header ads

জোনাকত সৰা শেৱালি | Assamese poem by Jyotismita Das

জোনাকত সৰা শেৱালি

জোনাকত সৰা শেৱালি | Assamese poem by Jyotismita Das
 

তুমি জোনাক

নিয়ৰৰ টোপালৰ মিঠা স্পৰ্শ

শেৱালিৰে ভৰা মোৰ বগা আচল 

বুটলি ফুৰোঁ শেৱালি

দলিচা ভৰাই

প্ৰতিটো পুৱাতেই মেলে

আশাৰ গজালি 

প্ৰতিটো কোঠালীত

মোৰ হৃদয়ৰ

কাঢ়ি নিব খোজে কোনোবাই  গোপনে গোপনে

মোৰ শৰতৰ

হেঁপাহৰ শেৱালিবোৰ...

 

হে নিষ্ঠুৰ সময়,

মোক দয়া কৰা

মোক শকতি দিয়া

অমানুহবোৰক বাট দেখুওৱা

পোহৰৰ

তুমি জোনাক

মই শেৱালি

নাই পৰা মই কোনোদিন ভাগৰি।


***********************


জ্যোতিস্মিতা দাস

অষ্টম শ্ৰেণী

ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়

ছয়গাওঁ শিক্ষাখণ্ড।

 

অলংকৰণ :- সুকন্যা ভৰদ্বাজ

Post a Comment

0 Comments