header ads

বহনক্ষম ভবিষ্যত নিৰ্মাণত প্ৰযুক্তিবিদ্যাৰ অৱদান | Assamese article by Dr Ganeswar Saharia

 বহনক্ষম ভবিষ্যত নিৰ্মাণত প্ৰযুক্তিবিদ্যাৰ অৱদান

বহনক্ষম ভবিষ্যত নিৰ্মাণত প্ৰযুক্তিবিদ্যাৰ অৱদান


             সময়ৰ অগ্ৰগতিৰ লগেলগে মানুহৰ দৈনন্দিন জীৱনত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অনবদ্য আশীৰ্বাদবোৰে সকলো মানুহক সকলো ক্ষেত্ৰত কম সময়ত অধিক আগবাঢ়িবলৈ সহায় কৰিছে। পুৱা বিছনাৰ পৰা উঠাৰ পৰা পুনৰ নিশা বিছনাত উঠালৈ এই সময়ছোৱাত প্ৰযুক্তিবিদ্যাই মানুহক অনবৰত সহায় কৰি থাকে। প্ৰযুক্তিৰ ব্যৱহাৰে কম সময়ৰ ব্যৱধানত কম খৰচত বেছি সুবিধা দি মানুহক বহুদূৰ আগুৱাই লৈ যাব পাৰে। যিবোৰ কাম কৰিবলৈ অধিক সময়, অধিক শ্ৰমিক কৰ্মচাৰীৰ প্ৰয়োজন, সেইবোৰ ক্ষেত্ৰত এইবোৰ তেনেই হ্ৰাস কৰি পেলাইছে। এগৰাকী শ্ৰমিক-কৰ্মচাৰীয়ে এমাহত কৰিব নোৱাৰা যিকোনো নিৰ্মাণ কাৰ্য দহ-পোন্ধৰদিনত আজিকালি সম্পূৰ্ণ হৈ উঠিব পাৰে একমাত্ৰ এই কাৰ্যত প্ৰযুক্তিৰ ব্যৱহাৰ হোৱা বাবে। ইয়াৰ ফলস্বৰূপে সময়ত শক্তি, আৰ্থিক ব্যয় সকলোবোৰ কমি যায়। দৈনন্দিন জীৱনৰ শিক্ষা, স্বাস্থ্য, বাণিজ্য, যাতায়ত, যোগাযোগ, অৰ্থনীতি, কৃষি যিকোনো উৎপাদন ক্ষেত্ৰ, কাৰ্যালয় সম্পৰ্কীয় কামকাজ, উন্নয়ন পৰিকল্পনা আদিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰে সমগ্ৰ পৃথিৱীৰ মানৱ সভ্যতাক অকল্পনীয়ভাবে আগুৱাই লৈ গৈছে। মানৱ জীৱনৰ প্ৰতিটো দিনত এনে কোনো বিষয় নাই যত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা নহয় ৷ এক কথাত প্ৰযুক্তি সৰ্বোচ্চ হৈ পৰিছে। সম্পদৰ ৰাহি, পুনঃ পুনঃ ব্যৱহাৰৰ ব্যৱস্থা আদিয়ে ভবিষ্যতৰ অৰ্থনৈতিক দিশত সমাজক সহায় কৰিব পাৰিছে। সকলো ক্ষেত্ৰতে বিকল্প পদ্ধতি ব্যৱহাৰ কৰি সমাজ, সভ্যতাক আগবঢ়াই নিব পাৰিছে। 

               বহনক্ষম ভবিষ্যত নিৰ্মাণৰ বাবে সমগ্ৰ মানৱ জাতিয়ে যিবোৰ প্ৰযুক্তি ব্যৱহাৰ কৰি জীৱনক অৰ্থবহ কৰি তুলি দুগুণ তিনিগুণ কৰি আগুৱাই নিব পাৰিছে তাৰ দুই এটা দিশৰ কথা সাধাৰণভাবে আলোচনা কৰিব পাৰি। খোৱা খাদ্য, পোছাক-পৰিচ্ছদ, যাতায়ত, যোগাযোগ, বজাৰ, অৰ্থনীতি, কৃষি, স্বাস্থ্যৰ কথা পৰ্যালোচনা কৰিব পাৰি। প্ৰসংগক্ৰমে  বয়ন বা বস্ত্ৰ শিল্পত প্ৰযুক্তিৰ ব্যৱহাৰৰ সুফলৰ দিশটোৰ কথা  আঙুলিয়াব পাৰি। বয়ন শিল্প উদ্যোগত প্ৰযুক্তিৰ ব্যৱহাৰে উন্নত মানৰ সাজ-পোছাক গ্ৰাহকৰ পচন্দ অনুসৰি কম সময়ত কম খৰছত তৈয়াৰ কৰিব পৰা হৈছে। একেদেৰে শক্তি উৎপাদন খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি পৰম্পৰাগত ইন্ধন ব্যৱহাৰ হ্ৰাস কৰি বা  সৌৰশক্তি ব্যৱহাৰ কৰি ইন্ধন ৰাহি কৰা হৈছে। সকলো ধৰণৰ উৎপাদন ক্ষেত্ৰত বিকল্প ইন্ধন ব্যৱহাৰ কৰি পেট্ৰল, ডিজেল, কয়লা আদি ইন্ধন সঞ্চয় কৰাত প্ৰযুক্তিৰ ব্যৱহাৰ উল্লেখযোগ্য। শক্তি সঞ্চয়ৰ এক ব্যৱহাৰিক উপায় দাঙি ধৰিব পাৰি। ধৰাহওঁক নিজৰ কোঠালী বা ঘৰৰ চৌহদৰ পৰা গৃহস্থ ওলাই যোৱাৰ লগে লগে কোঠালীৰ সকলো ধৰণৰ বিজুলী যোগান স্বয়ংক্ৰিয়ভাবে বন্ধ হোৱা আৰু গৃহস্থ আহি কোঠালীৰ দুৱাৰ মুখত থিয় হোৱাৰ লগে লগে সকলোবোৰত বিদ্যুত সৰবৰাহ হবলৈ ধৰে আৰু এক স্বাভাবিক অৱস্থা পুনৰ হৈ উঠিব পাৰে। ডাঙৰ ডাঙৰ হোটেল আদিত ব্যৱহাৰ কৰা এই ব্যৱস্হাই বিজুলী শক্তি ৰাহি কৰাৰ লগতে শক্তি সঞ্চয় কৰে। 

            সৌৰশক্তি ব্যৱহাৰৰ ব্যৱস্থাই সকলোধৰণৰ শক্তি বিতৰণ তথা সাধাৰণ পৰিবহন ব্যৱস্থাত বহুত বেছি সহায় কৰিব পাৰিছে। যিবোৰ ভিতৰুৱা অঞ্চলত একেবাৰে বিদ্যুতৰ ব্যৱস্থা নাই তেনে ক্ষেত্ৰত সৌৰশক্তিৰ ব্যৱহাৰ কৰি বিদ্যুতৰ বিকল্প শক্তি হিচাপেও সৌৰশক্তি ব্যৱহাৰ কৰিব পাৰি। সৌৰশক্তিৰ জৰিয়তে একোখন গাওঁ বা যথেষ্ট সংখ্যাক লোকৰ বসতি প্ৰধান ঠাইত বিদ্যুতৰ সলনি সৌৰশক্তি ব্যৱহাৰ কৰি বিকল্প ব্যৱস্থাৰ সহায় লোৱা হয়। নিসন্দেহে এই ব্যৱস্থা বহনক্ষম ভবিষ্যতৰ বাবে সহায়ক। উল্লেখযোগ্য যে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ছাত্ৰাবাস, বজাৰ অঞ্চল, উদ্যোগ ক্ষেত্ৰ, কৃষি ক্ষেত্ৰ আদিত সৌৰশক্তিৰ বিজুলী ব্যৱহাৰ কৰি সকলো কাম স্হবিৰ নোহোৱাকৈ আগবঢ়াই লৈ যোৱা হয়। সময় আৰু সুবিধা গ্ৰহণ কৰাত প্ৰযুক্তিয়ে সদায় সহায় কৰিছে। কৃষি ক্ষেত্ৰৰ অন্য এক উল্লেখযোগ্য দিশ হল Genetic Engineering ৰ ব্যৱহাৰ। যিকোনো শস্য বা উদ্ভিদৰ বীজ পৰিশোধনৰ জৰিয়তে পূৰ্বৰ বংশক্ৰমত থকা বিভিন্ন বেমাৰ আদিৰ জীৱাণু সেই শস্য বা উদ্ভিদৰ জিন পৰীক্ষা কৰি তাক নিৰোগী কৰিব পাৰি। এই ব্যৱস্থাই উন্নত আৰু নিৰোগী বীজ উৎপাদনত সহায় কৰে। 

         চিকিৎসা সেৱাত প্ৰযুক্তিৰ ব্যৱহাৰে ৰোগীৰ ৰোগৰ কাৰণ তাৎক্ষণিকভাবে আৰু শুদ্ধকৈ চিনাক্ত কৰা আৰু চিকিৎসা কৰা আদি কামত কল্পনাতীত ভাবে মানৱ সমাজক সহায় কৰিব পাৰিছে। ৰবটৰ দ্বাৰা শৈল চিকিৎসাৰ কাম কৰা ব্যৱস্থাই চিকিৎসা খণ্ডক কিমান আগুৱাই লৈ গৈছে ভাবিবলগীয়া। মানুহৰ গঢ় আয়ুস বৰ্তমান বৃদ্ধি হৈছে। চিকিৎসা তথা স্বাস্থ্যখণ্ডত প্ৰতিনিয়ত নতুন নতুন আৱিষ্কাৰে মানুহৰ সুখৰ জীৱন উপভোগ কৰিবলৈ সুবিধা কৰি দিছে। মানৱ চিকিৎসকৰ বিকল্প হিচাপে ৰবটৰ ব্যৱহাৰ স্বাভাৱিকতে এক বিস্ময়কৰ কাৰ্য। কম সময়, কম শক্তি, কম খৰছত বিৰামহীন চেষ্টাৰে শুদ্ধভাবে ৰোগ আৰু ৰোগৰ কাৰণ নিৰ্ণয়, মানৱ দেহত অংগ সংস্হাপন তথা সংৰোপণ, যেনে হৃদপিণ্ড, লিভাৰ, যকৃত বা কিডনীৰ সংৰোপণ আদি প্ৰযুক্তিৰ বিস্ময়কৰ সাফল্য। 

          ICT ৰ ব্যৱহাৰ মানৱ জীৱনৰ প্ৰগতিৰ আন এক চমকপ্ৰদ অধ্যায়। মূহূৰ্তৰ ভিতৰত বিশ্বৰ প্ৰতিটো চুকত থকা স্হানলৈ  খবৰ বাতৰি পঠোৱা বা তথ্যৰ সৰবৰাহ কৰা, প্ৰয়োজনীয় সামগ্ৰী মূহূৰ্তৰ ভিতৰতে গ্ৰাহকক যোগান ধৰা ব্যৱস্থাই মানুহক গতিশীল কৰি তুলিছে। বিশেষভাবে পৰীক্ষা, কাৰ্যালয়, প্ৰশাসনিক কামকাজ আদিত প্ৰযুক্তিৰ ব্যৱহাৰে সকলো স্তৰৰ লোকক আগুৱাই যোৱাত সহায় কৰিছে৷ইণ্টাৰনেট ব্যৱস্থাৰ জৰিয়তে জকাইচুকৰ পৰাও বিশ্বৰ উন্নত দেশৰ উন্নত মানৰ শিক্ষা, ব্যৱসায়-বাণিজ্য আদিৰ স’তে পৰিচয় হোৱাৰ লগে লগে তথ্যৰ তাৎক্ষণিকভাবে আদান-প্ৰদান কৰাত সুবিধা হৈছে। ঘৰত  বহিয়েই মূহূৰ্তৰ ভিতৰত খৰচ নোহোৱাকৈ সময়ৰ অপব্যয় নোহোৱাকৈ, শাৰীৰিকভাবে অহা-যোৱা নকৰাকৈ এইবোৰত কৰিব পৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীক বহু সহায় কৰিছে। শৈক্ষিক সজুঁলি হিচাপে ইণ্টাৰনেট, হোৱট্‌চপ, ওৱাই-ফাই, ইউটিউবৰ ব্যৱহাৰ, Smart Class ৰ ব্যৱস্থা, শৈক্ষিক প্ৰকল্প প্ৰস্তুত কৰা, ঘৰত থাকি উন্নত দেশৰ শিক্ষা প্ৰদানৰ শ্ৰেণীকোঠাত প্ৰবেশ কৰা আদি ব্যৱস্থাই শিক্ষাৰ ক্ষেত্ৰখনক অনেক সহায় কৰিছে। উল্লেখযোগ্য যে শ্ৰেণীকোঠাত যিবোৰ বিষয় পুনঃ পুনঃ একেধৰণে শিকিব নোৱাৰি সেইবোৰ কথা এই ব্যৱস্থাৰ জৰিয়তে বাৰম্বাৰ শিকিব পাৰি। গৱেষণাৰ ক্ষেত্ৰতো প্ৰযুক্তিৰ ব্যৱহাৰে বহুত জটিল প্ৰশ্ন তথা সমস্যাৰ সমাধান সম্ভৱ কৰি তুলিছে। যিবোৰ হিচাপ-নিকাচ সাধৰণভাবে কৰিবলৈ যাওঁতে বহুত সময়ৰ প্ৰয়োজন আছিল, প্ৰযুক্তিয়েই সেইসকলো হিচাপ-নিকাচ তথা জোখ-মাখ নে’ন টেকনলজি ব্যৱহাৰ কৰি সুক্ষ্মাতীত ৰূপত সম্পন্ন কৰিব পৰা হৈছে শুদ্ধ ৰূপত। মহাকাশ গৱেষণা, দূৰ সংযোগ ব্যৱস্থা, বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদঘাটন, মহাকাশ যান নিৰ্মাণ আৰু উৎক্ষেপনৰ জৰিয়তে তথ্যৰ আহৰণ প্ৰক্ৰিয়াৰ ব্যৱহাৰে মানৱ সভ্যতাক অন্য এক স্তৰলৈ লৈ যোৱাত সহায় কৰিছে। এই অধ্যয়নৰ ভেটিটো এনেকৈ নিৰ্মাণ কৰা হৈছে যে পৰবৰ্তী অধ্যয়ন কাৰীয়ে বাৰে বাৰে আৰম্ভণিৰ পৰা নিজৰ গৱেষণা আৰম্ভ কৰিব নালাগে। 

          দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাত প্ৰযুক্তিৰ নতুন নতুন সংযোজনে প্ৰত্যেক দেশৰ নাগৰিকে সুৰক্ষাৰ ক্ষেত্ৰত অধিক আস্বস্ত কৰিব পাৰিছে। প্ৰতিৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ দিশত নিত্য নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ বাবে দেশৰ নিৰাপত্তা ব্যৱস্থা অধিক টনকিয়াল হৈছে। সকলো ক্ষেত্ৰতে দূৰ-সংবেদন আৰু ডিজিটেলাইজদ ব্যৱস্থাৰ বাবে ব্যৱহৃত যন্ত্ৰপাতিবোৰ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ ব্যয় নিম্নতম হৈছে, কাৰিকৰী কাৰ্যকাৰিতা অধিক হৈ পৰিছে। 

           সৌৰশক্তি আৰু বতাহ শক্তি (wind energy) ৰ ব্যৱহাৰে দেশৰ অৰ্থনৈতিক অৱস্থা উন্নয়নত প্ৰভূত সহায় কৰিছে। শক্তিখণ্ডত পৰম্পৰাগতভাবে শক্তি উৎপাদন কৰাত খৰছৰ পৰিমাণ যিমান তাতকৈ সৌৰশক্তি আৰু বতাহ শক্তিৰ দ্বাৰা উৎপাদিত শক্তিৰ বাবে কৰিবলগীয়া খৰচৰ পৰিমাণ  নিন্মতম। তেল, কয়লা প্ৰজ্বলন, হাইদ্ৰইলেট্ৰিক, থাৰ্মইলেট্ৰিক পদ্ধতিত বিদ্যুত উৎপাদনত যি পৰিকাঠামোৰ প্ৰয়োজন হয় তাত খৰছৰ মাত্ৰা অধিক হয়। লগতে এই ব্যৱস্থাত দহন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাকৃতিক সম্পদৰ ক্ষয় হোৱাৰ উপৰিও পৰিবেশ প্ৰদূষণযুক্ত হৈ পৰে। সৌৰশক্তি বা বতাহ শক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হল পৰিবেশৰ ওপৰত ইন্ধন দহনৰ কোনো প্ৰভাৱ নপৰে। উল্লেখযোগ্য যে ভাৰতবৰ্ষই সৌৰশক্তি ব্যৱহাৰ কৰি দেশত খৰচ হোৱা মুঠ শক্তিৰ ৯-১০ শতাংশ ৰাহি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। 

          এনেদৰে বিচাৰ বিশ্লেষণ কৰিলে দেখা যায় যে দেশৰ বাবে বিভিন্ন ক্ষেত্ৰত বহনক্ষম ভবিষ্যত নিৰ্মাণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়। প্ৰযুক্তিৰ ব্যৱহাৰ কোনো অঞ্চলৰ বা ব্যক্তিগত জাতি গোষ্ঠীৰ উন্নয়নৰ বাবে নহয় বৰঞ্চ ই হ’ল একোখন দেশৰ সৰ্বতোমুখী বিকাশৰ মূল আধাৰ। 

                                                *********************

 


ড° গণেশ্বৰ চহৰীয়া

অৱসৰপ্ৰাপ্ত অধ্যক্ষ, 

হেক্‌ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়





অলংকৰণ :- সুকন্যা ভৰদ্বাজ



Post a Comment

0 Comments