header ads

ফাকুৱা | Poem by Digangana Das

ফাকুৱা


ফাকুৱা  Poem by Digangana Das

ৰঙৰ উৎসৱ বুলি ক'লে,

ল'ৰা ছোৱালীৰ মন

উন্মনা হৈ উৰি ফুৰে।

সকলোতে ৰঙৰ পোহৰে

ঠাই বোৰ সুন্দৰ

আৰু

বেছি শুৱনি কৰে।

মানুহৰ জীৱনত ,

ল'ৰা ছোৱালীৰ মনত

আনন্দময় পৰিবেশে

ভুমুকি মাৰে।

বহুতৰ জীৱনৰ

ৰংহীন সময়তো

ৰঙৰ উৎসৱে

দুখৰ মাজতো

সুখৰ হাঁহি সানে।

সকলোতে হোলী গীতৰ ধ্বনিয়ে,

ৰঙৰ বাৰ্তা কঢ়িয়াই আনে।

আৰু

সেই বাৰ্তাই

ৰং বিলাই দিয়ে।

আনন্দময় পৰিবেশৰ উপভোগ কৰিবলৈ

চ'ত মাহৰ পূৰ্ণিমা তিথিৰ হোলী উৎসৱে,

পৃথিৱী খনক ৰঙীণ আশাৰ বাতৰি দিয়ে।।

 

---------------^^^---------------

নাম - দিগঙ্গনা দাস 

বিদ্যালয়- শিঙিমাৰি হাইস্কুল

শ্ৰেণী - অষ্টম

জিলা- কামৰূপ 

শিক্ষাখণ্ড- হাজো। 


অলংকৰণ :-  পল্লবী পাঠক 


Post a Comment

0 Comments