header ads

মিছা কথাৰ ফল | Assamese Short story by Diganta Baishya

মিছা কথাৰ ফল

মিছা কথাৰ ফল  Assamese Short story by Diganta Baishya

সূতাৰগাওঁৰ খেতিয়ক মদন আৰু আইতুৰ একমাত্ৰ ল'ৰা সন্তান বাপুকণ। ঘৰৰ আটাইৰে মৰমৰ বাপুকণ লাহে লাহে ডাঙৰ হৈ আহিল। দেউতাক মদনে তাক গাওঁৰ এখন চৰকাৰী বিদ্যালয়ত নাম লগাই দিলে। সৰুকালৰে পৰা পঢ়া-শুনাত বাপুকণ বৰ ভাল আছিল। পঢ়া-শুনাত কঢ়িয়াই অনা সুনামৰ বাবে সকলোৱে তাক মৰম আৰু  প্ৰশংসা কৰিছিল। এই সুনামৰ বাবে ষষ্ঠ শ্ৰেণীৰ পৰা সি চহৰৰ  এখন চৰকাৰী বিদ্যালয়ত  পঢ়া-শুনাৰ সুবিধাও পাইছিল। তেতিয়ালৈ সকলো ঠিকেই আছিল।

কিন্তু যেতিয়াই সি চহৰৰ নতুন বিদ্যাল়য়ত আহি নামভৰ্তি কৰিলে, সি কিছুমান দুষ্ট বন্ধুৰ সংগ লবলৈ ধৰিলে। যিটো ল'ৰাই এটা মিছা কথা নকয়, মাক-দেউতাকৰ কথা আখৰে আখৰে পালন কৰে, অবাবত ধন কিম্বা সময়ৰ অপচয় নকৰে, সেই বাপুকণ দুষ্টৰ সংগ পাই বেয়াৰ পিনে ঢাল খাবলৈ ধৰিলে।

চহৰৰ  নতুন বিদ্যালয়ৰ প্ৰথম এটা বছৰ তাৰ ভালদৰেই পাৰ হ'ল। কিন্তু দ্বিতীয় বছৰটোৰ পৰা তাৰ পঢ়া-শুনাত মতি-গতি নোহোৱা হ'ল। সেই বছৰটোৰ মুঠ ৫০ নম্বৰৰ প্ৰতিটো বিষয়ৰ পৰীক্ষাত সি ১০ নম্বৰতকৈ বেছি নম্বৰ লাভ কৰিব নোৱাৰিলে। কিন্তু এই কথা সি মাক-দেউতাকক নজনালে, বৰং  ভাল নম্বৰ পোৱা বুলি, গণিত জানে বাবে গোলাপ ছাৰে  তাক বেছি মৰম কৰে বুলি আৰু  বিদ্যালয়ৰ সবাতোকৈ ভাল ছাত্ৰ  বুলি  মিছা মাতিলে।

দ্বিতীয় বছৰৰো এটা পৰীক্ষাতো সি ভাল নম্বৰ নাপালে। বাপুকণে আহি প্ৰধান শিক্ষকক কলে: "ছাৰ, মোক এইবাৰৰ বাবে পাছ কৰাই দিয়ক, অহা বছৰৰ পৰা মই ভালকৈ পঢ়িম।"শিক্ষকসকলে আলোচনা কৰি বাপুকণক পাছ কৰাই দিলে। তথাপিও তাৰ গাত হুচ নাহিল।

তৃতীয় বছৰতো বাপুকণৰ মতি-গতি আগৰদৰেই থাকিল। তাৰ কথা সি কিন্তু ঘৰত ভুলতেও জানিব নিদিলে। তৃতীয় বছৰৰ শেষ পৰীক্ষাত সি যেতিয়া পাছ কৰিব নোৱাৰিলে, তাক বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হ'ল। সি মাক-দেউতাকক ইমানদিনে ফাঁকি দি সাৰি আছিল যদিও এইবাৰ সেই ফাঁকিয়ে কাম নিদিলে। কিয়নো, প্ৰধান শিক্ষকে তাৰ মাক-দেউতাকক মাতি আনি তাৰ পঢ়া-শুনাৰ পতন, দুষ্টৰ সংগ, তাৰ মিছলীয়া স্বভাৱ ইত্যাদি সকলো কথা ক'লে।

এই আটাইবোৰ অভিযোগ জানিব পাৰি খেতিয়ক দেউতাকে তাক চহৰৰ বিদ্যালয়ৰ পৰা উলিয়াই আনিলে। তাৰ এই ফলাফলত দেউতাকে মনত বহুত আঘাত পালে যদিও তাক একো নক'লে। এই কথাই তাক মনত বহুত দুখ দিলে আৰু চহৰলৈ গৈ ভাল ফল দেখুৱাব নোৱাৰি সি উভতি  আহি আনৰ চকুতো বহুত লজ্জিত হ'ল । মনৰ দুখত সি ঘৰতে থাকি কিতাপ পঢ়ি সময় পাৰ কৰিবলৈ ধৰিলে। এনেদৰে কিতাপ পঢ়ি থাকোঁতে এদিন তাৰ হাতত পৰিল "

ঈছপৰ সাধু" নামৰ সাধু পুথিখন।এই সাধুপুথিৰ  গোটেইকেইটা সাধুৱে তাৰ ভাল লাগিল। কিন্তু সবাতোকৈ মন চুই গ'ল "মিছলীয়া গৰখীয়া" নামৰ সাধুটো যিটো পঢ়ি সি আচৰিত নহৈ নোৱাৰিলে। এই সাধুটিয়ে যেন তাৰেই কথা কৈছে।  "বাঘে খালে ঐ, বাঘে খালে ঐ" বুলি   গাওঁৰ মানুহক  ফাঁকি দিয়া সেই মিছলীয়া গৰখীয়াটো শেষত সঁচাকৈয়ে এদিন বাঘৰ চিকাৰ হ'ব লগা হ'ল। সেয়ে, বাপুকণে মনতে পণ ল'লে যে সি আৰু কেতিয়াও মিছা কথা নকয়। সি মানুহ হ'ব, ভাল মানুহ।

পিছদিনা বাপুকণে দেউতাকৰ ওচৰলৈ গৈ কলে---"মই জানো পিতাই, মই কোৱা মিছা কথাৰ বাবে আৰু মোৰ পৰীক্ষাৰ ফলাফলৰ বাবে তুমি বহুত আঘাত পাইছা আৰু লজ্জিতও হৈছা। এইবাৰৰ বাবে মোক তুমি মাফ কৰি দিয়া। মই আৰু কেতিয়াও মিছা কথা নকওঁ। মই ভালকৈ পঢ়ি মানুহ হ'ম, ভাল মানুহ। তাৰবাবে মোক আৰু চহৰৰ বিদ্যালয়লৈ পঠিয়াব নালাগে। মই গাওঁৰ বিদ্যালয়তে পঢ়িম, খেতিও কৰিম আৰু এদিন মানুহ হৈ তোমালোকৰ আশা আৰু মোৰ লক্ষ্য পূৰণ কৰিম।"

বাপুকণৰ এই কথা শুনি দেউতাকৰ চকুৰে  অশ্ৰু নিগৰি আহিল। তেওঁ বাপুকণক সাৱট মাৰি ধৰি ক'লে--"বাপু, তুমি মোৰ ওচৰত মাফ খুজিব নালাগে। তুমি যি ভুল কৰিছা, তাৰ অনুশোচনাই তোমাৰ ভুলৰ প্ৰায়শ্চিত্ত। মই আজি তোমাক লৈ বহুত সুখী। তুমি ভাল মানুহ হোৱা বাপু, ভাল মানুহ ।"

এইবাৰ বাপুকণে  সকলো চিন্তা বাদ দি ভালদৰে পঢ়াত লাগিল আৰু আনপিনে জিৰণি সময়ত বাপেকৰ লগত খেতি-বাতিতো ব্যস্ত  হৈ খেতি-বাতিৰো কিছু কাম শিকি পাকৈত হৈ পৰিল। এইবাৰ কোনো কথাই তাৰ মন বিচলিত কৰিব নোৱাৰিলে। সকলোতে প্ৰথম হৈ হৈ বাপুকণে মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি সূতাৰগাওঁৰ নাম উজলাই তুলিবলৈ  সক্ষম হ'ল। পিছলৈ বাপুকণে উচ্চ শিক্ষা গ্ৰহণ কৰি এগৰাকী কৃষি বিষয়া হিচাপে নিযুক্ত হৈ নিজৰ গাওঁৰ উন্নতি সাধন কৰাত ব্ৰতী হ'ল।

দেখিলানে অকণিহঁত, মিছা কথাৰ ঠেং চুটি। কিন্তু আমাৰ বাপুকণে কি কৰিলে? মিছা কথাৰ পৰা পোৱা শাস্তিৰ ফল অনুভৱ কৰি, শিক্ষা লৈ সি মানুহ হোৱাৰ চেষ্টাত ব্ৰতী হ'ল । সেয়ে, অকণিহঁত, তোমালোকে কোনো কাৰণতে মিছা নক'বা।

 

                  কিয়নো----

                   

                      "  মিছা কথাত ঠেং চুটি

                              অৱশ্যেই হয়,

                         সঁচা কথাৰ ফল মিঠা

                              জানিবা নিশ্চয়।" 

*******************************************


দিগন্ত বৈশ্য

সহকাৰী শিক্ষক

মকুন্দপুৰ আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়।

শিক্ষাখণ্ড: কৰৰা।

জিলা: কামৰূপ ( অসম)

 

অলংকৰণ :-  পল্লবী পাঠক




Post a Comment

0 Comments