header ads

মাতৃ দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা | Assamese article by Dulumani Kalita

 মাতৃ দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা 

 


"The love which my mother gave to me has one what I am and I owe, a dept to her that I can never repay "                                SWAMI VIVEKANANDA

 

        মাতৃ,মা,জননী, ধৰিত্ৰী ।।শব্দটোৰ মাজতেই লুকাই আছে ইয়াৰ গভীৰতা । মা মানেই ত্যাগৰ প্ৰতীক, মা মানেই যত্ন, মা মানেই আশীৰ্বাদ, মা মানেই শক্তি ।প্ৰতিবছৰে সমগ্ৰ বিশ্বতে মে' মাহৰ দ্বিতীয়টো ৰবিবাৰ মাতৃ দিৱস হিচাপে পালন কৰি অহা হৈছে । বিশ্বৰ প্ৰায় পঞ্চাশখন দেশত একে দিনাই এই দিৱসটো নিষ্ঠা আৰু আগ্ৰহেৰে পালন কৰা হয় ।

        এই দিৱসটোৰ আৰম্ভণি ১৯০৫ চনত আমেৰিকাত হোৱা বুলি জনা যায় । সফল মাতৃ এনি ৰিভেচ জাৰভিচৰ সুপুত্ৰী এনা জাৰভেচে তেওঁৰ মৃত মাতৃৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে এই দিৱসটো পালন কৰিছিল যদিও কালক্ৰমত এই দিৱসটো পৃথিৱীৰ বিভিন্ন দেশলৈ বিয়পি পৰে। মাতৃ হৈছে এনে এগৰাকী নাৰী যিয়ে কেৱল সন্তান জন্ম দিয়াই নহয় সেই সন্তানক সকলো দিশতে সহায়ৰ হাত আগবঢ়াবলৈ সদা প্ৰস্তুত। নিজে হাজাৰটা কষ্ট ও বাধা স্বীকাৰ কৰি নিজৰ সন্তান ও পৰিয়ালৰ বাবে যত্নপৰ হৈ উঠা গৰাকীয়েই হৈছে মাতৃ।

      প্ৰকৃত অৰ্থত মাতৃসকলৰ সকলো ত্যাগ আৰু কষ্টৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় এই দিৱসটোৰ যোগেদি ; কিন্তু সততে এক প্ৰশ্নৰ উদ্ৰেক হয় আমাৰ মনত ‌! মাতৃ সকলক এদিনৰ বাবে তেওঁৰ স্বাৰ্থহীন মৰম আৰু দায়িত্ববোধৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ এই দিৱসটোৱে যথেষ্ট জানো ? আজিৰ সমাজত ক্ৰমান্বয়ে বৃদ্ধি হৈ অহা বৃদ্ধাশ্ৰমবোৰে বাৰে বাৰে সোঁৱৰাই দিয়ে মাতৃৰ প্ৰতি নিজ সন্তানৰ দায়িত্ব ও আনুগত্য।পিতৃ-মাতৃৰ মৃত্যুৰ সময়ত তেওঁলোকৰ অন্তুষ্টিক্ৰিয়া কৰিবলৈও সময়ৰ নাটনি আজিৰ সন্তানৰ। অথচ গৰ্ভত স্থিতি লোৱাৰ পৰা ভূমিষ্ঠ হোৱালৈকে, তুলি-তালি ডাঙৰ-দীঘল কৰাৰ পৰা উচিত শিক্ষাৰে শিক্ষিত কৰি তোলালৈকে সকলো কষ্ট হাঁহি মুখে স্বীকাৰ কৰি লয় মাতৃয়ে।

            মাতৃ দিৱসত প্ৰকৃতাৰ্থত মানুহে 'মাতৃত্বৰ গৌৰৱ আৰু এটা পৰিয়ালৰ বাবে মাতৃৰ প্ৰয়োজন' স্বীকাৰ কৰে।এইটো হৈছে এনে এটা দিন যিদিনা মাতৃসকলৰ নিজ সন্তান ও পৰিয়ালৰ বাবে কৰা ত্যাগক সামাজিক স্বীকৃতি দিয়া হয় ।জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰি বহুত কষ্টৰ মাজেৰে সন্তানক কৰাৰ দৰে নিজৰ সন্তানেও একেই পৰিচৰ্যা কৰিলেহে নাৰী দিৱসে প্ৰকৃতাৰ্থত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব।

-------------///-----------



দুলুমনি কলিতা 

সহকাৰী শিক্ষয়িত্ৰী 

হাজো বালক উচ্চ বুনিয়াদী বিদ্যালয় ।

কামৰূপ

 




অলংকৰণ :- পূবালী শইকীয়া  দাস


Post a Comment

0 Comments