header ads

ছয়গঞা উপভাষাৰ চমু আলোচনা | Assamese article by Dipankar Thakuriya

 ছয়গঞা উপভাষাৰ চমু আলোচনা




                                            (প্ৰথম খণ্ড)


            ১৭ নং ৰাষ্ট্ৰীয় ৰাজআলিয়ে চুই যোৱা ছয়গাঁও হ'ল কামৰূপ জিলাৰ এটা গুৰুত্বপূৰ্ণ ৰাজহ চক্ৰ। ছয়গাঁওৰ চৌপাশে গঢ় লোৱা সভ্যতা মুলতঃ কলহী নদীকেন্দ্ৰিক সভ্যতা। নদীকেন্দ্ৰিক ছয়গাঁওৰ অতীতৰ বুৰঞ্জী অতি মহিমামণ্ডিত। ছয়গাঁও নামটো সম্পৰ্কে কিংবদন্তি আৰু ঐতিহাসিক দুটা তথ্য পোৱা যায়। চান্দো সদাগৰৰ কাহিনী সমৃদ্ধ এই অঞ্চলত বেছিভাগ স্থানৰ নাম অথবা লোকপৰম্পৰা চান্দো সদাগৰ কেন্দ্ৰিক। ইয়ে ভাষাটোতো এটা বৈশিষ্ট্য প্ৰদান কৰিছে। ইয়াৰ বিভিন্ন ঠাইৰ নামৰ সাদৃশ্যগত বৈশিষ্ট্য আৰু কেইবাটাও স্থানত পোৱা ভগ্নাৱশেষ আৰু পোৰামাটিৰ অৱস্থিতিয়ে প্ৰমাণ কৰে যে ছয়গাঁওৰ আৰু ইয়াৰ আশে-পাশে থকা বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলটোৱেই আছিল পুৰাণত উল্লেখিত চম্পক ৰাজ্য।

        বুৰঞ্জী বিচাৰ খোচাৰ কৰি প্ৰামাণিক ভেটি বাচ-বিচাৰ কৰিলে ছয়গাঁও অঞ্চলটোৰ কথা বহুঠাইত পোৱা যায়। বুৰঞ্জী অনুসৰি 'ঔ-গুৰি' আছিল ভূঞা ৰাজ্য। কোঁচৰাজ্যৰ প্রতিষ্ঠাতা বিশ্বসিংহই ঔ-গুৰি আৰু লুকীৰ ভূঞা ৰজাক পৰাজিত কৰিছিল (এডৱাৰ্ড গেইটৰ History of Assam)। পিছত বিশ্বসিংহই সমগ্ৰ দক্ষিণকুল নিজ ৰাজ্যৰ অধীন কৰি বৃহত্তৰ কোচৰাজ্য গঠন কৰিছিল। এই কোচৰাজ্য বিশ্বসিংহৰ ৰাজকবি 'মনসা কবি মনকৰ' আছিল ছয়গাঁও অঞ্চলৰ জীয়ৰী বগেজাৰীৰ স্বামী। স্বভাৱ কবি বগেজাৰীৰ গীতসমূহে মৌখিক ভাবে ঐতিহাসিক স্বাক্ষৰ বহন কৰাৰ লগতে ভাষাৰ ঐতিহাসিক গুৰুত্বও বঢ়াইছে। উল্লেখযোগ্য যে সেইসময়ৰ অসম মুলুক আন কোনো নাৰীৰ সাহিত্য চৰ্চাৰ কথা আমি ক'তো উল্লেখ নাপাওঁ।

        বিদেশীৰ সৈতে ছয়গাঁও অঞ্চলৰ পৰিচয় জাহাঙ্গীৰৰ দিনতে হৈছিল। নাথান মিৰ্জাৰ বাহাৰিস্থান - ই - ঘাইবীত আমি পাওঁ যে নাথান মিৰ্জাৰ ঢেকেনাবঢ়ীৰ ৰণৰ সময়ত দক্ষিণকুলত দহজন ৰজাই ৰাজত্ব কৰিছিল। আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্বৰ সময়ত (১৬০৩-১৬৪১) গুৱাহাটীত বৰফুকনৰ পদবীৰ তলত ' ছয়গাঁও, পাণ্টান, বনগাঁও আৰু বগে ৰাজ্য'ত একোজনকৈ কৰতলীয় ৰজা বহুওৱা হৈছিল। ১৮২৬ খৃ:ত মানৰ হাতৰপৰা আহোম ৰাজ্য ব্ৰিটিছৰ হাতলৈ যোৱাত ছয়গাঁওৰ স্থানীয় ৰজা কেইজনো ব্ৰিটিছৰ অধীনলৈ যায়। তাৰপিছত ব্ৰিটিছে কলহী নদীৰ পাৰত থানা এখন পাতিবলৈ মন মেলি বালাসিদ্ধি, ডুবজেনী, মঠপাৰা, নোৱাপাৰা, আলেগজাৰী, চৌধুৰীপাৰা এই ছয়খন গাঁওৰ মুখিয়াল সকলক মতাই আনি নাম সম্পৰ্কে আলোচনা কৰিছিল। কিন্তু মুখিয়াল সকলৰ পৰা কোনো সদুত্তৰ নাপাই ছয়খন গাঁওৰ ওপৰত এখন থানা স্থাপন হয়। সেইকাৰণে  'ছয়গাঁও' নামটো চৰকাৰীভাৱে নথিভুক্ত কৰে।

অসমীয়া ভাষাৰ উপভাষা:

    অসমীয়া ভাষা বিভিন্ন উপভাষা তথা স্থানীয় উপভাষাৰ এটা সুসংহত ৰূপ। জনজাতীয় ভাষা সমূহে ইয়াত গাম্ভীৰ্য প্ৰদান কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচলিত অসমীয়া ভাষাটোৰ সকলো স্থানতে ৰূপ একে নাথাকে। পূৱে শদিয়াৰপৰা পশ্চিমে পশ্চিমবংগৰ সীমান্ত অঞ্চললৈকে প্ৰচলিত অসমীয়া ভাষাটোত ভিন্ন ৰূপ পৰিলক্ষিত হয়। এই ভিন্নতাৰ মাজতো আকৌ ৰূপতাত্ত্বিক আৰু ধ্বনিতাত্ত্বিক বৈশিষ্ট্যই উপভাষাসমূহক ভিন ভিন মাত্ৰা প্ৰদান কৰে। ভাষা এটা কোনো এক ভৌগলিক পৰিবেষ্টন আৰু উমৈহতীয়া লোকগোটৰ সামাজিক লোকজীৱন অনুসৰি  সুকীয়া ৰূপৰ সৃষ্টি হয়। অৰ্থাৎ ভাষাটোৰ অঞ্চল অনুসৰি অথবা সামাজিক পৰিবেশ অনুসৰি ধ্বনি, ৰূপ আৰু শব্দমালাত সুকীয়া বৈশিষ্ট্যই গা কৰি উঠে। ভাষাৰ এই খণ্ডিত ৰূপটোকেই উপভাষা বুলি কোৱা হয়। সমগ্ৰ অসমজুৰি বিয়পি  থকা অসমীয়া ভাষাটোত ভৌগোলিক ব্যৱধান তথা যোগাযোগৰ অসুবিধাৰ ফলস্বৰূপে অঞ্চলভেদে ভিন ভিন ৰূপে গঢ় লৈ উঠিছে। এনেদৰে গঢ় লৈ উঠা অসমীয়া ভাষাৰ আঞ্চলিক ৰূপবোৰক অসমীয়া ভাষাৰ উপভাষা বুলি কোৱা হয়।

            অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে কেবাটাও মত পোষণ কৰা হৈছে। আব্ৰাহাম গ্ৰীয়াৰ্ছনৰ মতে- "অসমীয়া ভাষাৰ মান্য উপভাষাটো হৈছে শিৱসাগৰ আৰু তাৰ আশে-পাশে কোৱা কথিত ভাষাৰূপটো। অসম উপত্যকাৰ উজনি অঞ্চলত ভাষাটোৰ সকলো ঠাইতে ৰূপ একেটাই। যিমানেই আমি পশ্চিমৰ পিনে গতি কৰোঁ, সিমানেই এটা স্পষ্ট উপভাষা পাওঁ, মই তাক পশ্চিম অঞ্চলৰ উপভাষা নাম দিছোঁ। এই উপভাষাটো কামৰূপ জিলা আৰু পূৱ গোৱালপাৰাৰ মানুহবোৰে কয়।" ( The linguistic survey of India, Vol - v, Part - 1, P - 394)

 আগলৈ..

                                      ***************************

দীপাংকৰ ঠাকুৰীয়া

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ

গৱেষণাৰ বিষয়- লোকসংস্কৃতি



অলংকৰণ :- সংগীতা কাকতি


Post a Comment

0 Comments