header ads

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু সমাজৰ দায়বদ্ধতা | Assamese article by Khadija Khatun

 নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু সমাজৰ দায়বদ্ধতা

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু সমাজৰ দায়বদ্ধতা

        নাৰী আৰু পুৰুষ দুটা ভিন্ন শব্দ যদিও একেটা মুদ্ৰাৰ ইপিঠি  সিপিঠি। এটাৰ অবিহনে আনটো অসম্পূৰ্ণ।  নাৰী পুৰুষৰ প্ৰতিদ্বন্দী নহয়, পৰিপূৰকহে। নাৰী আৰু পুৰুষ উভয়ৰ অৱদানতহে সমাজ এখনৰ উন্নয়ন নিৰ্ভৰ কৰে।কিন্তু পৰিতাপৰ বিষয় এয়ে যে আমাৰ সমাজত এতিয়াও অলেখ নাৰী অন্ধকাৰত ডুব গৈ আছে। নিতৌ হাজাৰ হাজাৰ মহিলা কু সংস্কাৰ, অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুমুখত পৰিব লগা হৈছে। এতিয়াও মহিলাসকলে সমাজ তথা দেশৰ উন্নয়নত সম্পূৰ্ণৰূপে সহযোগ আগবঢ়াব পৰা নাই। তাৰ কাৰণ যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে, নিৰক্ষৰতাই হৈছে অনগ্ৰসৰতাৰ মূল কাৰণ।

         কিয়নো দেশ এখনৰ উন্নয়ন নিৰ্ভৰ কৰে সেই দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। যি দেশৰ শিক্ষা  ব্যৱস্থা উন্নত আৰু প্ৰায়বোৰ লোকেই শিক্ষিত, সেই দেশৰ উন্নতিৰ ৰেখাডাল ঊৰ্ধ্বগামী। পৃথিৱীৰ উন্নত দেশবোৰৰ লগত তুলনা কৰিলে দেখা পাওঁ সেই দেশবোৰৰ লোকসকল আমাৰ দেশবোৰতকৈ বহুত ঊৰ্ধ্বত। শিক্ষা ব্যৱস্থা বহুত উন্নত। উন্নয়নৰ প্ৰথম চৰ্তই হ'ল শিক্ষা।  দেশৰ উন্নয়নৰ লগত শিক্ষাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। শিক্ষাই মানুহক জ্ঞানৰ পথ দেখুৱায়, পৰিচালনা কৰে। ভৱিষ্যত নিয়ন্ত্ৰণ কৰে। দেশৰ ভৱিষ্যত প্ৰজন্ম নিৰ্ভৰ কৰে মহিলাসকলৰ ওপৰত। মহিলাসকল শিক্ষিত হ'লেহে আমাৰ দেশৰ ভৱিষ্যত প্ৰজন্ম শিক্ষিত হ'ব। ভৱিষ্যত প্ৰজন্ম শিক্ষিত হ'লেহে দেশখন শিক্ষিত হৈ উন্নয়নৰ দিশত আগবঢ়িব পাৰিব। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল- "এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া, এগৰাকী নাৰীক শিক্ষা দিয়া মানে দহগৰাকী ব্যক্তিক শিক্ষা দিয়া,এটা পৰিয়ালক শিক্ষিত কৰা, এখন সমাজক শিক্ষিত কৰা।" যেতিয়ালৈ দেশত নাৰী সকল শিক্ষিত হৈ সু মাতৃ হ'ব নোৱাৰে তেতিয়ালৈ আমাৰ শিক্ষা ফলপ্ৰসূ হ'ব নোৱাৰে।  মহিলাসকলৰ শিক্ষাৰ ওপৰতে দেশ এখনৰ আভ্যন্তৰীণ বিকাশ নিৰ্ভৰ কৰে। তেওঁলোকৰ মাধ্যমেৰেই এখন সমাজৰ পৰা আন এখন সমাজলৈ শিক্ষা বিস্তাৰিত হয়। সেয়ে দেশৰ ভবিষ্যতৰ লগত নাৰী শিক্ষাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। আনহাতে এজন শিশুৰ প্ৰথম শিক্ষা আৰম্ভ হয় ঘৰখনৰ পৰা তথা মাতৃগৰাকীৰ পৰা। গৰ্ভতেই মাতৃৰ পৰা সন্তানে শুনে মাকৰ কথা । মাত ফুটাৰ পৰা আৰম্ভ কৰি জীৱনৰ আদি পাঠ ক খ গ ঘ সকলোবোৰ শিকে মাতৃগৰাকীৰ পৰা। সেয়ে মাতৃগৰাকীক শিশু শিক্ষাৰ প্ৰথম শিক্ষয়িত্ৰী বুলি কোৱা হয়। 

          তাৰোপৰি এগৰাকী শিক্ষিতা মহিলাৰ চিন্তাধাৰা, ভাৱভংগী যিকোনো দিশতে এগৰাকী অশিক্ষিতা মহিলাতকৈ বহুগুণে ওপৰত। এগৰাকী শিক্ষিতা মহিলাৰ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতা বহুত বেছি। যিকোনো বিষয় তেওঁলোকে সমালোচনাৰ দৃষ্টিভংগীৰে ফঁহিয়াই চাই নিজে সিদ্ধান্ত ল'ব পাৰে। এগৰাকী শিক্ষিতা নাৰীয়েহে দৈনন্দিন জীৱনৰ ঠেক পৰিসৰ ভাঙি চূৰমাৰ কৰি দিব পাৰে। শিক্ষা হ'ল ঘৰৰ চাৰি বেৰৰ দেৱালৰ মাজত আৱদ্ধ এগৰাকী নাৰীৰ বাবেই সুন্দৰ বৰ্হিজগতত প্ৰৱেশ কৰা এক উন্মুক্ত দ্বাৰ। নাৰী জাগৰণ তথা নাৰী সবলীকৰণো শিক্ষিতা মহিলাই হে আনিব পাৰে। দৰিদ্ৰতা দূৰীকৰণ, স্বাস্থ্য, সমতা, সুস্হিৰ অৰ্থনীতি, পুষ্টিহীনতা , মহিলা সবলীকৰণ আদি বিভিন্ন দিশত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

       কিন্তু দুখৰ বিষয় এয়ে যে আমাৰ দেশত মহিলা সাক্ষৰতাৰ হাৰ পুৰুষৰ তুলনাত এতিয়াও বহুত পিছ পৰি আছে।  পৃথিৱীৰ উন্নত দেশবোৰৰ লগত যদি আমাৰ দেশৰ তুলনা কৰি চাওঁ, তেতিয়া হ'লে আমি নিশ্চয় কৈ দেখা পাম যে সেইবিলাক দেশৰ মহিলাৰ সাক্ষৰতাৰ হাৰ আমাৰ দেশৰ মহিলাৰ সাক্ষৰতাৰ হাৰতকৈ যথেষ্ট ঊৰ্দ্ধত আছে। ২০১১ চনৰ জৰিপ মতে অসমৰ সাক্ষৰতাৰ হাৰ ৭৩.১৮ শতাংশ আৰু ভাৰতত ৭৪.০৪ শতাংশ।  ইয়াৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ অসমৰ ৬৭ .২৭ শতাংশ আৰু ভাৰতৰ ৬৫ শতাংশহে মাথোন। এতিয়াও অসমৰ ৩৩% শতাংশ মহিলাই লিখিব পঢ়িব নাজানে।

        মহিলা সকলৰ এনে নিৰক্ষৰতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে এখন সুন্দৰ সমাজ গঢ়াৰ স্বাৰ্থত আমাৰ দেশৰ সকলো মহিলাই সাক্ষৰ হ'ব লাগে বুলি কৈছিল। ২০০৯ চনৰ ৪ জুনৰ সাংসদৰ যুটীয়া অধিৱেশনত তেখেতৰ ভাষণ প্ৰসংগত এই কথা ঘোষণা কৰিছিল।  তেনে এক মহান উদ্দেশ্য আগত ৰাখিয়েই ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে ২০০৯ ৰ ৮ চেপ্তেম্বৰত 'সাক্ষৰ ভাৰত মিছনৰ ২০১২' কাৰ্যসূচী ঘোষণা কৰিছিল। বৰ্তমান এই কাৰ্যসূচী খন অসমৰ বাৰ খন জিলাত চলি আছে। পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ১০% লৈ বৃদ্ধি কৰা মহিলা সকলক আত্মনিৰ্ভৰশীল কৰি তোলা, এই কাৰ্যসূচী খনৰ উদ্দেশ্য।  তদুপৰি ভবিষ্যতে যাতে আমাৰ দেশখন শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, তাৰ বাবে চৰকাৰে বিভিন্ন পন্থা হাতত লৈছে। বৰ্তমান সময়ত শিশুৰ শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে ৬ ৰ পৰা ১৪  বছৰ বয়সৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰাতো বাধ্যতামূলক কৰা হৈছে। আনহাতে সাক্ষৰ ভাৰত মিছনৰ অধীনত ১৫ বছৰৰ ওপৰৰ সকলো নিৰক্ষৰ পুৰুষ মহিলাকে সাক্ষৰ কৰাৰ প্ৰয়াস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

       মন কৰিবলগীয়া কথা এয়ে যে, শিশুৰ অধিকাৰ আইন, সাক্ষৰ ভাৰত মিছন বা অন্য কোনো শিক্ষা বিষয়ক আঁচনিয়ে হওঁক বিভিন্ন কাৰণ বশতঃ এতিয়াও সম্পূৰ্ণৰূপে  সফল হ'ব পৰা নাই। আজি শিশুৰ অধিকাৰ আইনে শিশুৰ শিক্ষা বাধ্যতামূলক কৰিছে যদিও এতিয়াও সকলো শিশুকে সামৰি ল'ব পৰা নাই। ঠিক তেনেদৰে সাক্ষৰ ভাৰত মিছনেও এতিয়াও বহুত ভিতৰুৱা ঠাইৰ মহিলা সকলক চুবগৈ পৰা নাই। তাৰ বাবে অকল চৰকাৰ বা সমাজখনক দোষাৰোপ কৰি থাকিলে সমস্যাৰ সমাধান নহয়।  তাৰ বাবে আমি সমাজৰ প্ৰত্যেকজন নাগৰিকে সচেতন হ'ব লাগিব। চৰকাৰী কাৰ্যসূচী বা আইন প্ৰণয়নৰ ওপৰত ভৰষা কৰি বহি থাকিলে নাৰী শিক্ষা সম্ভৱ নহয়।  তাৰ বাবে আমি সমাজৰ প্ৰত্যেকজন নাগৰিকে সচেতন হ'ব লাগিব।  সমাজৰ প্ৰত্যেকজন লোকেই নাৰী শিক্ষাৰ বিস্তাৰৰ বাবে হাতে কামে লাগিব  লাগিব। তেতিয়াহে নাৰী শিক্ষাৰ সুফল পোৱা যাব। নাৰী শিক্ষাৰ বাবে অন্তৰায় হৈ পৰা সমস্যাসমূহৰ সমাধানৰ বাবে বিজ্ঞানসন্মত পদ্ধতি আমি হাতত ল'ব লাগিব। আমি বিভিন্ন নাৰী সংগঠনে ঠায়ে ঠায়ে কৰ্মশালা , সজাগতা শিৱিৰ, বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি নাৰীসকলক অনুপ্ৰাণিত কৰিব পাৰিলে নিশ্চয় মহিলাসকল আগবাঢ়ি আহিব।  বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ যোগেদি নাৰী সকলক বৃত্তিমূলক প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল কৰালে কিছু সুফল পোৱা যাব। নহ'লে অদূৰ ভবিষ্যতে নিৰক্ষৰ লোকসকল সমাজৰ বোজা হৈ পৰিব। দেশৰ প্ৰগতিত হেঙাৰ হৈ পৰিব। নাৰী জাতি শিক্ষিত হ'লেহে দেশৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ হ'ব।

 ******************************

খাদিজা খাতুন।

দশম শ্ৰেণী।

টুকৰাপাৰা ছোৱালী হাইস্কুল।

শিক্ষা খণ্ড- ছয়গাওঁ। 

 



অলংকৰণ :- সংগীতা কাকতি


Post a Comment

0 Comments