header ads

শিশুবোৰৰ ভিতৰত থকা বিজ্ঞানীজনক গঢ় দিওঁ আহক | Assamese article by Lavita Medhi

শিশুবোৰৰ ভিতৰত থকা বিজ্ঞানীজনক গঢ় দিওঁ আহক

শিশুবোৰৰ ভিতৰত থকা বিজ্ঞানীজনক  গঢ় দিওঁ আহক  Assamese article by Lavita Medhi

      একবিংশ শতিকাৰ সভ্যতাক বিজ্ঞানৰ সভ্যতা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব নিশ্চয়। আমাৰ চাৰিওফালে বিজ্ঞানৰ জয় জয়কাৰ দেখি থকা মূহুৰ্ততো কিন্তু আমাৰ মনত এটা প্ৰশ্নই খুন্দিয়াই যায় যে আমি মানসিকভাৱে কিমান বিজ্ঞানৰ লগত জড়িত হৈছোঁ। এই বিজ্ঞান  মানসিকতা একেদিনাই গঢ়ি তোলা বস্তু নহয়। এটা জাতিক বিজ্ঞান মানসিকতাৰে সুদৃঢ় কৰিবলৈ হ'লে আমি বিজ্ঞানৰ চৰ্চা কৰিব লাগিব আৰু এই চৰ্চা সৰুৰে পৰা ল'ৰা ছোৱালীবোৰৰ মাজত গঢ়ি তুলিব লাগিব। কিন্তু কাৰ্যতঃ আমি সৰুৰে পৰা ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে বৈজ্ঞানিক চিন্তা চৰ্চাৰ পৰা নিজকে বা ল'ৰাছোৱালীবোৰক আতৰাই ৰাখোঁ। সৰু ল'ৰাছোৱালীবোৰৰ মাজত আচলতে একোটা শিশু বৈজ্ঞানিক জন্মগতভাৱেই থাকে। সেইবাবেই তেওঁলোকে বিভিন্ন বিষয়ক লৈ উৎসুক হৈ থাকে আৰু সেই বিষয়ে প্ৰশ্নৰ অৱতাৰণা কৰি ডাঙৰসকলক ব্যতিব্যস্ত কৰি তোলে। আমাৰ ডাঙৰবোৰৰ দায়িত্ব হ'ল তেওঁলোকৰ সেই অনুসন্ধিৎসু মনটোক উপযুক্ত দিশ দিয়া যাতে তেওঁলোকে কথাবোৰ সুপৰিকল্পিতভাৱে চিন্তা কৰিবলৈ শিকে। 

         শিশুসকলক আমাৰ পাৰিপাৰ্শ্বিকত ঘটি থকা বিভিন্ন ঘটনা প্ৰৱাহৰ বৈজ্ঞানিক বিশ্লেষণ কৰিবলৈ শিকোৱাটো আমাৰ নৈতিক দায়িত্ব। এইক্ষেত্ৰত আগভাগ ল'ব পাৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ঘৰৰ জ্যেষ্ঠ সকলে। বৈজ্ঞানিক চিন্তা ধাৰা মানে যে এটা উপযুক্ত গৱেষণাগাৰৰ ভিতৰত বিভিন্ন সা-সঁজুলিৰে সৈতে কৰা পৰীক্ষালব্ধ জ্ঞান তেনেকুৱা নহয়। শিশুসকলে তেওঁৰ চৌপাশে ঘটি থকা বিভিন্ন প্ৰাকৃতিক ঘটনা বা অন্য কিছুমান ঘটনা প্ৰৱাহৰ বৈজ্ঞানিক বিশ্লেষণ আগবঢ়াবলৈ যত্নপৰ হ'ব পাৰে। এইক্ষেত্ৰত ডাঙৰ সকলে অগ্ৰণী ভূমিকা ল'ব পাৰে। উদাহৰণ স্বৰূপে, আমাৰ গাওঁৰ মানুহবিলাকৰ প্ৰায়ভাগৰে ঘৰত  একোটা পুখুৰী আছে। কেতিয়াবা কেতিয়াবা বিশেষকৈ খৰালি কালত পুখুৰীৰ পানীৰ ৰং সলনি হয়; ওপৰত সেউজীয়া আৱৰণ এটা পৰাৰ দৰে লাগে। এইক্ষেত্ৰত শিশুসকলক তাৰ কাৰণ সম্পৰ্কে ভাবিবলৈ আৰু তাৰ উত্তৰ বিচাৰিবলৈ উদ্গনি যোগোৱা উচিত। তেনেদৰে শিশুসকল যিটো অঞ্চলৰ বাসিন্দা সেই অঞ্চলৰ ভৌগোলিক অৱস্হান,স্থানীয় ভাৱে অধিক উৎপন্ন হোৱা শস্যৰ বিষয়ে,সেই অঞ্চলত পোৱা ঔষধি গছ-লতা আদিৰ বিষয়ে তথ্য-সংগ্ৰহৰ বাবে বিদ্যালয়ত বা অন্য সচেতন স্থানীয় লোকসকলে উৎসাহ যোগোৱা উচিত।

        বৰ্তমানৰ প্ৰযুক্তিবিদ্যা বহুত আগুৱাই গ'লেও ভিতৰুৱা অঞ্চলৰ লোকসকলৰ বাবে সকলোখিনি এতিয়াও সহজলভ্য হৈ উঠা নাই। গাঁও অঞ্চলত সৰহভাগ লোকেই খেতিবাতিৰ লগত জড়িত যদিও তেওঁলোক বতৰ বিজ্ঞানৰ লগত জড়িত নহয়। তেওঁলোকে বেছি সংখ্যকেই এতিয়াও প্ৰচলিত কিছুমান বিশ্বাসৰ ভেটিতেই বতৰ সম্পৰ্কে একোটা আনুমানিক সিদ্ধান্ত লয়। গতিকে হাইস্কুল পৰ্যায়ৰ কিশোৰ সকলে সেই বিশ্বাস সমূহৰ বৈজ্ঞানিক ভিত্তি কিমান বা খেতিয়ক সকলক অন্য কিবা সহজ পদ্ধতিৰে বতৰ বিজ্ঞানৰ তথ্য সমূহৰ লগত জড়িত কৰিব পাৰি নেকি সেই বিষয়ে চিন্তাচৰ্চা কৰিব পাৰে।অলপতে মোৰ আমেৰিকাস্থ বান্ধৱী নৱনীতা বৰাই ওজাপালিৰ জৰিয়তে গাওঁ সমূহত পৰিবেশ সম্পৰ্কীয় সচেতনতা জগাই তোলাৰ বাবে এটা বৰ সুন্দৰ প্ৰয়াস কৰিছিল। গাঁৱৰ মানুহে ওজাপালি শুনিবলৈ ভালো পায়। গতিকে ওজাপালিৰ সংলাপবোৰত পৰিবেশ সম্বন্ধীয় কথাবোৰ সুমুৱাই দি ৰাইজক বনানীকৰণৰ গুৰুত্ব সম্পৰ্কে বুজাই দিব বিচৰাটো সঁচাকৈয়ে এক সুন্দৰ প্ৰয়াস। এনেকুৱা ধৰণৰ প্ৰয়াস আমাৰ শিশুসকলেও কৰিব পাৰে। এনেকুৱা চিন্তাই শিশুসকলক মাজত সচেতনতা বঢ়োৱাৰ লগতে বৈজ্ঞানিক মানসিকতা গঢ় দিয়াত যথেষ্ট অৰিহণা যোগাব।

          শিশুসকলে যিমানেই কথাবোৰ তথ্যভিত্তিকভাৱে বিশ্লেষণ কৰিবলৈ শিকিব সিমানেই তেওঁলোকৰ চিন্তাবোৰ স্বচ্ছ হ'ব আৰু নতুন চিন্তাৰ বাট মুকলি হ'ব। সেয়েহে শিশুসকলে আমাক প্ৰশ্ন কৰিলে আমি এনেয়ে ওপৰুৱাকৈ উত্তৰ এটা দি থৈ শিশুটোৰ মুখ বন্ধ কৰি থোৱাতকৈ তেওঁক তেওঁ ঢুকি পোৱাকৈ যিমান পাৰি তথ্যসহকাৰে উত্তৰটো দিয়া উচিত। উদাহৰণস্বৰূপে আমি সকলোৱেই শিশুটোক চন্দ্ৰটোৰ সৈতে চিনাকি কৰাই দিওঁ জোনবাই বুলি; আৰু বহুত ডাঙৰ হোৱালৈকে শিশুটোৰ মনত জোনবাই এটা সাধুকথাৰ চৰিত্ৰৰ দৰে ঘৰ কৰি থাকে। তাত কোনো নতুন চিন্তাই বাট বিচাৰি নাপায়। কিন্তু আমি যদিহে অলপ বুজন হোৱা শিশুসকলক চন্দ্ৰটোনো কি, আমিনো চন্দ্ৰকলাসমূহ কিয় দেখা পাওঁ সেই সম্পৰ্কে এটা সম্যক ধাৰণা দিব পাৰোঁ তেতিয়া সেই শিশু সকলে চন্দ্ৰ সম্পৰ্কে আৰু অধিক তথ্য সংগ্ৰহৰ বাবে আগ্ৰহী হৈ উঠিব। এনেধৰণৰ কাৰ্যকলাপৰ দ্বাৰা শিশুসকলে critical thinking কৰিবলৈ শিকিব।

            বিদ্যালয় সমূহত প্ৰাথমিক পৰ্যায়ৰ পৰাই বিজ্ঞান শিক্ষাক দৈনন্দিন জীৱনৰ লগত জড়িত কৰিবৰ বাবে চেষ্টা কৰিব লাগে। শ্ৰেণীকোঠাত বিজ্ঞানৰ পাঠদান কেৱল মাত্ৰ তথ্য যোগান ধৰা ধৰণৰ নহৈ সমস্যা সমাধানৰ বাট মুকলি কৰিব লাগে। প্ৰাথমিক পৰ্যায়ৰ শিশুসকলক সৰু সৰু সমস্যা কিছুমান দি তাৰ সমাধানৰ বাবে চিন্তা কৰিব দিব লাগে। হাইস্কুল পৰ্যায়ৰ শিশুসকলক পাৰিপাৰ্শ্বিকতাৰ কিছুমান সমস্যা উলিয়াই তাৰ সমাধানৰ সূত্ৰ আৱিষ্কাৰৰ বাবে কিছুমান প্ৰকল্প কৰিবলৈ দিব পাৰি।এই প্ৰকল্প সমূহ পাঠভিত্তিকো হ'ব পাৰে নাইবা নতুন সমস্যা কিছুমান বিচাৰি উলিয়াবও পাৰে। এনেকুৱা ধৰণৰ কাৰ্যকলাপৰ দ্বাৰা শিশুসকল বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহী হ'ব। তাৰোপৰি তেওঁলোকৰ মনত যুক্তিসংগত চিন্তাধাৰা বোৰৰ বেছিকৈ বিকাশ ঘটিব।

       বৰ্তমানৰ এক সমীক্ষাৰ পৰা প্ৰকাশ পাইছে যে বহু দেশত হাইস্কুল পৰ্যায়ৰ পিছত বিজ্ঞান বিভাগত পঢ়িবলৈ ইচ্ছা কৰা ছাত্র ছাত্ৰীৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে। ই এটা বৰ চিন্তাৰ কাৰণ। অদূৰ ভৱিষ্যতে ই এক বৃহৎ সমস্যা ৰূপে দেখা দিব পাৰে। এইক্ষেত্ৰত শিক্ষক আৰু অভিভাৱক সকলে উপযুক্ত পদক্ষেপ লোৱা উচিত। উত্তৰ পুৰুষক আমি বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেওঁলোকক সৰুৰে পৰা বৈজ্ঞানিক মানসিকতাৰে গঢ় দিয়া উচিত; লগতে বিজ্ঞানৰ পাঠদান কেৱল শ্ৰেণীকোঠা আৰু কিতাপৰ পাতৰ মাজতে আৱদ্ধ নাৰাখি তাক যিমান পাৰি ব্যৱহাৰিক কৰা উচিত যাতে ল'ৰা ছোৱালীয়ে হাতে কামে বিজ্ঞানৰ লগত জড়িত হয় আৰু বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহী হয়।

     পৃথিৱীৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে যিবোৰ দেশে বিজ্ঞান মানসিকতাক অগ্ৰাধিকাৰ দিছে,সেইবোৰ দেশহে সকলোৰে আগত যাবলৈ সক্ষম হৈছে। বিভিন্ন দেশ প্ৰাকৃতিক সম্পদত চহকী হোৱাৰ পিছতো কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক উচিত দিশ দিব পৰা নাই বাবেই এতিয়াও বহুত পিছপৰি থাকিবলগীয়া হৈছে।ওঠৰশ শতিকাৰ আগভাগলৈকে ভাৰত আৰু চীন গোটেই পৃথিৱীৰ অৰ্থনৈতিক দিশটোৰ প্ৰায়  ৮০% অধিকাৰ কৰি আছিল। তাৰপিছতো কিন্তু বৰ্তমানৰ পৃথিৱীত ইউৰোপীয় দেশসমূহৰ দপদপনিহে বেছি। ইয়াৰ মুখ্য  কাৰণ হ'ল তেওঁলোকৰ বৈজ্ঞানিক মানসিকতা। "What potential did Europe develop in the early modern period that enabled it to dominate the late modern world? There are two complementary answer to this question:modern science and capitalism.Europeans were used to thinking and behaving in a scientific and capitalist way even before they enjoyed any significant technological advantage."( From, Sapiens ,'A brief history of mankind')

          অদূৰ ভৱিষ্যতে পৃথিৱীখনক বা মানৱ জাতিক আৰু অধিক প্ৰগতিশীল কৰি তুলিবলৈ হ'লে আমি বিজ্ঞানৰ হাতত ধৰিয়েই আগুৱাব লাগিব। সেয়েহে উত্তৰ প্ৰজন্মৰ মাজত বিজ্ঞানক আৰু অধিক আকৰ্ষণীয় কৰি তোলাতো আমাৰেই দায়িত্ব। সেইবাবে শিশুসকলৰ ভিতৰত সোমাই থকা অনুসন্ধিৎসু মনটোক আমি উদ্গনি জগোৱা উচিত; যাতে তেওঁলোকৰ মাজত থকা বৈজ্ঞানিক চিন্তাধাৰাবোৰ আৰু অধিক সজীৱ হৈ উঠে আৰু তেওঁলোক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হৈ উঠে।

-----------------------*****-----------------

 

লভিতা মেধি

সহ: শিক্ষয়িত্ৰী(বিজ্ঞান)

পীতাম্বৰ আদৰ্শ হাইস্কুল

ৰঙিয়া শিক্ষাখণ্ড।

 


অলংকৰণ :-  পল্লবী পাঠক



Post a Comment

0 Comments