Labels

আত্মবোধ | Assamese short story by Hangsadhar Sarma

ll আত্মবোধ ll

আত্মবোধ  Assamese short story by Hangsadhar Sarma


বাছখনৰ পৰা নমাৰ লগে লগে বিপুলক পিছফালৰ পৰা কোনোবাই মাতা শুনিলে l

 "ছাৰ!" 

বিপুলে ঘুৰি দেখিলে চফল ডেকা ল'ৰা এজন l তেওঁ চেল্যুট্ দি হাতখন হেণ্ডচেক্ কৰিবৰ বাবে আগ বঢ়ালে যদিওঁ লগে লগে লাহেকৈ হাঁহি মাৰি ভৰি চুই সেৱা জনাই ক'লে,"বেয়া নাপাব ছাৰ, আদত পৰি গৈছে ছাৰ, ছাৰ! মই গণেশ,গণেশ কলিতা,আপোনাৰ ছাত্ৰ, দিফেন্সত চাকৰি কৰো, ইণ্ডিয়ান আৰ্মিত চাকৰি পালো ছাৰ l" 

"অ' ভাল কথা l "

"এতিয়া ক'ত?"

"পঞ্জাৱত ছাৰ, আপোনাৰ কথা মনত পৰি থাকে ছাৰ, লগৰবোৰক কওঁl" 

"কি কোৱা?" 

"আপুনি যে শাস্তি দিছিল ছাৰ l"

"তাকো মনত ৰাখা নে ? মনত পৰিলে মোলৈ খং উঠে নহয় ?"

 "ন.. ন.. নহয় ছাৰ, আপুনি পঢ়াৰ বাবে কোনো দিনে শাস্তি দিয়া নাছিল,মাত্ৰ বুজাইছিল, জীৱন গঢ়াত ধৈৰ্য,ভক্তি,প্ৰেম,একাগ্ৰতা কৰ্মনিষ্ঠতা আদি মানৱীয় গুণ তথা আত্মবোধৰ প্ৰয়োজন,তেতিয়াহে মানুহ হিচাপে গৌৰৱেৰে জীয়াই থাকিব পাৰি lআপোনাৰ কথা এতিয়াহে বুজিছো ছাৰ l"

" হয়?আজিকালি উগ্ৰপন্থীৰ কথা বৰকৈ পাওঁ,কেতিয়াবা পাইছা নেকি ?" বিপুলে সুধিলে ৷

"হয় ছাৰ, বহুত,এবাৰ ছাৰ মই আপোনাৰ বাবেহে বাচিলো" l

হা !

"হয় ছাৰ, আমি তিনিখন গাড়ীৰে গৈ আছিলো,হঠাতে আমাক উগ্ৰপন্থীয়ে আক্ৰমন কৰি গুলিয়াব ধৰিলে,আমাৰ বেছিভাগে খতম্,অস্ত্ৰ-শস্ত্ৰ  বুটলি লৈ আধামৰা সকলকো মাৰি পেলালে ;বেছি সমস্যা পালেই আপুনি কোৱা কথা এষাৰ মনত পৰে ছাৰ,ধৈৰ্য মানুহৰ বিপদৰ বন্ধু l"

"তোমাৰ মনত আছে ?"

 "নাথাকিবনে ছাৰ? এবাৰ আপুনি মোক কম শস্তি দিছিল নে? আপোনাৰ বোধহয় মনত নাই,আমাক স্কুলত চাফাই কাম কৰিব দিছিল, মই ছাৰ কাম নকৰি ছাত্ৰী কেইজনীমানক জোকাই আছিলো, হুছেইন ছাৰে আপোনাৰ ওচৰলৈ আনি কথাটো কোৱাত মোক অফিচৰ সন্মুখতে বাৰান্দাত চকীত বহি থাকিব দিছিল, কাম শেষ নোহোৱালৈকে l কাম শেষ হোৱাৰ পিছত অন্য ল'ৰা-ছোৱালী যোৱাত মোক কাষলৈ মাতি নি সুধিছিল, কিমান সময় বহিলো,হুছেইন ছাৰে ক'লে, "এঘন্টাৰ ওপৰ ছাৰ",এতিয়া যা,মনত ৰাখিবি,ধৈৰ্য লাগে,আজিও সেই কথা মনত আছে ছাৰ l"

"এহ বেয়াই লাগিল নহয় !" বিপুলে ক'লে "l

"নহয় ছাৰ,মই সেইবাবেহে মৃত্যুৰ পৰা বাচিলো,মৰাৰ দৰে মই দুঘন্টাৰ বেছি পৰি থকিলো ছাৰ, আপোনাৰ কৃপা ছাৰ.......l ছাৰ"! আপুনি স্কুল পালে,ময়ো ঘৰ পামেই,এদিন আমাৰ ঘৰত আহিব ছাৰ l আজিকালি বোলে আপুনি নাহেয়ে l"

"হ'ব বাৰু যাম,  তুমি থাকোতেই l" 

"নমস্কাৰ ছাৰ l"

"নমস্কাৰ l"

অ,এওঁ ৰমেনৰ ল'ৰা,অকালতে দেউতাকটো ঢুকাইছিল,যা হওঁক, মাকজনীয়ে শান্তি পাইছে l

আমাৰহে স্কুল কেতিয়া হয় ........!"

 বিপুলে কথাবোৰ ভাবি ভাবি স্কুললৈ খোজ ললে ..........l


----------------###------------/

 


হংসধৰ শৰ্মা

অৱসৰ প্ৰাপ্ত অধ্যক্ষ

বৃন্দাবন উঃমাঃ বিদ্যালয়

 


অলংকৰণ :- পূবালী শইকীয়া  দাস



Post a Comment

0 Comments