ৰ'দ ভালপোৱা মানুহ
বেঘৰ মানুহৰ মুখত
কিদৰে সানিবা আবিৰ,
বেৰঙে আৱৰিছে
সিহঁতৰ জীৱন ||
ঘনঘোৰ এন্ধাৰত
জীৱন পাৰি দি
এলেন্ধুৱা হৈ পৰিছে
বাটৰ পিছৰ বাট ||
নীৰৱ চকুলো
গোট মাৰিছে
টঙনিয়ালেও নোলায় পানী
যি পিয়াঁহৰ আহাৰ ||
সেউজীয়া প্ৰাণীৰ উশাহ
বায়ু বিছনাৰ পৰাও
তেনেই দেখি
হেঁপাহৰ গভীৰ নৈ ||
হালধীয়া মানুহবোৰে
দোতাৰা বজাই
বেঘৰ মানুহখিনিকে
ইতিকিং কৰে ||
সুমথিৰা বেলিৰ
উমাল ৰ'দজাক প্ৰিয় বাবেই
কামিজত সী লৈ
দিনটো পিন্ধি থাকোঁ ||
ৰ'দ ভালপোৱা মানুহবোৰে
দুখ বাকি খায়,
আকাল - ভঁৰাল বুলিবলৈ
দুয়োটাই যে শূণ্য
সিহঁতৰ ||
( কবিতাটো 'বেঘনীসেহাসুৰ' শব্দটোৰে সজোৱা হৈছে |
)
হেমেন চন্দ্ৰ হাজৰিকা
সহঃ শিক্ষক
বিৰোগাঁও এম. ভি
স্কুল
ৰামপুৰ শিক্ষাখণ্ড
||
অলংকৰণ :- সুকন্যা ভৰদ্বাজ
0 Comments