header ads

শিল্পীৰ বাটৰ খোজ বিচাৰি | A poem by Saraswati Dutta

শিল্পীৰ বাটৰ খোজ বিচাৰি

শিল্পীৰ বাটৰ খোজ বিচাৰি | A poem by Saraswati Dutta

হে' শিল্পী , বীৰেন্দ্ৰ সিংহ, তুমি আজি আহিছিলা ,
মুঠি মুঠি পোহৰ সিঁচি সিঁচি
কামৰূপৰ জ্ঞানমৰ পদুলিমুখলৈ বুলি l
কি সুন্দৰ আছিল সেই দিনটি
যিদিনা তোমাৰ শিল্পী হাতৰ মৃদু স্পৰ্শত ,
উন্মোচিত হৈছিল ' জ্ঞানম ' তৃতীয় খণ্ডটি ।
হে শিল্পী, তোমাক শত শত প্ৰণাম ,
তুমি কৈ গৈছিলা হৃদয়ত জপাৰ কাপোৰ
জপা দি থুপ খাই থকা আকাশ , সাগৰ
নদী , পাহাৰ আৰু কেঁচা মাটিৰ গোন্ধবোৰ ।
কৈ গৈছিলা মনৰ আৰু কল্পনাৰ পৃথিৱী খনৰ কথা ,
শৈশৱৰ গাওঁখনৰ কথা , বৈ থকা নৈৰ কথা ,
যিখন নদী এতিয়া মৰা নদী হল ,
কিন্তু বুকুৱেদি এতিয়াও বৈ আছে
সেই নদী , সেই আলিকেকুঁৰী , সুৰসুৰীয়া বাট
কাষত কলহ লৈ , হাঁহিৰ কিৰিলিৰে
এজাক পাট-গাভৰুৰ জাক l
আৰু কৈছিলা লমা - লমে গজা
হৃদয়ৰ সপোনবোৰৰ কথা ,
দিব্য সপোনত মানুহে স্নান কৰে
নিশাৰ সপোনত ঘূৰি ফুৰে ,
কিন্তু আধাতে সপোন বোৰ জাহ পৰে !
'জ্ঞানম' পৰিয়ালে শুনি আছিল তোমাৰ
জীয়া জীয়া সপোনৰ ৰঙবোৰ ,
বুকুত ঠাহ খাই থকা মানুহৰ প্ৰতি থকা মৰমবোৰ
নীৰৱে নিতালে ....!
হে ' শিল্পী, তোমাৰ তুলিকাৰে বোৱাই দিয়া
শান্তিৰ নিজৰা , নমাই অনা ধৰালৈ চিৰ বসন্ত ,
তোমাৰ সৃষ্টিতেই প্ৰাণ পাই উঠক কত গান ,
কবিতা আৰু সভ্যতাৰ উত্থান - পতন l
হে শিল্পী, তুমি আকৌ আহিবা জোনাকী পৰুৱা হৈ
'জ্ঞানমৰ' জ্ঞানৰ ফুলনিখনলৈ ,
হে ' শিল্পী, তোমাক জনাওঁ প্ৰণাম ,
তোমাৰ জ্যোতিৰে হওঁক জয়জয়কাৰ ।

******************************



শ্ৰীসৰস্বতী দত্ত

প্ৰধান শিক্ষয়িত্ৰী
ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়
হাজো শিক্ষাখণ্ড


অলংকৰণ :- পূবালী শইকীয়া  দাস



Post a Comment

0 Comments