header ads

তত্বাৱধায়কৰ কলমেৰে | From the Editor in Charge Desk

 তত্বাৱধায়িকাৰ কলমেৰে………………….

 

মহৎ কাম মহৎ ত্যাগৰ যোগেদি সম্ভৱ’’ -বিবেকানন্দ ।

    জয় জয়তে আগন্তুক ৰঙৰ উৎসৱ ফাঁকুৱাৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ যাচিছোঁ।

    'তত্বাবধায়িকাৰ কলমেৰে..... . ..' শিতানত ৮ মাৰ্চ, ২০২১ তাৰিখে উদযাপিত 'বিশ্ব নাৰী দিৱসৰ লগত সংগতি ৰাখি শৈক্ষিক পৰিৱেশ গঠন প্ৰক্ৰিয়াত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ উপস্থাপন কৰিব বিচাৰিছোঁ।

    নাৰী প্ৰগতিৰ আধাৰ। এখন সমাজৰ প্ৰগতি সম্ভৱ হয় যদি প্ৰতিগৰাকী নাৰী শিক্ষিতা হয়। জৱাহৰলাল নেহেৰুৱে কৈছিল- "এগৰাকী পুৰুষ শিক্ষিত হোৱা মানে তেওঁ ব্যক্তিগত ভাৱে শিক্ষিত হোৱা, কিন্তু এগৰাকী নাৰী শিক্ষিতা হোৱা মানে এটা পৰিয়াল শিক্ষিত হোৱা।"

    এগৰাকী মহিলাই নিজৰ পৰিয়ালটোৰ লগতে পৰোক্ষভাৱে এখন সমাজ পৰিচালনাৰ দায়িত্ব বহন কৰে। সুস্থ সমাজ গঠনত মহিলাৰ শৈক্ষিক তথা আৰ্থ-সামাজিক স্থিতি সবল হ'ব লাগিব। মহিলাসকলৰ মাজত শিক্ষাৰ মূল্যবোধৰ প্ৰতি সজাগতা সৃষ্টি কৰি তেখেতসকলৰ অন্তৰ্নিহিত শক্তি সমূহৰ পূৰ্ণ বিকাশ সম্ভৱ কৰি তুলিব পাৰিলেহে সমাজ তথা দেশ শিক্ষা আৰু আৰ্থ-সামাজিক উন্নয়নৰ ফালে ধাৱিত হব।

    আমাৰ গ্ৰাম্যাঞ্চলত অধিকাংশ মহিলাই উপযুক্ত শিক্ষাৰ অভাৱত নিজৰ সন্তানৰ শৈক্ষিক অগ্ৰগতিৰ বুজ লব নোৱাৰাটো পৰিলক্ষিত হয়। নিজে পঢ়িব নাজানে বাবে সন্তানটোৰো পঢ়া-শুনাত গুৰুত্ব নিদিয়ে। ফলশ্ৰুতিত শিশুটি কেতিয়াবা উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। তাৰোপৰি মহিলা এগৰাকীয়ে ঘৰ বা পৰিয়াল সু-শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাত আগভাগ ল'ব পাৰে বাবেও শিক্ষাৰ প্ৰয়োজন। শিক্ষাবিদসকলৰ মতে- ঘৰখনেই শিক্ষাৰ কঠিয়াতলী,মাকেই শিশুৰ প্ৰথম শিক্ষয়িত্ৰী।" যিহেতু শিশুটি জন্মৰে পৰা মাকৰ লগতে থাকে, গতিকে মহিলাগৰাকী শিক্ষিত হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। শিশু অনুকৰণপ্ৰিয় হোৱাহেতুকে মাতৃ তথা ঘৰখনৰ আন সদস্যৰপৰা আচাৰ-ব্যৱহাৰ শিকে আৰু সকলো ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰে বাবে শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, শৈক্ষিক, সামাজিক বিকাশ সাধনত ঘৰখনেই প্ৰথম আৰু প্ৰধান প্ৰাণকেন্দ্ৰ বুলি অভিহিত কৰিব পাৰি ।

    মহিলাসকলে প্ৰাথমিক বিদ্যালয়ত পূৰ্ণাঙ্গ শৈক্ষিক গঠনত অৰিহণা যোগাব পাৰে যত শিশুয়ে সকলো ধৰণৰ বিকাশ সাধনত সুবিধা পায়। এটি সুস্থ-সবল পৰিৱেশতহে শিশুৰ শিক্ষা আহৰণৰ জৰিয়তে সৰ্বাঙ্গীন বিকাশ সাধন সম্ভৱ। বিদ্যালয় তথা সমাজত শৈক্ষিক পৰিৱেশ গঠন কৰিবলৈ হলে মহিলাসকলক এক সু-সংগঠিত ৰূপত গঢ় দিব লাগিব যাৰ দ্বাৰা বিদ্যালয়, পৰিয়াল আৰু সমাজৰ প্ৰতিটো কাৰ্যসূচীত মহিলাৰ অংশগ্ৰহণ আৰু দায়িত্ব পালন সুনিশ্চিত হব। এই ক্ষেত্ৰত চৰকাৰী বিদ্যালয়সমূহত মাতৃগোট, শনিবৰীয়া সংঘ আদি গঠনৰ জৰিয়তে শৈক্ষিক কাৰ্যসূচীত মহিলাৰ সক্ৰিয় অংশগ্ৰহণে বিশেষ ভূমিকা লোৱা পৰিলক্ষিত হৈছে আৰু শিক্ষা সজাগতাৰ মনোভাৱ গঢ় লৈ উঠিছে। তাৰোপৰি বিভিন্ন চৰকাৰী-বেচৰকাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত মহিলা সমিতি, মাতৃদল, আত্ম- সহায়ক গোটৰ সহায়ত মহিলাৰ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ বৃদ্ধিৰ লগতে শিক্ষা সচেতনতাৰ মনোভাৱ বৃদ্ধি হৈছে ।

    ‘শৈক্ষিক গোট জ্ঞানম, কামৰূপ’ আৰু ‘সমগ্ৰ শিক্ষা কামৰূপ’ৰ সহযোগত প্ৰকাশিত দু-মহীয়া ই-আলোচনী ‘জ্ঞানম’ৰ চতুৰ্থ সংখ্যাটিত ‘চিলাৰায় দিৱস’, ‘সৰস্বতী পূজা’, ’বিজ্ঞান দিৱস’, ‘পৰীক্ষা’ আৰু ‘ফাঁকুৱা’ মূল বিষয় হিচাপে উপস্থাপন কৰা হৈছে।  অহা ১৩ মাৰ্চ,২০২১ তাৰিখে 'জ্ঞানম' ৰ ৪ৰ্থ সংখ্যাটো  উন্মোচনৰ বাবে যথাসময়ত আৰু নিয়াৰিকৈ সম্পাদনা কৰিবলৈ সক্ষম হোৱা বাবে সম্পাদনা সমিতিলৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা। শ্ৰদ্ধাৰ উপদেষ্টা মণ্ডলীৰ দিহা-পৰামৰ্শ আৰু সন্মানীয় সদস্যবৃন্দৰ অহোপুৰুষাৰ্থ কষ্ট তথা ঐকান্তিক প্ৰচেষ্টা অবিহনে এয়া সম্ভৱ হৈ নুঠিলহেতেঁন। সেয়ে তেখেত সকলৰ ওচৰত মই চিৰকৃতজ্ঞ।

    সদৌ শেষত ‘জ্ঞানম’ত সন্নিবিষ্ট লেখাসমূহে পঢ়ুৱৈ সমাজ আৰু জ্ঞানমৰ শুভাকাংক্ষীসকলক যৎকিঞ্চিত হ'লেও উপকৃত কৰিব পাৰিব বুলি আমি আশাবাদী।

আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..। আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আমাৰ কাম্য।

শ্ৰদ্ধাৰে-

 

ফুলপাহি নাথ,

জিলা আঁচনি বিষয়া,

সমগ্ৰ শিক্ষা কামৰূপ তথা সদস্য সচিব,

মাণ্ডলিক কাৰ্যালয়, 

ছেবা, কামৰূপ ।।

 

Post a Comment

0 Comments