Labels

অনুবাদ সাহিত্য | ডিচ্চিৰ কথাৰে | Translated by Krishna Sonowal

 ডিচ্চিৰ কথাৰে

অনুবাদ সাহিত্য  ডিচ্চিৰ কথাৰে  Translated by Krishna Sonowal


ধুম ধাড়াক্কা !

ধুম ধাড়াক্কা !

ধুম ধাড়াক্কা ধুম !!

        ওখ গছজোপাৰ একেবাৰে ওপৰৰ ডালটোত বহি ডিচ্চিয়ে তাইৰ সৰু ঢোলটো বজাবলৈ ধৰিলে | ঢোলৰ মাত শুনি তাইৰ সৰু ভায়েক তিনিটাও এটা এটাকৈ ডাঙৰ জোপোহা গছডাল বগাই ওপৰলৈ উঠি আহিল  আৰু সিহঁতৰ মৰমৰ ভেঁড়াটোৱে তলৰ ঘাঁহনিতে ইফালে সিফালে চৰি পায়চাৰি কৰি ফুৰিল |

ডিচ্চি !  ওখ দেৱদাৰু  , পাইন গছবোৰৰ মাজেৰে ককাকৰ মাত প্ৰতিধ্বনিত হৈ অহা তাই  শুনিববৈ পালে  ,. তেওঁ যে তাইকে ৰিঙিয়াই মাতি আছে। 

  আঁহা   আইতাৰাৰ ওচৰৰপৰা আঁহোগৈ আমি , নদীখন পাৰ হব লাগিব নহয় ! লৰাহঁত , তোমালোকে ভেঁড়াটোক ভালকৈ লৈ যাবা দেই ঘৰলৈ |

আমিও যাম ককা শ্যামে  চিঞঁৰি কলে  |

এইবাৰলৈ নহয় , পিছত যাবা ককাকে দৃঢ়ভাৱে কলে  |

ডিচ্চি আইতাৰাৰ কাষত কেইদিনদিন থাকিব চোৱা-চিতা কৰিবলৈ ; তেওঁ এতিয়া বৰ অসুখীয়া |

        ককাকে তেওঁ লগত অনা গাধটোক নদীৰ পানীৰ মাজেৰে আগুৱাই লৈ গল | ডিচ্চিয়ে তাইৰ চোলাটো পানীত নিতিতাকৈ ওপৰত কোঁচাই ললে  | তাইৰ ভৰিৰ আঙুলিত নদীৰ চেঁচা পানী লগাত তাই পুলকিত হৈ স্ফূৰ্তিতে পানীত জঁপিয়াই উঠিল  | তাকে দেখি কাষতে  নদীত জাল পেলাই মাছ ধৰি থকা খুড়াকে কৈ উঠিল , এই সাৱধান , পৰি যাবা |

        তেনেতে হঠাতে নদীত এটা বৃহৎ ঢৌ বাগৰি অহাত তত্ ধৰিব নোৱাৰি ডিচ্চি বাগৰি পৰিবই ওলাইছিল ; খুড়াকে লৰি গৈ তাইক ধৰাতহে কথমপি পানীত নপৰিল তাই |

        পিছে তাইৰ বাওঁ ভৰিখন  পানীৰ তলত থকা প্ৰকাণ্ড শিল এটাত উজুটি খাই তললৈ সোমাই গল | গাধটোৰ সৈতে আগে আগে গৈ থকা ককাৰ মাত পানীৰ সোঁতৰ শব্দৰ সৈতে মিলি পৰিছিল | পানীৰ কোবাল সোঁতত গাধটো আনফালে উটি গৈছিল , তাৰ পিঠিত বোজা কৰি অনা লাম-লাকটুবোৰ পানীত সিঁচৰতি হৈ পৰিছিল | 

        খুড়ায়ো কেনেবাকৈহে পানীত নিজৰ থৰকাচুটি নেহেৰোৱাকৈ আছিল  | তেওঁ  ডিচ্চিৰ ভৰিখন শিলটোৰ ফাঁকৰপৰা ওলাবৰ বাবে পাৰেমানে চেষ্টা কৰি আছিল উহ , বেচেৰীজনী !!  

        লাহে লাহে বোকাময় পানীবোৰ নদীৰ সোঁতত আহি  তাইৰ শৰীৰত বাগৰি পৰিছিলহি | প্ৰচণ্ড ঠেলা এটা মাৰি অৱশেষত খুড়াকে তাইৰ ভৰিখন শিলৰ ফাঁকৰ মাজৰপৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল | বিষ যন্ত্ৰণাত কেঁকাই খুড়াকৰ কোলাত উঠি তাই ঘৰ পালেগৈ | মাকে তাইক তেনে অৱস্থাত দেখি উধাতু খাই লৰি আহিল আৰু ৰাউচি জুৰি বিনাবলৈ ধৰিলে , বাওঁ ভৰিৰ বিষত ৰ’ব নোৱাৰি তাই ঢলি পৰিল  |

        ডিচ্চিক মাকৰ সৈতে থৈ খুড়াকে এইবাৰ ককাকক বিচাৰি ওলাল | কিন্তু বহুত বিচৰাৰ পিছতো ক’তো ককাকৰ কোনো সন্ধান পোৱা নগ’ল | কিছুদিনৰ পিছত নদীৰ পাৰত ককাকৰ মৃত শৰীৰ উদ্ধাৰ হৈছিল | 

        আমন-জিমনকৈ ডিচ্চি ঘৰৰ চোতালত বহি  কিছুমান ভাৱত বিভোৰ হৈ আছিল | কোনোবাই কোৱা তাইৰ মনত পৰিছিল যে বহিৰাগত বিভিন্ন কোম্পানীৰ লোক আহি সিহঁতৰ নদীৰ পাৰৰ ভালেমান গছ কাটি নিছিল | গছবোৰ কাটি নি তাৰে হেনো সিঁহতে ক্ৰিকেট খেলৰ বেট আৰু আন বিভিন্ন খেলা সামগ্ৰী সাজে | তাইৰ বৰ খং উঠিছিল “ কিয় কাটি তহিলং কৰে আমাৰ গছবোৰ ?  নাজানেনে তেওঁলোকে তেনেকৈ গছবোৰ  সোপাকে কাটি নি নি শেষ কৰাৰ বাবেই সৌ পাহাৰৰ ঢাপৰ মাটিবোৰ খহি আহে নদীলৈ !! আৰু  বাম হৈ পৰে আমাৰ নদীখন , এটা ঢৌৱেই বানৰ সৃষ্টি কৰি কত যে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিলে !! নুবুজেনে তেওঁলোকে ? “ আৰু তাইৰ মৰমৰ ককাকজন …. তেওঁকোতো হেৰুৱালে তাই !! বিমৰ্ষ হৈ তাই দুখ পোৱা বাওঁ ভৰিখখনৰ আঁঠু অংশত চুই চালে | 

        পাহৰিব পাৰিবনে তাই কেতিয়াবা সেই হিমশীতল নদীৰ পানী ? তাইৰ এতিয়াও মনত পৰে  সিদিনাৰ সেই ভয়াবহ মুহূৰ্তখিনি …  

        নাই নাই … খুড়াকে তাইক প্ৰায়ে কয় আমি সদায় ভাল কথাবোৰ মনলৈ আনিব লাগে  , সদায় ভাল ভাল চিন্তা কৰিব লাগে | কথাখিনি মনলৈ অহাৰ লগে লগে তাইৰ ভিতৰত এক অদম্য সাহস জাগি উঠিল যিয়ে তাইৰ সকলো ভয়, বেয়া চিন্তা পলকতে  দূৰ কৰি পেলালে | এতিয়াও তাইৰ কাষত তাইৰ সাদৰী মাকজনী আছে , মৰমৰ ভায়েককেইটা আছে | খুড়াক খুড়ীয়েকেও সিহঁতৰ বৰ যতন লয় | নিজৰ সন্তান তেওঁলোকৰ নাই |  ডিচ্চিয়ে খুড়াকক নিজৰ ককাকৰ সমানেই ভাল পায় , পিছে যেতিয়া তাই খুড়ীয়েকে তাইৰ মাকক কোৱা শুনে যে খুড়াকৰ  জুৱা খেলা অভ্যাসৰ বাবে আজিকালি বৰ সমস্যা হয় বুলি, তেতিয়া তাইৰ কুমলীয়া মনটো মোচৰ খাই যায় …  “ খুড়া !!.. জুৱা খেলে !! এয়া হ’ব পাৰেনে !?” 

        সময়বোৰ নিজ গতিৰে গৈ থাকে | সময়ৰ লগে লগে ডিচ্চি আৰু তাইৰ মৰমৰ পৰিয়ালটোও  এক নিৰ্দিষ্ট জীৱনশৈলীত বান্ধ খাই পৰে |



        ডিচ্চিয়ে তাইৰ ঘৰৰ কাষৰ অৰণ্যখনৰ গছবোৰৰ সৈতে উমলি বৰ ভাল পায়  | এদিন তাই অকলে গৈ গছ এজোপাৰ ডাল এটাত বহি  তলৰ ঘাঁহনিলৈ চাই আছিল , এনেতে তাইক গছজোপাই কাণে কাণে যেন ক’লে , “ মোৰ ডালবোৰ ক্ষীণ , চুটি  কিন্তু মজবুত, শক্তিশালী“ |



        ডিচ্চিয়ে তাই বহি থকা ডালটোৰপৰা কিছু আৰু ওপৰত থকা ডাল এটালৈ বগাই  গৈ  তাত থকা চৰাইৰ বাঁহটো নিৰীক্ষণ কৰাত লাগিল | তেনেকৈয়ে কিছুপৰ মগন হৈ থাকিল তাই | 

        “ ডিচ্চি , সভা আৰম্ভ হ’ল , সোনকালে আঁহা “ , ভায়েক শ্যামৰ গগনফলা চিঞঁৰ শুনি তাই একেকোবে বিজুলী গতিৰে গছৰ ওপৰৰপৰা নামি আহিল | তলত নামি তাই তাৰ পিছে পিছে সভা বহা গছজোপাৰ তললৈ বুলি খোজ ল’লে | ইতোমধ্যে গাঁৱৰ ৰাইজ আহি গৌৰী নামৰ বয়োজেষ্ঠ্য মহিলাগৰাকীক আগুৰি চাৰিওফালে বহি পৰিছিল | 

        সভা আৰম্ভ হৈছিল | গৌৰীয়ে ভাষণত ক’বলৈ ধৰিলে , “ আমি নিৰক্ষৰ হ’ব পাৰোঁ , কিন্তু আমি অজ্ঞানী নহওঁ |  আমি আমাৰ অঞ্চলৰ অমূল্য গছবোৰ কাটি তহিলং কৰিবলৈ নিদিওঁ  , কোনো বহিৰাগত কোম্পানীয়ে আমাক চলাহী কথাৰে পতিয়ন নিয়াই গছ নিলামত দিব নোৱাৰিব |  যেতিয়া কোম্পানিৰ ঠিকাদাৰ চন্দ্ৰ আহি লগত অনা শ্ৰমিকসকলক কুঠাৰেৰে এফালৰপৰা গছবোৰ কাটি যাবলৈ নিৰ্দেশ দিব, তেতিয়া আমি সকলোৱে আগবাঢ়ি গৈ আমাৰ গছবোৰক জোৰকৈ সাৱতি ধৰিমগৈ  | আৰু  সংহাৰ হ’বলৈ দিব নোৱাৰি |"

        সকলোৱে গৌৰীৰ কথাত হয়ভৰ দি  শ্ল’গান দিব ধৰিলে |  ডিচ্চিয়েও তাইৰ সৈতে থকা সৰু ঢোলটোতে চেও কেইটামান দি স্ফুৰ্তিতে জুৰিলে – 

ধুম  ধাড়াক্কা  !  ধুম  ধাড়াক্কা  !

ধুম  ধাড়াক্কা ধুম  !! 

        তাইৰ পিছে পিছে গাঁৱৰ আন শিশুবোৰো আহি তাইক যোগ দিলেহি | ডিচ্চিৰ মনোবল বাঢ়িল | তাই সকলোকে সুধিলে , “ কোৱাচোন বাৰু  , অৰণ্যই আমাক কি দিয়ে  , কি কি পাওঁ আমি অৰণ্যৰপৰা  ?”

“ মাটি  , পানী  আৰু বিশুদ্ধ বায়ু পাওঁ  |” সকলোৱে সমস্বৰে চিঞঁৰি উত্তৰ দিলে | 

        কিছুপৰ পিছতেই কোম্পানিৰ ঠিকাদাৰ চন্দ্ৰৰ নেতৃত্বত বহুসংখ্যক শ্ৰমিক তাতে উপস্থিত হৈ  এফালৰপৰা বগা চকমাটিৰ পেঞ্চিলেৰে গছবোৰৰ গাত  ‘  × ‘ চিহ্ন দি যাবলৈ উদ্যত হ’ল | গাঁৱৰ ৰাইজৰ মাজত হুৱাদুৱা লাগিল | খঙত একো নাই হৈ তেওঁলোকে কুঠাৰৰ ঘাপ খাবলৈও আগবাঢ়ি আহিল আৰু নিজৰ শ্ল’গান সজোৰে অব্যাহত ৰাখিল | 

“ আমি আমাৰ গছবোৰ কাটি পেলাবলৈ নিদিওঁ … সকলোৱে ওলাই আঁহা  , সজাগ হোৱা  আৰু  গছ কাটিবলৈ অহা মানুহবোৰক খেদি পঠাওঁ আঁহা 

ধুম ধাড়াক্কা  ধুম ধাড়াক্কা 

ধুম ধাড়াক্কা ধুম 

ঠিকাদাৰ চন্দ্ৰই পৰিস্থিতি বিষম দেখি এক আসুৰিক অভিব্যক্তি প্ৰকাশ কৰি  সকলো শ্ৰমিকসহ বাছত উঠি তাৰপৰা গুচি গ’ল |

        পিছদিনাও সকলোৱে নিজৰ আন্দোলনক এক সফল ৰূপ দিবৰ বাবে ভাগে ভাগে উঠি পৰি লাগিল | এক সজাগতা অভিযান আৰম্ভ কৰা হ’ল | শিশু সকলো বাদ পৰি যোৱা নাছিল – সিহঁতে ৰাইজক সজাগ কৰিবলৈ নতুন নতুন শ্ল’গান প্ৰস্তুত কৰিছিল ,  নিজৰ নিজৰ  ফলিত  বিভিন্ন গছৰ ছবি আঁকিছিল  , ঢোল বজাই নৃত্য কৰিছিল | 

“ আমাৰ মাটি  ,  আমাৰ  পানী  , অৰণ্যও আমাৰেই  |

আমাৰ পূৰ্বজসকলে ৰুই যোৱা সম্পদক ৰক্ষাৰ দায়িত্বও আমাৰেই |  “

ধুম ধাড়াক্কা ধুম ধাড়াক্কা

ধুম ধাড়াক্কা  ধুম  !!

        বিদ্যালয় ছুটীৰ পিছত ডিচ্চি আৰু তাইৰ ভায়েকসকলে সিহঁতৰ ভেঁড়াটোক চৰাবলৈ অৰণ্যখনলৈ গৈছিল | গাঁৱৰ আন শিশুসকলৰ  দৰেই সিহঁতেও অৰণ্যৰ গছবোৰক সন্ধিয়া বেলি পৰালৈকে সাৱতি ধৰি থাকিল | সন্ধিয়া ঘৰলৈ উভতাৰ পথত সিহঁতৰ মূৰৰ ওপৰত এজুম জোনাকী পৰুৱাই ভিৰ কৰিছিলহি |

        ডিচ্চিৰ পিছে  তেতিয়াও ঘৰলৈ উভতিবৰ সমূলি মন নাছিল , মৰমৰ গছডাল সাৱতি তাই বহুসময় আত্মবিভোৰ হৈ আছিল , যেনিবা গছডালৰ সৈতে তাই কাণে কাণে কিবা কথাহে পাতিছিল! 

 “ মোৰ মৰমৰ গছডালক কোনেও একো কৰিব নোৱাৰে !! “ নিজকে ক’লে ডিচ্চিয়ে  | 

সময়ে সকলো ঠিক কৰি দিয়ে… সকলো ঠিক হৈ যাব --- তাই নিজকে প্ৰবোধ দিলে  | ভাল কথা ভাবি বৰ জোৰ পায় তাই মনত !

ৰাতিৰ আন্ধাৰ ঘন হৈ আহিছিল..  সকলো এতিয়া নিজৰ নিজৰ ঘৰত..|

হঠাতে অৰণ্যৰ জীৱবোৰ যেন ৰাতি বিদাৰি ভয়তে চিঞঁৰিবলৈ ধৰিছিল | এখন জনপূৰ্ণ বাছ আহি পাহাৰটিলাটোৰ কাষতে ৰৈছিলহি… একে পোছাক পিন্ধা শ্ৰমিকবোৰ এজন এজনকৈ  নামি আহিছিল বাছৰপৰা | মুখত এমোকোৰা  কৰ্কশ হাঁহি লৈ সকলোৰে শেষত সেয়া চন্দ্ৰ  ঠিকাদাৰ | ৰাতিৰ ঘোৰ অন্ধকাৰত সিহঁতৰ খোজবোৰ  পাহাৰৰ টিলাত প্ৰতিধ্বনিত হৈছিল |



সকলোতকৈ পিছত অৰণ্যৰপৰা উভতি ঘৰলৈ বুলি বাট লোৱা ডিচ্চি তেতিয়াও ঘৰ পোৱাগৈ নাছিল | ছকামকা পোহৰত তাই গছৰ পাতৰ ফাঁকেৰে মানুহবোৰক দেখি বিতত হৈছিল  | 

“ মোৰ মৰমৰ গছডাল নোৱাৰা তোমালোকে কাটি পেলাবলৈ  , বচোৱা… মোৰ গছডালক বচোৱা কোনোবাই “

  উশাহ  ঘন হৈছিল তাইৰ | কি কৰিব ভাবি নাপাই তাই ঘৰমুখে তৰানৰা ছিঙি দৌৰিছিল | আজি তাইৰ কণমানি কলিজাখনো  কঁপি তাইৰ  ঢোলটোৰ দৰেই  জোৰ জোৰকৈ শব্দ কৰিছিল | 



ধুম ধাড়াক্কা  ধুম  ধাড়াক্কা 

ধুম  ধাড়াক্কা  ধুম  !! 



“ সহায় কৰা  , ওলাই  আঁহা “ -- জোৰকৈ জোৰকৈ চিঞঁৰি চিঞঁৰি তাই প্ৰাণেপনে মাথোঁ দৌৰিছিল আৰু দৌৰিছিল |

“ মা “ , ঘৰ পাই ডিঙিৰ  হেপ ঢুকি কোনোমতে  তাই মাকক মাত লগাইছিল   | মাকে বাহিৰলৈ লৰালৰিকৈ ওলাই গৈছিল | 

“ মা , মোৰ গছজোপা…  মা … সিহঁতে … মা … “ , ফোঁপাই  ফোঁপাই ক’বলৈ চেষ্টা কৰিছিল তাই | 

“ কি হ’ল ? কোন ‘সিঁহত’ … লাহে লাহে কোৱা… পানী অলপ খোৱাচোন  “ মাকে কৈ উঠিল|

“ সেই যে গছ কটা মানুহবোৰ…  আকৌ আহিছে মা … ডাঙৰ ডাঙৰ কুঠাৰ লৈ আহিছে … বাছ এখনত আহিছে … বহুত মানুহ, মা  !! “ 

“ তাৰমানে সেয়া চন্দ্ৰ ঠিকাদাৰে অনা মানুহ … আমাৰ গছবোৰ কাটিবলৈ আহিছে  , ৰ’বা , আমি সোনকালেই কিবা এটা কৰিব লাগিব “






“ তুমি ইয়াতে ৰোৱা মা , মই সকলোকে মাতি একগোট কৰি আনোঁ “ , কিবাকৈ উশাহটো লৈ ডিচ্চিয়ে বৰ কৰ্তৃত্বশীলতাৰে কৈ উঠিল |

ডিচ্চিয়ে তাইৰ ঢোলটো লগত লৈ ভায়েকহঁতৰ লগত ওলাই গ’ল 

সকলোকে চিঞঁৰি চিঞঁৰি মাতিলে | 

“ আমি সকলোৱে মিলি কিবা এটা কৰিবই লাগিব … সকৱোৱে ওলাই নাহিলে তেওঁলোকক ৰুদ্ধ কৰা সহজ নহ’ব !! “ ডিচ্চিৰ মাকে ক’লে |



সকলো মানুহ এজনকৈ এজনকৈ গোট খালে | গাওঁখনৰ বয়োজ্যেষ্ঠা  গৌৰীয়ে ক’লে , “ আমি নিশ্চয় তেওঁলোকক বাধা দিম  , কিন্তু আমি ধ্যান ৰাখিব লাগিব কোনেও যাতে হিংসাৰ আশ্ৰয় নলয়  |” 



ডিচ্চিৰ মনটো আনন্দত জঁপিয়াই উঠিল… 



ধুম ধাড়াক্কা  ধুম  ধাড়াক্কা 

ধুম ধাড়াক্কা ধুম 



তাই সকলোকে চিঞঁৰি ক’লে , “ সকলোৱে গছবোৰক সাৱতি ধৰি থাকিবা | “ 

এইবাৰ তাই পুনৰ চিঞঁৰি সুধিলে , “ অৰণ্যৰপৰা আমি কি কি পাওঁ  ? “

------- “ মাটি  , পানী  , বিশুদ্ধ  বায়ু “ , সকলোৱে সমস্বৰে চিঞঁৰি উত্তৰ দিলে |

‘  × ‘ চিহ্ন দি যোৱা গছবোৰত আঙুলিৰে চুই উচুপি উঠিল কণমানি ডিচ্চি , “ কেনেকৈ এই নিৰীহ গছবোৰক কাটি পেলাব পাৰে সিহঁতে !!”



সমুখত চন্দ্ৰ ঠিকাদাৰক দেখি তাই জোৰকৈ গছজোপাক সাৱতি ধৰি ক’লে  ,  “ নোৱাৰা তোমালোকে মোৰ গছডাল কাটিবলৈ …” 



চন্দ্ৰ ঠিকাদাৰে তাইক হাতেৰে টানি গছজোপাৰপৰা  আঁতৰাই আনিব খুজিলে | 

ঠিকাদাৰৰ পিছফালে থিয় হৈ থকা মানুহবোৰৰ মাজৰপৰা এযুৰি চকুৱে ডিচ্চিক বৰ আচৰিত কৰি তুলিলে .. চকুত চকু থৈ তাই কৈ উঠিল ,  “ খুড়া  !!!! তুমিও  ?? “

তলমূৰ কৰি খুড়াকে উত্তৰ দিলে , “ জুৱা খেলি মই সকলো ধ্বংস কৰি পেলালোঁ, মাজনী .. মই বহুত ধৰুৱা হ’লোঁ , কাম বিচাৰিও কোনো কাম পোৱা নাই |” 

ডিচ্চি আৰু ভায়েককেইটাই দৌৰি গৈ খুড়াকক সাৱতি ধৰিলেগৈ | 

 “ তুমি ভুল কৰিবলৈ ওলাইছিলা খুড়া , আমি সকলোৱে মিলি কাম কৰি ধাৰ পৰিশোধ কৰিব পাৰিম , আমি এখন উৰা-চাদৰ বৈ তাক বিক্ৰী কৰিও ধন ঘটিব পাৰিম, খুড়া “, ডিচ্চিয়ে ক’লে |

ৰামেও বায়েকৰ কথাত সুৰ মিলাই ক’লে , “ মই দোকানত কাম কৰি তোমাক সহায় কৰিম, খুড়া। “

শ্যামে ক’লে , “ মই পানী যোগানৰ কাৰখানাত কাম কৰি তোমাক সহায় কৰিব পাৰিম , খুড়া। 


খুড়াকৰ দুচকুৰে চকুলো বাগৰি আহিল , চন্দ্ৰ ঠিকাদাৰে তেওঁক দিয়া গাৰ পোছাক তেওঁ সোলোকাই পেলালে | হাতত ডিচ্চিৰ ঢোলটো লৈ তেওঁ জুৰিলে  ---- ধুম ধাড়াক্কা  ধুম ধাড়াক্কা ধুম  ধাড়াক্কা ধুম …. !! 

 “ সকলোৱে কোৱা… অৰণ্যই আমাক কি কি  দিয়ে ?” 

“ মাটি  , পানী  আৰু বিশুদ্ধ বায়ু  “ – সকলোৱে ক’লে |

“ মূৰ্খ … অৰণ্যৰপৰা আমি পানী, বায়ু নাপাওঁ .. কাঠ পাওঁ , ৰেজিন পাওঁ আৰু আৰ্থিক মুনাফা পাওঁ |” , বীৰদৰ্পে  কৈ  উঠিল চন্দ্ৰ ঠিকাদাৰে  |

“ শুনা ল’ৰাহঁত , সকলোবোৰ গছ এফালৰপৰা কাটি যোৱা , এডালো নেৰিবা |” , শ্ৰমিকবোৰক নিৰ্দেশ দিলে চন্দ্ৰ ঠিকাদাৰে |


“ নাই নাই , আমাৰ গছবোৰ নাকাটিবা , কাতৰকৈ কৈছোঁ গছবোৰ নাকাটিবা “ , ডিচ্চিয়ে সজোৰে গছডালত ধৰি ঠিকাদাৰক অনুৰোধ কৰিলে | 

“ গছবোৰেই আমাৰ ৰক্ষক |” 


“ তাই ঠিকেই কৈছে  , বান আহোঁতে তাই ককাকক হেৰুৱাব লগা হৈছিল |” , খুড়াকে যোগ দিলে তাইৰ কথাত |



ঠিকাদাৰে কাৰো কথাই গ্ৰাহ্য নকৰি গছ কাটিবলৈহে শ্ৰমিকবোৰক লৰালৰি কৰিবলৈ ক’লে | 

চাৰিওফালে কান্দোনৰ ৰোল উঠিল | 

ৰাতিৰ বতাহত কান্দোনৰ মাত বহু দূৰলৈ বিয়পি পৰিল 

কিন্তু কোনেও গছ এৰি আঁতৰি নোযোৱাত  উপায়ন্তৰ হৈ এজন এজনকৈ সকলো  শ্ৰমিকে হাতৰ কুঠাৰ মাটিত পেলাই দিবলৈ বাধ্য হ’ল |  নিৰাশ হৈ  চন্দ্ৰ  ঠিকাদাৰ  খঙত  ৰ’ব নোৱাৰা হ’ল | 


 ডিচ্চিয়ে নিজৰ চকুকে যেন বিশ্বাস কৰিব পৰা নাছিল … কুঠাৰ এৰি শ্ৰমিকবোৰ আঁতৰি গৈছিল  !!



“ মা , আমি কৰি দেখুৱালোঁ … এতিয়া আমি আমাৰ এই  আন্দোলন দেশৰ সকলো অংশতে বিয়পাব লাগিব, মা। “ 



গাঁৱৰ সকলোৱে  গছবোৰক সাৱতি ধৰি মনৰ উলাহতে কান্দি পেলালে |



সকলোৱে ইজনে আনজনৰ হাতত ধৰি বিজয়ৰ উল্লাসত নৃত্য কৰিব ধৰিলে |




   ডিচ্চিৰ মৰমৰ গছবোৰে বতাহত হালি জালি নাচি উঠিল | 

“ ময়ো তোমাৰ দৰেই … শক্তিশালী আৰু সাহসী … “ , গছজোপাক সাৱতি ধৰি তাই নিজৰ মনতে ভাবিলে |

ভাল কথা ভাবিলেই যে তাই সকলোতকৈ বেছি শক্তি পায় | 

 

*****************************************************




মূল ৰচনা : Chipko Takes Root (জয়ন্তী মনোকৰণ) 

অনুবাদ     : কৃষ্ণা সোণোৱাল

                     সহঃ শিক্ষয়িত্ৰী, 

                     তাতিবামা আঞ্চলিক হাইস্কুল, 

                     ৰাণী শিক্ষাখণ্ড





Post a Comment

0 Comments