header ads

ডিম্বেশ্বৰ তালুকদাৰদেৱৰ সৈতে সাক্ষাৎকাৰ | Interview with Dimbeswar Talukdar

 ডিম্বেশ্বৰ তালুকদাৰদেৱৰ সৈতে সাক্ষাৎকাৰ


        শৈক্ষিক গোট, 'জ্ঞানম' কামৰূপৰ তৰফৰ পৰা প্ৰকাশ পাবলগীয়া 'জ্ঞানম' দুমহীয়া ই-আলোচনীৰ ৩য় সংখ্যাত এইবাৰ জীৱন যুদ্ধৰ এগৰাকী অক্লান্ত, সফল যুঁজাৰু, আন দহৰ বাবে আদৰ্শনীয় ব্যক্তিত্বৰ অধিকাৰী বৰ্তমান GMDA ৰ উন্নয়ন বিষয়া তথা কামৰূপ জিলাৰ প্ৰাক্তন ৰাজহ মেজিষ্ট্ৰেচি, প্ৰাক্তন নিৰ্বাচনী বিষয়া সন্মানীয় ডিম্বেশ্বৰ তালুকদাৰ(অ. প্ৰ. সে.) ছাৰৰ এটি সাক্ষাৎকাৰ প্ৰকাশ উদ্দেশ্যে আমি তেখেতৰ গুৱাহাটীৰ ৰুক্মিণী গাঁওস্থিত বাসগৃহত উপস্থিত হওঁ...

 জ্ঞানমৰ প্ৰশ্ন :  আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে অলপ জনাব।

তালুকদাৰ ছাৰৰ উত্তৰ :  মোৰ পঢ়া-শুনা বৰপেটাতে হৈছিল। বৰপেটা বিদ্যাপীঠৰ পৰা ১৯৯৯ চনত মেট্ৰিক দিছিলোঁ। পঢ়াত ভালে আছিলোঁ, সেইকাৰণে বহুতে আশা কৰিছিল মই স্থান পাম বুলি; কিন্তু স্থান নাপালোঁ যদিও মই অসমীয়াৰ বাদে বাকী পাঁচটা বিষয়ত লেটাৰ নম্বৰ পাইছিলোঁ। তাৰপিছত কটন কলেজত নামভৰ্তি কৰিছিলোঁ। কটনৰপৰা উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত প্ৰথম বিভাগত পাছ কৰিছিলোঁ। এইখিনিতে কওঁ যে অসমীয়া মাধ্যমৰ ছাত্র-ছাত্ৰী সকলে উচ্চতৰ মাধ্যমিকত আহি হঠাতে ইংৰাজী মাধ্যমত পঢ়িব লগীয়া হোৱা বাবে পোৱা অসুবিধাটো মইও পাইছিলোঁ। তাৰপিছত দেউতাই বিচাৰিছিল মই মেডিকেল লাইনত পঢ়িব লাগে কিন্তু ডাক্তৰৰ কটা-চিঙা কামবোৰ ভাল নাপাইছিলোঁ কাৰণে মই জীৱবিজ্ঞান বিষয়টোত মন দিয়া নাছিলোঁ। তথাপি মেডিকেলৰ entrance দিলোঁ, তাত অলপ নম্বৰৰ বাবে নাপালোঁ। তাৰপিছত কটনতে অৰ্থনীতি বিজ্ঞানত স্নাতক উত্তীৰ্ণ হলোঁ। পাছকোৰ্চ গণিত আছিল। তাৰপিছত আকৌ দিল্লীলৈ গলোঁ। দিল্লীত কোচিং ক্লাছ কৰি ২০০৬ ৰপৰা ২০০৮ লৈ University of petroleum and energy studies, ডেৰাডুনত MBA কৰিলোঁ। এইখিনিয়ে আৰু তাৰ কিছুবছৰ পিছত মোৰ অসুখৰ সময়ত হে ACS টো কৰিলোঁ। ২০১৬ চনৰ batch ত মই ACS পাইছিলোঁ।


জ্ঞানমৰ প্ৰশ্ন :  আপুনি দিল্লীত থকা দিনত অসুখত ভোগা সময় খিনিৰ বিষয়ে জনাব।

 তালুকদাৰ ছাৰৰ উত্তৰ :  মই ২০০৫ চনত প্ৰথম দিল্লীলৈ গৈ MBA কোচিংৰ কাৰণে ছমাহমান আছিলোঁ। তাত MBA ৰ entrance বোৰ দিছিলোঁ। তাৰপিছত MBA ত এডমিছন পাই University of petroleum and energy studies ত ডেৰাডুনত পঢ়িব গলোঁ। তাত MBA সম্পূৰ্ণ কৰি আকৌ দিল্লীলৈ উভতি আহি ২০০৮ চনত ইণ্টাৰভিউ দি Hydrocarbon education and research society ত চাকৰিটো পালোঁ। প্ৰথম চাকৰিটো পায় বহুত স্ফূৰ্তি লাগিছিল সেয়ে এবাৰ গুৱাহাটীলৈ ঘূৰি আহিছিলোঁ চাকৰিত জইন কৰাৰ আগে আগে। ঘৰত আহি লগৰ বিলাকৰ লগত মিলি বহুত স্ফূৰ্তি কৰিলোঁ। তাৰপিছত সেইবছৰে ছেপ্টেম্বৰৰ শেষৰ ফালে মই দিল্লীলৈ উভতি চাকৰিত জইন কৰিব যাব ওলালোঁ। যিদিনা পুৱা পাঁচবজাত ট্ৰেইন আছিল, তাৰ আগদিনা মোৰ খুব মূৰৰ বিষ হৈছিল। ৰাতিয়ে জ্বৰ উঠিল হঠাতে, সেয়ে মাহঁতে মোক তেনে অৱস্থাৰে দিল্লীলৈ যাব মানা কৰি পিছত যাবলৈ কৈছিল। প্ৰথম চাকৰিত জইন কৰিব যোৱা কথা কাৰণে তেনেকৈয়ে গুচি গলোঁ। ট্ৰেইনত গোটেই ৰাস্তা শুয়ে গৈছিলোঁ। ট্ৰেইনৰ পৰা নামিব লওঁতে মূৰ ঘূৰাইছিল, তাৰপিছত কেনেবাকৈ লগৰ ল'ৰাৰ ৰুমলৈ গৈ ডাক্তৰক দেখুৱাইছিলোঁ। তেনেকৈ চাকৰিটোত জইন কৰিছিলোঁ। তাৰপিছত প্ৰায়ে মোৰ কিবা কিবি অসুখ হৈ থকা হ'ল। ডাক্তৰক দেখুৱাই আছিলোঁ যদিও একো ধৰিব পৰা নাছিল। বহুতে ক'ব ধৰিলে মই এনেই অসুখ অসুখ বুলি কৈ থাকোঁ। ইফালে তেনেকে থাকোতে মোৰ স্বাস্থ্য দিনক দিনে বেয়াৰ পিনে ঢাল খালে। তাৰপিছত ভাবিলোঁ মা কাষত থাকিলে চাগে মই সুস্থ হম, মায়ে নিজে বনাই খুৱাব বা মোক চোৱা-চিতাও কৰিব সেয়ে মা আৰু দাদাক মাতি পঠালোঁ। তাৰ পিছত তেওঁলোকে ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখ মানত দিল্লীলৈ আহিছিল। মোৰ দিল্লীৰ ভাড়াঘৰতে মায়ে ভাত বনাই দিব ল'লে, অফিচলৈও টিফিন নিয়া কৰিলোঁ। তথাপি সুস্থ হোৱা নাছিলোঁ। তেনেকৈ থাকোঁতে ২০০৯ চনৰ এপ্ৰিল মাহত এদিন আবেলি হঠাতে মোৰ জিভাখন কোচ খাই গৈছিল। তাৰপিছত মায়ে কান্দি-কাটি মোক মেক্স হস্পিতালত ভৰ্তি কৰাইছিল। প্ৰায় বাৰদিন হস্পিতালত ৰাখিছিল। তাত তেওঁলোকে মোৰ টাইফইড হোৱা বুলি কৈছিল। সেই হস্পিতালত থকা দিনকেইটাত মই আৰু বেছি ক্ষীণাই গৈছিলোঁ। তাৰপৰা যেতিয়া মোক ৰিলিজ দিছিল, মই খুব দুৰ্বল আছিলোঁ। ইমান দুৰ্বল যে ৱাকাৰেৰে খোজকাঢ়িব লগা হৈছিল। সেইসময়ত মোৰ পেৰালাইছিছ হোৱা নাছিল, কিন্তু বহুত বেছি দুৰ্বল হৈছিলোঁ। তাৰপিছত মাহঁতে মোক ঘৰলৈ গৈ কিছুদিন ৰেষ্ট লৈ উভতি আহিবলৈ কৈছিল। কিন্তু মই নাহিলোঁ তাতে থাকিলোঁ। এইখিনিতে কওঁ যে এনেকুৱা কিছুমান উপদেশ আমি মানি চলা উচিত। তাত ৰূমতে এমাহমান ৰেষ্ট ললোঁ তাৰপিছত অফিচৰ বছে চাকৰিত জইন কৰিব দিছিল, আনকি ডাক্তৰে কলে মই জইন কৰিব পাৰিম বুলি সেইকাৰণে জইন কৰিছিলোঁ। এতিয়া ভাবোঁ সেইটো এটা মোৰ ভুল সিদ্ধান্ত আছিল। এদিন গধূলি নৰ্থ কেম্পাছত থকা মোৰ বন্ধুৰ ৰুমৰ পৰা আহিব ওলাওঁতে মোৰ বহুত মূৰৰ বিষ হ’ব ধৰিলে আৰু ভৰি এখনও জিনজিনাব ধৰিলে। মই কেনেবাকৈ আহি ৰুম পালোঁ। তাৰ পিছদিনা পুৱা মোৰ বাওঁভৰিখন বেছিকৈ জিনজিনাব ধৰিলে আনকি থিয় হ'বও নোৱাৰা হলোঁ। তাৰপিছত মোক মেডিকেললৈ নিলে, তেতিয়া ডাক্তৰে একো ধৰিব নোৱাৰি এনেয়ে ক'লে এইটো মই দুৰ্বল হৈ থকা কাৰণে হৈছে। তাৰপিছদিনা আকৌ মোৰ সোঁভৰিখন ও জিনজিনাব ধৰিলে, লাহে লাহে যেন সেই জিনজিনোৱা ভাৱটো ওপৰৰ পিনে উঠি আহিবলৈ ধৰিলে। মোৰ দেহটো লাহে লাহে জথৰ হৈ আহিল। তাৰপিছত মোক এইমছত ভৰ্তি কৰোঁৱা হ'ল। সেইসময়ত আমাৰ যথেষ্ঠ আৰ্থিক অসুবিধাও হৈছিল। তাত ডাক্তৰে ক'লে মোৰ 'গুলেনবেৰী চিন্দ্ৰম'বুলি এটা ভাইৰাছৰপৰা ইনফেক্সন হ। এইটো ইনফেক্সনত মানুহৰ মৃত্যু হৈও যাব পাৰে। তাৰপিছত লগে লগে দুই আঢ়ৈ লাখ টকা লাগিব বুলি তেওঁলোকে কৈছিল। সিফালে আমাৰ হাতত সিমান টকা নাছিল। তেতিয়া কেনেবাকৈ মোক ভৰ্তি কৰালে। সেইসময় খিনিত মোৰ বন্ধুবোৰ, ঘৰৰ মানুহৰ সহায় পাহৰিব নোৱাৰোঁ। তাৰোপৰি তাত পদ্মা শ্ৰীবাস্তৱা নামেৰে এগৰাকী চিনিয়ৰ ডাক্তৰ মেডাম আছিল তেওঁৰ আগত মই আৰ্থিক অসুবিধাৰ কথা দুখ কৰি কওঁতে তেওঁ নিজে আগবাঢ়ি আহি আমাক ভালে খিনি সহায় কৰিছিল। তেওঁৰ সেই উপকাৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। তাৰপিছত লাহে লাহে বেমাৰটো এনেকৈ বাঢ়ি আহিল যে মোৰ গোটেই দেহটো লৰচৰ কৰিব নোৱাৰা হৈ গলোঁ। তেতিয়া ডাক্তৰে মোৰ আশা প্ৰায় এৰিয়ে দিছিল। আনকি মাৰ আগত মই আৰু বাছি নাথাকিম বুলিয়ে কৈছিল, কিন্তু তথাপি মোৰ মাৰ সাহস কমা নাছিল। তেওঁ বাৰে বাৰে কৈছিল যে মোৰ ল'ৰা বাচিব, অলপ দুৰ্বল হৈছে অসুখত ভুগিছে কিন্তু লাহে লাহে ভাল হব। মায়ে শুৱা ও বাদ দিছিল। দিন ৰাতি এক কৰি মোৰ লগত লাগি আছিল। প্ৰথম দুমাহমান ঘৰত থকা দেউতাক মোৰ অৱস্থা ইমান বেয়া হোৱা বুলি কোৱায়ে নাছিল, কেৱল কৈছিল অলপ অসুখ হৈছে টকাৰ প্ৰয়োজন হৈছে। পিছত দেউতাও নিজে গ'ল তালৈ। তাৰ কিছুদিন পিছত মই যে বেমাৰটোৰ লগত যুঁজি বাছি আছোঁ, তাকে দেখি হস্পিতালে মোক ৰিলিজ দিলে। তাৰপিছত ৰুমতে শুই চিকিৎসা কৰাই কিছুদিন থাকি গুৱাহাটীলৈ উভতি আহিছিলোঁ। গুৱাহাটীতও বহু দিনলৈ মোৰ চিকিৎসা চলিছিল। তেনেকৈ আৰু লাহে লাহে প্ৰায় সুস্থিৰ হ'লোঁ।

জ্ঞানমৰ প্ৰশ্ন :  শাৰীৰিক অসুস্থতাৰ মাজতো নিজকে ভাগি পৰিব নিদি আপুনি কিদৰে নিজৰ মানসিক সুস্থতা বৰ্তাই ৰাখিছিল?


 তালুকদাৰ ছাৰৰ উত্তৰ :  এইটো আচলতে ইমান সহজ নহয়। এতিয়া বহুতে মোক কয় আপুনি আদৰ্শ, আপুনি মানসিক ভাৱে ইমান শক্তিশালী বাবে আজি সফল হৈছে। মই ভাবোঁ এইবোৰ মানুহে পৰিস্থিতিত পৰিহে কৰিব পৰা হয়। যেতিয়া মানুহৰ দায়িত্ব থাকিব, কৰিবলগীয়া কাম থাকিব, তেতিয়া তেওঁলোকে যিকোনো পৰিস্থিতিতে নিজক চম্ভালি ল'ব পৰা হয়। কোনো মানুহে নিজে ইচ্ছা কৰি তেনেকৈ বিছনাত পৰি থাকি আদৰ্শ হ'বলৈ নাযায়, পৰিস্থিতিত পৰিহে তেনে হয়। দিল্লীৰ পৰা উভতি আহি প্ৰায় আঢ়ৈ/তিনি বছৰমান মই ৱাটাৰ বেডতে থাকিব লগীয়া হৈছিল। এক মানি ল'ব নোৱাৰা অৱস্থা। সদায় বন্ধুৰ লগত ঘূৰি ফুৰি ভালপোৱা মোৰ দৰে মানুহ এজনে তেনেকৈ শুই থাকিব লগীয়া অৱস্থাটো কেনেকুৱা হ'ব পাৰে নিশ্চয় বুজিছে। সেইসময়ত মায়ে মোক খুৱাই দিয়া, ধুৱাই দিয়াকে ধৰি সকলো খিনি কৰি দি আছিল। তাৰোপৰি মোৰ বন্ধুবোৰে মোক যথেষ্ট সহায় কৰিছিল। তেওঁলোক মোৰ প্ৰকৃত বন্ধু, এতিয়াও তেওঁলোক মোৰ লগত আছে।

    এইখিনিতে আন এটা মোৰ অনুপ্ৰেৰণাৰ উৎস ছ'চিয়েল মিডিয়া। সেইসময়ত মই ছ'চিয়েল মিডিয়াত লিখা-মেলা কৰা কৰিলোঁ, তাত মই বহুত মোতকৈও বেয়া অৱস্থাত থকা মানুহ লগ পালোঁ। লিখি নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ ল'লোঁ, আনৰ লিখনিটো পঢ়িছিলোঁয়ে। সেইসময়ত কৃষকৰ ওপৰত লিখা মোৰ এটি ইংৰাজী কবিতা ব্ৰিটিছ আলোচনী এখনত শ্ৰেষ্ঠ বিবেচিত হৈছিল। তাৰোপৰি তাতে মই মোৰ বৰ্তমান পত্নীক  লগ পাইছিলোঁ, তেওঁ মোক বহুত সাহস-প্ৰেৰণা দিছিল, এতিয়াও দি আছে। তাৰপিছত গান শুনিও মই অনুপ্ৰেৰণা পাইছিলোঁ। এনেও গান শুনি মই ভালপাওঁ।

জ্ঞানমৰ প্ৰশ্ন :  নিজৰ মানসিক শক্তিৰ বলত কিদৰে আপুনি শাৰীৰিক অসুস্থতাক নেওচি বৰ্তমানৰ এগৰাকী সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি আন দহজনৰ প্ৰেৰণাৰ উৎস হৈছে। তাৰ সবিশেষ জনালে আমিও উপকৃত হম।

তালুকদাৰ ছাৰৰ উত্তৰ :  এইটো প্ৰশ্নৰ প্ৰায় উত্তৰখিনি ওপৰৰ প্ৰশ্নটোৰ উত্তৰত কোৱায়ে গ'ল। মই কোৱাৰ দৰে ঘৰখনৰ প্ৰতি থকা দায়িত্ব, বন্ধু বান্ধৱৰ মৰম প্ৰেৰণা, ঘৰৰ মানুহ,পত্নীৰ পৰা পোৱা অনুপ্ৰেৰণা, লিখা মেলা কৰি পোৱা মানসিক শান্তি আদি বোৰে মোৰ অনুপ্ৰেৰণাৰ উৎস। তেনেদৰে বেমাৰৰ লগত যুঁজি থকা সময়তে ২০১৩ চনত মই অনুভৱ কৰিব ধৰিলোঁ যে মোক এটা চাকৰিৰ প্ৰয়োজন। আগতে কোৱাৰ দৰে ঘৰৰ আৰ্থিক অৱস্থা সিমান ভাল নাছিল, তাৰোপৰি মই এনেদৰে অসুখত ভুগি থকা কাৰণে মোৰ চিকিৎসাৰ খৰছো বহুত হৈছিল। সেইখিনি সময়তে দেউতায়েও অৱসৰ ল'লে। ইফালে মই ৱাটাৰ বেডৰ পৰা উঠিছোঁ যদিও নিজে বহিব পৰা হোৱা নাছিলোঁ। কোনোবাই পিছফালে ধৰি উঠাই আওজাই দিলে বহি থাকিব পৰিছিলোঁ। তেনেসময়তে মই ভাবি আছিলোঁ কেনেকৈ উপাৰ্জন কৰিব পাৰি।

        সেইসময়তে মই UTM বুলি কলেজ এখনৰ প্ৰমোচনৰ কাম মেইল যোগে কৰিবলৈ ললোঁ; তেনেদৰে আন কিছুমান স্কুলৰ ও প্ৰমোচনৰ কাম কৰিছিলোঁ। অনলাইন পৰীক্ষাৰ বহী চোৱা তেনেধৰণৰ কিছুমান কাম কৰি কমকৈ হ'লেও ঘৰখনৰ বাবে ইনকাম কৰাৰ চেষ্টা কৰিছিলোঁ। এইখিনিতে এটা কথা কওঁ যে মানুহে কামৰ সৰু ডাঙৰ বিচাৰিব নালাগে, যি সময়ত যি কাম কৰি আপুনি নিজৰ বাবে ঘৰৰ বাবে উপাৰ্জন কৰাৰ সুবিধা পায় সেইটো কৰিব লাগে। তাৰপিছত ২০১৫ চনৰ ACS পৰীক্ষা দিছিলোঁ যদিও মেইনচটো পাছ কৰিব নোৱাৰিলোঁ। সেই মেইনচৰ ৰিজাল্ট দিয়া দিনা আকৌ মোৰ কিডনী ষ্টোন হৈছিল। তাৰ ২০ দিনমান পিছতে ২০১৬ চনৰ ACS ৰ মেইনচ পৰীক্ষা আৰম্ভ হ'ব লগা আছিল। ২০১৫ চনৰ পৰীক্ষাটোতে ACS পাই যাম বুলি মোৰ এটা ধাৰণা আছিল, সেয়ে ২০১৬ চনৰ পৰীক্ষাৰ বাবে পঢ়া নাছিলোঁ। তথাপি কিডনী ষ্টোনৰ বিষৰ মাজতে পৰীক্ষাৰ ৰুটিনৰ মাজৰ বন্ধ দিনত পঢ়িয়ে সেই পৰীক্ষাটো দিছিলোঁ আৰু পাছো কৰিছিলোঁ। তেনেকৈ আৰু এতিয়া মই কাম কৰি আছোঁ।

জ্ঞানমৰ প্ৰশ্ন :  আপোনাৰ গাঁৱৰ ঘৰখনৰ ওপৰত অলপ আলোকপাত কৰিব নেকি?

তালুকদাৰ ছাৰৰ উত্তৰ :  মোৰ গাঁওখন বৰপেটা জিলাৰ ভেল্লাৰ ওচৰৰ ভোগেৰপাৰ নামেৰে এখন বহুত ভিতৰুৱা অঞ্চলৰ গাঁও। দেউতাৰ চাকৰি সূত্ৰে যদিও আমি বৰপেটা চহৰত আছিলোঁ, গাঁও খনৰ প্ৰতি হেঁপাহ, সেই আপোন আপোন ভাব মই ভাষাৰে বুজাব নোৱাৰিম। আমি সৰু থাকোঁতে ব্ৰহ্মপুত্ৰ নদী আমাৰ গাঁৱৰ পৰা প্ৰায় ১৫ কি.মি. দূৰেৰে বৈ গৈছিল। কিন্তু বৰ দুখৰ কথা যে যোৱা ৭/৮ বছৰমান আগত ব্ৰহ্মপুত্ৰ নদীয়ে সোঁত সলাই আহি গাঁৱৰ কাষেৰে বব ল'লে। এতিয়া আহি আহি গৰা-খহনীয়াত প্ৰায় গোটেই গাঁওখনেই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল। আপোনালোকে হয়তো এতিয়া বিশ্বাস নকৰিব আমাৰ গাঁওখন খেতি-বাতি, মাছ-পুঠিৰে ভৰা এখন বৰ সুন্দৰ গাঁও আছিল। আমাৰ গাঁৱৰ ঘৰৰ আগেৰে পকী ৰাস্তা আছিল, সেইফালেৰে গুৱাহাটীলৈ বাছ চলিছিল। এতিয়া সেইবোৰ একোৱেই নাই। গাঁৱৰ মানুহ বেছি ভাগ দুখীয়া, কৃষিজীৱীয়ে হয় সাধাৰণতে। আমাৰ গাঁৱৰো মানুহখিনি তেনেকুৱাই আছিল। তেওঁলোকৰ ভেটিৰ মাটি যোৱাৰ পিছত খাবলৈ একো নোহোৱা অৱস্থা হ'ল। তাৰ মাজত কেইঘৰমান অলপ টকা থকা মানুহ ভেল্লাৰ ওচৰৰ নগাঁও নামৰ এডোখৰ ঠাইত থাকিবলৈ ল'লে। বাকীখিনিৰ বহুত মানুহ এতিয়াও মথাউৰিৰ ওপৰতে থাকি গ'ল। ক'বলৈ গ'লে এক অবৰ্ণনীয় দৃশ্য। দেউতাৰ লগত এতিয়াও আমি তালৈ গৈ নদীৰ পাৰত থিয় হৈ গাঁওখন থকা ঠাই খিনি চাই আহোঁ। তেনেকৈ মনটোক অলপ হ'লেও বুজনি দিবলৈ চেষ্টা কৰোঁ আৰু।


জ্ঞানমৰ প্ৰশ্ন :  ছাত্ৰ-ছাত্ৰী তথা বৰ্তমান উঠি অহা যুৱচামলৈ আপোনাৰ পৰামৰ্শ কি হব?

 তালুকদাৰ ছাৰৰ উত্তৰ :  জীৱনত কেতিয়াও হাৰ মানিব নালাগে। যিকোনো পৰিস্থিতিৰ সন্মুখীন হৈ আগবাঢ়ি যাব লাগে। মানসিকভাৱে যদি কেতিয়াবা আপুনি দুৰ্বল অনুভৱ কৰে, তেতিয়া গান শুনি হওঁক, বন্ধু-বান্ধৱৰ লগত মিলিয়ে হওঁক, কিবা লিখা-মেলা কৰিয়েই হওঁক নিজক সাহসী কৰি গঢ়ি তুলিব লাগে। কাৰণ আপুনি আপোনাৰ দায়িত্ব পালন কৰিবই লাগিব। এইটো সচাঁ যে সকলোৱে সকলো সুবিধা নাপায় কিন্তু তথাপি নিজে নিজৰ মানসিক বল ধৰি ৰাখিব লাগিব। মই ভাবোঁ সুখী হোৱাটোও এটা কলা হয়। আমি বহুত ডাঙৰ কিবা এটা কৰি সুখী হ'বলৈ ৰৈ নাথাকি, সৰু সৰু বস্তুবোৰতে সুখী হোৱা ভাল। মোৰ ক্ষেত্ৰত হ'লে কেতিয়াবা বৰষুণৰ পানী গালত লাগিল, গাড়ীৰে গৈ আছোঁ ঠাণ্ডা বতাহ গালত লাগিল, পুৱা চৰাইৰ মাত শুনিলোঁ তাতো এক সুখ অনুভৱ কৰোঁ। মুঠতে নিজক সুখী কৰি ৰখা প্ৰয়োজন, মনত সাহস ৰাখি আমি আগুৱাই যাব লাগে। পিছত যি হয় দেখা যাব।

জ্ঞানমৰ প্ৰশ্ন :  "শাৰীৰিক অসুস্থতা প্ৰতিভাৰ অন্তৰায় নহয়।" এই বাক্যশাৰীৰ আপুনি এগৰাকী জীৱন্ত প্ৰতীক। ইয়াৰ ওপৰত আপোনাৰ ফালৰ পৰা এটি মতামত আশা কৰিছোঁ।

তালুকদাৰ ছাৰৰ উত্তৰ :  শাৰীৰিক অসুস্থতাত আপোনাৰ বাবে বাধা বহুত আহি পৰে, তথাপি আপোনাৰ নিজৰ দায়িত্ব খিনিৰ কাৰণে আপুনি নিজে কৰিব পৰাখিনি কৰাৰ চেষ্টা কৰা উচিত। সুস্থ মানুহ এজনে হয়তো দৌৰিব পৰিছে, সেইটো হুইল ছিয়াৰত থকা মানুহজনে নোৱাৰে। তাকে ভাবি তেওঁ দুখ কৰি নাথাকি যদি কৰিব পৰা কামখিনি কৰি যায় সেয়াই বহুত। কিছুমান এনে মানুহ আছে যিয়ে আপোনাতকৈও বেয়া অৱস্থাত থাকি আগুৱাই গৈছে, সেইবোৰ মানুহৰ কথা ভাবিব লাগে। আনক মৰম-আদৰ কৰিব লাগে, তেতিয়া আনেও আপোনাক মৰম কৰিব। আপোনাৰ নিজৰ যেতিয়া প্ৰতিভা থাকিব, শাৰীৰিক প্ৰতিবন্ধকতাই তাক বাধা দি ৰাখিব নোৱাৰে।

 *********************************

সাক্ষাৎকাৰ লওঁতা- 

নয়ন মণি দাস

সদস্য, শৈক্ষিক গোট, জ্ঞানম্ কামৰূপ


অলংকৰণ :- পূবালী শইকীয়া  দাস

Post a Comment

1 Comments

  1. We are proud of you always Khura. Thanks for this interview. Happy bihu to all of you.

    ReplyDelete