header ads

দ্বীপেন বৰুৱাদেৱৰ সৈতে সাক্ষাৎকাৰ | Interview with Dwipen Baruah

দ্বীপেন বৰুৱাদেৱৰ সৈতে সাক্ষাৎকাৰ


       কামৰূপৰ শৈক্ষিক গোট 'জ্ঞানম'ৰ দ্বাৰা প্ৰকাশ হ'বলগীয়া বৈদ্যুতিন আলোচনী 'জ্ঞানম' তৃতীয় সংখ্যাৰ সাক্ষাৎকাৰ শিতানটিৰ বাবে মই অসমৰ চিৰসেউজ কণ্ঠশিল্পী শ্ৰদ্ধাৰ শ্ৰীযুত দ্বীপেন বৰুৱাদেৱৰ ওচৰ  চাপিছিলোঁ। অতি সৰল মনৰ বৰুৱাদেৱে আমি সোধা প্ৰশ্নসমূহৰ উত্তৰ খুব সুন্দৰকৈ প্ৰকাশ কৰিলে এনেদৰে-----



১. আমাৰ প্ৰশ্ন:  স্কুলীয়া শিক্ষাত সংগীত কেনেদৰে  সহায়ক হয়  বুলি ভাৱে আপুনি?

দ্বীপেন বৰুৱাদেৱ :  সংগীতে উৎসাহজনক পৰিৱেশ এটাৰ সৃষ্টি কৰে। তাৰোপৰি পঢ়া-শুনাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সংগীতৰ প্ৰতি ধাউতিও বঢ়ায়।

২. আমাৰ প্ৰশ্ন:
 আপোনাৰ স্কুলীয়া শিক্ষাৰ কিছু অনুভৱ জানিব বিচাৰিছোঁ।


দ্বীপেন বৰুৱাদেৱ:
  মই আমাৰ ঘৰৰ ওচৰৰে লতাশিল প্ৰাইমেৰী স্কুলত পঢ়িছিলোঁ। আমাৰ প্ৰধান শিক্ষক স্বৰ্গীয় প্ৰভাত চৌধুৰীদেৱে গান সাংঘাতিক  ভাল পাইছিল।  তেখেতে অফ্ পিৰিয়ডত মোক ঘৰলৈ যাব নিদি গান গাবলৈ দিছিল।  মই গান নাগাইছিলোঁ, মোৰ তিনিজন দাদা ব্ৰজেন বৰুৱা, নিপ বৰুৱা আৰু জীৱন বৰুৱা তেওঁলোক বোলছবিৰ পৰিচালক আছিল আৰু সংগীতৰ লগত জড়িত হৈ আছিল।  সেয়ে ছাৰে মোক গান গাবলৈ দিলে মোৰ দাদাহঁতেহে গান গায়, মই নাগাঁও বুলি কৈছিলোঁ। তেতিয়া ছাৰে নিজেই হাৰমনিয়ামখন উলিয়াই মোক কৈছিল যে তই গান গোৱা ঘৰৰ ল'ৰা যিহেতু গাবই লাগিব, গা।  তেনেকৈ গাইছিলোঁ । তেতিয়া মই গানৰ স্কেল বা গানৰ একোৱেই নাজানিছিলোঁ। দাদাহঁতৰ পৰা শুনি দুই-এক লাইন জানিছিলোঁহে মাথোন । আমাৰ স্কুলৰ খুব সুন্দৰ  পৰিৱেশত আমি বহুত খেলা-ধূলা কৰিছিলোঁ। মই যদি গায়ক নহলোঁহেতেঁন তেন্তে খেলুৱৈ হলোঁহেতেঁন। মই ৰঞ্জী ট্ৰফীও খেলিছিলোঁ।

৩. আমাৰ প্ৰশ্নঃ
 আমাৰ থলুৱা গীত-মাত সমূহে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তুলিব পাৰেনে ?

দ্বীপেন বৰুৱাদেৱ:  নিশ্চয় পাৰে। প্ৰথমে আমি বৰগীত, লোকগীত বা অন্য থলুৱা গীত-মাতসমূহ শিকাইহে অন্য আধুনিক গীতসমূহ শিকালে মই ভাল বুলি ভাৱোঁ।

৪. আমাৰ প্ৰশ্নঃ  ছাত্ৰ- ছাত্ৰীসকলৰ সামগ্ৰীক শিক্ষা আৰু আত্মবিকাশত সংগীত শিক্ষাই  কেনেদৰে সহায় কৰে বুলি ভাৱে আপুনি?

দ্বীপেন বৰুৱাদেৱ:   সংগীতে মন-প্ৰাণ ভালে ৰাখে। আজিকালি আকৌ 'মিউজিক থেৰাপী'ৰ ব্যৱস্থাও হৈছে। গতিকে নিশ্চিতভাৱে ছাত্ৰ-ছাত্ৰীৰ বিকাশত সংগীতে সহায় কৰিব।


৫. আমাৰ প্ৰশ্ন: মূল্যবোধৰ ভাৱ আহৰণ কৰিবলৈ তথা শিক্ষাৰ্থীসকলৰ সুস্থিৰতা বজাই ৰাখিবলৈ সংগীতে সহায় কৰেনে ?


দ্বীপেন বৰুৱাদেৱ:  এইক্ষেত্ৰত সংগীতটো খুব দৰকাৰী। প্ৰথমে লোকসংগীতসমূহ শিকাব লাগে। লাহে লাহে এই গীতসমূহ তেওঁলোকৰ হৃদয়ংগম হ'লে নিজক চিনি পাব আৰু ইয়েই মূল্যবোধৰ ভাৱ আহৰণত সহায়ক হ'ব। পিছলৈ পাশ্চাত্য সংগীতসমূহ শিকিলেও মিলাব জনা হ'ব।

৬. আমাৰ প্ৰশ্ন: ছাত্ৰ-ছাত্ৰীসকলক দিয়া সংগীত শিক্ষাই  ভবিষ্যতে তেওঁলোকৰ  স্বাৱলম্বনত সহায়ক হ'বনে?

দ্বীপেন বৰুৱাদেৱ:
  কিছুমানৰ ক্ষেত্ৰত হ'ব পাৰে যদিহে আগ্ৰহটো থাকি যায়।

৭. আমাৰ প্ৰশ্ন:
  আপোনাৰ বৰ্ণিলময় সংগীত যাত্ৰাৰ আৰম্ভণিৰ বিষয়ে  জানিব বিচাৰিম

দ্বীপেন বৰুৱাদেৱ:
  মায়ে ঘৰত গান গাই থাকিছিল। ৰেডিঅ'ত গান শুনিছিলোঁ। ব্ৰজেন দা, নিপ দা, ৰমেন দাহঁতে গাইছিল। তেনেকৈ সৰুৰে পৰাই সংগীতৰ মাজতেই আছিলোঁ  যদিও মই  নাগাইছিলোঁ। এদিন সন্ধিয়া ঘৰৰ বাৰান্দাখনতেই মই বহি আছিলোঁ। ব্ৰজেনদাহঁতে বাৰাণ্ডাখনৰ গাতে লাগি থকা ৰুমটোত গান বনাই গাই আছিল। তাৰে এটা গান মোৰ বৰ ভাল লাগিছিল আৰু তেওঁলোকে গাই থাকোতে প্ৰায়খিনি মোৰ মনত ৰৈ গৈছিল। পিছত মই ব্ৰজেন দাক কৈছিলোঁ যে মোকো কোৰাচত হ'লেও গোৱাবিচোন। ব্ৰজেন দাই তেতিয়া মোক কৈছিল যে তই কোৰাচ নহয় ভালকৈয়েই গাব লাগিব আৰু কেইদিনমান  পিছত কলকাতালৈ ৰেকৰ্ডিংৰ বাবে লৈ গৈছিল। সেইসময়ত মই কটন কলেজত পঢ়ি আছিলোঁ। ষ্টুডিঅ'ত নিৰ্মলা মিশ্ৰৰ লগত দ্বৈত কণ্ঠৰ গীত এটিত কণ্ঠদানৰ বাবে সাজু মই। গানটোত প্ৰথম পাৰ্ট তেওঁৰ আছিল, সেয়ে হয়তো সিমান ভয় নাখালোঁ। ৰেকৰ্ডিং হোৱাৰ পিছত গানটো যেতিয়া আমাক শুনালে, মই মোৰ মাতটো ধৰিব পৰা নাছিলোঁ আৰু ভাবিছিলোঁ যে মোৰ মনটো বেয়া নলগাবলৈ ব্ৰজেন দায়ে মোক গানটো এনেয়ে গাবলৈ দি আচলতে বেলেগকহে গোৱাইছে। ভবাখিনি ব্ৰজেনদাক সুধিলোঁও। সেইটো মোৰেই মাত বুলি ব্ৰজেই দাই পতিয়ন নিয়ালে মোক।  জীৱনৰ সেই প্ৰথম গানটোৱে 'ড০ বেজবৰুৱা' বোলছবিৰ 'কি নাম দি মাতিম' ।  সেয়াই  গানৰ আৰম্ভণি আছিল আৰু খেলুৱৈৰ পৰা গানৰ জগতলৈ ধাৱমান হ'লোঁ।

৮. শেষত  'জ্ঞানম'ক উদ্দেশ্যি অকণমান কিবা ক'ব নেকি?

দ্বীপেন বৰুৱাদেৱ:
  'জ্ঞানম'লৈ মই আন্তৰিক শুভেচ্ছা জনালোঁ। 'জ্ঞানম' লক্ষ্য আৰু উদ্দেশ্যত সফল হওঁক আৰু জনপ্ৰিয় হওঁক। শেষত আটাইলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।

**************************

সাক্ষাৎকাৰ লওঁতা : 

মনবিনী দাস 

সদস্যা, শৈক্ষিক গোট জ্ঞানম, কামৰূপ


অলংকৰণ :- পূবালী শইকীয়া  দাস


Post a Comment

0 Comments