header ads

আমাৰ পুৰণি ৰীতি-নীতি আৰু তাত অন্তৰ্নিহিত হৈ থকা বিজ্ঞান'- এক বিশ্লেষণ | Article by Tirthamani Deka

 আমাৰ পুৰণি ৰীতি-নীতি আৰু তাত অন্তৰ্নিহিত হৈ থকা বিজ্ঞান'- এক বিশ্লেষণ


আমাৰ পুৰণি ৰীতি-নীতি আৰু তাত অন্তৰ্নিহিত হৈ থকা বিজ্ঞান'- এক বিশ্লেষণ


        ৰীতি-নীতি অবিহনে সমাজ ব্যৱস্থা অৰ্থহীন। কোনো এখন সমাজৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সমাজত প্ৰচলিত ৰীতি-নীতিয়ে। যদিওবা ১৬ শতিকাৰ পৰাই বিজ্ঞানৰ জয় যাত্ৰা বহল পৰিসৰত আৰম্ভ হৈছিল, তথাপিও তাৰ বহুবছৰ আগৰ পৰাই মানুহে বিজ্ঞান মানসিকতাৰ পৰিচয় দিছিল। ইয়াৰ জ্বলন্ত প্ৰমাণ আমাৰ পুৰণি ৰীতি-নীতিত অন্তৰ্নিহিত থকা বিজ্ঞান।
চহৰ-নগৰৰ লোকৰ কথা বাদেই দিলো। আমাৰ গাঁৱৰ হোজা অশিক্ষিত লোকসকলে যি পুৰণি ৰীতি-নীতি মানি আহিছে, তাত থকা বিজ্ঞান দেখি আচৰিত হওঁ! তেওঁলোকো একো একোজন বিজ্ঞানী।
        যদিওবা অসমীয়া সমাজত বৰ্তমান কাতি বিহুৰ দিনাখনহে তুলসীৰ তলত চাকি জ্বলাই সেৱা আগবঢ়ায়, পুৰণি কালত কিন্তু প্ৰতিঘৰ মানুহৰ ঘৰতে মহিলা সকলে গধুলি সময়ত তুলসীৰ তলত চাকি জ্বলাই প্ৰাৰ্থনা কৰা দেখা গৈছিল। দিনৰ দিনটো বিভিন্ন কাম কৰাৰ উপৰিও দুপৰীয়া আহাৰ তৈয়াৰ কৰোতে জৈৱিক ইন্ধনৰ ধোঁৱা সেৱন কৰিব লগা হয় মহিলা সকলে। তুলসীৰ তলত চাকি দিয়াটো পৰম্পৰাগত ৰীতি-নীতি যদিও তাত বিজ্ঞান লুকাই আছে। তুলসী গছে যথেষ্ট পৰিমাণে অক্সিজেন যোগান ধৰিব পাৰে। জৈৱিক ইন্ধনৰ পৰা সেৱন কৰা কাৰ্বন ডাই অক্সাইডৰ বিৰূপ প্ৰভাৱৰ পৰা তুলসী গছে যোগোৱা অক্সিজেনে যথেষ্ট সকাহ দিয়ে।
        আমাৰ সমাজত পুৰণি কালৰ পৰাই শিশু সকলৰ মুখলগা এটি লোকবিশ্বাস। শিশু সকলৰ মুখলগা ভঙা ৰীতি নীতিৰ মাজত লুকাই আছে বিজ্ঞান। শিশুসকলক যেতিয়া জুইৰ ওচৰত ৰাখি জলকীয়া, সৰিয়হ জৰাফুকা কৰি জুইত দিয়া হয়, তেতিয়া মুখলগা ভঙা হয় আৰু অসুস্থ শিশু ভাল হোৱা বুলি ভবা হয়। আচলতে ইয়াত অন্তৰ্ভুক্ত বিজ্ঞান এয়ে যে জলকীয়া জুইত পুৰিলে তাৰ গোন্ধৰ কাৰণে অকল শিশুয়ে নহয়, ডাঙৰেও হাঁচি মাৰিব লগা হয়। গতিকে এইদৰে হাঁচিমৰাৰ ফলত শিশুৰ শ্বাস-প্ৰশ্বাস সুস্থিৰ হয়; যাৰ ফলত মুখলগা বুলি ভবা শিশু সুস্থ হোৱা দেখা যায়।
        আমাৰ অসমীয়া সমাজত কোনো ব্যক্তিৰ মৃত্যু হ'লে পৰিয়ালৰ লোকসকল উপবাসে থকা ৰীতি-নীতি পুৰণি কালৰ পৰাই চলি আহিছে। যদিওবা এইয়া পুৰণিকলীয়া ধৰ্মীয় বিশ্বাস তথাপিও ইয়াতো বিজ্ঞান নিহিত থকা দেখা যায়। তিনিদিন অনাহাৰে থাকি সিদ্ধ ভাতেৰে উপবাস ভঙ্গ কৰা এক বিজ্ঞান সন্মত নিয়ম। আমি জানো যে শোকত থাকিলে মানুহৰ হজম শক্তি হ্ৰাস পায়। গতিকে সিদ্ধ ভাত, ফলমুল খালে দেহৰ অনিষ্ট সাধন নহয়।
        কাতি বিহুৰ সময়ত আকাশবন্তি জ্বলোৱা, শস্য পথাৰত চাকি জ্বলোৱা ৰীতি নীতিৰ মাজতো সোমাই আছে বিজ্ঞান। অসমীয়া চহা সমাজ কৃষিজীৱী। কাতি মাহত পথাৰৰ শস্যবোৰত ফুল , ফল হোৱাৰ সময়। এই সময়ত কৃষি প্ৰতিকূল বিভিন্ন ধৰণৰ কীট-পতংগৰ শ্ৰীবৃদ্ধি হয়। এইবোৰে খেতিপথাৰ বাৰুকৈয়ে বিনষ্ট কৰে। এইটো বিজ্ঞানসন্মত যে পোহৰৰ পিনে কীট-পতংগবোৰ যথেষ্ট পৰিমাণে আকৃষ্ট হয়। গতিকে আকাশবন্তি , চাকি আদি জ্বলোৱাৰ ফলত কীট-পতংগ বোৰৰ মৃত্যু হয়। ফলত কৃষিৰ অনিষ্ট লাঘৱ হয়।
        আমাৰ অসমীয়া সমাজত ৰাতি শাক, টেঙা, তিতা খোৱা নিষেধ। পুৰণি কালৰ পৰাই এই পৰম্পৰাগত নীতি নিয়মৰ মাজতে আছে বিজ্ঞান। ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত মানুহে সাধাৰণতে টোপনি মাৰে। এই টোপনিৰ সময়ত এই ধৰণৰ খাদ্য ভালদৰে পাচন নহয়, কাৰণ আমাৰ শাৰীৰিক শক্তি কমকৈ ব্যৱহাৰ হয়। গতিকে এই অন্তৰ্নিহিত বিজ্ঞান দেখা পোৱা যায় এই নোখোৱাকৈ থকা নিয়মত।
অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুত গৰু বিহুৰ দিনা পশুধনক লাওঁ, বেঙেনা খুৱাই সেৱা কৰাৰ পৰা গধূলি বিভিন্ন ৰীতি নীতিৰ মাজেৰে ধোৱা জ্বলোৱালৈকে বিজ্ঞান জড়িত হৈ আছে। আমি সকলোৱে গৰু বিহুৰ দিনা মাঁহ-হালধি গাত ঘঁহি লোৱা, সাত বিহুৰ দিনাখন বিভিন্ন বনৰীয়া শাকৰ ভাজি খোৱা, বহাগ মাহত নিমতিতা পাত খোৱা আদি নিয়মৰ মাজত বিজ্ঞান বিদ্যমান।মাহ-হালধি গাত ঘঁহা, বিভিন্ন শাকৰ ভাজি খোৱা,নিমপাত খোৱাটোৱে চৰ্মৰোগ হ্ৰাস ,পিত্তজনিত ৰোগ হ্ৰাস কৰে বুলি বিজ্ঞানসন্মত কাৰণ আছে।
        অসমীয়া সমাজৰ হিন্দু ধৰ্মৰ বিভিন্ন পূজা-অৰ্চনা, বিবাহ আদিত হোম-যজ্ঞ বা হোমপোৰা হয়। হোমত বিভিন্ন নীতি অনুসৰি ব্যৱহাৰ কৰা সামগ্ৰী, হোমৰ ধোঁৱা, হোমৰ ছাঁই আদিৰ বৈজ্ঞানিক ভিত্তি বিচাৰি পোৱা গৈছে। ইয়াৰ উপৰিও পূজাৰ শেষত খোৱা আমলখি, বিভিন্ন মাহ-প্ৰসাদত ব্যৱহাৰ কৰা চাউল, আদা আদিৰ প্ৰয়োগৰ মাজতো আছে বিজ্ঞান। পূজাৰ শেষত কপালত চন্দনৰ ফোঁট লোৱাটো কিছু উপকাৰী বুলি বিভিন্ন জনে প্ৰায়োগিক ভাৱে সাব্যস্ত কৰিব খোজে।
গতিকে আমি যদি আমাৰ পুৰণি ৰীতি নীতি সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰো, তেন্তে তাৰ মাজত আমি বিজ্ঞানসন্মত যুক্তি বিচাৰি পাওঁ। সেয়েহে এই পৰম্পৰাগত নিয়মৰ গ্ৰহণযোগ্যতা সদায়ে প্ৰাসংগিক।

-----------------^^^-------------


তীৰ্থমণি ডেকা
সহ: শিক্ষক(বিজ্ঞান)
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড।

Post a Comment

0 Comments