header ads

ৰঙৰ উৎসৱ ফাকুৱা | Assamese article by Rantumoni Deka

 ৰঙৰ উৎসৱ ফাকুৱা


ৰঙৰ উৎসৱ ফাকুৱা

        ফাগুণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় ৰঙৰ উৎসৱ ফাকুৱা। ফাগুণ মানেই যেন মদাৰ, পলাশ, শিমলু আদি ৰঙীন ফুলবোৰ ফুলাৰ বতৰ । এই তেজৰঙী ফুলবোৰে ফাগুণৰ আকাশত যেন জুইহে জ্বলায় আৰু নিজৰ অস্তিত্ব জাহিৰ কৰি থাকে আকাশত ।  ফাগুণৰ এই শুকান শুকান পৰিৱেশে মানুহৰ মনবোৰ কৰি তোলে উদাস উদাস ৰিঙা ৰিঙা । এনে সময়তে ধূলিৰ ওৰণি ঠেলি নামি আহে এজাক সপোনৰ বৰষুণ। গছে কুঁহিপাত মেলে । এই সময়তে  ৰঙৰ সম্ভাৰ লৈ ফাকুৱা আহে মানুহৰ মনবোৰ ৰঙাই তুলিবলৈ । সকলোৰে মনবোৰ এক নতুন উছাহেৰে আলোড়িত হৈ উঠে । 

        ফাকুৱাক ফাল্গুউৎসৱ, মদনোৎসৱ, দৌলোৎসৱ, হোলী ইত্যাদি নামেৰেও জনা যায় । হিন্দুসকলৰ পৰম আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুক কেন্দ্ৰ কৰিয়েই ফাকুৱা উৎসৱ পালন কৰা হয় । কথিত আছে যে নিজৰ দেহৰ ৰং ক'লা, কিন্তু ৰাধাৰ দেহৰ ৰং বগা হোৱাৰ বাবে শ্ৰীকৃষ্ণই মাক যশোদাক অভিযোগ কৰিছিল । তেতিয়া যশোদাই কৃষ্ণক সৈমান কৰিবলৈ কৈছিল যে ক'লা ৰং ঘঁহি দিলে ৰাধাও ক'লা হৈ পৰিব । তেতিয়াৰপৰাই ফাকু গুড়ি বা আবীৰৰ প্ৰচলন হোৱা বুলি জনা যায় । ফাকু গুড়িৰ প্ৰচলনক লৈ পিছে আন বহুতো পৌৰাণিক আখ্যানো শুনিবলৈ পোৱা যায় ।

        তেনে এক আখ্যানমতে গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে ভগৱান শিৱক পতিৰূপে পাবলৈ কঠোৰ ব্ৰত পালন কৰিছিল । কিন্তু মহাদেৱে গভীৰ তপস্যাত থকা বাবে পাৰ্বতীৰ প্ৰতি মন দিয়া নাছিল । সেয়ে দেৱতাসকলে প্ৰেমৰ দেৱতা কামদেৱক কামবাণ নিক্ষেপেৰে শিৱৰ অন্তৰত প্ৰেম জগাই তুলিবলৈ অনুৰোধ কৰিছিল । সেইমতে কামদেৱে বাণ মাৰিলে, মহাদেৱৰ তপস্যা ভংগ হোৱাত ক্ৰোধিত হৈ তৃতীয় নেত্ৰৰে ক্ৰোধাগ্নি বৰষি কামদেৱক ভষ্মীভূত কৰে । কামবাণৰ প্ৰভাৱত শিৱ-পাৰ্বতীৰ মিলন হয় আৰু পিছত পাৰ্বতীৰ অনুৰোধত  মহাদেৱে কামদেৱক জীৱনদান কৰে।তেতিয়াৰপৰাই ফাকুৱা উৎসৱৰ প্ৰচলন হ'ল ।

        আন এক পৌৰাণিক আখ্যান অনুসৰি অসুৰৰ ৰজা হিৰণ্যকশিপুৱে তেওঁৰ বিষ্ণুভক্ত পুত্ৰ প্ৰহ্লাদক পুৰি মাৰিবৰ বাবে নিজ ভগ্নী হোলীকাক আদেশ দিছিল । হোলীকাই এটা বৰ লাভ কৰিছিল যে তাইক অগ্নিয়ে কেতিয়াও দাহ নকৰে । ককায়েকৰ আদেশ শিৰোধাৰ্য  কৰি হোলীকাই ভতিজাক প্ৰহ্লাদক কোলাত তুলি অগ্নিত প্ৰৱেশ কৰিলে । কিন্তু ভগৱান বিষ্ণুৱে প্ৰহ্লাদক ৰক্ষা কৰিলে  আৰু হোলীকাহে পুৰি ভষ্মীভূত হ'ল । মৃত্যুমুখী হোলীকাই নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদক ক্ষমা খুজিলে । প্ৰহ্লাদে তেতিয়া হোলীকাক বৰ দিলে যে জনগণে প্ৰতিবছৰে এটা নিৰ্দিষ্ট দিনত হোলীকাক স্মৰণ কৰিব । তেতিয়াৰপৰাই হোলীকাৰ নামেৰে হোলীৰ প্ৰচলন হ'ল।

         উত্তৰ ভাৰতত এতিয়াও ফাকুৱাৰ দিনা হোলীকাক দাহ কৰা হয় পৰম্পৰাগতভাৱে । ফাকুৱাৰ আগদিনা ৰাতি মেজি সাজি তাৰ চাৰিওফালে সকলোৱে নৃত্য গীতেৰে ৰং ৰহইচ কৰে । সকলোৱে নিজৰ নিজৰ ঘৰবোৰ নতুনকৈ ৰং কৰে, ফাকু গুড়িৰে ঘৰৰ সন্মুখভাগত আল্পনা আঁকে ।

        অসমত সৰ্বপ্ৰথমে ফাকুৱা পালন কৰে মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱে । তেখেতে ২১ বছৰ বয়সতে ভাৰতৰ বিভিন্ন ঠাই ঘূৰি আহি বৰদোৱাত প্ৰথমবাৰৰ বাবে ফাকুৱা পালন কৰি বৰদোৱাবাসীক আশ্চৰ্যান্বিত কৰি তোলে । আনহাতে ১৫১৮ শকত বৰপেটাত ফাকুৱা প্ৰথম প্ৰচলন কৰে বৰপেটা সত্ৰৰ মথুৰাদাস বুঢ়াআতাই  । তেতিয়াৰপৰাই ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোককৃষ্টিৰ সমন্বয়েৰে বৰপেটাত তিনিদিনীয়া বা পাঁচদিনীয়াকৈ দৌলোৎসৱ পালন কৰি অহা হৈছে । উত্তৰ গুৱাহাটীৰ দৌলগোৱিন্দ মন্দিৰতো মহা আড়ম্বৰেৰে দৌলোৎসৱ পালন কৰা হয়। পূৰ্ণিমাৰ আগদিনা লুইতৰ পাৰত মেষদাহ পৰ্বৰে দৌলোৎসৱৰ শুভাৰম্ভ কৰা হয় । শেষৰ দিনা দৌলগোৱিন্দক সিংহাসনত তুলি ভক্তপ্ৰাণ ৰাইজে হৰ্ষোল্লাসেৰে শোভাযাত্ৰা কৰে ।

        অসমৰ সকলো ঠাইতে নিজস্ব ৰীতি- নীতিৰে ফাকুৱা উদ্‌যাপন কৰা হয় । হাতে হাতে ৰঙৰ টোপোলা লৈ ৰঙেৰে লুতুৰি পুতুৰি হৈ আনন্দত মতলীয়া হয়। অঞ্চলে অঞ্চলে হাতে হাতে ধূপ-চাকিৰ কাঁহী আৰু ৰঙৰ মোনা লৈ ঘৰে ঘৰে হোলীগীত গাই গৃহস্থক আশীৰ্বাদ দিয়ে । গৃহস্থয়ো নতজানু হৈ তেওঁলোকৰপৰা আশীষ লয় । 

        পূৰ্বতে ফাকুৱাৰ ৰংবোৰ বিভিন্ন গছৰ পাত, ফল, ফুল আৰু শিপাৰপৰা আহৰণ কৰা হৈছিল। বিশেষকৈ অপৰাজিতা ফুল, শিমলু, পলাশ, জেতুকা, জবা আদিৰপৰা আহৰণ কৰা হৈছিল । সেই ৰংবোৰ ঔষধি গুণযুক্ত হোৱাৰ বাবে ছালৰ ৰোগ থাকিলে নিৰাময়ো কৰিছিল । কিন্তু আজিকালি আধুনিক ৰঙবোৰ ৰাসায়নিকভাৱে প্ৰস্তুত কৰা হয় । এনেধৰণে প্ৰস্তুত হোৱা ৰঙত ছিলিকা আৰু এচবেষ্টচ্ নামৰ দুবিধ পদাৰ্থ মিহলি কৰা বুলি অভিযোগ উঠে যিয়ে মানুহৰ শৰীৰৰ কাৰণে মাৰাত্মক । এই পদাৰ্থবোৰ ছালৰ মাজেদি শৰীৰত প্ৰৱেশ কৰি শৰীৰৰ বিস্তৰ ক্ষতিসাধন কৰে । পৰাপক্ষত মুকলিকৈ বিক্ৰী হোৱা ফাকুগুড়ি ব্যৱহাৰ নকৰাই ভাল । কিছু সাৱধানতা অৱলম্বন কৰি ৰঙৰ উৎসৱ উদ্‌যাপন কৰিলে ফাকুৱাৰ প্ৰকৃত ৰং ৰহইচ অটুট থাকিব। 

 

(বিভিন্ন পুথি তথা ইন্টাৰনেটৰ আলম লৈ.......)


 ***************************

ৰণ্টু মণি ডেকা, 

সহঃ শিক্ষক, 

ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড।

 

অলংকৰণ :- তন্দ্রা দে

Post a Comment

0 Comments