সৰস্বতী পূজা
প্ৰাচীন ভাৰতৰ নদ-নদীসমূহৰ লগত দেৱ-দেৱতাৰ নানান বৰ্ণনা পোৱা যায় । গংগা, ব্ৰহ্মপুত্ৰ আদি প্ৰত্যেকখনেই দেৱ-দেৱতাৰ বৰ্ণনাৰে পুষ্ট । ৰজা শান্তনুৰ ভাৰ্যা গংগা, আনহাতে ব্ৰহ্মাৰ পুত্ৰই ব্ৰহ্মপুত্ৰ । এনেদৰেই প্ৰাচীন ভাৰতৰ প্ৰায়বোৰ নদীয়েই ইতিহাস বিজড়িত কাহিনীৰে সমৃদ্ধ । এনে কাহিনীৰেই পুষ্ট এখনি উল্লেখযোগ্য নদী সৰস্বতী । এই সৰস্বতী নদীৰ উদ্ধৃতি প্ৰাচীন ঋগ্বেদৰ কেইবা ঠাইতো পোৱা যায় । লোকবিশ্বাসমতে, ত্ৰিৱেণীৰ তৃতীয়খন নদীয়েই সৰস্বতী । হিমালয়ৰ পৰা বৈ অহা এই নদীৰ নাম সাতটা । সেইয়া হ'ল - সুপ্ৰভা, কাঞ্চনাক্ষী, বিশাল, মনোৰমা, ওঘৱতী, সুৰেণু আৰু বিমলোদা । সৰস্বতী বুলিলেই জ্ঞানৰ কথাই মনলৈ আহে । সৰস্বতী নদীৰ পাৰতেই আৰ্য্যসকলে গভীৰ তপস্যাত মগ্ন হৈ আধ্যাত্মিক জ্ঞানৰ দৰ্শন পাইছিল । আনহাতে, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীগৰাকীয়েই হৈছে আই সৰস্বতী । এই নদীৰ পৰা দেৱীলৈকে সৰস্বতীৰ অলেখ কাহিনী পোৱা যায় । বগা পদুমৰ ওপৰত আসন লোৱা আইৰ দেহৰ বৰণ তুষাৰশুভ্ৰ হোৱাৰ লগতে কুসুমৰ দৰে কমনীয় । চতুৰ্ভুজা আই সৰস্বতীৰ এখন হাতে কিতাপ, আনখনত শিৱমালা, এখনত আকৌ এটি ডম্বৰু , আনখনত স্বামীলৈ অৰ্পিত এপাহি ফুল দেখা যায় ।
সৰস্বতীক বাগদেৱী বুলিও কোৱা হয় । আমি অন্য জীৱতকৈ পৃথক হোৱাৰ মূলতেই আমাৰ বাক্শক্তি বা ভাষা ব্যৱহাৰৰ গুণ । এই শব্দ বা ভাষাৰ দেৱীয়েই আই সৰস্বতী । ইয়াৰোপৰি দেৱীৰ আৰু বহুতো নাম পোৱা যায় । সেইসমূহৰ ভিতৰত বেদমাতা, শতৰূপা, সাৱিত্ৰী, গায়ত্ৰী, ব্ৰহ্মাণী আদি অন্যতম ।
দেৱী সৰস্বতীৰ পূজা বৈদিক কালৰ পৰাই প্ৰচলিত হৈ আছে । বৰ্তমানেও শিক্ষানুষ্ঠান, শিক্ষাৰ্থীসমাজ, শিক্ষাগুৰু আদি সকলোৰে মাজত এই পূজাই বিশেষ স্থান লাভ কৰে । দেৱী সৰস্বতী যিদৰে সুন্দৰী, সেইদৰে তেওঁৰ পূজা অৰ্চনাতো সুন্দৰৰ সাধনা হোৱা পৰিলক্ষিত হয় । পূজালৈ বুলি অহা প্ৰতিগৰাকী যুৱক-যুৱতীয়ে আটক-ধুনীয়াকৈ সাজ-পাৰ পৰিধান কৰি বাগদেৱীৰ চৰণত সেৱা আগবঢ়োৱা দেখা যায় । সৰস্বতী পূজাৰ দিনা বিদ্যামন্দিৰসমূহ পূজাৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ থাকে । ধূপ-নৈৱেদ্য সুবাসেৰে ভক্তিভৰা এক পৰিৱেশৰ সৃষ্টি হয় । বহু শিক্ষানুষ্ঠানত ভিন্ন ধৰ্মাৱলম্বীৰ লোকে অতি উলহ-মালহেৰে এই পূজাৰ আৰাধনা কৰে । সাধাৰণতে এই পূজা মাঘ মাহৰ 'মাঘী শুক্লাপঞ্চমী' বা 'বসন্তপঞ্চমী'ত হয় যদিও কেতিয়াবা ফাগুণ মাহতো হোৱা দেখা যায় । উল্লেখ্য যে, সুন্দৰী সৰস্বতীৰ বাবে সেই সময়ৰ দেৱতাসকল ব্যাকুল আছিল । তেনে বহু দেৱতাৰ পৰা হাত সাৰিবৰ বাবেই এবাৰ দেৱী সৰস্বতীয়ে সিংহমূৰ্তিও ধাৰণ কৰিছিল । সেয়ে আমি সিংহবাহনা ৰূপতো দেৱীক দেখিবলৈ পাইছো ।
শেষত, দেৱীলৈ আমাৰ স্তুতি
- "লোকে বোলে সৰস্বতী, আমি বোলো আই, যি খিনি পাহৰিছোঁ দিবা সোঁঁৱৰাই" ।
দিপাশ্ৰী দত্ত।
সহকাৰী শিক্ষয়িত্ৰী,
বিদ্যালয়ঃ বঙৰা তালুকদাৰপাৰা বালিকা প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড : ৰামপুৰ,
জিলা : কামৰূপ(গ্ৰাম্য)
মোবাইল নম্বৰ : ৯৬১৩৬৭০৫৬৯
অলংকৰণ :- সুৰভি দাস
0 Comments