header ads

তত্বাৱধায়িকাৰ একলম | From the Editor in Charge Desk

তত্বাৱধায়িকাৰ একলম………………….

 


             জন্মৰ দ্বাৰা নহয় কৰ্মৰ দ্বাৰাহে মানুহ মহান হয় --মহাবীৰ ।

                                                               

        জয় জয়তে আটাইলৈ নৱবৰ্ষ -২০২১ ৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ ওলগ যাঁচিছো।২০২০ বৰ্ষ সমগ্ৰ মানৱজাতিৰ বাবে শতিকাৰ এক দুস্বপ্ন সদৃশ বৰ্ষ। বছৰটোৰ আৰম্ভণিতে বিশ্বব্যাপি সংক্ৰমিত হোৱা কভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত মানৱসমাজৰ লগতে শৈক্ষিক সমাজ আৰু সম্ভাৱনাপুৰ্ণ অযুত শিশুৰ বহু আশা, বহু সপোন, বহু পৰিকল্পনা বাস্তৱায়িত নোহোৱাকৈয়ে ২০২০ বৰ্ষটোয়ে মেলানী মাগিলে। পুৰণিক বিদায় নতুনক আদৰণি, গতিশীল সময়ৰ এয়া এক চিৰন্তন সত্য । জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ভাষাৰে

        ৰাতি যিমানেই গভীৰ হব, প্ৰভাত সিমানেই উজ্বল হ

        চাৰিওফালে আন্ধাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, প্ৰভাত হবই

    সেয়ে হয়তো প্ৰভাত বুলি ক'লে মনবোৰ প্ৰফুল্লিত হয় আৰু যেন অনাবিল আনন্দৰ লগতে নতুন আশাৰ বতৰা দিয়ে। গতিকে যি পৰিস্থিতিয়ে নহওঁক আশাৰ সঞ্চাৰ হবই তাৰ বাবে লাগিব ধৈৰ্য, সাহস আৰু মনোবল। যি সময়ত কৰোণা অতিমাৰীৰ সংক্ৰমনৰ পৰিপ্ৰেক্ষিতত ৭-৮ মাহে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো জনজীৱন স্তব্ধ হৈ পৰিছিল ফলশ্ৰুতিত দেশৰ সামগ্ৰিক উন্নয়নৰ লগতে শৈক্ষিক উন্নয়নও স্তৱিৰ হৈছিল। এনে এক ভয়াবহ আৰু সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতে শৈক্ষিক ক্ষেত্ৰখনত এক অনুকূল পৰিবেশ গঢ়ি তোলা আৰু আমাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সকলৰ সৃষ্টিৰাজিক বিকাশৰ এখন মঞ্চ প্ৰদান কৰাৰ প্ৰয়াসেৰে কামৰূপ জিলাৰ এচাম উদ্যোমী আৰু সৃষ্টিশীল মনোভাৱাপন্ন শিক্ষকে শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ দ্বাৰা দুমহীয়া ই আলোচনীৰ জ্ঞানমৰ প্ৰকাশৰ যি ব্যৱস্থা গ্ৰহন কৰিছে তাত সহযোগিতা আগবঢ়াইছে সমগ্ৰ শিক্ষা, কামৰূপে।

                  জ্ঞানম ই -আলোচনীৰ ৩য় সংখ্যা (ডিচেম্বৰ আৰু জানুৱাৰী) প্ৰকাশৰ বাবে তত্বাৱধানৰ দৰে গুৰু দায়িত্ব অৰ্পন কৰি সাহিত্যচৰ্চাৰ এনে এক মহান যাত্ৰা পথৰ সহযাত্ৰী হোৱাৰ সুযোগ প্ৰদান কৰা বাবে এই ছেগতে শৈক্ষিক গোট জ্ঞানমক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত মই একেবাৰে অনভিজ্ঞ, সেয়েহে অলোচনীখন সম্পাদনাৰ ক্ষেত্ৰত জ্ঞাতে-অজ্ঞাতে হোৱা ভুল-ক্ৰটিৰ বাবে বিনম্ৰতাৰে মাৰ্জনা বিছাৰিছোঁ।।

          শৈক্ষিক গোট জ্ঞানম, কামৰূপ আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশিত দু-মহীয়া ই-আলোচনী জ্ঞানমৰ তৃতীয় সংখ্যাটিত বিশ্ব প্ৰতিবন্ধী দিৱস, ভোগালী বিহু, শিল্পী দিৱস আৰু গণতন্ত্ৰ দিৱস”ক মূল বিষয় হিচাপে লৈ অহা ৯ জানুৱাৰী, ২০২১ তাৰিখে উন্মোচনৰ বাবে যথাসময়ত আৰু নিয়াৰিকৈ সম্পাদনা কৰিবলৈ সক্ষম হোৱা বাবে সম্পাদনা সমিতিলৈ জনাইছোঁ স-শ্ৰদ্ধ প্ৰনাম। শ্ৰদ্ধাৰ উপদেষ্টা মণ্ডলীৰ দিহা-পৰামৰ্শ আৰু সন্মানীয় সদস্যবৃন্দৰ অহোপুৰুষাৰ্থ কষ্ট তথা ঐকান্তিক প্ৰচেষ্টা অবিহনে এয়া সম্ভৱ হৈ নুঠিলহেঁতেন। সেয়ে তেখেত সকলৰ ওচৰত মই চিৰকৃতজ্ঞ।

        সদৌ শেষত জ্ঞানম’ত সন্নিবিষ্ট লেখাসমূহে পঢ়ুৱৈ সমাজ আৰু জ্ঞানমৰ শুভাকংক্ষীসকলক যৎকিঞ্চিত হলেও উপকৃত কৰিব পাৰিব বুলি  আমি আশাবাদী।

আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ...। আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আমাৰ কাম্য।

 

শ্ৰদ্ধাৰে-

 

ফুলপাহি নাথ,

জিলা আঁচনি বিষয়া,

সমগ্ৰ শিক্ষা কামৰূপ তথা সদস্য সচিব,

মাণ্ডলিক কাৰ্যালয়, 

ছেবা, কামৰূপ ।।


Post a Comment

0 Comments