পৰীক্ষা
যোৱাটো সপ্তাহ প্ৰভাতীৰ আহৰিয়েই নাই। আজি প্ৰভাতীৰ মাকে ঢলপুৱাতে উঠি চাকি-ধূপ জ্বলাইছে, এভাগ শৰাইও আগবঢ়াইছে।আইতাকে প্ৰভাতীৰ মূৰত তুলসী পানী ছটিয়াইছে; চন্দনৰ ফোঁট আঁকি দিছে। মাকে লৰালৰিকৈ গৰম ভাত বাঢ়ি দিছে...প্ৰভাতীৰ পছন্দৰ আঞ্জাৰে। দেউতাকেও পুৰণি হিৰ' চাইকেলখন মচি-কাচি সাজু হ'ল, প্ৰভাতীক থ'বলৈ।
আজিৰেপৰা
প্ৰভাতীৰ বছৰেকীয়া পৰীক্ষা।।বেল বাজিল....। দীঘলীয়া উশাহ এটা লৈ তাই লিখিবলৈ
আৰম্ভ কৰিলে। ৰিজাল্ট ভাল হ'লে মোমায়েকে তাইক উপহাৰ হিচাপে দিব খোজা নতুন
চাইকেলখনৰ কথা বাৰে বাৰে তাইৰ মনত খেলাই থাকিল.....
মৌচুমী ৰায়চৌধুৰী
সহ শিক্ষয়িত্ৰী
শনিয়াদি কাছুমাৰা
প্ৰা:বি:
শিক্ষাখণ্ড- হাজো
অলংকৰণ :- পল্লবী পাঠক
0 Comments