ফাকুৱা-অন্য এক কথকতা
কিছুসময় আগলৈ মৃদুকৈ বাজি থকা জাকৰুৱা হোলীগীতে সুলতাৰ মনত আনন্দৰ লহৰ তুলিছিল হয় কিন্তু খোল তালেৰে বাঢ়ি অহা শব্দই তাইৰ বুকুত জগাই তোলে এক দুশ্চিন্তাও ।লাৰুবোৰ হ'ব জানো?হ'বই লাগিব ।অবিৰাম গতিত চলিল মাষ্টৰণীৰ ঢেখালত সুলতাৰ হাতৰ আঙুলি ।কিছুপৰ পিছত এগণ্ডা দুগণ্ডাকৈ হিচাপ কৰিলে সুলতাই ।নাই এশটাই হোৱা নাই ।ৰাইজৰ মানুহক লাৰুচাহ খুৱাব নোৱাৰিলে মাষ্টৰ মাষ্টৰণীয়ে যে তাইক কুকুৰে কাঁইট নোখোৱা কৰিব সেই কথা সুলতাই ভালদৰে জানে ।কেৱল সুলতাৰ বাবেহে মাষ্টৰবাবুই এই পৰম্পৰা ৰক্ষা কৰিব পাৰিছে।মিৰমিৰাই খং এটা উজাই আহি মুৰৰ চুলিৰ আগ পায় সুলতাৰ ।মুখেৰে ভোৰভোৰাই কয় -"কোৰ্বা নৰাৰ বৰ কথা,খাবা নৰাৰ বৰ হাঠা ।"খং উঠিলে এনেকৈয়ে তাই নিজক শান্তনা দিয়ে ।প্ৰতিবাদৰ ভাষাই আপুনি গৰম কৰি আপুনি চেঁচা কৰে মুখগহ্বৰৰ বায়ু ।খং নুঠিবনো কিয়?সুলতাৰ দেহাই মুঠেই নাটানে আজিকালি ।অলপ দৌৰা ধাপৰা কৰিলেই উশাহ ঘন হয় ।মাষ্টৰৰ ঘৰত যৌৱনতে যি সোমাল আৰু ওলাব নোৱাৰিলে সুলতাই ।ডেকা গা বুঢ়া হ'ল ।জী জোৱাঁই নাতি পুতিও হ'ল ।লাচতে উঠি পাকতে ঘুৰা সুলতাৰ দেহত এতিয়া আগৰ শকতি নাই ।অবসাদে গিলিছে তাইক ।পৰৰ ঘৰৰ বন বাদ দিয়াৰ ইচ্ছা এটা উজাই আহিছিল ।যোৱা মাঘত ঘৰলৈ অহা জী জোৱাঁইক কথাষাৰ কাণ ছোৱাবহে পালে একেবাৰে জকজকাই উঠিল সুলতাৰ একমাত্ৰ জীয়েক ৰম্ভা ।""সেই দিন আৰ নাই মাই ।জঙাৰে লাইজ পাই ।কোৰ্বা পাৰে কুম্পান্নীৰ চাকৰি ।আমাৰ জঙাৰেৰ সন্মান আছে ।"সুলতাই নামাতে ।একেথৰে চাই থাকে জুহালৰ জুইকুৰা ।ৰম্ভাই ক'বই ।বপেকে চকুমুদাৰ পিছত বা-বতাহ নলগাকৈ ডাঙৰ কৰিছে সিঁহতক বাপুকণে পিয়াহ খাবলৈ নৌ এৰোতেই ৰম্ভাৰ বিয়া পাতি দিছে সুলতাই ।ওঠৰ বছৰ বোধহয় হোৱাই নাছিল ।পঢ়াশুনাত মতি গতি নাই ।গতিকে গ্ৰাহকৰ মন খাওঁতেই জালি বুটলি হ'লেও বিয়াখন নিদিলে যৌৱনে ভাটি দিয়াৰ পিছত তাইৰ নিচিনা ছাল ছিগা ভিকহুৰ ঘৰলৈ কোনেও ছোৱালী সুধিবলৈ নাহে ।মাষ্টৰবাবুইও কৈছিল নহয় -"লতা সময়ৰ শৰ সময়মতে মাৰিবি । তেহে শৰ পহুৰ মাংস খাব পাবি ।" শৰপহুৰ মাংস নহলেও ব্ৰইলাৰৰ মাংসৰে কুৰ্মা গোষ্ঠী ৰাইজ আয়তীক দুদিন দকছি খুৱাইছে তাই ।যাব পাৰে মাটি দুবিঘা বন্ধকীত ।পৰৰ ঘৰত বনকৰা বাঁৰী তিৰোতাই যি বিয়া পাতিছে ,তাইৰ লেভেলৰ কেইজনী শাখা সেন্দুৰ থকা তিৰোতাই পাতিব পাৰিছে ?সেয়ে একমাত্ৰ সম্পত্তি মাটি দুবিঘা মাষ্টৰৰ তাত বন্ধকীত থলেও দুখ নাছিল সুলতাৰ ।নাছিল আফচোচ ।মঙহেৰে উগাৰি খাই চোতালৰ সৰুমালাৰ তলত বিনয়েৰে ৰৈ থকা সুলতাক দুই চাৰিজনে যেতিয়া কয় "খানা ভাল হছি লতা ।তোৰ নাম জালিছি ।" সুলতাৰ দুচকু ভিজি আহে আনন্দত ।
আগৰ সেই উছাহ উদ্দীপনা সুলতাৰ এতিয়া নাই ।থাকিবনো কেনেকৈ ।শৰীৰ শুকাই ক্ষীণাই জেংখৰিহেন হৈছে । সুলতাৰ তেজৰ গতিবেেগ বাঢ়িছে ।বঢ়িছে চেনীৰ পৰিমাণ ।দুচকুত এক অদৃশ্য জালিকা ।কলিজাৰ সংক্ৰামণ ।স্নায়ুৰোগত আক্ৰান্ত সুলতাৰ হাতৰ আঙুলি গাগিণীৰ ফিচাৰ দৰে কঁপি থাকে অনবৰত ।মাষ্টৰ মাষ্টৰণীৰো মাত কথাৰ সুৰ সলনি হৈছে আজিকালি ।মালিক মালিকনীকো সুলতাৰ আজিকালি অচিনাকি যেন লাগে ।চকুৰে ভালদৰে তলকিব নোৱাৰে বাবে দৰমহাকেইটা লওঁতেৱো আজিকালি কিবা এটা সন্দেহ হয় সুলতাৰ ।হওঁতে দৰমহা ভালেখিনিও হয় আজিকালি ।হ'লে কি হ'ব ?দুটি পেটে দুবেলা খোৱাৰ জোখাৰে ৰাখি বাকীখিনি মাটিৰ পইচাত কাটি দিয়ে তাই ।দেহাই টানিব পৰা হৈ থাকোতে মাউৰা বাপুকনলৈ কমচে কম একঠা মাটি মোকলাব নোৱাৰিলে মাকজনীয়ে যমৰ নগৰতো শান্তি নাপাব ।
খৰ হৈ অহা মিঠৈ আৰু পিঠাগুৰিৰ মিশ্ৰণটোত এহেতা তপত মিঠৈ ঢালি লৰাই দিলে সুলতাই "গোপাল চাজা এ চাজায়ে নন্দ ৰাণী ঐ আমি হোলী খেলাও দিনে ৰাতি ।চৈতে ফাগুনৰ মাহ ৰাম গৈলা বনৰ মাহ ,সীতাকো হৰি নিলা ৰাৱণে ও হুনু কান্দি ফুৰে বনে ।"তাল খোলৰ শব্দ বাঢ়ি আহিল ।"ঐ লতা হ'ল নে?ৰাইজ পালেহিয়েই ।চচপেনটো জুহালত উঠাই দে ।"মাষ্টৰণীৰ নিৰ্দেশত লাৰুৰে ভৰি পৰা ডলাদুখন বাতৰিকাকতেৰে ঢাকি সুলতাই চাহৰ চচপেনটো জুহালত তুলি দিলে ।ঢেখালৰ ঝজলিৰ ফাঁকেৰে মাষ্টৰবাবুৰ সীমামুৰীয়া ধনীৰামহঁতৰ চোতাললৈ চালে ।এচোতাল ৰংবলীয়া মানুহেৰে ভৰি পৰিছে ধনীৰামৰ চোতাল ।উদাক্ত কণ্ঠে গাইছে,উদ্দাম হৈ নাচিছে ।সততে হলি গলি নকৰা বামুণ শূদিৰ কোঁচ কলিতা ,ধনী দুখীয়াএকেলগে হোলীগীত গাইছে ।ইটোৱে সিটোক ফাকু দিছে ।মুঠি মুঠি ফাকুৱে ৰঙীণ কৰিছে ধনীৰামৰ আকাশ ।ঢোল খোল তাল তকা পেঁপাৰ শব্দত চৌদিশ ৰজনজনাই উঠিছে ।সিহঁতৰ মাজৰে এজন হৈ ফাকু খেলি নাচ গান কৰিবলৈ সুলতাৰ পঞ্চাছ বছৰীয়া মনটোৱেও হাবিয়াস কৰি উঠিল ।
"হেৰা লতাক ভালকৈ খুৱাবাহে "যিমানেই নুখুৱাওক পৰ
পৰেই"মাষ্টৰ মাষ্টৰণীৰ কথাকেইটা সুলতাৰ কাণত থহৰকৈ বাজিল ।দেখিবলৈ টেপেলা
টেপেল হোৱা লাৰুকেইটা অলপ আগতে মাষ্টৰে চাই গৈছিল,গোঁসাইঘৰত চাকি দি যাওঁতে ।চাহৰ
কেটলীটো জুহালত বহাই দিবলৈ হুকুম দিওঁতে লাৰুৰ ডলাদুখনলৈ চাই মাষ্টৰণীয়েও মুখ
বিকটাই দিছিল ।সুলতাৰ বুজিবলৈ বাকী নাথাকিল যে তাইৰ নিশকতীয়া টেপেলা টেপেল
লাৰুকেইটাই মাষ্টৰ মাষ্টৰণীৰ মুখৰ খজুৱতিৰ কাৰণ ।মালিক মালিকনীৰ দাম্পত্যসুখৰ উৎস
।সুলতালৈ কটাক্ষ কৰি এনে মুহুৰ্তবোৰৰ শুভাৰম্ভণি কৰাটো মাষ্টৰ দম্পত্তীৰ পূৰণা
অভ্যাস ।
সুলতাৰ লাৰু বুলিলেই বুলিবৰ নাই ।কাৰোবাৰ পৈয়েকৰ
অন্নপ্ৰাসন পাতিছে ।ৰাতি লাৰুৰ নাম ধৰিব লতাক মাত,সাতমহীয়া গাভাৰী তিৰোতাৰ জেওৰা
দিয়া পাতিছে -নাৰিকলৰ লাৰু বান্ধিব লাগে ।"লতা আছে নহয় কিহৰ চিন্তা
?"সঁচাই চিন্তা নাই ।কিচিম কিচিম লাৰুকেনেকৈ কিচিম কিচিম উপাদানেৰে বান্ধিব
লাগে সেয়া সুলতাইহে জানে ।অইনৰ বাবে সেয়া সাঁথৰ ।সেই সাঁথৰৰ উত্তৰ লতাই দিব লগা
পৰিস্থিতিৰ সৃষ্টি হয়- যেতিয়া গোন্ধে আমোলমোল কৰা ধুনীয়া গোল মটোল লাৰুটো
কোনো অভ্যাগতই দন্তছিন্ন কৰি পিছত জিভা আৰু লেলাউতিৰে লেতি লৈ থাকে,পৰম
আলস্যাবেশেৰে ।লতাই সাঁথৰ নাভাঙে ।তাই বিছাৰে সেই সাঁথৰ সাঁথৰ হৈ থাকক অনন্তকাললৈ
।সুলতাই ডলা দুখনত থাহ খাই থকা লাৰুবোৰলৈ চালে ।তাইৰে লাৰু হয়নে এইবোৰ?দুহাতৰ কঁপি
থকা আঙুলিবোৰৈ চালে তাই তীব্ৰ বিতৃষ্ণাত ।"তহঁতৰ বাবে মোৰ বদনাম
।এক তীব্ৰ উত্তেজনাত সুলতাৰ সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে ।হঠাত কিবা ভাবি ঢেখালৰ আতালৰ
ফালে চালে তাই ।হাৰে নগা দা খন গ'ল কলৈ?মাষ্টৰবাবুই কাম কৰা ধাৰাল দা খন!
দৰকাৰ নাই তাইৰ আঙুলি চাঙুলিৰ। কাটি পেলাব ।সকলোৰে চকুৰ কুটা দাঁতৰ শাল হৈ জীয়াই
নাথাকে তাই ।এনেতে লতাৰ চকুত পৰিল ৰঙীণ ফাকুগুৰিৰ ঠোঙা এটা ।বাপুকন।সুলতাৰ একমাত্ৰ
পেটমোচা সন্তান ।বাৰ বছৰীয়া বাপুকণক তাই আজি কামলৈ অহাৰ পৰত উধাই মুধাই চৰিয়াইছে
।অকণমাণ ফাকু কিনি দিব নোৱাৰাৰ বাবে সি তাৰ জন্মৰ কাৰণ সুধি ব্যতিবস্ত কৰিছিল মাকক
।দেউতাকৰ মৃত্যুৰ কাৰণ মাক বুলি কান্দি কান্দি অভিযোগ কৰিছিল বাপুকণে ।দলিয়াই
দিছিল ভাতৰ কাঁহী।কেঁচা মাটিৰ মজিয়াত পৰি থকা বগা ভাতৰ দলিচাই সুলতাক
হিতাহিত জ্ঞানশূণ্য কৰি পেলাইছিল ।কেবাটাও পূৰ্ণহতীয়া চৰেৰে প্ৰত্ত্যুত্তৰ
দি ঘৰৰ বাজ হৈছিল তাই ।#দিনটো কিজানি নোখোৱা নোবোৱাকৈ সি চাঙতে পৰি আছে ।আৰু যদি
ঘৰৰ পিছৰ পুখুৰীটোত !!!সুলতাৰ বুকুখন মোচৰ খাই উঠিল ।সোঁহাতখন এক স্বয়ংক্ৰিয়
যন্ত্ৰৰ দৰে ফাকুৰ ঠোঙাটোৰ ফালে আগবাঢ়ি আকৌ পিছ হুহুকি আহিল ।দহ বছৰে কৰি নোপোৱা
কামটো তাই আজি কৰিব জানো?মাষ্টৰ মাষ্টৰণীক নোসোধাকৈ কূটা এডালো ঘৰলৈ নিয়া নাই ।আৰু
বছৰেকৰ দোমাহীৰ দিনা পুৰণি জুঠা ফাকু দিব জানো লৰাটোক ?পাৰি ।ল'ৰাটোৰ ওঁঠৰ হাঁহিৰ
তুলনাত পুৰণা ফাকুৰ প্ৰশ্নটো নগণ্য । ঔচিত্য অনৌচিত্যৰ প্ৰশ্নও অৰ্থহীন ।
"ব'ল
ব'লাবল বলা হৰি ব'ল"সুলতাই দেখিলে এজাক ৰংবলীয়া মানুহেৰে ভৰি পৰিছে মাষ্টৰ
মাষ্টৰণীৰ চোতাল ।ৰঙা নীলা হালধীয়া ঘূৰ্ণীয়মান ফাকুবোৰ আকাশত উৰি আকৌ
মানুহজাকৰ ওপৰতেই হামখুৰি খাই পৰিছে ।মানুহজাকৰ হৰিধ্বনিয়ে মুখৰিত কৰিছে চৌদিশ ।
আহ্লাদিত কৰিছে সাষ্টাংগে প্ৰণিপাত কৰা নৈষ্ঠিক(?)ধাৰ্মিক(?)মাষ্টৰ দম্পতীক
।সুলতাৰ শৰীৰেৰে তড়িৎ গতিৰে যেন বিদ্যুতপ্ৰবাহ পাৰ হৈ গ'ল ।
ইফালে
সিফালে চাই ঢেখালৰ চুকত থকা মুঢ়াটো টানি আনিলে তাই।লাৰু বান্ধিবলৈ বহা পীৰাখনো
মুঢ়াটোত তুলি দি সুলতা তাত থিয় হ'ল ।সোঁহাতখনেৰে ফাকুৰ ঠোঙাটো টানিলে ।আতালত থকা
এসোপা লাংখালিংখি বস্তুৱে চেপি ধৰিছে ঠোঙাটো ।হাৰে তাইৰ আঙুলিকেইটা অসম্ভৱ ধৰণে
কঁপিছে কিয়?ভৰিদুখনো থৰক বৰক হৈছে দেখোন ।চকু কেইটা ভিজি অষ্পষ্ট হৈ পৰিছে ৰঙীণ
ফাকুৰ ঠোঙাটো ।সুলতাই ঠোঙাটোত ধৰি টান মাৰি দিয়াৰ লগে লগে তাইৰ মুৰটো আচন্দ্ৰাই
কৰি মাটিত বাগৰি পৰিল ।ৰঙা ফাকুগুৰিয়ে সুলতাৰ ভূপতিত দেহ ধাকি ধৰিলে ।ৰংমিহলি
লাৰুবোৰ যেনি তেনি চিটিকি গ'ল।মুৰটো সামান্য উঠাই সুলতাই দেখিলে স্ফীত পেটৰ ৰঙীণ
মানুহ এজন ধুমুহাবেগে আগুৱাই আহিছে তাইৰ ফালে ।সুলতাৰ বুকুৰ ধপধপনিৰ একমাত্ৰ
সহচৰহৈ কঁপি থকা উলম্ব হাত দুখনলৈ ভ্ৰুক্ষেপ নাছিল তেওঁৰ ।ভ্ৰুক্ষেপ
নাছিল সুলতাৰ নিৰবধি লোতক দুধাৰিলৈ ।#পদূলিলৈ নিৰ্দেশ কৰা মাষ্টৰৰ তৰ্জনী
আঙুলিটোলৈ সুলতাই অসহায়ভাবে চাই থাকিল ।
প্ৰীতি মণি দাস।
সহশিক্ষয়িত্ৰী
চম্পকনগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয় ।
শিক্ষাখণ্ড-ছয়গাওঁ
অলংকৰণ :- সুকন্যা ভৰদ্বাজ
0 Comments