header ads

ভাৰতভূষণ দেৱচৌধুৰী দেৱৰ সৈতে এটি সাক্ষাৎকাৰ | Interview with Bharat Bhushan Dev Choudhury

 ভাৰতভূষণ দেৱচৌধুৰী দেৱৰ সৈতে এটি সাক্ষাৎকাৰ


        বৰ্তমান প্ৰায়বোৰ পৰীক্ষাৰে সময় সমাগত । অতিমাৰীৰ প্ৰভাৱত পিষ্ট শিক্ষাৰ্থীসকলে লকডাউনৰ সময়ছোৱাত এক নতুন অভিজ্ঞতা লাভ কৰিলে । অনলাইন পাঠদানে শিক্ষাৰ ক্ষেত্রখনক এক ন মাত্রা দিয়া বুলিলেও বঢ়াই কোৱা নহয়। যদিওবা অনলাইন শিক্ষাক পোনছাটেই আমি নতুন বুলি কৈ দিব নোৱাৰোঁ, তথাপি আমাৰ ৰাজ্যত --  বিশেষকৈ ভিতৰুৱা অঞ্চলবোৰত সকলোৱে এতিয়াও বৈদ্যুতিন সাধনসমূহৰ সৈতে বৰ বেছি পৰিচিত হৈ উঠাগৈ নাই । কিন্তু সময়ৰ সৈতে খোজ মিলাই পৰাপক্ষলৈকে তেওঁলোকেও চেষ্টা কৰিছে যিমান পাৰে পাঠ আয়ত্ব কৰিবলৈ । তেনে এটি পৰিৱেশৰ মাজতে এইবাৰ সকলো শিক্ষার্থীয়েই পৰীক্ষাৰ্থী হ'বগৈ। অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাবোৰো আহি পাইছে। ই-আলোচনী জ্ঞানমৰ এই সংখ্যাৰ সাক্ষাৎকাৰ শিতানৰ বাবে আমি এনে কিছুমান দৃষ্টিকোণ সন্মুখত ৰাখিয়ে 'পৰীক্ষা' শীৰ্ষক এলানি প্ৰশ্ন যুগুতাই কাষ চাপিছিলোঁ ৰাজ্যখনৰ শিক্ষাৰ দিশটোৰ সৈতে সততে জড়িত হৈ থাকি ভালপোৱা অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ সচিব মাননীয় শ্রীযুত ভাৰতভূষণ দেৱচৌধুৰী ছাৰৰ। 

জ্ঞানম : ছাৰ নমস্কাৰ গ্ৰহণ কৰিব । আপোনাৰপৰা আজি আমি বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে কিছু কথা জানিব বিচাৰিম যিহেতু এতিয়া পৰীক্ষাৰ সময়। অতিমাৰীৰ বাবে যোৱা মাৰ্চ মাহৰপৰা হোৱা লকডাউনে শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিক দিশটোত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত শিশুসকলৰ মনস্তাত্ত্বিক দিশটোও জুৰুলা হৈ নপৰা নহয়। কিন্তু সময়ৰ যুঁজত থমকি নৰৈ নিজকে জীৱনত প্ৰতিষ্ঠা কৰিবলৈ হ'লে  নিজকে সুস্থিৰ কৰি ৰাখি অধ্যয়নত ৰত হৈ থাকিবই লাগিব । এই সময়ত বিভিন্ন পৰীক্ষাৰ বাবে নিজকে সাজু কৰি থকা শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ আপুনি কি পৰামৰ্শ দিব বিচাৰিব ? 

 

দেৱচৌধুৰী ছাৰ : এইবাৰ অতিমাৰীৰ বাবে শিক্ষাৰ্থীসকলে আকস্মিকভাৱে পৰম্পৰাগত পদ্ধতিৰে শিক্ষালাভ কৰি পৰীক্ষাত বহাৰ অভিজ্ঞতাৰপৰা সম্পূর্ণ পৃথক এটি অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব, বিশেষকৈ আমাৰ কণমানিসকলে। কাৰণ পাঠ্যক্রম এইবাৰ অনলাইন পাঠদানৰ যোগেদিয়ে আগবঢ়োৱা হয়। গোটেই সময়খিনি কৰ'ণা অতিমাৰীৰ ফলত অনিশ্চয়তাই আৱৰি ৰাখিছিল। কিন্তু সন্তোষৰ কথা এয়ে যে, ভালেমান নেতিবাচক দিশ থকা স্বত্ত্বেও শিক্ষাৰ্থীসকলে কিন্তু এই পৰিৱৰ্তনক সহজভাৱে লোৱা দেখা গৈছে বহু ক্ষেত্রত। আনুষ্ঠানিক পৰিকাঠামোৰ শিক্ষা লাভ নকৰাকৈ দিয়া এইটো বহুতৰে বাবে হয়তো প্ৰথমটো পৰীক্ষা হ'ব। জানিব পৰা মতে, এইবাৰ কেন্দ্রীয় সিদ্ধান্ত অনুসৰি পাঠ্যক্রম কিছু হ্রাস কৰা হৈছে, যাৰ বাবে শিশুহঁতৰ চাপ অলপ কমিব। মানসিকভাৱে সবল হৈ থাকি নিজৰ পাঠ্য মনপুতি পঢ়ি গ'লে বিশেষ অসুবিধাৰ সৃষ্টি নহ'ব লাগে বুলি মোৰ ধাৰণা। লগতে, মানসিক স্বাস্থ্য অটুট ৰখাটো সকলোৰে বাবে বৰ দৰকাৰী। তাৰবাবে সুষম আহাৰ, নিয়মিত ব্যায়াম, শৰীৰচৰ্চা দৈনিক ৰুটীনৰ অন্তর্ভুক্ত কৰিব লাগিব। 

 

জ্ঞানম : 'পৰীক্ষা' ৰ সৈতে 'ভীতিগ্ৰস্ততা' শব্দটি অংগাংগীভাৱে ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়। এয়া সহজাত নে আৰোপিত ? মানে, ভীতিগ্ৰস্ততাৰ কথা কৈহে আমি নজনাকৈয়ে এক চাপৰ সৃষ্টি কৰি দিওঁ নেকি বাৰু বহু সময়ত ? আৰু যদিহে সঁচাকৈয়ে পৰীক্ষাই ভীতিগ্ৰস্ততাৰ সৃষ্টি কৰে শিশুৰ মনত, তেন্তে এই ভীতিবিহ্বলতাক নিৰ্মূল কৰাৰ উপায় কি ? 

দেৱচৌধুৰী ছাৰ : ভীতিগ্ৰস্ততা বহু সময়ত আৰোপিত । ডাঙৰসকলে কেতিয়াবা পৰিস্থিতিৰ গাম্ভীর্য অনুধাৱন নকৰাকৈয়ে শিশুৰ মনত পৰীক্ষাজনিত এক চাপ সৃষ্টি কৰি দিয়ে ।  পঢ়া শুনাৰ প্ৰতি মনোযোগী, আগ্ৰহী কৰি তুলিবৰ বাবে এনেদৰে হেঁচা প্ৰয়োগ কৰাতকৈ পৰীক্ষাক এক সুস্থ বাতাৱৰণেৰে গ্রহণ কৰিব পৰা কৰি তোলাতহে ধ্যান দিব লাগে। এনে নোহোৱাৰ ফলত শিশুহঁতে মানসিক চাপ সহিব নোৱাৰি বিভিন্ন নেতিবাচক পথ ল'বলৈও কুণ্ঠাবোধ নকৰা দেখা যায়। ই সমাজৰ বাবে হানিকাৰক। আৰু কোনো শিশু যদিহে পৰীক্ষাৰ চাপ আৰু ভীতিত আক্রান্ত হয়, তেন্তে তেনে শিশুক প্ৰণালীৱদ্ধ প্ৰস্তুতি তথা জীৱনৰ নিয়মানুৱর্তিতা, সময়-ব্যৱস্থাপনা ইত্যাদি ক্ষেত্রত গুৰুত্ব আৰোপ কৰি কেনেকৈ পৰীক্ষাত সুস্থিৰভাৱে অৱতীৰ্ণ হ'ব পাৰি সেই দিশে পৰিচালিত কৰা উচিত। 

জ্ঞানম : time management বা সময় ব্যৱস্থাপনা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এক অন্যতম গুৰুত্বপূৰ্ণ দিশ.. এই সম্পর্কে কিছু ক'ব নেকি ? 

দেৱচৌধুৰী ছাৰ : পৰীক্ষাত সফলতাৰে উত্তীর্ণ হোৱাৰ প্ৰধান দিশটোৱে আচলতে ক'বলৈ গ'লে সময়-ব্যৱস্থাপনা, সময়ক কিমান efficiency ৰে ব্যৱহাৰ কৰিব পাৰিছে তাৰ ওপৰত সফলতা বহুলাংশে নিৰ্ভৰ কৰে। জনাটোও সময়ৰ অভাৱত নিলিখাকৈ এৰি আহিব লগাটো চৰম পৰিতাপৰ কথা। তাৰ বাবে আমি শিক্ষার্থীসকলক ম'ক টেস্ট (mock test) ৰ উপায় আগবঢ়াব পাৰোঁ, যাতে পৰীক্ষাগৃহত পৰীক্ষা দিয়াৰ দৰেই অনুৰূপ এক পৰিৱেশ ৰচনা কৰি শিক্ষাৰ্থীজনক পৰীক্ষাত বহাৰ আৰু ধাৰ্য সময়ৰ ভিতৰত পৰীক্ষা সমাপ্ত কৰাৰ অনুশীলন কৰিব পৰা যায়। এনে কৰাৰ ফলত তেওঁ মানসিকভাৱেও পৰীক্ষাত বহাৰ বাবে প্ৰস্তুত হৈ উঠা দেখা যায়। পৰীক্ষাত কিখিনি প্ৰশ্ন প্রথমে উত্তৰ কৰিব, কিখিনি পিছত কৰিলে ভাল হ'ব, কাৰ কিহত সময় বেছি লাগে, বা কম লাগে -- এইধৰণৰ কথাবোৰ শিক্ষাৰ্থীভেদে ভিন ভিন হয়। mock test ত বহিলেহে তেনে দিশবোৰ নিজে জনা হয়, যাতে পিছত সেই অভিজ্ঞতাই প্ৰকৃত পৰীক্ষাত বহোঁতে সহায় কৰিব পাৰে সুচাৰুৰূপে সময় ব্যৱহাৰ কৰাত । ই এক খুব দৰকাৰী আহিলা। 

জ্ঞানম : বিদ্যায়তনিক দিশত সাফল্য অর্জনৰ মূল কাৰক বুলিলে আমি কি কি বুলিব পাৰোঁ? বিশেষকৈ সৰ্বভাৰতীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত পূৰ্বতকৈ আমাৰ ৰাজ্যৰ প্ৰদৰ্শন যদিওবা যথেষ্ট উন্নত হোৱা বুলি ক'ব পাৰি ; তথাপি এতিয়াও যেন আৰু বহুখিনি যাবলৈ বাকী অসমৰ শিক্ষার্থীয়ে এই দিশত আন ৰাজ্যবোৰৰ সৈতে সমানে ফেৰ মাৰিব পৰাৰ জোখেৰে। এই সন্দৰ্ভত আপোনাৰ মতামত? 

দেৱচৌধুৰী ছাৰ : বিদ্যায়তনিক দিশত সাফল্য অর্জনৰ মূল কাৰক বুলিলে পাঠ্যৰ প্ৰতি মনোযোগিতা, সঠিক পৰিকল্পনা,  সময়-ব্যৱস্থাপনা, ইত্যাদিয়ে যদিও সাম্প্রতিক সময়ৰ বিভিন্ন দিশৰ বিষয়ে ভু ৰখা, বাতৰিকাকত নিয়মিত অধ্যয়ন, পঢ়ি যোৱা পাঠৰ পুনৰাবৃত্তি -- এইবোৰো অন্তর্ভুক্ত । অধ্যৱসায়ৰ ভূমিকা বহুত। সৰ্বভাৰতীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আমাৰ ৰাজ্যৰপৰাও সম্প্রতি ভাল ফলাফল দেখুওৱাৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে যদিও এতিয়াও সন্তোষজনক নহয় । আচলতে , বহিঃৰাজ্যত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি কম বয়সৰপৰাই শিক্ষাৰ্থীসকল তৈয়াৰ হয় । পৰীক্ষা সাধাৰণতে নিজকে মূল্যায়ন কৰি এঢাপ আগুৱাই যাবৰ বাবেহে , সেয়েহে পাঠ্যৰ  সকলো খৰচী মাৰি পঢ়াটো দৰকাৰী । ইয়াৰ মূল লক্ষ্য নিয়োগ নহয়, কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল লক্ষ্য হৈছে নিয়োজন। গতিকে, দুয়োবিধ পৰীক্ষাৰ প্ৰস্তুতিৰ মাজত পাৰ্থক্য আছে   । এনেধৰণৰ দিশবোৰ আঙুলিয়াই দি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমাৰ শিক্ষাৰ্থীসকলক পথপ্রদর্শন কৰি আগুৱাই নিব পাৰিলে কিছু সুফল পোৱা যাব। smart reading পৰীক্ষাৰ বাবে এক উৎকৃষ্ট ৰণনীতি। মূল কথা হ'ল পৰিৱেশ। অধ্যয়নভাৱাপন্ন পৰিৱেশেও শিক্ষার্থীৰ ফলাফলত অৰিহণা যোগায়।

জ্ঞানম : Public speaking বৰ্তমান সময়ত নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে বা যিকোনো স্থিতিতে নিজৰ বক্তব্য আত্মপ্ৰত্যয়েৰে উপস্থাপন কৰিবৰ বাবে প্ৰয়োজনীয়। কেতিয়াবা শিক্ষাৰ্থীসকল এইটো ক্ষেত্রত পিছপৰা হোৱা বাবেও মনঃপুত ফলাফল নাপায় তেওঁলোকে। এই দিশত কৰণীয় কি? 

দেৱচৌধুৰী ছাৰ : কোনো এটা বিষয়ে ভালকৈ, আত্মবিশ্বাসেৰে ক'ব পৰা হোৱাৰ বাবে প্ৰথম উপকৰণ হ'ল সেইটো বিষয়ৰ ওপৰত জ্ঞান আৰু তথ্য। প্রথম কথা, বিষয় এটাৰ ওপৰত সম্যক ধাৰণা নোহোৱাকৈ আত্মবিশ্বাস উদ্ভৱ নহয়। দ্বিতীয় কথাটো হ'ল, কেৱল বিষয় এটা জানিলেও নহ'ব, তাক সুন্দৰকৈ পুংখানুপুংখকৈ  প্ৰকাশ কৰিবও পাৰিব লাগিব। আজিকালি চেমিনাৰ, গ্রুপ ডিচকাচন এইবোৰকো মূল্যায়নৰ আহিলা হিচাপে সেয়েহে ৰখা হয়। এই দিশত নিজক উন্নীত কৰাৰ কিছুমান উপায় হিচাপে আমি ৰাখিব পাৰোঁ ম'ক ইন্টাৰভিউ, ম'ক পাৰ্লিয়ামেন্ট অনুষ্ঠান, বক্তৃতা, তৰ্ক প্ৰতিযোগিতা ইত্যাদি। এইবোৰৰ সৈতে অভ্যাস লাগিব ; সৰু বয়সৰপৰাই কৰিব পাৰিলে ভাল। সম্প্রতি আমাৰ শিক্ষানুষ্ঠানসমূহত এনেধৰণৰ বিভিন্ন পদক্ষেপ হাতত লোৱা দেখা যায়, ই এক সুলক্ষণ। বাক্-কলাৰ অভ্যাস সৰুকালৰপৰা কৰিলে পিছত বেলেগকৈ group discussion আদিৰ বাবে প্ৰস্তুতি চলোৱাৰ সিমান চাপ নাথাকে। 

জ্ঞানম : অসমৰ বৌদ্ধিক জগতখনত এগৰাকী বিশিষ্ট কুইজ-পৰিচালক হিচাপেও আপোনাৰ চিনাকী আছে । কুইজৰ জনপ্ৰিয়তা আগতকৈ বৃদ্ধি হৈছে বিভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমৰ যোগেদি। তথ্যবোৰো বৰ্তমান সময়ত সহজেই উপলব্ধ। এগৰাকী কুইজাৰ্ড হিচাপে আপোনাৰ মন্তব্য জানিব বিচাৰিম। 

দেৱচৌধুৰী ছাৰ : হয়, পূৰ্বৰ তুলনাত কুইজৰ প্ৰতি ৰাইজৰ উৎসুকতা বাঢ়িছে । কুইজ আচলতে ভিন ভিন প্ৰকাৰৰ হ'ব পাৰে। মুকলি কুইজৰ সৈতে জড়িত হৈ আমি বিভিন্ন কেপাচিটিত অসমত আগে-পিছে পাতি আহিছোঁ। মুকলি কুইজৰ ধাৰণা আৰু উদ্দেশ্য হ'ল সকলোৰে মাজত তথ্য বা জ্ঞান বিলাই দিয়া, জনাৰ আগ্রহ-কৌতূহল বৃদ্ধি কৰা, জ্ঞানান্বেষণৰ স্পৃহা জগাই তোলা ইত্যাদি। কেৱল নিৰ্দিষ্ট এটা শ্ৰেণীৰ ব্যক্তিৰ মাজতে ইয়াক সীমাৱদ্ধ নাৰাখি সমাজৰ সকলোৱে মুকলিকৈ, স্বতঃস্ফূর্তভাৱে অংশগ্রহণ কৰিব পৰা হোৱাটোত আমি ঘাইকৈ মনোনিৱেশ কৰি আহিছোঁ। আগলৈ এই দিশত আৰু বহুতো কাম কৰাৰ থল আছে। 

জ্ঞানম : ধন্যবাদ ছাৰ, আপোনাৰ ব্যস্ততাৰ মাজতো শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ বাবে এইখিনি সময় উলিয়াই দি আমাক কৃতার্থ কৰাৰ বাবে। আগলৈও আপোনাৰপৰা দিহা-পৰামৰ্শ বিচাৰিম.. 

দেৱচৌধুৰী ছাৰ : ধন্যবাদ তোমালোকৰ গোটলৈও। জ্ঞানমৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। শুভকামনা থাকিল।

 

*****************************

 

সাক্ষাৎকাৰ : ভাৰতভূষণ দেৱচৌধুৰী

সাক্ষাৎকাৰ গ্রহণ : কৃষ্ণা সোণোৱাল

 












Post a Comment

0 Comments