header ads

ছাত্ৰ-ছাত্ৰীৰ নৈতিক চৰিত্ৰৰ উত্তৰণত শিক্ষকৰ ভূমিকা | Assamese Article by Sushma Agarwal

 ছাত্ৰ-ছাত্ৰীৰ নৈতিক চৰিত্ৰৰ উত্তৰণত শিক্ষকৰ ভূমিকা


           নৈতিক চৰিত্ৰৰ অৰ্থ হৈছে স্বভাৱ-চৰিত্ৰ , আচৰণ ভাল হোৱা , জ্যেষ্ঠজনক সন্মান কৰা , কনিষ্ঠজনৰ প্ৰতি মৰমীয়াল হোৱাৰ লগতে জীৱ-জন্তুৰ প্ৰতি দয়ালু হোৱা ।

           শিশু এটিৰ চৰিত্ৰ গঠনৰ আদিস্থল হৈছে নিজৰ ঘৰখন । নিজৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ জ্যেষ্ঠসকলৰ আচৰণ , আচাৰ-ব্যৱহাৰ আদিৰ প্ৰভাৱ শিশুটিৰ চৰিত্ৰত বাৰুকৈ দেখা যায় ।

           তাৰপিছতে শিশুটিৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় বিদ্যালয়ত । বিদ্যালয়ৰ পৰিৱেশ তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ নৈতিক চৰিত্ৰৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

           প্ৰাৰম্ভিক পৰ্যায়তে ছাত্ৰ-ছাত্ৰীক নৈতিক শিক্ষাৰ জৰিয়তে চৰিত্ৰ গঠনত সহায় কৰাটো অতি প্ৰয়োজন । বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগুৰুসকলক অনুসৰণ কৰে । শিক্ষকৰ আচৰণ , স্বভাৱ-চৰিত্ৰই ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে প্ৰভাৱিত কৰে । শিক্ষক-শিক্ষয়িত্ৰীসকলে সাধুকথা আৰু বিভিন্ন উদাহৰণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰিব পাৰে ।

            সৰু  অৱস্থাতে লাভ কৰা নীতিশিক্ষাই ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতে ভাল-বেয়া , শুদ্ধ-অশুদ্ধৰ বিচাৰ কৰাত সহায় কৰে । শিক্ষকসকলে এই ক্ষেত্ৰত গুৰু দায়িত্ব গ্ৰহণ কৰিব লাগে । ছাত্ৰ-ছাত্ৰীসকলে ভুল কৰিলে মৰমেৰে শুধৰাই দিয়াটো শিক্ষকৰ কৰ্তব্য । বিভিন্ন পৰিৱেশৰপৰা অহা ছাত্ৰ-ছাত্ৰীসকলক শুদ্ধ পথত আগুৱাই নিয়াত শিক্ষকৰ ভূমিকা গুৰুত্বপূৰ্ণ ।

            বিদ্যালয় পৰ্যায়ত লাভ কৰা নীতিশিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক অদূৰ ভৱিষ্যতত অপৰাধমূলক কাৰ্যৰপৰা বিৰত থকাত সহায় কৰিব পাৰে । বৰ্তমান সমাজত অন্যায় , দুৰ্নীতি , ধৰ্ষণ , হত্যা , লুণ্ঠন আদি বিভিন্ন অপৰাধ সংঘটিত হৈ আছে । ইয়াৰোপৰি বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ সেৱনে যুৱক-যুৱতীসকলক ক্ৰমান্বয়ে পংগু কৰিবলৈ গৈ আছে । এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়তে নীতিশিক্ষা প্ৰদানৰ জৰিয়তে পথ-প্ৰদৰ্শন কৰাতো অৱশ্যম্ভাৱী হৈ পৰিছে ।

            শিক্ষাগুৰুসকল সমাজৰ এক  গুৰুত্বপূৰ্ণ স্তম্ভ । যিহেতু সৰু অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুকলক অনুসৰণ কৰে ; সেয়ে শিক্ষকৰ সু–চৰিত্ৰ , কৰ্তব্যপৰায়ণতা আৰু আকৰ্ষণীয় ব্যক্তিত্বই ছাত্ৰ-সমাজক ভৱিষ্যতৰ সু-নাগৰিক হিচাপে গঢ় দিব পাৰে ।

             শিক্ষক বৃত্তিটো আন সকলো বৃত্তিতকৈ সম্পূৰ্ণ পৃথক । শিক্ষক-ছাত্ৰৰ সম্পৰ্ক কেৱল বিদ্যালয়ৰ চাৰি বেৰৰ মাজতে আৱদ্ধ নাথাকে । শিক্ষক-ছাত্ৰৰ সম্পৰ্ক আজীৱন ৰৈ যায় । সেয়ে বিদ্যালয় পৰ্যায়ত লাভ কৰা নীতিশিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক আজীৱন পৰিচালিত কৰিব পাৰে ।

লেখকৰ ঠিকনা:

সুষমা আগৰৱালা।

সহ: শিক্ষয়িত্ৰী,

বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।

হাজো শিক্ষাখণ্ড।

Post a Comment

0 Comments