header ads

মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোৱিন্দ মন্দিৰৰ ইতিহাস আৰু ইয়াৰ ফাল্গু উৎসৱ | Assamese article by Ganesh Das

মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোৱিন্দ মন্দিৰৰ ইতিহাস আৰু ইয়াৰ ফাল্গু উৎসৱ


মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোৱিন্দ মন্দিৰৰ ইতিহাস আৰু ইয়াৰ ফাল্গু উৎসৱ


সৰ্বস্য চাহং হৃদি সন্নিৱিষ্টো

মত্ত স্মৃতিৰ্জ্ঞান মহোপনং চ ৷

বেদৈশ্চ্চ সৰ্বৈৰহমেৱ ৱেদ্যো ৷

বেদান্তকৃদ্বেদৱিদেৱ চাহম ৷৷

 

        বেদান্তৰ কৰ্তা তথা বেদজ্ঞতা ময়েই বুলি জগতত দুষ্কৃতি নাশ কৰি সাধুসকলক ৰক্ষণাবেক্ষণ দি ধৰ্মস্থাপনৰ বাবে শ্ৰীকৃষ্ণ ৰূপেৰে ভগৱান পৰম ব্ৰহ্মই দ্বাপৰ যুগত অৱতাৰিত হল ৷ বাসুদেৱৰ সুত ৰূপে দৈৱকীৰ গৰ্ভত আৰু সেই পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ অন্য এক ৰূপ আমাৰ উপাস্য আৰাধ্য --- 'উত্তৰ গুৱাহাটীৰ পূৱ প্ৰান্তত অৱস্থিত ৰজাদুৱাৰৰ চন্দ্ৰ ভাৰতী মণ্ডপৰ পাদদেশৰ এটি মনোমোহা তথা প্ৰাকৃতিক পৰিৱেশে আৱৰি থকা টিলাত পৱিত্ৰ মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোৱিন্দ মন্দিৰ ৷

        মহাপ্ৰভুজনাৰ অতীত ইতিহাস সঁচাকৈয়ে অতি ৰোমাঞ্চকৰ তথা বিস্ময়কৰ ৷ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছৰ কথা ৷ বিশ্ববিশ্ৰুত সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ গৰ্গৰাম বৰুৱা সেই সময়ত নলবাৰী জিলাৰ সদৰ আমিন আছিল ৷

        সদৰ আমিন হৈ থকা সময়তে এদিন এটা আচৰিত ঘটনা ঘটিবলৈ পালে ৷ ৰঙিয়া চহৰৰ জেকেৰীয়া গাঁৱৰ এজন ব্ৰাহ্মণৰ এজনী কপিলী গাইয়ে হেনো প্ৰত্যেকদিনে শেষ নিশা ডিঙিৰ বান্ধ খুলি ওচৰৰে সন্ধ্যাঝাৰ নামে এখন অটব্য হাবিৰ মাজত থকা এজোপা বিৰিণাৰ তলত থিয় হয় আৰু লগে লগে গাইজনীৰ ওহাৰৰপৰা আপোনা আপুনি গাখীৰ পৰিবলৈ ধৰে ৷ গাখীৰ পৰা বন্ধ হলে গাইজনী পুনৰাই ঘৰলৈ উভতি আহে আৰু গোহালিত শুই থাকে ৷ এনে আশ্চৰ্যজনক ঘটনা প্ৰচাৰ হোৱাত সদৰ আমিন গৰ্গৰাম বৰুৱাদেৱে গাঁৱৰ মুখিয়াল তথা ৰাইজৰ লগত আলোচনা কৰি পিছদিনা উক্ত ঠাইডোখৰৰ ওচৰলৈ গৈ চাকি - ধূপ জ্বলাই পূজা পাৰ্বন আদি কৰি যথা ৰীতি নিয়মেৰে ঠাইডোখৰ খান্দিবলৈ ললে ৷ প্ৰায় চাৰি ফুটমান খন্দাৰ পিছতেই এটি ধুনীয়া কৃষ্ণমূৰ্তি উদ্ধাৰ কৰিলে ৷ সেই সময়ত কুৰুৱাত বাহৰ পাতি থকা শ্ৰীশ্ৰীবৃন্দাবন আতাই কৃষ্ণ মূৰ্তিটো উত্তৰ গুৱাহাটী ৰজাদুৱাৰ গাঁৱৰ নামঘৰত ৰাখি পূজা পাৰ্বন আদি কৰিবলৈ নিৰ্দেশ দিয়ে ৷ পাছৰদিনাই সকলো ৰাইজে ঢোল-তাল , শঙ্খ-ঘন্টা আদি মাঙ্গলিক বাদ্যৰে সমদল যাত্ৰা কৰি মূৰ্তিজনা ৰজাদুৱাৰ ৰাইজক গতালে ৷ ৰাইজেও যথা নিয়মেৰে নিজৰ নামঘৰত মূৰ্তিজনা প্ৰতিষ্ঠা কৰিলে ৷ পূৰ্বৰপৰাই এই মন্দিৰত শ্যামৰায়ৰ বিগ্ৰহ পূজা কৰি থকা হৈছিল ৷ নতুন মূৰ্তিৰ আগমনৰ পিছতো পূৰ্বৰ দৰেই প্ৰথম শ্যামৰায়ৰ মূৰ্তিৰ পূজা কৰি নৱাগত মূৰ্তিজনাৰো পূজা কৰিবলৈ লোৱা হল ৷


        নৱাগত মূৰ্তিজনাই যেন নিজৰ অলৌকিক মহিমা প্ৰকাশৰ বাবে সুযোগ বিচাৰি আছিল ৷ সেইবছৰ ফাল্গু উৎসৱৰ সময় ওচৰ চাপিল ৷ বৰসাতোলা মিহিৰাম বৰুৱা আৰু পূজাৰী বিপাঙত পৰিল কোনজনা মূৰ্তিক পূজা কৰিব বুলি ভাবি ৷ গাঁৱৰ ৰাইজে সেই দায়িত্ব পূজাৰীকে অৰ্পণ কৰিলে ৷ সেইমৰ্মে পূজাৰীয়ে সন্ধিয়া শয়ন দি দুয়োজনাকে পূজা কৰি নিবেদন কৰিলে, "তেৰাসৱৰ যিজনাক দৌলত প্ৰতিষ্ঠা কৰিব লাগে , তেওঁ যাতে চাৰি আঙুলমান আগবাঢ়ি থাকে" ৷ বিধিৰ বিধান দৌলগোৱিন্দ মহাপ্ৰভুৰ অপাৰ মহিমাত নতুনকৈ অনা বিগ্ৰহজনা পূৰ্বৰ জনাতকৈ অলপ আগবাঢ়ি আহে ৷ পিছদিনা পুৱা মন্দিৰৰ দুৱাৰ খুলি এই দৃশ্য দেখি পূজাৰী হতবাক হৈ পৰে আৰু ৰাইজক কথাটো জনালে ৷ তেতিয়াৰপৰাই এইজনা বৰ্তমানে থকা বিগ্ৰহ মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোৱিন্দ নামেৰে জনাজাত হৈ পৰিল ৷ তাৰ লগে লগে আন এক অলৌকিক ঘটনা ঘটিল ৷ পুৰণি বিগ্ৰহ শ্ৰীশ্ৰীশ্যামৰায় কিবা প্ৰকাৰে সিংহাসনৰপৰা পৰি হাত এখনৰ ক্ষতি হয় ৷ অঙ্গক্ষত বিগ্ৰহৰ পূজা নহয় বাবে সেইজনাৰ পূজাপাতাল ৰহিত হল ৷ তেতিয়াৰেপৰাই মহাপ্ৰভু দৌলগোৱিন্দ স্ব-মহিমাৰে জাগ্ৰত মূৰ্তিলৈ অগ্ৰসৰ হল আৰু নিজৰ অপাৰ মহিমা প্ৰকাশ কৰি আহিছে ৷


        এইজনা ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোৱিন্দ মন্দিৰৰ ইতিহাস সঁচাকৈয়ে অতি ৰোমাঞ্চকৰ তথা বিস্ময়কৰ ৷ ৰঙিয়া অঞ্চলৰ এই জেকেৰীয়া নামৰ গাঁৱতেই ১৭৮৮ খ্ৰীষ্টাব্দৰ দন্দুৱা দ্ৰোহৰ সময়ত কলীয়াভোমোৰা বৰফুকনৰ ভয়ত হৰদত্ত সপৰিয়ালে আত্মগোপন কৰি আছিল ৷ শেষত হৰদত্ত ধৰা পৰে আৰু আহোম ৰজাই শূলত দি হত্যা কৰে ৷ এয়া ১৭৯৮ খ্ৰীঃত গৌৰীনাথ সিংহৰ সময়ৰ কথা ৷ সম্ভৱতঃ তেনেদৰে আত্মগোপন কৰি থকাৰ কালছোৱাত নিজৰ কূলৰ এই বিগ্ৰহজনাক সযতনে ৰাখিবলৈ এনেদৰে মাটিত পুতি থৈছিল ৷ তেতিয়াৰপৰাই যেন এই বিগ্ৰহজনাই নিত্য দুগ্ধস্নানৰ জৰিয়তে নিজ কৰ্তব্য সমাপন কৰি যোগ্যজনৰ দ্বাৰা উদ্ধাৰৰ প্ৰতীক্ষা কৰি আছিল ৷ এইজনা বিগ্ৰহেই আজি জনমানসত শ্ৰীশ্ৰীদৌলগোৱিন্দ নামে বিখ্যাত হৈ সকলোৰে পূজ্য হৈ পৰিছে ৷


        শাস্ত্ৰৰ বিধি অনুসৰি মহাপ্ৰভুৰ পূজা, ভোগ, আৰতি, শয়ন আদিৰ ব্যৱস্থা আছে ৷ পুৱা ৬:৩০ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় আৰু পূজাৰীসকলে মন্দিৰৰ ভিতৰভাগ ধুই মহাপ্ৰভুক স্নান কৰোৱাৰ ব্যৱস্থা কৰে ৷ প্ৰতিদিনে ৰাতিপুৱা নিৰ্মল পানীৰ লগত গৰুৰ গাখীৰ মিহলাই তুলসী, চন্দন, কৰ্পূৰ, অগৰু ফুল আদি মিশ্ৰণ কৰি স্নান কৰাই মহাপ্ৰভুক সিংহাসনত প্ৰতিষ্ঠা কৰে ৷ তাৰ পাছত ভক্তৰ বাবে দুৱাৰ মুকলি ৰাখে ৷ দুপৰীয়া মহাপ্ৰভুলৈ ভোগ উছৰ্গা কৰা হয় আৰু ভক্তসকলৰ মাজত সেই ভোগ বিতৰণ কৰা হয় ৷ সন্ধিয়া ৫:৩০ বজাত মহাপ্ৰভুক শয়ন দিয়া হয় আৰু মন্দিৰৰ দুৱাৰ বন্ধ কৰা হয় ৷

        মহাপ্ৰভুৰ নিত্য পূজাৰ উপৰিও শ্ৰীকৃষ্ণ জন্মাষ্টমী, দৌলোৎসৱ, শ্ৰীমন্ত শঙ্কৰদেৱৰ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি যথাবিহিত কাৰ্যসূচীৰে পালন কৰা হয় ৷

        পৰম্পৰাগতভাৱে দৌল উৎসৱ পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় ৷ মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোৱিন্দৰ দৌল উৎসৱৰ সময়ত মহাপূজাৰ আগদিনাখন দৌলত উঠাৰ আগতে সন্ধিয়া মেষদাহ পৰ্ব পালন কৰা হয় ৷ মহাপ্ৰভুক মেষদাহ পৰ্বৰ বাবে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ নি খেৰেৰে সজোৱা ভেলাঘৰত প্ৰভুক স্থাপনা কৰি নাম-কীৰ্ত্তন আদিৰে পূজা আৰম্ভ কৰা হয় আৰু পূজাৰ অন্তত হোম কৰা হয় ৷ সেই হোমৰ খৰিৰে এটা ভেড়া বা ছাগলীৰ সামান্য নোম পুৰি পেলোৱা হয় ৷ প্ৰতীকী অৰ্থত মেষৰূপী অসুৰক বধ কৰা বুজোৱা হয় ৷ তাৰ পাছত ভেলাঘৰৰ চাৰিওপিনে সাতবাৰ প্ৰদক্ষিণ কৰি ভেলাঘৰটোত অগ্নি সংযোগ কৰি সিংহাসনত আৰোহণ কৰাই প্ৰভুক মন্দিৰলৈ প্ৰত্যাৱৰ্তন কৰোৱা হয় আৰু মহাপূজাৰ বাবে সাজু কৰা হয় ৷

        এই মেষদাহ পৰ্ব কি কাৰণে কৰা হয় ইয়াৰ তত্ত্ব বিচাৰি পোৱাটো টান যদিও আমি জনামতে বসন্ত কালত এদিন মহাপ্ৰভু শ্ৰীকৃষ্ণই নিজৰ গোপ-গোপিনীসকলৰ সহিতে যমুনা নদীৰ পাৰত পবিত্ৰ মনোভাৱেৰে আনন্দ-উৎসৱ , খেল-ধেমালি কৰি আপ্লুত হৈ পৰিছিল ৷ সকলোৱে শ্ৰীকৃষ্ণক কাষতে পাই আনন্দতে নিজৰ দেহৰ কথা পাহৰি গৈছিল ৷ এনেহেন সময়ত এজন অসুৰে শ্ৰীকৃষ্ণৰ এনে ক্ৰীড়াকাৰ্য দূৰৈৰপৰা লক্ষ্য কৰি আছিল ৷ এই অসুৰে আনন্দ উৎসৱত ব্যাঘাত জন্মাবলৈ বুলি তাতে থকা গোপিনীসকলৰ মাজৰপৰা এজনীক হৰণ কৰি লৈ গল ৷ ইয়াৰ পাছত সকলোৰে মাজত হুৱাদুৱা লগাত প্ৰভু শ্ৰীকৃষ্ণই কথাটো গম পাই সকলোৱে মিলি যমুনাৰ পাৰে পাৰে বিচাৰিবলৈ ধৰিলে ৷ অসুৰটোৱে দূৰৈৰপৰা লক্ষ্য কৰিলে যে শ্ৰীকৃষ্ণই লগৰ সহিতে অসুৰটোৰ পিনে গোপিনীজনীক বিচাৰি আহি আছে ৷ ইয়াকে দেখি অসুৰটোৱে তাৰ মায়াৰ বলত জুপুৰী ঘৰ এটা সাজি মেষৰূপ লৈ অৰ্থাৎ ভেড়া ছাগলী এটি হৈ সেই জুপুৰি ঘৰটোত সোমাই থাকিল ৷ কিন্তু অন্তৰ্যামী ভগৱান শ্ৰীকৃষ্ণই এই অসুৰৰ সকলো কথা জানিব পাৰিলে আৰু মেষৰূপী অসুৰক বধ কৰিবলৈ বুলি জুপুৰী ঘৰটোত জুই লগাই দিলে ৷ লগতে নিজৰ ভক্তক উদ্ধাৰ কৰিলে ৷ এই মেষৰূপী অসুৰক দহন কৰাৰ বাবে এই উৎসৱটো মেষদাহন উৎসৱ হিচাবে পালন কৰা হয় ৷

        এনেকুৱা ভয়ংকৰ মায়াবী অসুৰক মহাপ্ৰভু শ্ৰীকৃষ্ণই বধ কৰি ভক্তসকলক তথা ত্ৰিলোকক ৰক্ষা কৰাৰ বাবে সকলো ভক্ত তথা দেৱতাসৱে মিলি ৰঙেৰে আনন্দ উৎসৱ কৰি শ্ৰীকৃষ্ণক ফাল্গুৰে শোভাবৰ্ধন কৰি আনন্দ প্ৰদান কৰে ৷ লগতে সকলোৱে ফাকু খেলি আনন্দ উৎসৱ কৰে ৷ পৰম্পৰাগতভাৱে দৌলগোৱিন্দ মন্দিৰত মেষদাহন পৰ্বৰপৰাই দৌল উৎসৱ পালন কৰা হয় ৷ এই দিনটোৰপৰাই শেষৰ দিনটোলৈ প্ৰতিদিনে মন্দিৰ চৌহদ লোকে-লোকাৰণ্য হৈ পৰে প্ৰভুৰ আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে ৷ প্ৰতিটো দিনতেই ভক্তপ্ৰাণ ৰাইজক মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা ভোগ, মাহ-প্ৰসাদ বিতৰণ কৰা হয় ৷ মন্দিৰ প্ৰাঙ্গণত প্ৰতিদিনে নাম-কীৰ্ত্তন আৰু সন্ধিয়া পৰত আধ্যাত্মিক ভাৱসম্পন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয় ৷ এই দিনকেইটাত সমগ্ৰ অঞ্চলটোত এক আনন্দময় উৎসৱমুখৰ পৰিৱেশ গঢ় লৈ উঠে ৷ 

        দৌল উৎসৱৰ শেষৰ দিনা অৰ্থাৎ পঞ্চম দিনা মহাপ্ৰভুক দোলাত তুলি ঢোলে-দগৰে নগৰ ভ্ৰমণ কৰোৱা হয় ৷ এই যাত্ৰা দিহিং সত্ৰলৈ কৰোৱা হয় ৷ এই যাত্ৰাই শ্ৰীকৃষ্ণই লক্ষ্মীক এৰি ঘুনুচাৰ ঘৰলৈ গুচি যোৱা বুজায় ৷ ইয়াৰ বিৱৰণটো এনে ধৰণৰ ---

        ঘুনুচা আছিল ৰজা ইন্দ্ৰদ্ৰুম্মৰ  জীয়েক ৷ তেওঁ শ্ৰীকৃষ্ণৰ পৰম ভক্ত আছিল ৷ তেওঁ শ্ৰীকৃষ্ণক পতি হিচাপে পাবলৈ বিচাৰিছিল ৷ প্ৰভু শ্ৰীকৃষ্ণক ঘুনুচা দেৱীয়ে লগ পাবলৈ বৰ ব্যাকুল হৈ পৰিছিল ৷ সেইবাবেই ভগৱান শ্ৰীকৃষ্ণই ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে এদিন লক্ষ্মীমাৰ গৃহৰ পৰা লগৰ পাৰিষদসকলৰ সৈতে লক্ষ্মীক নোকোৱাকৈ মনে মনে ঘুনুচাৰ ঘৰলৈ যাত্ৰা কৰিছিল আৰু তেওঁ ঘুনুচাৰ ঘৰত সাত দিন থাকি ঘুনুচাৰ মনোবাঞ্ছা সিদ্ধি কৰিছিল ৷ সাত দিন পাছত প্ৰভু শ্ৰীকৃষ্ণই নিজ গৃহলৈ পুনৰ উভতি আহে ৷ এই কথা লক্ষ্মীৰ দূতে গম পাই মা লক্ষ্মীক সবিশেষ জনোৱাত শ্ৰীকৃষ্ণক নিজ গৃহত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে আৰু প্ৰৱেশদ্বাৰত দুয়োৰে মাজত নানাধৰণৰ প্ৰশ্ন ব্যক্ত কৰি তৰ্ক - বিতৰ্ক হয় ৷ তৰ্ক - বিতৰ্কৰ পাছতহে প্ৰভু শ্ৰীকৃষ্ণক লক্ষ্মীৰ গৃহত প্ৰৱেশ কৰিব দিয়ে ৷ এইটো ঘুনুচা যাত্ৰাৰ শ্ৰীকৃষ্ণৰ কাহিনী বুলিব পাৰি ৷

        মহাপ্ৰভু শ্ৰীশ্ৰীদৌলগোবিন্দবাবাৰ দৌলযাত্ৰাৰ এই বিশেষ দিনটোৰ বাবে যেন উত্তৰ গুৱাহাটীবাসী খুব আগ্ৰহেৰে বাট চাই থাকে ৷ মহাপ্ৰভুক নিজ নিজ পদূলিৰ মুখত দৰ্শন পোৱাৰ বাবে প্ৰতিঘৰ মানুহেই চাকি ধূপ জ্বলাই আগ্ৰহেৰে ৰৈ থাকে আৰু মহাপ্ৰভুৰ আশীষ লৈ একেলগে দিহিং সত্ৰলৈ যাত্ৰা কৰে ৷ এই সময়খিনি যেন উত্তৰ গুৱাহাটীবাসীৰ বাবে এক পাহৰিব নোৱাৰা ঐতিহাসিক ক্ষণ ৷ প্ৰতিবছৰেই যেন ৰৈ থাকে এই বিশেষ ক্ষণটোৰ বাবে উত্তৰ গুৱাহাটীবাসী ৰাইজ ৷

********************** 



শ্ৰীগনেশ দাস

সমাজকৰ্মী, উত্তৰ গুৱাহাটী ৷

 

 



অলংকৰণ :-  সুৰভি দাস




Post a Comment

0 Comments