header ads

বিজ্ঞান দিৱসৰ চিন্তাৰ মানসিকতা | Assamese Article by Anima Das

 বিজ্ঞান দিৱসৰ চিন্তাৰ মানসিকতা

 
বিজ্ঞান দিৱসৰ চিন্তাৰ মানসিকতা  Assamese Article by Anima Das

       বিজ্ঞান দিৱসটো ১৯৮৭ চনৰ পৰাই ২৮ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰি অহা হৈছে | এই দিনটোত ১৯২৮ চনত ভাৰতৰ খ্যাতনামা বিজ্ঞানী নোবেল বঁটা বিজয়ী চি ভি ৰমনে তেওঁৰ ৰমন পৰিঘটনা আৱিস্কাৰ কৰিছিল | ১৯৮৬ চনত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সহযোগ আয়োগে ( NCSTC ) এই দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত প্ৰস্তাৱ আগবঢ়াইছিল | তাৰ পিছৰ পৰাই   একোটাকৈ কেন্দ্ৰীয় বিষয় লৈ বিজ্ঞান দিৱস উদযাপন কৰি অহা হৈছে | প্ৰথম ১০ নৱেম্বৰ ২০০২ চনত বিশ্বজুৰি বিজ্ঞান দিৱস হিচাপে পালন কৰে UNESCO ৰ সহযোগত |

        বৰ্তমান সময়ত প্ৰতিখোজে খোজে বিজ্ঞানৰ জয় যাত্ৰা | সমাজ জীৱনৰ প্ৰতি খলপতে বিজ্ঞান জড়িত হৈ পৰিছে | পৃথিৱী নামৰ আমাৰ গ্ৰহটি আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উৎকৰ্ষৰে                    জিলিকি উঠিছে | বিজ্ঞানে প্ৰদান কৰিছে জীৱনৰ অন্য এক আয়তন | যদিও চি ভি ৰমনৰ আৱিস্কাৰ সুঁৱৰি আমি তেওঁৰ অৰিহণাৰ কথা স্মৰণ কৰিবলৈ গোটেই দেশতে বিজ্ঞান দিৱস পালন কৰো , তথাপি এই কথা আমি প্ৰত্যেকেই অনুভৱ কৰো যে ইয়াৰ মূল উদ্দেশ্য এটাই ---বিজ্ঞানক জনপ্ৰিয় কৰা আৰু সমাজত ইয়াৰ ব্যৱহাৰ | আজিৰ সময়ত এতিয়াও ছানি ধৰি থকা কিছুমান পুৰণি ৰীতি - নীতি , কুসংস্কাৰ  অন্ধবিশ্বাস সমাজৰপৰা বিদায় দি বৈজ্ঞানিক মতবাদ প্ৰতিষ্ঠিত কৰাই হ'ল বিজ্ঞান দিৱসৰ উদ্দেশ্য | সমাজৰ প্ৰতি গৰাকী ব্যক্তিক বৈজ্ঞানিক মানসিকতাৰে গঢ় দিব নোৱাৰিলে নতুন নতুন বৈজ্ঞানিক আৱিস্কাৰেও সমাজক প্ৰকৃতাৰ্থত আগুৱাই লৈ যাব নোৱাৰে | এই দিৱস উদযাপনে নি:সন্দেহে বিজ্ঞান চৰ্চাৰ প্ৰতি সৰ্বসাধাৰণ মানুহৰ       আগ্ৰহ- অনুপ্ৰেৰণা বৃদ্ধি কৰি , সমাজত বৰ্তি থকা অন্ধবিশ্বাস , কুসংস্কাৰ  ,পশ্চাদপদ ধ্যান- ধাৰণাৰ বিপৰীতে যুক্তিবাদীচিন্তা, বিজ্ঞানসন্মত প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগায় | 
         

        বিজ্ঞান অধ্যয়ন কৰা কালত বিষয়টোৰ লগত বিজ্ঞানীজনৰ নিজৰ ব্যক্তিগত সুখ - দুখ , আশা - আকাঙ্খা আদি জড়িত কৰিব নোৱাৰে | আগতীয়াকৈ কোনো সিদ্ধান্ত নলৈ বিজ্ঞানীয়ে বিজ্ঞান অধ্যয়ন কৰে | তেওঁলোকৰ কৌতুহলৰ প্ৰতি কৌতুহল জন্ম হয় | মহান মহান বিজ্ঞানী সকলৰ জীৱনীসমূহ পঢ়িলে এইবোৰ কথা অনুধাৱন কৰিব পাৰি | আকৌ বিজ্ঞানৰ আন এটা লক্ষ্য হল যুক্তি | যিয়ে প্ৰকৃতিৰ ৰহস্য উন্মোচন কৰিব খোজ যুক্তিযুক্ততাৰে | 

        অলৌকিকতাবাদ তথা ধৰ্মতত্বৰ বিপৰীতে বিজ্ঞানে 'পৰম সত্যৰ চৰম সীমাত' ইতিমধ্যে উপনীত হৈছোগৈ বুলি আগতীয়াকৈ ধৰি নলৈ,  'ৰহস্যৰ সমাধান হোৱা নাই কিন্তু ভৱিষ্যতে যিবোৰৰ সমাধান সম্ভৱ' , এনে আশাবাদী মনোভাৱ লৈ বিজ্ঞান আগবাঢ়িছে | বৈজ্ঞানিক মানসিকতা বা বৈজ্ঞানিক দৃষ্টিভংগী হ'ল এটা মনৰ গুণ | সেয়ে কোনো এটা বিশিষ্ট  সূত্ৰৰে ইয়াক বান্ধিব নোৱাৰি | বৈজ্ঞানিক মানসিকতা সম্পন্ন হ'বলৈ হ'লে জ্ঞানৰ সকলো শাখাতে ইয়াৰ প্ৰয়োগ অপৰিহাৰ্য | বিজ্ঞানৰ মাথোন তত্বই যঠেষ্ট নহয় পৰীক্ষা পাতিৰো স্থান ইয়াত সমানেই গুৰুত্বপূৰ্ণ | যুক্তিসংগত নহ'লে বিজ্ঞানে কোনো এটা কাম কৰিবলৈ আগবাঢ়ি নাযায় | বৈজ্ঞানিক মানসিকতাৰ কথা কোৱা সহজ কিন্তু ইয়াক মনত ৰখা আৰু নিৰ্দেশ মানি চলা অতি কঠিন | 

         আচলতে, আধুনিক সভ্যতাতহে বিজ্ঞানে নিজৰ অগ্ৰণী ভূমিকা নিগাজী কৰিছে|  কোনো কোনো দেশ,সমাজ  আৰু অৰ্থনৈতিক জীৱনত বিজ্ঞানে বহু উচ্চ শিখৰলৈ গৈছে, কিন্তু তাৰ বিপৰীতে বহুত পাৰিপাৰ্শ্বিক ধ্বংস হোৱা পৰিলক্ষিত হৈছে | যাৰ ফলত অক্সিজেনৰ অভাৱত ডাঙৰ ডাঙৰ মহানগৰবিলাকত জনসাধাৰণে কৃত্ৰিম অক্সিজেন অৰ্থৰ বিনিময়ত গ্ৰহণ কৰি জীয়াই থাকিব লগা হৈছে | বিজ্ঞানে কৃত্ৰিম উপগ্ৰহবোৰৰ সহায়ত উদ্ভাৱন কৰিবলৈ লোৱা পদক্ষেপে সমাজৰ দ্ৰুত গতিত উন্নতি কৰিছে |  উন্নত যাতায়তৰ বাবে পৃথিৱীখন সংকুচিত হৈছে | কম্পিউটাৰ, মোবাইল আদিয়ে মানুহৰ কায়িক শ্ৰম লাঘৱ কৰাৰ লগতে ৰবটৰ দ্বাৰা বিপদ সংকুল কামবোৰ কৰিবলৈ সক্ষম হৈছে | কিন্তু এতিয়াও ভাব হয় বিজ্ঞানে মানুহৰ সমাজ জীৱনলৈ যাবলৈ যেন বহুত বাকী, যাৰ ফলত ডাইনী হত্যা, তন্ত্ৰ - মন্ত্রৰ ব্যৱহাৰ , ধৰ্মৰ প্ৰতি মানুহৰ অন্ধবিশ্বাস , বলি বিধান .... এতিয়াও চলি আছে | 
         

*************************************
নাম - অনিমা দাস 

পদবী - প্ৰধান শিক্ষয়িত্ৰী 
ছয়গাঁও আঞ্চলিক প্ৰাথমিক বিদ্যালয় 
শিক্ষাখণ্ড - ছয়গাঁও 
মো: নং - ৭০০২৭১৭৩৮৭

 


অলংকৰণ :- তন্দ্রা দে


Post a Comment

0 Comments