বন্দীত্ব
বৰ্তমান পৰিস্থিতিত নাৰী সত্তাক যিমান সম-মৰ্য্যদা প্ৰদান কৰিলেও কিন্তু বন্দীত্বৰ শিকলি এডালে সদাই নাৰী সত্তাক বেৰি থাকে। মান্যতাই কলেজৰ পৰা উভতি আহি মাকক সুধিছে,-"মা, আজি মোৰ প্ৰিয় বান্ধৱী সুকন্যাৰ জন্মদিন উপলক্ষে ৰাতি ভাত খোৱাকৈ নিমন্ত্ৰণ দিছে"। মাক অনুৰাধাই উত্তৰত কৈছে- "ৰাতি ভাত খোৱাকৈ যাব নালাগে , সন্ধিয়া গৈ মাতষাৰ দি আহিবি"।
*********************
প্ৰধান শিক্ষয়িত্ৰী
১২৪৭নং শনিয়াদী প্ৰাঃ
বিদ্যালয়
হাজো শিক্ষাখণ্ড।
অলংকৰণ :- পূবালী শইকীয়া দাস
0 Comments