header ads

বিশ্ব বিখ্যাত খেলুৱৈৰ ল'ৰালিৰ কথা | Assamese article by Jogal Lochan Das

বিশ্ব বিখ্যাত খেলুৱৈৰ ল'ৰালিৰ কথা

বিশ্ব বিখ্যাত খেলুৱৈৰ ল'ৰালিৰ কথা  Assamese article by Jogal Lochan Das


        পৃথিৱীৰ ভালেকেইজন বিখ্যাত আৰু জনপ্ৰিয় খেলুৱৈৰ ল'ৰালিৰ সময়খিনি বৰ সুখৰ নাছিল। ফুটবলৰ সম্ৰাট ব্ৰাজিলৰ পেলে, ফুটবলৰ ঈশ্বৰ আৰ্জেণ্টিনাৰ মাৰাডোনা, বক্সিং খেলুৱৈ মাইক টাইছনৰ শৈশৱৰ দিনবোৰ আছিল বৰ কষ্টকৰ। আনহাতে,আনকেইজনমান  খেলুৱৈ ক্ৰিকেটৰ মহাৰজা ডন্ ব্ৰেডমেন, মাষ্টাৰ-ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ শৈশৱৰ সময়ত কৰা কষ্ট, সাধনা, একাগ্ৰতা, পৰিশ্ৰম আছিল মনত ৰাখিব লগীয়া। খেলুৱৈ এজনে এদিনতে সফলতা নাপায়। সৰুৰে পৰা কঠোৰ সাধনা, পৰিশ্ৰম কৰিহে সাফল্যৰ শিখৰত আৰোহণ কৰিব পাৰিছে। অন্য কেইজনমান খেলুৱৈ আকৌ শিশুকালত ৰুগীয়া হৈয়ো পিছত মনৰ বলেৰে সেইবোৰ বাধা অতিক্ৰম কৰি বিখ্যাত খেলুৱৈ হৈছিল। এইসকল খেলুৱৈ আমাৰ বাবে আদৰ্শ হোৱা উচিত। আনে কৰিব পৰা কামটো মইনো নোৱাৰিম কিয়, এনে মনোভাৱ বা সংকল্প বা লক্ষ্য থাকিলে আশা কৰা সাফল্য লাভ কৰা যায়। এই কথাৰ উদাহৰণ আমি বিখ্যাত খেলুৱৈ সকলৰ জীৱনৰ পৰাই পাওঁ।

         আমাৰ সকলোৰে পৰিচিত এজন বিখ্যাত ফুটবল খেলুৱৈ মাৰাডোনাৰ ২০২০ চনৰ ১৫ নৱেম্বৰত মৃত্যু হয়। ১৯৮৬ চনৰ মেক্সিকো বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শনেৰে নিজৰ দেশ আৰ্জেণ্টিনাক বিশ্ব চেম্পিয়ন কৰিছিল। সেইবাৰৰ বিশ্বকাপত মাৰাডোনাক স্বয়ং ভগৱানেও সহায় কৰিছিল; চিৰশত্ৰু ইংলেণ্ডৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত মাৰাডোনাই দুটা অবিশ্বাস্য গ'ল কৰিছিল। প্ৰথমটো দিওঁতে হাত খনৰ সহায় লৈছিল, কোনেও তলকিব নোৱাৰাকৈ। সেইবাবে এই গ'লটোত ভগৱানে সহায় কৰা বুলি ৷ গ'লটোক কোৱা হয়--' Hand of God ' Goal. ইয়াৰ পিছৰ অৱিশ্বাস্য গ'লটো তেওঁ ইংলেণ্ডৰ পাঁচজনকৈ ডিফেণ্ডাৰ অতিক্ৰম কৰি অতি দ্ৰুতগতিৰে ভৰিৰ যাদুৰে দিছিল,যিটো গ'লক ' শতিকাৰ শ্ৰেষ্ঠ গ'ল ' বুলি কোৱা হয়। এইজন খেলুৱৈৰ সম্পূৰ্ণ নামটো হ'ল--ডিয়েগো আৰ্মাণ্ডো মাৰাডোনা।এটা দুখীয়া পৰিয়ালত আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন্ছ আয়াৰ্ছ ( Buenos Aires)-ৰ চোৰ-ডকাইতেৰে ভৰি থকা এটা কুখ্যাত বস্তি ভিলা ফিঅ'ৰিতো( Villa Fiorito)-ত ১৯৬০ চনৰ ৩০ অক্টোবৰত জন্ম হৈছিল। অসমৰ্থ পিতৃ-মাতৃয়ে মাৰাডোনাক বিদ্যালয়লৈ পঠিয়াব পৰা নাছিল ; অলিয়ে-গলিয়ে তেওঁ ফুটবল খেলি ফুৰিছিল। ভোক-পিয়াহ পাহৰি ফুটবলটোৰ লগতেই ব্যস্ত থকা দেখি দেউতাক ডন্ ডিয়েগো (Don Diego) আৰু মাক ড'না টোটা( Dona Tota)-ই মাৰাডোনাক উৎসাহিত কৰিছিল। নিশা সপোনতো মাৰাডোনাই ফুটবল খেলে। মাকে মাৰাডোনাৰ ভৰিৰ গোৰ খাই চিঞঁৰি দিছিল। বস্তিৰ লগৰীয়া বোৰে যেতিয়া ভিক্ষা খুজিবলৈ, পেলনীয়া বস্তু বুটলিবলৈ অথবা টেক্সী-গাড়ী চাফা কৰি ধন অৰ্জন কৰিবলৈ যায়, মাৰাডোনাই তেতিয়া ফুটবলটো লৈ ব্যস্ত হৈ থাকে। এবাৰ এজন ট্ৰাকচালকে বাটৰ দাঁতিত ফুটবলটো নচুৱাই থকা শিশু মাৰাডোনাক দেখি তবধ মানিছিল। পিছত তেওঁ মাৰাডোনাক লৈ আহি বুয়েন্ছ আয়াৰ্ছৰ এটা বিখ্যাত ক্লাৱ ' আৰ্জেণ্টিনোচ জুনিয়ৰ্ছ ' ত খেলাৰ সুবিধা কৰি দিছিল। এই ক্লাবটোৰ সৰু ল'ৰাই খেলিব পৰা এটা ক্লাব আছে--নাম  'ছেবোটিছ'। তাতেই মাৰাডোনাই খেলি সকলোকে চমক দিছিল। ৮ বছৰীয়া মাৰাডোনাই দৰ্শনীয় ভাৱে বলটো লৈ জাগলিং(Juggling) কৰিব পাৰিছিল। টেলিভিছন শ্ব'বোৰতো জাগলিং প্ৰদৰ্শন কৰি মাৰাডোনা গোটেই দেশতে জনপ্ৰিয় হৈ পৰিছিল আৰু তাৰ পিছৰ পৰা তেওঁ আৰু উভতি চাবলগীয়া নহ'ল। বস্তিৰ সেই লেতেৰা ঠাইৰ পৰা আহি মাৰাডোনা এদিন ' ফুটবলৰ ঈশ্বৰ ' হৈ গৈছিল। বহু দুখ-কষ্টৰ মাজেৰে শৈশৱৰ দিনবোৰ পাৰ কৰা মাৰাডোনাই একাগ্ৰতা, সাধনা,মনোবলৰ ফলত এজন বিশ্ব-বিখ্যাত ফুটবল খেলুৱৈ হ'ব পাৰিলে।

           ব্ৰাজিলৰ 'ক'লা মুকুতা' বুলি খ্যাত পেলেৰ শৈশৱ পাৰ হৈছিল অতি দুখ-কষ্টৰ মাজেৰে। ১৯৪০ চনৰ ২৩ অক্টোবৰত জন্ম হৈছিল পেলেৰ। তেতিয়া তেওঁৰ নামটো পেলে নাছিল; মাক-দেউতাকে নাম দিছিল-- এডছন্ এৰেণ্টেচ ড' নাচিমেণ্টো ( Edson Arantes do Nascimento)।বৰ দুখীয়া আছিল পৰিয়ালটো। দেউতাক ডোণ্ডিনহোৱে (Dondinho) ফুটবল খেলি ভাল পাইছিল। ব্ৰাজিল এনে এখন দেশ, য'ত প্ৰতিজন ব্যক্তিয়ে ফুটবল খেলুৱৈ হ'ব বিচাৰে। কিছুমান সৰু-সৰু ক্লাবত খেলিছিল ডোণ্ডিনহোৱে। কিন্তু এবাৰ এটা দুৰ্ঘটনাত পতিত হৈ তেওঁ  চিৰদিনৰ বাবে ঘূণীয়া হৈ গ'ল। ফলত ফুটবল খেলক বিদায় দিবলৈ বাধ্য হৈছিল তেওঁ। কিন্তু শপত খাইছিল যে তেওঁ নিজে খেলিব নোৱাৰিলেও পুত্ৰ এডছনক লৈ নিজৰ সপোন পূৰ্ণ কৰিব। এডছনেও ভাল পাইছিল ফুটবল। অলিয়ে-গলিয়ে খেলি সকলোকে চমক দিছিল। কিন্তু খেলিবলৈ নাছিল তেওঁৰ নিজাববীয়াকৈ এটা বল আৰু বুটজোতা। কিনিবলৈও নাই সামৰ্থ। ১০ বছৰ বয়সত এডছনক কিছু প্ৰশিক্ষণ দিছিল দেউতাকৰ বন্ধু ব্ৰিটোৱে। তেওঁ ১০ বছৰীয়া ল'ৰাটোক ৰাস্তা আৰু সাগৰৰ পাৰত দৌৰিবলৈ দিছিল। লগত এটা বল। ইয়াৰ ফলত বলৰ ওপৰত নিয়ন্ত্ৰণ দক্ষতা বৃদ্ধি পায়। এডছনে তেনেদৰে বল লৈ দৌৰাৰ সময়তেই সমস্যাটো আহি পৰিছিল। নিজাকৈ এটা বলৰ প্ৰয়োজন হৈছিল। ইয়াৰ বাবে তেওঁ  ৰাস্তাৰ দাঁতিত পথচাৰীৰ জোতা পলিছ কৰাত লাগিল। কেতিয়াবা খেল পথাৰলৈ আহি খেলুৱৈৰ বুট পলিছ কৰি দুই-এপইচা অৰ্জন কৰিলে। আকৌ কেতিয়াবা ঘৰৰ কাষত থকা ৰেল লাইনত ৰৈ থাকে। মালবাহী ৰেলৰ ড'বাৰ পৰা পৰি যোৱা বুট-মটৰমাহ বোৰ বুটলি টোপোলা বান্ধি বজাৰত বিক্ৰী কৰিও কিছু পইচা জমা কৰিলে আৰু শেষত তাৰেই নিজৰ বাবে এটা বল আৰু বুটজোতা কিনিবলৈ সক্ষম হৈছিল। খেলবোৰত তেতিয়া এডছন্ নিজৰ ভৰিৰ যাদুকৰী  শক্তিৰে দুৰ্দান্ত হৈ উঠিছিল। কোনেও তেওঁৰ লগত ফেৰ মাৰিব নোৱাৰে। তেওঁৰ প্ৰদৰ্শনৰ চমক দেখি লগৰীয়া বোৰে 'পেলে' বুলি মাতিবলৈ আৰম্ভ কৰিলে। 'পেলে' শব্দটো পৰ্তুগীজ ভাষাৰ 'পেলেডাৰ' অপভ্ৰংশ। 'পেলেডা' শব্দৰ অৰ্থ হ'ল--'সাজ-সৰঞ্জাম নোহোৱাকৈ বা খালী ভৰিৰে বল খেলা। এই শব্দটোৰ পৰাই শেষত এডছন্ 'পেলে' নামেৰে পৰিচিত হৈ পৰিল। য'তেই তেওঁ খেলিবলৈ গৈছিল, সকলোৱে চিঞৰি মাতে 'পেলে' বুলি। এইজন পেলেই নিজৰ কঠোৰ অনুশীলন, সাধনা, মনোযোগ আৰু পৰিশ্ৰমৰ বলত দাৰিদ্ৰতা জয় কৰি বিশ্ব ফুটবলত জিলিকি উঠিছিল আৰু নিজৰ দেশ ব্ৰাজিলক বিশ্বকাপ ফুটবলত তিনিবাৰকৈ চেম্পিয়ন কৰিছিল।

        এইবাৰ প'লিঅ' আক্ৰান্ত  এজনী সৰু ছোৱালীৰ কথা জানো আহাঁ। এই ৰোগাক্ৰান্ত ছোৱালীজনী নিজৰ মনোবলৰ ফলত অলিম্পিকত স্বৰ্ণ পদক জয় কৰি সকলোকে চমক দিছিল। ১৯৪০ চনৰ ২৩ জুনত আমেৰিকাৰ টেনছছিৰ ( Tennessee ) এটি দুখীয়া পৰিয়ালত জন্ম গ্ৰহণ কৰা এই ছোৱালীজনীৰ নাম আছিল উইলমা ৰুডল্ফ (Wilma Rudolph )। জন্মৰ পৰাই অসুস্থ উইলমাক জীয়াই ৰাখিবলৈ মাক-দেউতাকে অশেষ কষ্ট কৰিছিল। প'লিঅ' ৰোগত আক্ৰান্ত হোৱা উইলমাই শৈশৱৰ দিনবোৰ পাৰ কৰিবলগীয়া হৈছিল বিছনাত। অকল প'লিঅ'ই নহয়, আন কেবাটাও ৰোগেও তাইক জুৰুলা কৰিছিল। শিশু উইলমাই খোজ কাঢ়িছিল অৰ্থপেডিক জোতাৰ সহায়ত।   অসুখীয়া হ'লেও ভাগি পৰা নাছিল ১০-১১ বছৰীয়া উইলমা। তেওঁৰ আছিল প্ৰচণ্ড মনোবল। অন্য সুস্হ মানুহৰ দৰে কাম কৰাৰ হাবিয়াস আছিল মনত। খেলা-ধুলা ভাল পাইছিল আৰু নিজেও কেতিয়াবা খেলাৰ সপোন দেখিছিল। উইলমাৰ ভ্ৰাতৃ-ভগ্নীয়ে এওঁৰ চকুৰ আগতে খেলিছিল বাস্কেটবল। ককায়েক-বায়েকহঁতৰ খেল চাই উইলমাই সপোন দেখিবলৈ লৈছিল--এদিন নিজেও খেলিব বাস্কেটবল। মাক-দেউতাকে উইলমাক সুস্হ কৰি তোলাৰ চেষ্টা এৰি দিয়া নাছিল। অৰ্থপেডিক জোতা পৰিধান কৰিয়েই উইলমাই লাহে লাহে ঘৰৰ বাস্কেটবলৰ কোৰ্টত খোজ কাঢ়িবলৈ লৈছিল। তাৰ পিছত অলপ অলপকৈ দৌৰিবলৈ আৰম্ভ কৰি দিলে। প্ৰচণ্ড মনৰ জোৰত তেওঁ দৌৰিব পৰা হৈ গ'ল। এদিন দৌৰি থাকোঁতে ভৰিৰ পৰা খুলি পৰিছিল অৰ্থপেডিক জোতাযোৰ। তেনেকৈয়ে দৌৰিব পৰা হোৱা দেখি মাক-দেউতাকৰ চকুত ওলাইছিল আনন্দৰ চকুপানী। সেয়াই আছিল আৰম্ভণি। ১২বছৰ বয়সত নিজৰ চেষ্টাৰ বলত ভৰি দুখনলৈ শক্তি ঘূৰি আহিছিল। নিয়মিত ব্যায়াম কৰি বাস্কেটবল খেলিবলৈ ল'লে। তাতো এদিন সফল হ'ল। ককায়েক-বায়েকহতঁৰ লগত একেলগে বাস্কেটবল খেলিব পাৰি উইলমাৰ সপোন বাঢ়ি গৈছিল। লাহে লাহে এথলেটিক্সৰ প্ৰতি আকৰ্ষিত হ'ল। ট্ৰেকত নামি পৰিল আৰু প্ৰচণ্ড শক্তিৰে দৌৰিবলৈ ধৰিলে। এনেদৰে তেওঁ কঠোৰ অনুশীলন কৰি এদিন এগৰাকী সুদক্ষ দৌৰবিদ হ'বলৈ সক্ষম হ'ল। আমেৰিকাৰ হৈ অলিম্পিকত দৌৰাৰ সুযোগ পায়। ১৯৫৬ চনত মেলব'ৰ্ণ অলিম্পিকত ৪০০ মিটাৰ ৰীলেত জয় কৰিছিল জীৱনৰ প্ৰথমটো অলিম্পিক ব্ৰঞ্জ পদক। তাৰ পিছত ১৯৬০ চনৰ ৰোম অলিম্পিকত ইতিহাস সৃষ্টি কৰি উইলমাই ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰাৰ লগতে মহিলাৰ ৪০০ মিটাৰ ৰীলেত স্বৰ্ণপদক জয় কৰিছিল। নিজৰ মনোবল আৰু একাগ্ৰতাৰ বলেৰে ৰোগকো পৰাস্ত কৰি বিশ্বখ্যাত এথলীট হৈছিল উইলমা ৰুডল্ফ।

*******************



যুগললোচন দাস।

শিশু সাহিত্য একাডেমী বঁটা প্ৰাপ্ত বিশিষ্ট লেখক, 

ক্ৰীড়া সাংবাদিক- লেখক।

 



অলংকৰণ :- মনবীনী দাস


Post a Comment

0 Comments