী কবি সাহিত্যিকসকলে সেই পৰম্পৰাক প্ৰতিষ্ঠিত আৰু সু-সমৃদ্ধ ৰূপ দিলে৷ নিজ প্ৰতিভাৰ বলত এই কবি সাহিত্যিকসকলে নানা কাব্য, নাট, গীত ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল যদিও বিষয়বস্তু আৰু শৈলীৰ ক্ষেত্ৰত সংস্কৃত সাহিত্যৰ ওপৰতে নিৰ্ভৰ কৰিছিল। ঊনবিংশ শতিকাৰ আদিভাগ পৰ্যন্ত এই প্ৰভাৱ অব্যাহত আছিল৷ অকল সাহিত্যৰ ক্ষেত্ৰতে নহয়, অসমীয়া সমাজ-সংস্কৃতি, ধৰ্ম-দৰ্শনো গঢ় লৈ উঠিছে সৰ্বভাৰতীয় বৈদিক আদৰ্শক আধাৰ ৰূপ লৈয়েই৷ অৱশ্যে ঊনবিংশ শতিকাৰ মাজভাগত ইংৰাজসকলৰ অসম আগমন আৰু অসমত আধুনিক শিক্ষা পদ্ধতিৰ প্ৰচলনৰ ফলত অসমীয়া সমাজ তথা সাহিত্যৰো ৰূপ সলনি হ’ল৷ পাশ্চাত্যৰ বিশেষকৈ ইংৰাজী সাহিত্যৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱত গঢ় লৈ উঠা এই নতুন ৰূপৰ আধুনিক অসমীয়া সাহিত্যই অসমীয়া সমাজ জীৱনতো এক পৰিৱৰ্তনৰ সূচনা কৰিলে৷ 

        অসমীয়া ভাষাত নাট্য সাহিত্যৰ উদ্ভৱ আৰু বিকাশ হৈছিল পোন্ধৰ-ষোল্ল শতিকাত শ্ৰীমন্তশঙ্কৰদেৱৰ হাতত৷ মূলতঃ সংস্কৃত নাটকক আৰ্হি হিচাপে লৈ শংকৰদেৱে মধ্যযুগীয়া ভাৰতবৰ্ষৰ বিভিন্ন নাট্যানুষ্ঠান আৰু থলুৱা লোক-নাট্যানুষ্ঠানৰ পৰা কিছু কিছু সমল গ্ৰহণ কৰি মৌলিক প্ৰতিভাৰ বলেৰে অংকীয়া নাট ৰচনাৰ যোগেদি অসমীয়া নাট্য সাহিত্যৰো শুভাৰম্ভ কৰে৷ ঊনবিংশ শতিকাৰ আগভাগলৈকে শংকৰদেৱৰ আদৰ্শকে সাৰোগত কৰি বিভিন্নজন নাট্যকাৰে এই ধাৰাটো অব্যাহত ৰাখিছিল৷ এই সমগ্ৰ নাট্য সৃষ্টিৰ বিষয়বস্তু আহৰণ কৰা হৈছিল বিভিন্ন পুৰাণ গ্ৰন্থৰ পৰা৷ কিন্তু আধুনিক অসমীয়া নাটকৰ সৃষ্টিৰ ক্ষেত্ৰত সংস্কৃত বা অংকীয়া নাটতকৈ পশ্চিমীয়া বিশেষকৈ ইংৰাজী নাটকৰ প্ৰভাৱ আছিল বেছি৷ আধুনিক শিক্ষাৰে শিক্ষিত নতুন নাট্যকাৰসকলে ধৰ্মপ্ৰচাৰ বা ৰস নিষ্পত্তিৰ উদ্দেশ্যে নাট ৰচনা কৰাৰ পৰিৱৰ্তে সমাজ সংস্কাৰ আৰু লোক শিক্ষাৰ আহিলা হিচাপেহে নাট্য চৰ্চাত অধিক গুৰুত্ব দিছিল৷ ফলত পুৰাণ কেন্দ্ৰিক ধৰ্মীয় বা আধ্যাত্মিক বিষয়ৰ পৰিবৰ্তে বাস্তৱ সমাজ, সমাজৰ নানা সমস্যা, ব্যক্তি জীৱনৰ সংঘাত আদিহে আধুনিক নাটকৰ বিষয়বস্তু হ’ল৷ অসমীয়া নাটকৰ যি পৰিৱৰ্তনৰ কথা উল্লেখ কৰা হৈছে সেয়া ৰূপ বা কলা কৌশলগতহে৷ সমাজ-সভ্যতাৰ যি আদৰ্শ ইয়াৰ মাজত প্ৰতিফলিত হৈছে সেয়া সনাতন ভাৰতীয় সামাজিক আদৰ্শ৷ কাৰণ পুৰণিয়েই হওঁক বা আধুনিকেই হওঁক অসমীয়া সমাজখন পৰিচালিত হৈ আহিছে প্ৰাচীন ভাৰতীয় বৈদিক আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰি৷

        ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা অসমীয়া নাট্য সাহিত্যৰ আধুনিক যুগ আৰম্ভ হয় গুণাভিৰাম বৰুৱাৰ 'ৰাম-নৱমী’ নাটকৰ যোগেদি৷ কুৰি শতিকাৰ চতুৰ্থ দশক পৰ্যন্ত এই নতুন পৰম্পৰাৰ অসমীয়া নাটকত প্ৰধানকৈ শ্বেক্সপীয়েৰীয় নাট্যৰীতি অনুসৰণ কৰা হৈছিল৷ হেমচন্দ্ৰ বৰুৱাৰ 'কানীয়াৰ কীৰ্তন’, ৰুদ্ৰৰাম বৰদলৈৰ 'বঙাল-বঙালনী’ আদি এই শ্ৰেণীৰ নাটক৷ কুৰি শতিকাৰ চতুৰ্থ দশমমানৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকত শ্বেক্সপীয়েৰীয় ৰীতিৰ গতানুগতিকতা অতিক্ৰম কৰি মৌলিকতা প্ৰকাশ কৰাৰ প্ৰচেষ্টা দেখা যায়৷ জ্যোতিপ্ৰসাদে শ্বেক্সপীয়েৰীয় ৰীতিৰ লগতে ইব্‌চন, বাৰ্ণাৰ্ড শ্ব আদি পশ্চিমীয় নাট্যকাৰৰ বাস্তৱবাদী আদৰ্শকো তেওঁৰ নাটকত প্ৰয়োগ কৰে৷ জ্যোতিপ্ৰসাদৰ মুঠ নাটকৰ সংখ্যা নখন৷ তাৰ ভিতৰত 'শোণিত কুঁৱৰী’, 'কাৰেঙৰ লিগিৰী’, 'ৰূপালীম’, 'নিমাতী কইনা’ বা 'ৰূপকোঁৱৰ’, 'লভিতা’ আৰু 'খনিকৰ' সম্পূৰ্ণ; আকৌ 'সোণ-পখিলী’, 'কনকলতা’ আৰু 'সুন্দৰ কোঁৱৰ’ অসম্পূৰ্ণ ৰচনা৷ কিন্তু এই কথা ঠিক যে আংগিক বা কলা-কৌশল তথা দৃষ্টিভংগী সলনি কৰি আধুনিক নাটক লিখিলেও জ্যোতিপ্ৰসাদ আছিল ভাৰতীয় দৰ্শনৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত৷ সেই সত্য জ্যোতিপ্ৰসাদৰ প্ৰতিখন নাটকৰ মাজেদি অতি স্পষ্ট ৰূপত প্ৰতিফলন হৈ উঠিছে৷

        জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকেইখনৰ বিষয়বস্তুলৈ লক্ষ্য কৰিলে দেখা যায় যে 'লভিতা’ আৰু 'নিমাতী কইনা’ৰ বাহিৰে বাকীকেইখন নাটকৰ বিষয়বস্তু পুৰাণ বা ইতিহাস আশ্ৰিত৷ 'লভিতা’, বিয়াল্লিছৰ গণ আন্দোলনৰ পটভূমিত আৰু 'নিমাতী কইনা’ লোককাহিনীৰ আধাৰত ৰচিত৷ 'শোণিত কুঁৱৰী’ত ভাৰতীয় পুৰাণৰ আকৰ্ষণীয় প্ৰেমগাঁথা বিবৃত হোৱাৰ নিচিনাকৈ 'কাৰেঙৰ লিগিৰী’ত মধ্যযুগীয় অসমীয়া সমাজৰ শ্ৰেণীচৰিত্ৰ প্ৰদৰ্শিত হৈছে৷ বৃটিছৰ বিৰুদ্ধে অসম তথা ভাৰতবাসীৰ যুদ্ধ ঘোষণাৰ কাহিনী বৰ্ণিত 'লভিতা’ত ভাৰতীয় চেতনাৰ গোন্ধ সৰ্বত্ৰ বিৰাজমান৷ কাল্পনিক নাটক 'ৰূপালীম’তো বাৰম্বাৰ ঘোষিত হৈছে ভাৰতীয় মানসিকতা স্বাধীনতা স্পৃহা আৰু সামাজিক মৰ্যাদাবোধৰ প্ৰসংগ৷ লৌকিক কাহিনীৰ নাট 'নিমাতী কইনা’ত বিশুদ্ধ কলাসাধনাৰ মহত্ত্ব আৰু কাল্পনিক নাট 'খনিকৰ’ত ভাৰতীয় প্ৰাচীন ঐতিহ্যপূৰ্ণ ভাস্কৰশিল্পৰ গুণগান গোৱা হৈছে৷ আনকি অসম্পূৰ্ণ নাটক 'সোণপখিলী’তো কলাসংস্কৃতিৰ সাধনাৰ মহত্ত্বকেই দেখুৱাবলৈ যত্ন কৰা হৈছে৷ আন দুখন অসম্পূৰ্ণ নাটক 'কনকলতা’ত ভাৰতীয় জাতীয়তাবোধৰ লগতে সাংস্কৃতিক চেতনা আৰু 'সুন্দৰ কোঁৱৰ’ত মধ্যযুগীয় সমাজৰ ৰূপৰেখা  তথা পুৰাণ শাস্ত্ৰৰ যোগেদি নিঃসৃত ভাৰতীয় দৰ্শনৰ প্ৰতি শ্ৰদ্ধাবোধ প্ৰতিফলিত হৈ উঠিছে৷ ভাৰতীয় সমাজ সংস্কৃতি, ইতিহাস পুৰাণ আদিৰ প্ৰতি নিজ মনত থকা গভীৰ আনুগত্যৰ বাবেই জ্যোতিপ্ৰসাদে নাটকৰ বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত পৰম্পৰা,পুৰাণ, ইতিহাস বা সাংস্কৃতিক ক্ষেত্ৰখনক আগস্থান দিয়া বুলি অনুমান কৰিব পাৰি৷

        ওপৰত কোৱা হৈছে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'শোণিত কুঁৱৰী’ নাটকৰ কাহিনী পৌৰাণিক কথাৰ আধাৰত প্ৰস্তুত কৰা৷ ঊষা-অনিৰুদ্ধৰ গুপ্ত প্ৰেমলীলাৰ কাহিনীটো বিভিন্ন পুৰাণত পোৱা যায়৷ এই পুৰাণসমূহ হ’ল ভাৰতীয় সভ্যতা-সংস্কৃতিৰ দিক্‌নিৰ্ণায়ক পুথি। গতিকে বিষয়গতভাৱে জ্যোতিপ্ৰসাদৰ 'শোণিত কুঁৱৰী’ নাটকত ভাৰতীয় চেতনাৰ প্ৰভাৱ স্বভাৱিকতেই অনস্বীকাৰ্য৷ নাটকখনিত দেৱদেৱীৰ অস্তিত্ব বিশ্বাস, দেৱতাৰ আশীৰ্বাদত ভক্তৰ সংকট মোচন আৰু পাপীৰ পৰাভৱ আদি বিষয় প্ৰদৰ্শিত হৈছে অতি আস্থাশীল ৰূপত৷ এইবোৰ ভাৰতীয় বেদ, ব্ৰাহ্মণ, পুৰাণ, মহাকাব্য আদিৰো প্ৰতিপাদ্য বিষয়৷ গতিকে নাট্যৰীতি আধুনিক হ’লেও 'শোণিত কুঁৱৰী’ নাটকত ভাৰতীয় বৈদিক সংস্কৃতিৰহে প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়৷ আচলতে নাটখনিৰ ধাৰণাটোৱেই ভাৰতীয়ত্বৰ কাঠামোত বন্দী৷ ঊষা- অনিৰুদ্ধৰ প্ৰেমলীলাৰ আলমত বানাসুৰ আৰু শ্ৰীকৃষ্ণৰ মাজৰ যুদ্ধ আৰু বানাসুৰৰ পৰাজয়ৰ যোগেদি ঊষাৰ যৌৱনপুষ্ট মনৰ ভাৱ প্ৰকাশ কৰিছে৷ প্ৰকৃতিৰ বৰ্ণনাৰ যোগেদি চৰিত্ৰৰ মনৰ ভাব অৱস্থা ব্যক্ত কৰাটোৱো ভাৰতীয় পৌৰাণিক কাব্যৰ পৰিচিত লক্ষণ।

        জ্যোতিপ্ৰসাদৰ 'কাৰেঙৰ লিগিৰী’ নাটকৰ পটভূমি সু-প্ৰাচীন আৰু কঠোৰ নিয়মৰ বশ এখন ভাৰতীয় সমাজ৷ সামন্ত-তান্ত্ৰিক, নিয়ম-কানুন, নাম-ধাম, আচাৰ-ব্যৱহাৰ সযত্নে আৰু সুৰক্ষিতভাৱে ব্যৱহাৰ কৰি জ্যোতিপ্ৰসাদে তেওঁৰ কল্পনাক ইয়াত অধিক শক্তিশালী ৰূপ দিছে। শাসকগোষ্ঠীৰ পৰা প্ৰজাসাধাৰণলৈ আটায়েই ইয়াত কেতবোৰ সনাতন তথা অলংঘনীয় সংস্কাৰৰ দাস৷ তেনে এখন সমাজৰ ছবি ফুটাই তুলিবলৈ তেওঁ অসমীয়া সমাজ-সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ থকা আহোম ৰাজত্বকালৰ ৰাজমাও, বুঢ়াগোঁসাই, কোঁৱৰ, লিগিৰী, চাওদাং প্ৰভৃতি শব্দৰ ব্যৱহাৰ কৰি নিজৰ জীৱন্ত ভাৰতীয় চেতনাৰ পৰিচয় দিছে৷ নাটকখনৰ ৰাজমাওৰ চৰিত্ৰত অসমীয়া তথা ভাৰতীয় সমাজৰ পৰিচিত বহু পুত্ৰবৎসল মাতৃৰ সতে মিল দেখা যায়৷ মধ্যযুগীয় সামন্তবাদী সমাজৰ প্ৰতিনিধি হিচাপে ৰাজমাও, ডা-ডাঙৰীয়া আদিৰ চৰিত্ৰক গঢ়ি তোলা হৈছে৷ ভাৰতীয় বেদবেদান্ত পুৰাণশাস্ত্ৰ আদিৰ প্ৰতি জ্যোতিপ্ৰসাদৰ আছিল গভীৰ শ্ৰদ্ধা৷ তাৰ প্ৰতিফলন ঘটিছে ৰাজমাওৰ মুখৰ সংলাপত-

--“মোৰ তৰ’বাগীশ পুত্ৰ, তই ইয়ালৈকে শাস্ত্ৰ পঢ়িলি?বেদবেদান্তই ইয়াকে কয়?পুৰাণ মহাভাৰতে মাতৃ আজ্ঞা লংঘন কৰিবলৈ কয়?"(১ম অংক,১ম দৰ্শন)

        ভাৰতীয় দৰ্শন সামাজিক দৰ্শন৷ মানুহে সমাজ পাতি, সামাজিক বিধি-ব্যৱস্থা, নীতিনিয়মৰ মাজত বাস কৰাটো ভাৰতীয় আদৰ্শ জীৱনৰ লক্ষণ৷ 'কাৰেঙৰ লিগিৰী’ নাটকৰ অনংগৰামৰ মুখত দিয়া সংলাপটোত তাৰ প্ৰতিফলন দেখা যায়--

--" সুন্দৰ সমাজ, তোমাক নালাগিব পাৰে, কিন্তু মোক লাগে৷ পুৱাৰ পৰা গধূলিলৈ, জন্মৰ পৰা মৃত্যুলৈকে আমাৰ সমাজৰ সৈতে সম্বন্ধ৷ সমাজৰ সম্বন্ধই সকলোবিধৰ জীৱনৰ সুখদুখৰ নিয়ামক৷"(২য় অংক,৪ৰ্থ দৰ্শন)

        পৰম্পৰাগত ভাৰতীয় সমাজত শ্ৰেণী চৰিত্ৰ বিদ্যমান৷ উচ্চনীচ ভেদভাব অতীজৰ পৰাই ভাৰতীয় সমাজত চলি আহিছে৷ ৰজা-প্ৰজাৰ ব্যৱধান মানি চলিয়েই এইখন সমাজ আগবাঢ়িছে৷ 'কাৰেঙৰ লিগিৰী’ নাটকৰ কাহিনীত বৰ্ণিত সংঘাত এক অৰ্থত সমাজৰ শ্ৰেণীগত সংঘাত। সামাজিকভাৱে উচ্চঅভিজাত শ্ৰেণীৰ প্ৰতিনিধি সুন্দৰ কোঁৱৰ আৰু সাধাৰণ শ্ৰেণীৰ লিগিৰী শেৱালিৰ প্ৰেমক পৰম্পৰাগত সমাজে স্বীকৃতি দিব নিবিচাৰে৷ ৰাজমাওৰ আপত্তিৰ কাৰণো তাতেই৷ নাটখনৰ আখ্যানবস্তুত প্ৰতিফলিত ভাৰতীয় ঐতিহ্য সমৃদ্ধ, নিয়মনিষ্ঠ সমাজখনত ব্যক্তিৰ আত্মপ্ৰকাশ বিশেষভাৱে বাধাগ্ৰস্ত হৈছে৷ অতিবাস্তৱবাদী হ’বলৈ গৈ সুন্দৰ কোঁৱৰে সমাজৰ বান্ধোন চিঙি পেলাব খোজাত সেই সমাজখনেই যেন সুদৰ্শনৰ মুখেৰে কোঁৱৰক সাৱধান কৰি দিছে--

--- "কিন্তু ইয়াৰ পৰিণাম বৰ ভয়াৱহ৷ তাক তুমি উপলব্ধি কৰিছানে নাই ক’ব নোৱাৰোঁ৷ এনেয়ে তোমাৰ আগৰ এটি কামে ডাঙৰীয়াসকলক আৰু ৰাইজক বৰ অসন্তুষ্টি কৰি থৈছে৷ এই কামে মাত্ৰ সেই উমি উমি জ্বলি থকা জুইকুৰা দপ্‌দপকৈ জ্বলাইহে দিব৷"(৫ম অংক,২য় দৰ্শন)

        চৰিত্ৰগত দৃষ্টিকোণৰ পৰা চালেও দেখা যায় যে 'কাৰেঙৰ লিগিৰী’ নাটকৰ ৰাজমাও পৰম্পৰাগত ভাৰতীয় সমাজখনেৰই প্ৰতিনিধি৷ যিয়ে স্বামীৰ দিনৰ, বোপাককাৰ দিনৰ ৰাজপাট বৰ্তি থকাটো বিচাৰে আৰু পুতেকৰ বিয়াৰ যোগেদি বংশগতি অক্ষয় হৈ থকাটো কামনা কৰে৷ আনহাতে সুন্দৰ কোঁৱৰো ভাৰতীয়ত্বৰ সাঁচতে গঢ় লোৱা বুলি ক’ব লাগিব ভাৰতীয় দৰ্শনে দেহৰ মিলনতকৈ আত্মাৰ মিলনক উচ্চ স্থান দিছে। সেই দৃষ্টিভংগীকে গ্ৰহণ কৰি সুন্দৰ কোঁৱৰে মনৰ মিলনৰ জোৰত এগৰাকী সাধাৰণ লিগিৰীক ৰাণী সজাব বিচাৰিছে, কোঁৱৰৰ শেৱালিৰ প্ৰতি থকা আকৰ্ষণৰ কাৰণ তাইৰ শাৰীৰিক সৌন্দৰ্য নহয়৷ কিয়নো, শাৰীৰিক সৌন্দৰ্য, বংশ মৰ্যাদা, আভিজাত্য আদিৰ ফালৰ পৰা কাঞ্চন শেৱালিতকৈ কোনো গুণেই তলত নাছিল। আত্মাগত প্ৰেমৰ বাবেহে কোঁৱৰে শেৱালিক বিচাৰিছিল৷

        জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'ৰূপালীম’ নাটকতো একেই আত্মাগত প্ৰেমৰ শ্ৰেষ্ঠতা প্ৰকাশিত হৈছে। ধনসম্পত্তি ,শক্তিসামৰ্থ, ক্ষমতা-- সকলো দিশৰ পৰাই মণিমুগ্ধ মায়াবতকৈ আগবঢ়া আছিল৷ কিন্তু মণিমুগ্ধৰ মাজত অভাৱ আছিল মাথো আত্মাগত প্ৰেমৰ, যিটো ৰূপালীমে মায়াবৰ মাজত বিচাৰি পাইছিল৷ সেই কাৰণেই তাই মণিমুগ্ধক হেলাৰঙে প্ৰত্যাখ্যান কৰিব পাৰিছিল৷ আনহাতে দস্যুৰ নিচিনাকৈ ৰূপালীমক অপহৰণ কৰি নি কাৰেঙত বন্দী কৰি ৰাখিলেও পাছত মণিমুগ্ধয়ো ৰূপালীমৰ সেই প্ৰেমহে বিচাৰিছে৷

---" মই তোমাৰ সুন্দৰ অবয়বৰ অন্তৰালত থকা সু-শুভ্ৰ আত্মলৈ হোৱা এটি চিৰদিনীয়া হাবিয়াস৷"(--৪ৰ্থ অংক)৷ 

এইজন মণিমুগ্ধক ৰূপালীমৰ কেৱল ৰূপ নালাগে, কেৱল দেহো নালাগে --- লাগে দেহৰ লগতে দেহাতীত প্ৰেমো, ৰূপৰ লগতে মনো৷ মনবিহীন এটা নাৰীদেহৰ কোনো মূল্য নাই -- এয়াই ভাৰতীয় দৰ্শন৷

        'ৰূপালীম’ নাটকত প্ৰদৰ্শিত ৰক্‌মি নাৰীৰ সতীত্ব কেন্দ্ৰিক আৰু স্বাধীনজনিত যি সংঘাত -- সেয়াও ভাৰতীয় সামাজিক সংস্কাৰৰেই ফল৷ নাটখনত আদৰ্শগতভাৱে শুভশক্তি ৰূপালীমৰ ওচৰত অশুভ শক্তিৰ প্ৰতীক মণিমুগ্ধ পৰাভূত হৈছে৷ অথচ নিজ ৰাজ্যত তাইক অসতী কলংকিনী বুলি মৃত্যুদণ্ড দিয়া হ’ল৷ ইতিভেনৰ মনত ৰূপালীমৰ প্ৰতি প্ৰেমজনিত ঈৰ্ষা আছিল যদিও ৰূক্‌মী জনসাধাৰণ বা প্ৰেমিক মায়াব আনকি পিতৃ জুনাফাইয়ো ৰূপালীমক অসতী বুলিয়েই ভাবিছিল৷ নাৰীৰ ব্যভিচাৰী আচৰণ বা চৰিত কলংক ভাৰতীয় সমাজ সভ্যতা সংস্কৃতিৰ পৰিপন্থী৷ সেই কাৰণতে ৰূপালীমৰ প্ৰাণদণ্ডৰ শাস্তিক সকলোৱে সমৰ্থন দিছে৷

        জ্যোতিপ্ৰসাদ আগৰৱালাই এটা সত্য গভীৰভাৱে উপলব্ধি কৰিছিল যে বিশ্বৰ জনসভাত মৰ্যাদাপূৰ্ণ আসন পাবলৈ হ’লে প্ৰতিজন অসমীয়াই নীচাত্মিকা ভাব এৰি আত্মগৌৰৱ আৰু আত্মসমালোচনাৰ মাজেদি নিজৰ উন্নতিৰ পথ উলিয়াই ল’ব লাগিব আৰু ভাষা সংস্কৃতিৰ নিজস্ব বৈশিষ্ট্যৰ প্ৰতি অনুগত্য ৰাখি সৰ্বভাৰতীয় তথা বিশ্বমানৱীয় মূল্যবোধ অভিমুখে গতি কৰিব লাগিব৷ 'লভিতা’ নাটখনৰ কাহিনীলৈ চালে দেখা যায় যে বাপেকৰ মৃত্যুৰ পাছৰে পৰা অভাৱনীয় পৰিস্থিতি কিছুমানে লভিতাৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে৷ লানি নিচিগা ঘটনাৰ সোঁতে তাইক উটুৱাই নিয়াৰ উপক্ৰম কৰিছে৷ কিন্তু তথাপি লভিতাই আত্মসন্মানবোধ বিসৰ্জন দিয়া নাই অথবা সংযম হেৰুৱাই অৱস্থাৰ দাসত্ব স্বীকাৰ কৰি লোৱা নাই৷ আত্মবলৰ সহায়েৰে তাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে আৰু সাহসেৰে বাস্তৱৰ মুখামুখি হৈছে৷ লভিতাৰ এই প্ৰতিৰোধ ক্ষমতা, মানসিক দৃঢ়তা আৰু সাহসৰ মূলতে হ’ল ভাৰতীয় সামাজিক আদৰ্শৰ মৌলিক প্ৰভাৱ৷ সত্যৰ প্ৰতি গভীৰ আস্থা আৰু অন্যায়ৰ প্ৰতিবাদেই লভিতাৰ জীৱনৰ মূল মন্ত্ৰ৷ লভিতা চৰিত্ৰটিৰ মাজেদি জ্যোতিপ্ৰসাদৰ জাতীয়তাবোধ সচেতন মনৰো প্ৰতিফলন ঘটিছে৷ যুদ্ধৰ ধুমুহাত নিঠৰুৱা হোৱা লভিতাই মৌজাদাৰৰ ঘৰত আশ্ৰয় লৈছিল৷ কিন্তু ৰাইজৰ হৈ মাত মাতি তাই তাৰপৰা বিতাৰিত হয়৷ মিলিটেৰীৰ হাতত লাঞ্চিতা হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰি এজন মুছলমানৰ ঘৰত আশ্ৰিতা লভিতাক সমাজৰ দোহাই দি প্ৰেমিক গোলাপেও গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত সামৰিক বাহিনীৰ নাৰ্চৰূপে তাই কহিমা পায়গৈ৷ তাত তাই এন.এ. ফৌজত যোগদান কৰি অৱশেষত বৃটিছৰ বাৰুদৰ আঘাতত মৃত্যুক আকোঁৱালি লয়৷ বৃটিছৰ শোষণশাসনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ যি প্ৰতিচ্ছবি 'লভিতা’ নাটকত চিত্ৰিত হৈছে, সেয়া জাতীয়তাবাদী ভাৰতীয় চেতনাৰ প্ৰতি জ্যোতিপ্ৰসাদৰ গভীৰ আগ্ৰহৰ বাহিৰে আন একো নহয়৷ জ্যোতিপ্ৰসাদৰ দৃষ্টিত লভিতা যথাৰ্থতে এগৰাকী ভাৰতীয় আদৰ্শ নাৰী৷ 'লভিতা’ নাটকৰ পাতনিত তেওঁ নিজে উল্লেখ কৰিছে----

        "আজি অসমীয়া ৰাইজ নতুন নানা অৱং ঘাত-প্ৰতিঘাতৰ মাজত পৰি, নানা সমস্যাৰ চাকনৈয়াত কক্‌বকাই এটা হতাশাৰ মাজেদি গৈ নিজকেই এটা ক্ষয়িষ্ণু সংস্কৃতিৰ সমাজ বুলি ভবা যেন কৰিছে-- অসমীয়া জনসাধাৰণৰ প্ৰতিৰোধ শক্তি, অৱস্থাক জিনি জীয়াই থাকি পৃথিৱীত নিজৰ অস্তিত্ব ৰাখিব পৰা যুঁজ ক্ষমতা নিশ্চয়েই হেৰুৱা নাই"৷ এয়াই অসমীয়া তথা অন্যৰূপত ভাৰতীয় জাতীয়তাবোধ৷

        জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'নিমাতী কইনা’ নাটকৰ কাহিনীভাগলৈ মন কৰিলে দেখা যায় যে ৰজা সবিতাপ্ৰিয়ৰ অপৰূপ সুন্দৰী কন্যা নিমাতীৰ মুখৰ মাত উলিয়াবলৈ নানা ঠাইৰ পৰা নানা জনে আহি চেষ্টা কৰিছে৷ লখিমী ৰূপীনি কৃষক জীয়ৰীসকল আহিছে, দেশবিদেশৰ শিপিনীসকল আহিছে, নানা দেশৰ সুদৰ্শন আৰু ক্ষমতাশালী ৰজা তথা ৰাজকুমাৰসকল আহিছে, ওজাবেজ আহিছে- কিন্তু সকলো ব্যৰ্থ৷ অৱশেষত কলালক্ষ্মীৰ প্ৰতীক নিমাতীৰ মুখৰ মাত উলিওৱাত সফল হৈছে বৰাগী ৰূপী ৰূপকোঁৱৰেহে৷ ৰূপকোঁৱৰক নাটখনৰ কলালক্ষ্মীৰ সাধক ৰূপত দেখুওৱা হৈছে৷ প্ৰকৃত কলা সাধনাৰ শ্ৰেষ্ঠতা নাটখনৰ মাজেদি প্ৰকাশ কৰিব বিচৰা হৈছে৷

        জ্যোতিপ্ৰসাদৰ 'খনিকৰ’ নাটকৰ মাজেদিও অসমীয়া তথা ভাৰতীয় ভাস্কৰ্য শিল্পৰেই জয়গান ঘোষিত হৈছে৷ নবীন ফুকনে কাটি উলিওৱা সীতাৰ মুৰ্তিটো দেখি মিঃ অলিভাৰ আৰু হাভাৰ্ড বিশ্ববিদ্যালয়ৰ আৰ্ট কলেজৰ প্ৰিঞ্চিপাল ইবেনষ্টেইন অভিভূত হৈ পৰিছিল৷ নবীনক অভ্যৰ্থনা জনাবলৈ আয়োজিত ভোজমেলত মিঃ অলিয়ে কৰা অনুৰোধমৰ্মে ইবেনষ্টেইনে নিজ ভাষণত কৈছিল--

        "Mr.Phookan ,in my opinion is not only a great sculptor of India. But he will be a marvel of a sculptor genius for centuries to cone..." তাৰ আগতেও পৰিমলৰ আগত নবীনক প্ৰশংসা কৰি ইবেনষ্টেইনে কৈছিল--"One of the greatest sculptors of the age--a great Indian genius." এইখিনি কথাৰ পৰা উপলব্ধি কৰিব পাৰি যে মনেপ্ৰাণে জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমীয়া আৰু তেওঁৰ দৃষ্টিভংগী আছিল ভাৰতীয়৷

        'খনিকৰ’ নাটকৰ নবীন চৰিত্ৰৰ যোগেদি প্ৰদৰ্শিত কৃচ্ছসাধনা আৰু ফল লাভৰ যি কাহিনী প্ৰকাশ পাইছে, সেই কৃচ্ছসাধন কৰিয়েই অতীত ভাৰতৰ অনেক তপস্বীয়ে মহা মহত্বপদ লাভ কৰাৰ অলেখ কাহিনী পুৰাণ মহাকাব্যবোৰত উল্লেখ আছে৷ জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক চেতনাৰ লগত সেইবোৰ কাহিনীৰ প্ৰভাৱৰ কথাও এইক্ষেত্ৰত বিচাৰ কৰিবলগীয়া। নাটখনৰ কাহিনীভাগৰ সৃষ্টিৰ অন্তৰালত এটা বিশেষ উদ্দেশ্য নিহিত হৈ আছিল৷ সেয়া হৈছে-- ভাস্কৰ্যবিদ্যাৰ প্ৰচলন৷ ভাস্কৰ্য শিল্প অসম তথা ভাৰতৰ অতি প্ৰাচীন শিল্পবিদ্যা৷ তাৰ অৱনতি দেখিয়েই হয়তো জ্যোতিপ্ৰসাদে শিল্পবিধক পুনৰজ্জীৱিত কৰি তোলাৰ প্ৰয়াস কৰিছিল 'খনিকৰ’ নাটকৰ যোগেদি। নাটকখনৰ নবীন চৰিত্ৰৰ মুখেৰে জ্যোতিপ্ৰসাদে কৈছে-- "ভাৰতীয় সভ্যতাৰ আদি যুগৰে পৰাই এই কামৰূপত, এই অসমত শিলাকুটীৰ বটালিৰ প্ৰশংসা আৰু খনিকৰৰ কাৰিকৰীৰ গুণগান মানুহৰ মুখে মুখে হৈ আহিছে৷ শই শই শিলাকুটীয়ে হাজাৰ হাজাৰ খনিকৰে মূৰ্তি গঢ়ি পেট-প্ৰৱৰ্তাই গৈছে৷ যদি বৰ্তমান অসমীয়া ৰাইজৰ মাজত শিলাকুটীয়ে খনিকৰে পেট প্ৰৱৰ্তাব নোৱাৰে তেন্তে বুজিব লাগিব -- এইটো অসমীয়া ৰাইজৰ বেমেৰুৱা অৱস্থা৷"(১ম অংক)

        'কনকলতা’ নামৰ অসম্পূৰ্ণ নাটখনৰ আৰম্ভণিতে দিয়া বিহু উৎসৱৰ বৰ্ণনাখিনিৰ যোগেদিও জ্যোতিপ্ৰসাদে থলুৱা কৃষ্টি সংস্কৃতিৰ প্ৰতি থকা নিজ আগ্ৰহৰ পৰিচয় দিছে৷ শান্তিসেনাৰ দলটিৰ আগত কনকলতাই স্বাধীনতা সংগ্ৰামৰ প্ৰতি সন্মান আৰু সহযোগিতা প্ৰকাশ কৰাৰ লগতে জাতীয় উৎসৱ বিহুৰ প্ৰতিও সমানে আস্থা প্ৰকাশ কৰিছে৷ তদুপৰি মিৰি ডেকা গাভৰুসকলে কনকলতাহঁতৰ গাঁৱলৈ বিহু মাৰিব অহাৰ প্ৰসংগ অৱতাৰণা কৰি অসমীয়া সমাজৰ সম্প্ৰীতিৰ ছবিখনো তুলি ধৰিবলৈ যত্ন কৰিছে৷ এয়া জ্যোতিপ্ৰসাদৰ সামাজিক সচেতনতাৰেই প্ৰকাশ৷

        জ্যোতিপ্ৰসাদৰ আন এখন অসম্পূৰ্ণ নাটক 'সুন্দৰ কোঁৱৰ’ৰ প্ৰথম অংকত কোঁৱৰে ৰাজকাৰেঙৰ ভিতৰৰ প্ৰকাণ্ড পুথিভঁৰালত বৰপীৰাৰ ওপৰত বহি গীতাপাঠ শুনি থকাৰ দৃশ্য অৱতাৰণা কৰা হৈছে৷ জ্ঞানৰ অন্বেষণ আৰু শান্তিৰ সন্ধান কৰি সুন্দৰ কোঁৱৰে গীতা পুথিৰ আশ্ৰয় লোৱা কথাটোৱে জ্যোতিপ্ৰসাদৰ ভাৰতীয় পুৰাণ মহাকাব্যৰ প্ৰতি থকা গভীৰ আস্থাৰ কথাটো প্ৰমাণিত কৰে৷

        বিচাৰ বিশ্লেষণ কৰি চালে দেখা যায় যে জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ নাট কেইখনত চিত্ৰিত কৰা প্ৰায়বোৰ নাৰী চৰিত্ৰৰ মাজেদি ভাৰতীয় জাতীয়তাবোধ, সামাজিক আদৰ্শ আৰু মহান ত্যাগৰ নিদৰ্শন দাঙি ধৰিছে৷ 'শোণিত কুঁৱৰী’ নাটকত সখী প্ৰাণাগত চিত্ৰলেখাই ঊষাৰ সুখৰ কাৰণে নানা দুখ কষ্ট স্বীকাৰ কৰিও অসাধ্য সাধন কৰি ঊষা-অনিৰুদ্ধৰ মিলন ঘটাইছে৷ 'কাৰেঙৰ লিগিৰী’ নাটকৰ শেৱালি যেন এছাটি শান্ত মলয়াৰ দৰে ধীৰ আৰু জুৰ। সুন্দৰ কোঁৱৰৰ প্ৰতি থকা অন্তৰৰ প্ৰেমক কোঁৱৰে উপলুঙা কৰাৰ পাছতো তাই বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ ৰাজমাওৰ দ্বাৰা নিৰ্বাসিত হৈ নিৰ্জন হাবিৰ মাজত শেৱালিয়ে কান্দিছে যদিও সামাজিক বাধা নেওচি লিগিৰীক কুঁৱৰী কৰিবলৈ নগা পাহাৰলৈ বিচাৰি অহা কোঁৱৰক ওচৰত পায়ো তাই অদ্ভুত আত্মসংযমৰ পৰিচয় দিছে৷ তাইক ৰাণীৰ মৰ্যাদা দিলে ডাঙৰীয়াসকলে কোঁৱৰক ক্ষমতাচ্যুত কৰিব বা মাৰিও পেলাব পাৰে বুলি আশংকা কৰি শেৱালিয়ে কোঁৱৰক শান্ত কৰাৰ উপায় হিচাপে নিজে মৃত্যুক আকোঁৱালি লৈছে৷ এয়া মহান ত্যাগৰেই নিদৰ্শন৷ 'কাৰেঙৰ লিগিৰী’ নাটকৰ কাঞ্চন কুঁৱৰীৰ চৰিত্ৰৰ যোগেদিও প্ৰতিধ্বনিত হৈছে ভাৰতীয় সামাজিক আদৰ্শবাদৰেই সুৰ৷ অনংগৰামৰ লগত প্ৰণয় থকা কাঞ্চনে সুন্দৰ কোঁৱৰৰ লগত বিয়াত বহিছে৷ সমাজৰ নিয়ম ভাঙি পিতৃমাতৃৰ মতৰ বিৰুদ্ধে যাবলৈ কাঞ্চনৰ সাহস আছে যদিও ৰুচিবোধৰ অভাৱ৷ সেয়েহে সমাজৰ ৰীতি উলংঘা কৰি সুন্দৰ কোঁৱৰে নিজ বিবাহিত পত্নী কাঞ্চন কুঁৱৰীক পূৰ্ব প্ৰেমিকৰ হাতত তুলি দি ৰাজ অধিকাৰেৰে নিৰ্বাসন দিয়া কথাটো কাঞ্চনৰ সমাজ সচেতন মনে মানি ল’ব নোৱাৰিলে৷ ফলত কাঞ্চনে বিহ খাই আত্মহত্যা কৰিলে৷ ত্যাগৰ আন এক প্ৰতিফলন দেখা যায় 'ৰূপালীম’ নাটকৰ ৰূপালীম চৰিত্ৰৰ মাজতো৷ মায়াবৰৰ প্ৰতি থকা ঐকান্তিক প্ৰেমৰ বলতে ৰূপালীমে মণিমুগ্ধৰ দৰে ক্ষমতাবান আৰু ঐশ্বৰ্যশালী এজন ৰজাৰ ৰাণী হোৱাৰ সুযোগকো সহজে প্ৰত্যাখ্যান কৰিছে৷ কিন্তু মণিমুগ্ধৰ চৰ্ত অনুসৰি প্ৰেমিক মায়াব আৰু বুঢ়া বাপেক জুনাফাৰ মুক্তিৰ বিনিময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মণিমুগ্ধৰ ওচৰত নিজকে সমৰ্পণ কৰিবলৈ প্ৰস্তুত হৈছে৷ 'লভিতা’ নাটকৰ লভিতা চৰিত্ৰৰ মাজতো অতি উজ্জ্বল ৰূপত জিলিকি আছে ভাৰতীয় আদৰ্শবাদৰ ঢৌ৷ লভিতা চৰিত্ৰৰ মাজেদি অসমীয়া গাঁৱলীয়া ছোৱালীৰ প্ৰতিৰোধ ক্ষমতা, মানসিক দৃঢ়তা আৰু সাহসিকতাৰ নিদৰ্শন প্ৰকাশিত হৈছে৷

        জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনজোৰা প্ৰচেষ্টা আছিল অসমীয়া কলাকৃষ্টিক পোহৰলৈ অনা, প্ৰতিষ্ঠা কৰা কেৱল অসমতে নহয়, ভাৰতত, বিশ্বত৷ অসমীয়া গীত-মাতক এখন আসন দিবলৈ তেওঁ ৰচনা কৰিছিল 'শোণিত কুঁৱৰী’, অসমীয়া আৰ্টক আগুৱাই নিবলৈ ৰচনা কৰিছিল 'কাৰেঙৰ লিগিৰী’, অসমৰ ভাস্কৰ্যক আসন দিবলৈ ৰচনা কৰিছিল 'খনিকৰ’, শিল্প সাধনাৰ মহত্ব প্ৰকাশ কৰিবলৈ ৰচনা কৰিছিল 'নিমাতী কইনা’ আৰু সবল অসমীয়া চৰিত্ৰ প্ৰতিষ্ঠা কৰিবলৈ ৰচনা কৰিছিল 'লভিতা’ আৰু 'কনকলতা’ নাটকৰ৷ কেৱল নাটকেইখনেই নহয়, জ্যোতিপ্ৰসাদৰ সমগ্ৰ সৃষ্টিৰ মাজেৰে যি দৰ্শন প্ৰতিভাত হৈছে -- সেয়া ৰূপান্তৰৰ দৰ্শন৷ ইব্‌চেন শ্বৰ বাস্তৱবাদী আৰ্হিৰে নাটকেইখন লিখিলে বুলিয়েই তেওঁৰ ৰূপান্তৰৰ দৰ্শনক প্ৰাচ্যৰ পৰা পাশ্চাত্যলৈ ৰূপান্তৰ বুলি ভাবিলে ভুল কৰা হ’ব৷ তেওঁ যি ৰূপান্তৰৰ কথা ক’ব বিচাৰিছে, সেয়া অসুন্দৰৰ পৰা সুন্দৰলৈ ৰূপান্তৰ৷ জ্যোতিদৰ্শনে বিশ্বাস কৰিছিল যে এক সুন্দৰ চেতনাৰেহে অ-সুন্দৰক সুন্দৰলৈ ৰূপান্তৰ কৰিব পাৰি৷ এই ধাৰণাও তেওঁ ভাৰতীয় দৰ্শনৰ পৰাই পাইছিল৷ কাৰণ তেওঁৰ তেজৰ প্ৰবাহত অহৰ্নিশে বৈ আছিল ভাৰতীয় চেতনাবোধ। সেয়েহে জ্যোতিপ্ৰসাদে কৈছে-- 


"মোৰ ভাৰতৰে

মোৰ সপোনৰে

চিৰ সুন্দৰ সংস্কৃতি৷৷"

 

---------------===============÷----=======

 

৷৷সহায় লোৱা গ্ৰন্থ তালিকা ৷

  • সত্যেন্দ্ৰনাথ শৰ্মা ,অসমীয়া নাট্য সাহিত্য,১৯৯৩৷
  • সত্যপ্ৰসাদ বৰুৱা,নাটক আৰু অভিনয় প্ৰসংগ,২০০১৷
  • হোমেন বৰগোহাঞি(সম্পাদিত),অসমীয়া সাহিত্যৰ বুৰঞ্জী(ষষ্ঠ খণ্ড),১৯৯৩৷
  • লীলা গগৈ,আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়,১৯৯৪৷
  • ড° শৈলেন ভৰালী,নাট্যকলাঃদেশী আৰু বিদেশী,১৯৯৪ ৷
  • ড° কৰবী ডেকা হাজৰিকা,অসমীয়া সাহিত্যৰ ৰূপ-ৰস,১৯৯৮৷
  • হৰিচন্দ্ৰ ভট্টাচাৰ্য,অসমীয়া নাট্য সাহিত্যৰ জিলিঙণি,১৯৯৮ ৷
  • মৃণাল কুমাৰ গগৈ (সম্পাদিত),নাটক,২০০০
  • প্ৰফুল্ল কুমাৰ বৰুৱা ,জ্যোতিপ্ৰসাদৰ নাটক,১৯৯৯
  • ড° পোনা মহন্ত ,নাটক আৰু নাট্যকাৰ,১৯৮৬
  • অসম প্ৰকাশন পৰিষদ,জ্যোতিপ্ৰসাদৰ ৰচনাৱলী,১৯৮১
  • ড° হীৰেন গোহাঁই আৰু লক্ষ্মীনাথ তামুলী(সম্পাদিত),জ্যোতিপ্ৰসাদৰ নাটক,২০০৪ ৷

 ******************************************

 


ড° তাৰিণীকান্ত হালৈ

মুৰব্বী অধ্যাপক,অসমীয়া বিভাগ 

উত্তৰ গুৱাহাটী মহাবিদ্যালয়৷

 


 

অলংকৰণ :- সুকন্যা ভৰদ্বাজ



Post a Comment

1 Comments

  1. However, BetOnline responded to those complaints only by making it one of many safest casinos on-line on the earth. Like https://thekingofdealer.com/jumbo-casino/ different prime on-line casinos, they employed a extra environment friendly team, guaranteeing no customers face any points. When it comes to depositing your money, the Wild Casino web site clarifies it's no much less concerned about your money. While guaranteeing the players that their particulars are 100 percent safe, this trusted on-line casino says it has employed most of the “industry-leading” measures to make sure security. The Wild Casino site says it's continuously in search of to improve its security measures.

    ReplyDelete