header ads

বিদ্যাৰ্থীৰ মনৰ বতৰা | Ratul Khan 1st Position holder of AHM Exam 2012

বিদ্যাৰ্থীৰ মনৰ বতৰা

বিদ্যাৰ্থীৰ মনৰ বতৰা


         নমস্কাৰ, মোৰ নাম ৰাতুল খান। মই কামৰূপ জিলাৰ আলিকাষ গাওঁৰ বাসিন্দা। সৰুৰে পৰা দেখি আহিছিলোঁ যে মেট্ৰিকত ভাল ফলাফল কৰা ছাত্র-ছাত্ৰীসকলে সমাজত বহু সন্মান পায়। তেওঁলোক উঠি অহা প্ৰজন্মৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হয়। সেইবাবে মোৰ মন আছিল মেট্ৰিক পৰীক্ষাত ভাল ফলাফল কৰাৰ। মই দশম শ্ৰেণীত নিজক সম্পূৰ্ণৰূপে অধ্যয়নত আত্মসমৰ্পণ কৰি দিছিলোঁ। ভাল ফলাফল কৰাৰ মানসিকতাই মোক শুব দিয়া নাছিল। যথেষ্ট পৰিমাণে কষ্ট কৰিছিলোঁ। মোৰ মা-দেউতা, ছাৰ-বাইদেউ সকলেও যথেষ্ট সহায় কৰিছিল, উৎসাহিত কৰিছিল। শেষত সকলোৰে আশীৰ্বাদত ২০১২ চনৰ অসম হাইমাদ্ৰাছা  শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলোঁ। যাৰ বাবে মই অসম চৰকাৰৰ উদ্যোগত আয়োজিত "NASA ভ্ৰমণ" কাৰ্যসূচীৰ অধীনত NASA ভ্ৰমণ কৰিবলৈ সুযোগ লাভ কৰিছিলোঁ।

          ইমান কম বয়সত NASA ভ্ৰমণ কৰিবলৈ যোৱাটো মোৰ জীৱনৰ এক অন্যতম অভিজ্ঞতা আছিল। সৰুৰেপৰা আমি মহাকাশ সম্বন্ধীয় কথাবোৰ (যেনে Rocket, Satellite আদি) কিতাপৰ জৰিয়তে হে জানিবলৈ পাইছিলোঁ। আমেৰিকাৰ Kennedy Space Centre এই সকলোবোৰ নিজ চকুৰে দেখিবলৈ পাই সপোন দেখা যেন অনুভৱ হৈছিল। তাত দেখা পোৱা মহাকাশ সম্বন্ধীয় কৌশলসমূহে মোক বাৰুকৈয়ে আপ্লুত কৰিছিল।

           আমি আমেৰিকাত Space Camp ত তিনিদিন থাকিবলৈ সুযোগ লাভ কৰিছিলোঁ। তাত মহাকাশ বিজ্ঞানৰ প্ৰশিক্ষণ দিয়া হয় যাতে ল'ৰা-ছোৱালীবিলাক মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয়। তাত মহাকাশ সম্বন্ধীয় যথেষ্ট জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিলো যেনে- চন্দ্ৰত মহাকাশচাৰীবোৰে কেনেকৈ খোজ কাঢ়ে, ৰকেট কেনেকৈ বনোৱা হয় আদি।

       আমেৰিকা ভ্ৰমণৰ পৰা এটা কথা অনুধাৱন কৰিছিলোঁ যে মানৱ জাতি বহু পৰিমাণে উন্নতি কৰিছে। এই ভ্ৰমণে মোক অধ্যয়নৰ প্ৰতি আৰু বেছিকৈ আগ্ৰহী কৰি তুলিছিল। এইটো কথা স্পষ্ট ভাৱে অনুভৱ কৰিছিলোঁ যে কেৱল অধ্যয়ন বা পঢ়াশুনাৰ জৰিয়তেহে মানুহে অগ্ৰগতি লাভ কৰিব পাৰে। সমাজৰ উন্নতিত নিজৰ অৰিহণা যোগাবলৈ অধ্যয়ন অতিকৈ আৱশ্যকীয়। এই ভ্ৰমণৰ দ্বাৰা মোৰ মনোভাৱ, চিন্তাশক্তিৰ পৰিৱৰ্তন হব ধৰিলে। জন্মভূমিখন আমিও আমেৰিকাৰ দৰে গঢ়িব পাৰোঁ, এইটো মনোভাৱ আৰু বিশ্বাস আহি গ'ল।

         ইয়াৰ পিছত মই বিজ্ঞান বিষয়ত HS পঢ়িবলৈ লওঁ আৰু ২০১৪ ত HS পৰীক্ষা উত্তীৰ্ণ হওঁ। নতুন নতুন আৱিষ্কাৰ আদি জানিবৰ হেপাঁহ মোৰ সৰুৰে পৰাই আছিল। সেইবাবে মই পদাৰ্থ গঠনৰ একক পৰমাণুৰ পৰা আৰম্ভ কৰি মহাকাশ সম্বন্ধীয় অধিক জ্ঞান লাভ কৰাৰ উদ্দেশ্যেৰে পদাৰ্থ বিজ্ঞান(Physics) বিষয়ক গুৰু বিষয়(Major) হিচাপে লৈ স্নাতক শ্ৰেণীত নামভৰ্ত্তি কৰোঁ। ২০১৭ চনত মই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ(সমগ্র গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত) কৰিবলৈ সক্ষম হওঁ।

       পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰাটো মোৰ বাবে এক নিচা আছিল যদিও মই প্ৰশাসনিক কাম কাজৰ প্ৰতিও সমানে আকৃষ্ট। দেশৰ বাবে কিবা এটা ভাল কাম কৰাৰ মানসিকতা মোৰ সদায় আছে, সেইবাবে মই গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত( পদাৰ্থ বিজ্ঞান বিভাগত) নামভৰ্ত্তি কৰোঁ যদিও ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষা(UPSC) ত অৱতীৰ্ণ হোৱাৰ বাবে নিজাববীয়াকৈ প্ৰস্তুতি চলাই আছিলোঁ।

        ২০১৯ চনত মই প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। ইয়াৰ পিছত মই মোৰ UPSC পৰীক্ষাৰ বাবে অধিক মনোনিৱেশ আৰু প্ৰচেষ্টা চলোৱাৰ সময় পাইছোঁ আৰু ভবিষ্যতে এজন দক্ষ প্ৰশাসক হোৱাৰ লক্ষ্য আগত ৰাখি অধ্যয়নত ব্ৰতী হৈ আছোঁ। মই ভাবোঁ একাগ্ৰতা আৰু মনোবল থাকিলে মানুহৰ অসম্ভৱ বোলা কোনো কাম নাথাকে। আমি মাথোঁ সময়ৰ সদব্যৱহাৰ কৰি অধ্যয়নক ছাত্র জীৱনৰ ব্ৰত হিচাপে লৈ নিজৰ কৰ্মত মনোনিবেশ কৰিব লাগে কাৰণ অসমীয়াত এষাৰ কথা আছে---

     " যত্ন কৰিলে ৰত্ন পায়"।

      সদৌ শেষত মোৰ শৈক্ষিক জীৱন সন্দৰ্ভত একলম লিখিবলৈ সুবিধা কৰি দিয়া বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আশা  কৰিছোঁ যাতে মোৰ অনুজসকলে আগন্তুক দিনত শিক্ষাৰ পোহৰেৰে অসম মাতৃ তথা আমাৰ দেশখনৰ ভালৰ বাবে নিশ্চয় অৰিহণা আগবঢ়াব।

 

ৰাতুল খান

প্ৰথম স্থান দখল

অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা

২০১২ চন।

 





Post a Comment

1 Comments