header ads

ড৹ তপন দত্ত দেৱৰ সৈতে বিজ্ঞান বিষয়ক এটি সাক্ষাৎকাৰ | Interview with Dr Tapan Dutta Dev

ড৹ তপন দত্ত দেৱৰ সৈতে বিজ্ঞান বিষয়ক এটি সাক্ষাৎকাৰ

        জৱাহৰলাল নেহৰু মহাবিদ্যালয় ,বকো ; ৰ অধক্ষ্য ড৹ তপন দত্ত দেৱৰ সৈতে বিজ্ঞান বিষয়ক এটি সাক্ষাৎকাৰ

1) অসমৰ উচ্চ মাধ্যমিক পৰ্যায়লৈ উদ্ভিদ বিজ্ঞান বিষয়টো যেন কিছু পৰিমাণে গুৰুত্বহীন হৈ আছে। আপোনাৰ মতামত কি?


উ:- উদ্ভিদ বিজ্ঞানৰ এজন শিক্ষক হিচাপে লগতে উদ্ভিদৰ ওপৰত কাম কৰি থকা এটা বেচৰকাৰী সংস্থা 'অসম উদ্ভিদ বিজ্ঞান'সমিতিৰ এজন সাধাৰণ  সম্পাদক হিচাপে মই  এটা কথা অনুভৱ কৰোঁ যে উচ্চ মাধ্যমিক পৰ্যায়লৈ উদ্ভিদ বিজ্ঞানৰ ওপৰত যি ধৰণেৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেই ধৰণে প্ৰদান কৰা হোৱা  নাই। এইটো অত্যন্ত দুখৰ কথা যে যিটো বিষয় পৰিৱেশৰ লগত ওতঃপ্ৰোত ভাবে জড়িত, য'ত পৰিৱেশৰ আধাৰেই হৈছে উদ্ভিদ । এই উদ্ভিদকেই আমি উৎপাদক বুলি কওঁ, যিয়ে আমাক অক্সিজেন যোগান ধৰি বায়ুৰপৰা কাৰ্বন- ডাই- অক্সাইড শুহি লয়। এই উদ্ভিদেই আমাক খাদ্য যোগান ধৰে , বাসস্থানৰ ব্যৱস্থা কৰি দিয়ে এই কথাবোৰ নিম্ন স্তৰৰ পৰাই ছাত্ৰ- ছাত্ৰীসকলে জনাটো দৰকাৰ, নহ'লে  তেওঁলোক উচ্চস্তৰ লৈ গ'লে  কথাবোৰ গুৰুত্ব সহকাৰে হৃদয়াংগম কৰিব নোৱাৰিব। সেয়ে মই  ভাবো উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ ছাত্ৰ ছাত্ৰীৰ উদ্ভিদ বিজ্ঞানৰ সৰু সৰু ধাৰণাবোৰ স্পষ্ট কৰাৰ ব্যৱস্থা  কৰিব লাগে যাতে  পিছলৈ গৈ এই বিষয়তো অনুধাৱন কৰিব পাৰে। এই চেগতে মই  ছেবা  ( SEBA) কো অনুৰোধ কৰিব খোজোঁ, তেওঁলোকে এই বিষয়টোৰ গুৰুত্ব  বুজি কিছু বুনিয়াদী কথা উচ্চ মাধ্যমিক শিক্ষাৰ কিতাপবোৰত সন্নিৱিষ্ট কৰে।


২) পৰিবেশ পৰিসীমাৰ দৃষ্টিৰে অসমৰ সুবিধা/অসুবিধাৰ বিষয়ে আপুনি কি কয়?
উ:- অসম এখন  জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ৰাজ্য। অসমৰ ভৌগলিক অৱস্থিতি আৰু ইয়াৰ প্ৰাকৃতিক  সম্পদৰ ওপৰত নিৰ্ভৰ কৰি যদি আমি কথাখিনি বিশ্লেষণ কৰোঁ ,তেন্তে আমাৰ কেইটামান খণ্ডত প্ৰচুৰ সম্ভাৱনা আছে। তাৰে প্ৰথম ক্ষেত্ৰখনত হ'ল কৃষি খণ্ড।আমাৰ বৰাক- ব্ৰহ্মপুত্ৰৰ সমতল ভূমিখিনি সাৰুৱা। তাত ধান, মাহ , সৰিয়হ আদিকে ধৰি অন্য ফল মূলৰ খেতি( তামোল , নাৰিকল, কল)  কৰাৰো সুবিধা আছে। এই খেতিখিনিকেই যদি আমি জৈৱিক খেতি হিচাপে কৰিব পাৰোঁ লগতে আধুনিক কৃষি পদ্ধতিবোৰ প্ৰয়োগ কৰিব পাৰোঁ তেন্তে সফল হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা যায়। ইয়াৰ লগতে বৰ্তমানৰ যুৱ প্ৰজন্মই জৈৱিক পদ্ধতিৰে চাহ খেতি কৰিবলৈও ওলাই আহিছে। গতিকে চাহ খেতিৰ ক্ষেত্ৰতো আমাৰ প্ৰচুৰ সম্ভাৱনা দেখা যায়। 
দ্বিতীয়তে অসমৰ আন এটা গুৰুত্বপূৰ্ণ খণ্ড  হৈছে আমাৰ ৰেছম শিল্প। অসমৰ মুগা উদ্যোগ গোটেই পৃথিৱীতে বিখ্যাত।  মুগা আমাৰ অসমৰে গৌৰৱ।  কিন্তু মুগাৰ লগতে পাট আৰু এৰী উদ্যোগৰ সুবিধাও ইয়াতে আছে। কিন্তু  মুগা শিল্পতো যি ধৰণে বিকাশ হ'ব লাগিছিল সেই ধৰণে এতিয়াও হোৱা  নাই। লগতে এই ৰেচম উদ্যোগত গবেষণা কৰিব পৰাকৈ বা যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ এতিয়াও কৰিবলগীয়া বহুখিনি আছে।
ইয়াৰ ওপৰিও অসমত এনে কিছু ঐতিহ্যমণ্ডিত ঠাই আছে যাক আমি পৰ্যটন ক্ষেত্ৰলৈ পৰিবৰ্তন কৰিব পৰা নাই।
অসমৰ কেইবাখনো নদী পাহাৰৰ পৰা বৈ আহিছে। য'ত শক্তি উৎপাদনৰ যথেষ্ট  সম্ভাৱনা দেখা যায়।  অসমৰ অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান  সমূহো আমি পাহৰি যাব নোৱাৰোঁ।  তাৰ ওপৰিও অসমত বিভিন্ন প্ৰজাতিৰ ঔষধি  আৰু সুগন্ধি গছো প্ৰচুৰ পৰিমাণে পোৱা  যায়।  এই গোটবোৰৰ ব্যৱসায়িক ভিত্তিত  খেতি কৰি অসমৰ অৰ্থনীতিত যথেষ্ট  অৰিহণা যোগাবৰ থল আছে।
এইদৰে অসমৰ ভৌগোলিক দিশৰ পৰা আগবাঢ়ি যাব পৰা বহুত সুবিধা  আছে। কিন্তু ইয়াৰ লগতে বিভিন্ন  কাৰণত আমাৰ কিছু সীমাবদ্ধতাও থকা দেখা যায়।  গতিকে নতুন প্ৰজন্মই এই লুকাই থকা সুবিধা  বা সম্ভাৱনা বোৰ বিশ্লেষণ কৰি আগুৱাই আহিলে, লগতে চৰকাৰেও কিছু সহৃদয়তাৰে আগবাঢ়ি আহিলে অসমৰ উন্নতি নিশ্চিত বুলি ধৰিব পৰা যাব।

৩) বিজ্ঞানে আমাক কি দিলে কি নিলে?


উ:- বিজ্ঞানে কি দিলে বুলি ক'বলৈ হ'লে বিজ্ঞানে আমাক সকলো দিলে। খাদ্য, বস্ত্ৰ আৰু বাসস্থান প্ৰদান কৰাৰ ক্ষেত্ৰত বিজ্ঞানৰ যথেষ্ট অৱদান আছে।  আমাৰ আজিৰ কৃষিক্ষেত্ৰ খনেই যদি চাওঁ, বিভিন্ন  উন্নত মানৰ সঁজুলি ,বীজ, লগতে বিভিন্ন পদ্ধতিৰে সকলো ধৰণৰ পুষ্টিকৰ খাদ্য যোগানৰ ব্যৱস্থা কৰি দিলে।
বিজ্ঞানে 'শৰীৰ যত্নৰ' দিশটোত বিভিন্ন পদ্ধতি অৱলম্বন কৰি আমাক দীৰ্ঘায়ু প্ৰদান কৰিলে। দূৰৰ ঠাই এখনলৈ যাবলৈ সুচল আৰু কম সময়তে গৈ পাব পৰাকৈ যাতায়ত ব্যৱস্থাৰ সূচনা কৰিলে।
    বিজ্ঞানে আমাক প্ৰযুক্তিবিদ্যা দিলে। মোবাইল, ইন্টাৰনেট আৰু কম্পিউটাৰৰ ব্যৱহাৰে গোটেই পৃথিবীখন এখন সৰু গাৱলৈ পৰিবৰ্তন কৰিলে।
বিজ্ঞানে আমাৰ প্ৰতিৰক্ষা বিভাগটোৰো যথেষ্ট উন্নতি সাধিলে। নতুন নতুন অস্ত্ৰ, মাৰণাস্ত্ৰৰে দেশৰ সুৰক্ষাত অৰিহণা যোগালে।
বিজ্ঞানে কৃত্ৰিম উপগ্ৰহ আৱিষ্কাৰ কৰি আমাৰ নিজ দেশৰ লগতে অন্য দেশৰ যোগাযোগটো অৰিহণা যোগালে।
বিজ্ঞানে বেংক সম্বন্ধীয় সুবিধাবোৰ দিলে। বিভিন্ন ক্ষেত্ৰত অৰ্থৰ আদান-প্ৰদান হাতত এক টকা নথকাকৈও আমি ঘৰতে মোবাইলটোৰ সহায়ত  কৰিব  পৰা হ'লো।
        এক কথাত বিজ্ঞানে আমাক সকলো দিলে কিন্তু আমাৰ পৰা বহুত নিলেওঁ। বিজ্ঞানে মানুহখিনিক যন্ত্ৰ বনাই দিলে। মানুহবোৰ যান্ত্ৰিক হৈ গ'ল। মানুহৰ আবেগ অনুভূতি বোৰ কমি গ'ল। মানুহবোৰক এলেহুৱা কৰিলে। বিজ্ঞানে যেনেকৈ আমাৰ শৰীৰ আৰু কৃষি সম্বন্ধীয় উন্নতি সাধিলে, তেনেকৈ বিভিন্ন ৰাসায়নিক দৰৱ প্ৰয়োগ কৰি আমাৰ দেহত নতুন নতুন বেমাৰৰ সৃষ্টি কৰিলে।
বিজ্ঞানে এফালে যেনেকৈ নিউক্লয়াৰ শক্তিৰ সৈতে পৰিচয় কৰাই দিলে, আনফালে সেই শক্তিকেই বোমালৈ পৰিবৰ্তন ঘটাই মানুহৰ জীৱনো কাঢ়িলে।মোবাইল আবিষ্কাৰে যেনেকৈ আমাৰ জীৱনটো সুচল কৰিলে, এতিয়া সেই মোবাইলটেই পাবজি , ব্লু-হোৱেল আদি গেম উদ্ভাৱন কৰি নৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিলে। বেংকিঙৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাই যেনেকৈ আমাক সহায় কৰিলে, একে প্ৰযুক্তিবিদ্যাই বেলেগৰ একাউন্টৰ পৰা টকা সৰকাই নিয়াটো সহায় কৰিলে।
    বিজ্ঞানে আমাক দিয়া খিনি তাৰ ধনাত্মক দিশ। কিন্তু তাৰ অপপ্ৰয়োগৰ ফলত আমি যি হেৰুৱালোঁ সেয়া তাৰ ঋণাত্মক দিশ। গতিকে আমি বা আমাৰ ওচৰে পাজৰে থকা সকলেও বিজ্ঞানৰ প্ৰয়োগ কেনেকৈ কৰিছে তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাৰ নৈতিক দায়িত্ব এটা আমাৰ ওপৰতো আহি পৰিছে।


4) চি ভি ৰমণৰ পিছত প্ৰবাসী ভাৰতীয় বিজ্ঞানীৰ বাহিৰে ভাৰতীয় বিজ্ঞানীয়ে নোবেল বঁটা লাভ নকৰাৰ কাৰণ কি?


উ:- চন্দ্ৰশেখৰ ভেংকটৰমনৰ পিছত কোনো ভাৰতীয় বিজ্ঞানীয়ে বিজ্ঞানত নোবেল পুৰস্কাৰ পোৱা নাই সঁচা, কিন্তু অৰ্থনীতি বিজ্ঞান আৰু শান্তিৰ  নোবেল পুৰস্কাৰ পাইছে। এইক্ষেত্ৰত মই কথাটো দুইধৰণে ক'ব বিচাৰিম যে ভাৰতীয় বিজ্ঞানীৰ নোবেল পুৰস্কাৰ পাব পৰা ক্ষমতা নাই বুলি মই  নাভাবোঁ। আমাৰ ভাৰতত যথেষ্ট ভাল বিজ্ঞানী আছে, ভাল কাম কৰি আছে আৰু নোবেল পুৰস্কাৰ পাব পৰা যোগ্যতাও আছে। কিন্তু, কথা এনেকুৱা  যে নোবেল পুৰস্কাৰ পাবলৈ যিখিনি কাম কৰে, সেইয়া research publication ৰ যোগেদি বিশ্বৰ বিভিন্ন ঠাইলৈ যায়। তাৰ পিছত অনুমোদন পায়, নোবেল পুৰস্কাৰলৈ। কিন্তু নোবেল পুৰস্কাৰৰ ভেটিটো হ'ল এটা পশ্চিমীয়া ভেটি আৰু নোবেল পুৰস্কাৰৰ যিখন সমিতি থাকে সেইখনতো পশ্চিমীয়া লোকসকলৰ প্ৰভাৱ বেছিকৈ থাকে। তাৰ তুলনাত আমাৰ বিজ্ঞানী সকলৰ তেনে প্ৰভাৱ পশ্চিমীয়া দেশবোৰত দেখা পোৱা  নাযায়।  ফলত তেওঁলোকৰ কামৰ অনুমোদন নেপায়। সেয়েহে তেওঁলোকৰ নোবেল পুৰস্কাৰৰ বাবে অনুমোদন/ নমিনেচনটো নোপোৱাকৈ থাকি যায়।  সেয়ে মই  ক'ব বিচাৰো যে নোবেল পুৰস্কাৰৰ যিখন কমিটি থাকে সেইখনো কিছু কিছু ক্ষেত্ৰত নিৰপেক্ষ নহয়। কিছু আসোঁৱাহ ইয়াত থাকি যায়। 
  দ্বিতীয়তে ভাৰততো যথেষ্ট গবেষণা হৈ আছে ।  ভাৰতৰ যিখিনি মূল বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত যিবোৰ গবেষণাগাৰ আছে তাৰ মাজতো সমন্বয়ৰ অভাৱ  দেখা যায়।  যাৰ ফলত ভাল কামবোৰ সহযোগীতাৰ মাজেৰে আগবঢ়াৰ ক্ষেত্ৰত কিছু বাধা দেখা যায়।  ইয়ো আমি নোবেল পুৰস্কাৰ এটাৰ পৰা আৰু এখোজ পিচুৱাই অহাৰ এটা কাৰণ হ'ব পাৰে।


৫) পৃথিৱীখন সিদিনালৈ বৰ্তি থাকিব যিদিনা খনলৈ উদ্ভিদ থাকিব। তথাপিও মানুহে উদ্ভিদক গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নাযায়। আপোনাৰ মতামত কি?


উ:- উদ্ভিদৰ উপকাৰীতাৰ বিষয়ে জনাৰ পিছতো মানুহৰ উদ্ভিদৰ প্ৰতি যি গুৰুত্ব থাকিব লাগে সেই গুৰুত্ব দেখা পোৱা নাযায়।  মোৰ দৃষ্টিত তাৰ কেইবাটাও কাৰণ আছে।
  প্ৰথম কাৰণ হিচাপে মই  ক'ব খোজো যে বুনিয়াদী স্তৰত ছাত্ৰ-ছাত্ৰীক উদ্ভিদৰ গুৰুত্ব বা প্ৰয়োজনীতা সম্পৰ্কে যি ধৰণে পাঠ্যপুঠিৰ সহায়ত  আমাৰ উঠি অহা প্ৰজন্মক শিকাব লাগিছিল সেইটোত এতিয়াও যথোপযুক্ত গুৰুত্ব প্ৰদান কৰা হোৱা নাই। 
দ্বিতীয়তে, আমাৰ যি মূল্যবোধৰ শিক্ষা,  গছ এজোপাৰ প্ৰয়োজনীতাৰ বাহিৰেও যে তাৰ এক নান্দনিক সৌন্দৰ্য্য  আছে, সেই যে মূল্যবোধ, এটা জীৱ আন এটা জীৱৰ সৈতেহে পৰিপূৰক হ'ব পাৰে, এই মূল্যবোধৰ শিক্ষাৰ প্ৰসাৰ প্ৰয়োজনীতাও আকৌ আহি পৰিছে।
তৃতীয়তে, গছ এজোপাৰ যি বৈজ্ঞানিক প্ৰয়োজনীয়তা মানে গছ এজোপাই আমাৰ পৰিবেশলৈ কিমানখিনি অৱদান আগবঢ়াৱ পাৰে, সেই বিষয়ে মানুহ এতিয়াও সজাগ হোৱা নাই।  আন এটা কাৰণ এইটোও যে , আমাৰ 'বন আইন' খনো দৃঢ় ভাবে বলবৎ / প্ৰয়োজ্য হোৱা নাই। যাৰ সুৰুঙা লৈ এচাম অসাধু ব্যৱসায়ীয়ে প্ৰকৃতিৰ ধ্বংস যজ্ঞ চলাই আছে। আকৌ যে 'বন মহোৎসব ' উৎযাপন কৰা হয়, তাতো লাখ লাখ গছপুলি আমাৰ চৌপাশে ৰোৱা হয়। কিন্তু পৰিতাপৰ কথা এয়ে যে তাৰ পিছৰ স্তৰত সেই গছ পুলিবোৰৰ প্ৰতিপালনৰ ক্ষেত্ৰত কোনো ব্যৱস্থা হাতত লোৱা  দেখা নাযায়। 
শেষত মই এটা কথাই ক'ব খোজো যে নিম্ন প্ৰাথমিক স্তৰৰ পৰাই ল'ৰা- ছোৱালীৰ মনত দুটা মন্ত্ৰ সোমোৱাই দিব লাগে , ক) 'গছ থাকিলেহে মানুহ থাকিব, পৃথিৱীখন থাকিব।'আৰু খ)' এক বৃক্ষ দহ পুত্ৰৰ সমান।' অৰ্থাৎ এজোপা গছে দহ জন পুত্ৰৰ দৰে পৰিয়ালটোক সবল কৰি ৰাখে। এই কথাখিনি তেওঁলোকক বুজাই প্ৰতিজনৰ মাজতে অৰণ্য মানৱ এজন যাদৱ পায়েঙৰ সৃষ্টি কৰিব লাগিব।


৬) অসমত বিজ্ঞানৰ ক্ষেত্ৰখনত উন্নতিৰ হকে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি আপুনি ভাৱে ?


উ:- অসমৰ বিজ্ঞান ক্ষেত্ৰখনৰ উন্নতিৰ হকে যদি ক'বলৈ হয়, তেতিয়া হ'লে মোৰ দৃষ্টিৰে শিক্ষা আৰু কৃষি এই দুটা ক্ষেত্ৰত গুৰুত্ব দিব লাগিব।
        অসম এখন কৃষি প্ৰধান ৰাজ্য হিচাপে কৃষিৰ যথেষ্ট গুৰুত্ব আছে। একেদৰে শিক্ষাও যদি আগ নাবাঢ়ে দেশৰ উন্নতি কেতিয়াও সম্ভৱ নহয়।  সেয়ে নিম্নস্তৰৰ পৰাই বিজ্ঞান বিষয়টো অতি গুৰুত্ব সহকাৰে শিকিব লাগে। তেতিয়াহে পৰবৰ্ত্তী সময়ত বিজ্ঞান মনস্তত্বৰ ব্যক্তি এজন সমাজে পোৱাটো সম্ভৱ হ'ব। দ্বিতীয়তে, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অপৰ্যাপ্ত পৰিমাণৰ গৱেষণাৰ সুবিধা থাকিব লাগিব। তেতিয়াহে ছাত্ৰ ছাত্ৰীৰ বিজ্ঞানৰ প্ৰতি ধাউতি বাঢ়িব। 
    আকৌ অসম এখন এনেকুৱা  ঠাই য'ত গৱেষণাৰ যথেষ্ট থল আছে। গতিকে সুবিধা পালে আমাৰ ভবিষ্যত প্ৰজন্ম নিশ্চয় আগবাঢ়ি আহিব।
    যদিও অসমখন কৃষি প্ৰধান ৰাজ্য কিন্তু এতিয়াও ইয়াত পুৰণিকলীয়া পদ্ধতিৰে খেতি কৰি থকা দেখা যায়।  গতিকে খেতিয়কসকলক প্ৰশিক্ষণৰ যোগেদি আধুনিক আৰু বিজ্ঞানসন্মত  পদ্ধতিৰে খেতি কেনেকৈ কৰিলে লাভবান হ'ব পাৰি এই সজাগতা আনিব লাগিব।  ইয়াৰ লগতে জৈৱিক খেতিৰ ক্ষেত্ৰটো উৎসাহিত কৰিব লাগিব।

***************************************
                 

সাক্ষাৎকাৰ লওঁতা--


পল্লবী পাঠক।  

বিজ্ঞান শিক্ষয়িত্ৰী। 

শিঙিমাৰী পুখুৰীপাৰ মধ্য  ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড :- ছয়গাওঁ। 

 



Post a Comment

0 Comments