header ads

ভোগালী বিহুত মাঘী পন্তা আৰু মাহ কৰাই সেৱন কৰাৰ পৰম্পৰা তথা তাৎপৰ্য | Article by Sukumar Medhi

 ভোগালী বিহুত মাঘী পন্তা আৰু মাহ কৰাই সেৱন কৰাৰ পৰম্পৰা তথা তাৎপৰ্য

ভোগালী বিহুত মাঘী পন্তা আৰু মাহ কৰাই সেৱন কৰাৰ পৰম্পৰা তথা তাৎপৰ্য

        ভোগালী বিহু মানে ভোগৰ বিহু। কৃষি ভিত্তিক উৎসৱ ভোগালী বিহুৰ উৰুকাৰ পৰা আৰম্ভ কৰি এই সময় শস্যে- মস্যে পূৰ্ণ সময়। প্ৰকৃতি দেৱী সুপ্ৰসন্ন হৈ থকা সময়। কৃষক ৰাইজৰ মুখ্য কৃষিকৰ্মৰ আজৰি এই সময়ত প্ৰকৃতি দেৱীয়ে পৰিৱেশ শক্তিশালী ৰূপত ৰাখে। স্বাস্থ্যৰ কাৰণে এই সময় বিধিসন্মত। এই পৰিবেশত উদযাপিত হয় অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালী বিহু। ভোগালী বিহুৰ পৰম্পৰাৰ অন্যতম দুটি অংগ  'মাঘীপন্তা আৰু মাহকৰাই সেৱন কৰা'।

 মাঘীপন্তা :  

মাঘমাহৰ পন্তা ভাত বা পঁইতা ভাত   'মাঘীপন্তা' শব্দটোৰ পোনপটীয়া অৰ্থ।  অসমীয়া সমাজত নিশা পানী দি থোৱা ভাতখিনিকেই  পিছদিনা পুৱা 'পন্তা ভাত' বা 'পঁইতা ভাত' বুলি কোৱা হয় । মাঘীপন্তা অসমীয়া সমাজৰ এক শক্তিশালী লোকপৰম্পৰা। মাঘবিহুৰ দিনা দুপৰীয়া নামঘৰত সেৱা, গুৰুজনাক সেৱা , ঘৰত অগ্নিসেৱা আৰু থাপনাত সেৱা কৰাৰ পিছত পুৱাৰে পৰা উপবাসে থকা পৰিয়ালৰ আটায়ে একেলগে আহাৰ গ্ৰহণ কৰে। দুপৰীয়া এই আহাৰত থকা সামগ্ৰী হ'ল চিৰা বা বকা চাউল, গুৰা সান্দহ, দৈ আৰু মিঠাই। পবিত্ৰতাৰে এই আহাৰ গ্ৰহণ কৰাৰ পিছত আগদিনা উৰুকাৰ ভোজ খালেও প্ৰতি পৰিয়ালত সন্ধিয়াৰে পৰা মাঘ বিহুৰ এই সংক্ৰান্তীৰ দিনা খানাৰ বিশেষ প্ৰস্তুতি আৰম্ভ হয়। পূৰ্বে আছিল উহা চাউল, মাটিমাহ বা চকলা মুগৰ দাইল, পানীলাউ বা গছ আলুৰে মাছ, মাছৰ জালদিয়া, কোমোৰা বা অমিতাৰ খাৰ, শুকতা বা অইন তিতা, এখন তৰকাৰী আৰু মাহৰ দাইলত উৰহী মিহলি দিয়া হৈছিল। খাদ্যৰ মুখ্য উপকৰণ মাছ সাধাৰণতে বৰালি আছিল আৰু থৈকাৰ টেঙায়ো ঠাই পাইছিল। বৰ্তমান ঢেঁকীত খুন্দা উহা চাউল প্ৰায় নোহোৱা হ'ল । ঠাই ল'লে মিলত বনোৱা উহা চাউল বা আন চাউল । সংগী হ'ল মুগ-মচুৰ দাইল, মাছৰ লগত  পঠা বা হাঁহৰ মাংসও সংগী হল। এই সাজ খাদ্য নিশাই অধিককৈ ৰন্ধা হয়  যাতে আটায়ে আৰু এবাৰ খাব পাৰে। এই ৰন্ধা সাজ সংক্ৰান্তী অৰ্থাৎ পুহ মাহৰ শেষৰ নিশাটোত ৰন্ধা  এইসাজ আটায়ে গ্ৰহণ কৰাৰ পিছত ঘৰৰ গৃহিণী  বা ৰান্ধনীয়ে ভাতত পানী দি আৰু অন্য খাদ্য উপযুক্তভাৱে সন্মান সহকাৰে অতিৰিক্ত সাজ এটা পিছদিনালৈ ৰাখি থৈ দিয়ে;  পিছদিনা অৰ্থাৎ মাঘ মাহৰ প্ৰথম দিনা পুৱাতে ভেলাঘৰ পুৱাই আহি খোৱাৰ বাবে। এই সাজে মাঘীপন্তা। এই মাঘীপন্তা গা নোধোৱাকৈ খোৱা নিষেধ। যি অঞ্চলত এক মাঘত ভেলাঘৰ পুৱাই, সেই অঞ্চলত ভেলাঘৰলৈ যিহেতু গা ধুই যাবই লাগিব, সেয়েহে  সেই অঞ্চলত মাঘীপন্তা খাওঁতে গা ধোঁৱাৰ সমস্যা নাহে। কিন্তু সেইদিনা ভেলাঘৰ নুপুৱা ঠাইতো গা ধুই হে মাঘীপন্তা খায়। এই মাঘীপন্তাৰ সাজত কলাৰ ডাইল বটা, কেঁচা চালাদ, যিকোনো ভাজি, চাটনি আদি নতুনকৈ সংযোগ হয়। বৰ্তমানত চাউলৰ শক্তিশালী গুণ নোহোৱা বাবে পানী নিদিয়াকৈ থোৱা ভাত মাঘীপন্তাত স্থান  পাইছে। যাক 'জকৰা ভাত' বুলি কোৱা হয়। পূৰ্বে মাঘীপন্তা তিতা কাপোৰেৰে আৰু বেলি উদিত নহওঁতেই থোৱা পৰম্পৰা বৰ্তমান শিঠিল হৈছে। আমি নিজে পুৱাৰ ৰ'দত বহি মাঘীপন্তা খাওঁ। 

 মাঘীপন্তাৰ তাৎপৰ্যঃ 

        অসমীয়া সমাজৰ লোকপৰম্পৰাত জুই আৰু খাদ্যৰ প্ৰতি সন্মান অতি গুৰুত্বপূৰ্ণ। ৰাতি ভাত ৰান্ধি পুৱা খাব, তাকো গা ধুই, জুই পুৱাই আহি, স-সন্মানে, নিচেই পুৱাতে। অসমীয়া সমাজৰ আনুষ্ঠানিক ভোজত আটাইৰে ভোজপাতত খাদ্য পৰাৰ পিছত হৰিধ্বনি দিহে খোৱাৰ পৰ্ব আৰম্ভ হয়। 

              পঁইতা ভাতৰ যথেষ্ট গুণ আছে। শৰীৰ জুৰ কৰা পঁইতা ভাতে আমাৰ শৰীৰক বহু  ৰোগৰ আক্ৰমণৰ পৰা প্ৰতিৰোধ কৰে। আমি সাধাৰণতে পঁইতা ভাত নাখাওঁ। সেয়েহে  হয়তো  বিজ্ঞজনে এই পৰম্পৰা মাঘীপন্তা ৰূপেৰে খোৱাতো আৰম্ভ কৰিছে। ঠাণ্ডাৰ সময়ত দেহত হজম শক্তি বাঢ়ে। সেয়েহে  হয়তো মাঘীপন্তাত টেঙা, তিতা, খাৰ একেলগে খোৱা হয়। এক লোকপ্ৰবাদ আছে ’পুহত ৰান্ধি মাঘত খায়, বাঘৰ সমান বল পায়’ ৷ আকৌ কয়,-- ’মাঘে পন্তা বাঘৰ বল, বহাগে পন্তা ৰসাতল। ’

                ঠাণ্ডাৰ দিনত খাদ্যত ভেঁকুৰৰ আক্ৰমণ পলমকৈ হয়। পুহ - মাঘ মাহত এটা নিশা খাদ্য একে ৰূপত থাকে। কিন্তু গ্ৰীষ্ম কালত একে নিশাতে খাদ্যৰ গোন্ধ ওলায়। যাৰ বাবে গ্ৰীষ্ম কালত  পঁইতাক লোকপ্ৰবাদতো খাবলৈ বাধা দিয়া হৈছে। মাঘ মাহৰ এক তাৰিখৰ পৰা অৰ্থাৎ ভোগালী বিহুৰ দুই তাৰিখৰ পৰা মাঘীপন্তা খোৱাৰ এই পৰম্পৰা কিছু অঞ্চলত মাহদিন জুৰি আছে । ভাল ঢাকোনত এই সময়ত পঁইতা ভাত খোৱাৰ পৰম্পৰা বিজ্ঞানসন্মত । ভোগালী বিহুৰ মাঘীপন্তা অসমীয়া সমাজৰ এক শক্তিশালী পৰম্পৰা। 

 মাহকৰাইঃ

        ’কৰাই’ৰ অৰ্থ হৈছে ভজা চাউল। অৰ্থাত মাহ আৰু ভজা চাউলৰ মিশ্ৰণেই  মাহকৰাই। ভোগালী বিহুত মাহকৰাই ধৰ্মীয় কাৰ্য্যৰে  বিহুৰ দিনাখনৰে পৰা আৰম্ভ কৰা এক পৰম্পৰা। মাটি- মাহ, মুগ, বৰা চাউল, শালিতিল আদি মিহলাই পাটচৰুত গোন্ধ ওলোৱালৈকে ভজা হয়; লগত সৰু সৰু কৈ কুটি দিয়া আদা আৰু নাৰিকলো ভজাত দিয়া হয়। এয়াই ভোগালী বিহুৰ মাহকৰাই। বিহুৰ সান্দহ, চিৰা, পিঠা, লাডু বনোৱাৰ পিছত উৰুকাৰ দিনা বা তাৰ আগত শুদ্ধ ৰূপত চৌকা  জ্বলাই মাহকৰাই ভজা হয়। বিহুৰ দিনালৈ এই মাহকৰাই মুখত দিয়া নহয়। সংক্ৰান্তিৰ দিনা নামঘৰৰ পৰা অহাৰ পিছত চন্দন বা সৰল কাঠৰ সংযোগত একুৰা জুই ধৰা হয়। তামোল - পাণেৰে অগ্নি দেৱতালৈ আৰ্ঘ্য দিয়াৰ পিছত 'অগ্নি প্ৰজ্জ্বলিতং, বন্দে চতুবৰ্ণ হতাশনম, সুবৰ্ণ বৰ্ণমমলং, জ্যোতি ৰূপায়তে নমো নমঃ'-- এই মন্ত্ৰ মাতি তিনিবাৰ মাহকৰাই জুইত দি অগ্নি সেৱা কৰা হয়। ঘৰে ঘৰে হোৱা এই কাৰ্যত পৰিয়ালৰ আটায়ে অংশ লয়। থাপনাৰ প্ৰসাদ খনৰ লগতে মাহকৰাইও অলপ আগবাঢ়োৱা  হয়। থাপনাত আটায়ে সেৱা কৰাৰ পিছত প্ৰসাদ ৰূপে আগবঢ়োৱা গুৰা সান্দহৰ  লগত মাহকৰাই খিনি মিহলাই দিয়া হয়। সেইদৰে সান্দহৰ লগত মাহকৰাই মুখত দিয়া হয়। আনহাতে ভেলাঘৰত অগ্নি দেৱতাক সেৱা কৰোতেও মাহকৰাই তিনিবাৰ চতিয়াই  'অগ্নি প্ৰজ্বলিতং' মন্ত্ৰ মাতি অগ্নিসেৱা কৰা হয়। ভেলাঘৰত আগবঢ়োৱা প্ৰসাদতো মাহকৰাইয়ে ঠাই পায়। মিহলি হয় গুৰা সান্দহত। মহিলাই পুওৱা ভেলাঘৰৰ প্ৰসাদত মাহকৰাই অৱশ্যেই থাকে। এক মাঘৰ পৰা মাহ কৰাই খাবলৈ আৰম্ভ হয় - 'মাহকাৰে ( মাহ কৰাই ) খাং ( খাওঁ ), বাটে বাটে যাং (যাওঁ ), মোৰ লগত জুনি (যিয়ে) আহে তাকো আক গাল (এগাল) দেং (দিওঁ)' ৷ এইদৰে মাহকৰাই খোৱাৰ পৰ্ব আৰম্ভ হয়, সৰিয়হৰ পেৰা তেল আৰু নিমখ মিহলাই। চোতালত বা অন্য ঠাইত কথাৰ মহলা মাৰোতে, খেলিবলৈ যাওঁতে পকেটত মাহকৰায়ে ঠাই পায়। ফাগুন মাহলৈ এই মাহ কৰাই খোৱাৰ পৰ্ব চলি থাকে। 

  মাহকৰাইৰ তাৎপৰ্যঃ

        মাটি মাহ পুহ-মাঘ মাহৰ বতৰৰ খাদ্য। কেঁচা মাটিমাহৰ বীজ বৰ সোৱাদ। শুকালে  গোটে গোটে খোৱাৰ সোৱাদ নহ’লেও মাহকৰাইৰ ৰূপত সংযোগ হোৱাৰ পিছত সোৱাদ এৰাব নোৱাৰা হয়। মাহকৰাই আটাইখিনি চোবাই গুৰি কৰাৰ পিছত পোৱা যায় অপূৰ্ব সোৱাদ। আমি দাঁঁত আৰু মুখৰ ব্যায়াম সাধাৰণতে নকৰো। মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে বুট- মগু মাহৰ দৰে শৰীৰৰ অতি আৱশ্যকীয় এক খাদ্যক  প্ৰসাদৰ শাৰীলৈ আনি ধৰ্মৰ উত্তৰণৰ লগতে আমাৰ শৰীৰৰ পুষ্টি পূৰণ কৰাইছিল। মাঘ বিহুত প্ৰচলিত এই  মাহকৰাইৰ পৰম্পৰাও তেনে মহানতাৰে পূৰ্ণ ।  মাহকৰাইৰ মিশ্ৰণ শীত ঋতুত স্বাস্থ্যৰ বাবে অতি উপযোগী । কিন্তু মাহকৰাই সদায় খোৱাতো উপযোগী নহয়, যাৰ বাবে লোকক্তি আছে- "মঙ্গলে নাখাবা কৰাই" অৰ্থাত মঙ্গলবাৰে মাহকৰাই নাখাবা। অন্তত: সপ্তাহত এদিন বন্ধ। 

 বিঃ দ্ৰঃ 

১) কামৰূপ জিলাৰ পলাশবাৰী, ছয়গাওঁ আৰু বকো ৰাজহ চক্ৰ  এলেকাধীন অঞ্চলত প্ৰচলিত লোক পৰম্পৰাক লেখাটোত  সামৰা হৈছে। 

২) সহায়ক গ্ৰন্থ ড° নাৰায়ণ দাস আৰু পৰমানন্দ ৰাজবংশী সম্পাদিত ’অসমীয়া সাংস্কৃতিৰ কণিকা’। 

 *************************

 

সুকুমাৰ মেধি

লোকশিল্পী,ছয়গাওঁ

সদস্য, ছয়গাওঁ উঃ মাঃ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি। 

ফোন - 9401370370


অলংকৰণ :- সংগীতা কাকতি




Post a Comment

0 Comments