header ads

বিজ্ঞানৰ ইটো সিটো | Collected by Pallabi Pathak

বিজ্ঞানৰ ইটো সিটো 

বিজ্ঞানৰ ইটো সিটো | Collected by Pallabi Pathak

১) এটা শিশুৰ দেহত এজন প্ৰাপ্তবয়স্ক মানুহতকৈ অধিক হাড় পোৱা যায়।  প্ৰকৃততে আমি আমাৰ জীৱনটো ৩৫০ ডাল হাড়েৰে আৰম্ভ কৰোঁ কিন্তু বয়স বঢ়াৰ লগে লগে , এই হাড়বোৰ এডালৰ লগত আনডাল সংযোগ হৈ মুঠ ২০৬ ডাল হাড় হৈ পৰে। 

২) মানৱ শৰীৰত থকা ঘ্ৰাণ শক্তি কুকুৰৰ সমান নহ'লেও , প্ৰায় ৫০, ০০০ গোন্ধ মানৱ নাকে চিনাক্ত কৰি মনত ৰাখিব পাৰে। 

৩) আমাৰ শৰীৰত থকা মুঠ আইৰণৰ পৰিমাণ লগ লগালে এটা ৩ ইঞ্চি দীঘল গজালৰ সমান হয়। 

৪) আমাৰ দেহৰ পৰা ওলোৱা ঘামৰ ( SWEAT)  প্ৰকৃততে কোনো গোন্ধ নাথাকে। কিন্তু আমাৰ দেহত থকা বেক্টেৰিয়াৰ সংস্পৰ্শত আহিলে ই গোন্ধযুক্ত হৈ যায়।  

৫) মানুহৰ দেহত থকা কাণ আৰু নাকৰ বৃদ্ধি গোটেই জীৱন জুৰি হৈ থাকে। 

                     

*********************

সংগ্ৰাহক-

পল্লবী পাঠক। 

বিজ্ঞান শিক্ষয়িত্ৰী 

শিঙিমাৰী পুখুৰী পাৰ মধ্য ইংৰাজী বিদ্যালয় 

শিক্ষা খণ্ড- ছয়গাওঁ

 

Post a Comment

0 Comments