header ads

শ্ৰমিক দিৱস, শিশু শ্ৰমিক আৰু ভাৰতবৰ্ষ | Assamese article by Krishna Kalita

শ্ৰমিক দিৱস, শিশু শ্ৰমিক আৰু ভাৰতবৰ্ষ


শ্ৰমিক দিৱস, শিশু শ্ৰমিক আৰু ভাৰতবৰ্ষ

             অতীজৰ দাস প্ৰথাৰ আৰম্ভণিৰে পৰা বৰ্তমান সময়লৈকে শ্ৰমিকসকল বিভিন্ন ধৰণে শোষিত আৰু নিস্পেষিত হৈ আহিছে। এনে নিস্পেষণৰ বিৰুদ্ধে ১৮৮৬ চনত চিকাগো চহৰত শ্ৰমিকসকলৰ চৰকাৰৰ লগত হোৱা সংঘৰ্ষৰ স্মৃতিস্বৰূপে আন্তঃৰাষ্ট্ৰীয় সমাজবাদী সংগঠন আৰু বিশ্ব বাণিজ্য সংস্থাই এই  দিৱসৰ ধাৰণা আনি ১৮৮৯ চনৰ পৰা আন্তৰ্জাতিক মে' দিৱস পালন কৰিব লয়। মূলতঃ সকলো ধৰণৰ শ্ৰমিকক দিনে ৮ ঘন্টাহে কাম বা শ্ৰমত নিযুক্ত কৰি ৰখাৰ দাবীৰে এই প্ৰতিবাদ কৰা হৈছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে দেশভেদে এই দাবীৰ পৰিৱৰ্তন হৈ বৰ্তমান সময়োপযোগী কেতবোৰ নতুন দাবী সংযুক্ত হৈ আছে। ভাৰতবৰ্ষত ১৯২৩ চনৰ পৰা মে' দিৱস পালন কৰি অহা হৈছে। বৰ্তমান ১ মে'ৰ এই বিশেষ দিনটোত সকলো ধৰণৰ শ্ৰমিকে শ্ৰমৰ পৰা বিৰত থাকি তেওঁলোকৰ বিৰুদ্ধে হৈ থকা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। এয়া আছিল শ্ৰমিক দিৱসৰ এক চমু আভাষ। কিন্তু আজি মোৰ লিখনিৰ মূল লক্ষ্য,উদ্দেশ্য হ'ল ভাৰতৰ শিশু শ্ৰমিক আৰু ইয়াৰ ভয়াৱহতা সম্পৰ্কে দৃষ্টি আকৰ্ষণ কৰা।



          উন্নত দেশবোৰত ১৭ বছৰৰ অনুৰ্ধৰ যিবোৰ শিশু আৰ্থিক উৎপাদনশীল কামত নিয়োজিত হৈ আছে তেওঁলোককে 'শিশু শ্ৰমিক' বুলি ধৰা হয়। অৱশ্যে ভাৰতীয় সংবিধানৰ ১৪ নং দফা মতে, ১৪ বছৰৰ অনুৰ্ধৰ যিবোৰ শিশু আৰ্থিক উৎপাদনশীল কামত নিয়োজিত হৈ আছে তেওঁলোককহে শিশু শ্ৰমিক বুলি ধৰা হয়। বিশ্ব শ্ৰমিক সংস্থাৰ মতে ভাৰতত প্ৰায় ১২.৯ মিলিয়ন শিশু শ্ৰমিক আছে যাৰ বয়স ৭ ৰ পৰা ১৭ বছৰৰ ভিতৰত।২০১১ চনৰ ভাৰতীয় লোকগণনা অনুসৰি ভাৰতত ৫ ৰ পৰা ১৪ বছৰৰ ভিতৰত ২৫৯.৬ মিলিয়ন শিশু আছে যাৰ ১০.১ মিলিয়ন শিশু শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে।এই হাৰ ৩.৯% । অৰ্থাৎ প্ৰতি ১০০ জনৰ প্ৰায় ৪ জন শিশুই হৈছে শ্ৰমিক । শিশু শ্ৰমিক কেৱল মাত্ৰ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশৰে সমস্যা নহয়; আমেৰিকা, ইউৰোপ আদি পশ্চিমীয়া আৰু উন্নত দেশবোৰো  এই সমস্যাৰে জৰ্জৰিত।ভাৰতবর্ষত শিশু শ্ৰমিকৰ সংখ্যা উত্তৰ প্ৰদেশত সৰ্বাধিক।

        ভাৰতীয় সংবিধানৰ ১৪ নং দফা মতে ১৪ বছৰৰ অনুৰ্ধৰ শিশু শ্ৰমক আইনমতে দণ্ডনীয় বুলি ধৰা হয়। এতিয়া আমি ২০১৬ চনৰ সংশোধীত 'শিশু শ্ৰমিক আইনৰ নীতি'সমূহ অলপ জানো আহক। শিশু শ্ৰমিক সমস্যা সমাধানৰ বাবে ১৯৮৬ চনৰ 'শিশু শ্ৰমিক আইন'খন ২০১৬ চনত সংশোধন কৰা হয়। 'শিশু শ্ৰম আইন' ২০১৬ ৰ 3 নং অধিসূচনা অনুসৰি বিদ্যালয়ৰ সময় বা বন্ধৰ দিনৰ বাহিৰৰ সময়ত বিপদ মুক্ত নিজৰ ঘৰুৱা কামকাজত সহায় কৰাটো বিধিগত বুলি গণ্য কৰা হৈছে। কিন্তু কোনো শিশুক বৃত্তিগত কামত নিয়োগ কৰাত বিধিসন্মত ভাৱে বাধা আছে। শিল্পী হিচাপে কৰ্মৰত শিশু যেনে দৃশ্য-শ্ৰাব্য মাধ্যম, নাটক, থিয়েটাৰ,বোলছবি, ছিৰিয়েল , বিজ্ঞাপন বা তেনে কোনো মনোৰঞ্জনৰ কাৰ্য ( চাৰ্কাছক বাদ দি) খেল ধেমালি আদি সম্পূৰ্ণ সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি শিশুৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰাকৈ কৰাটো বিধিসন্মত বুলি গণ্য কৰা হয়।আকৌ অধিসূচনা  4 অনুসৰি, এই আইনৰ অধীনত কোনো সংকটপূৰ্ণ কামত শিশুক জড়িত কৰিব নোৱাৰিব। অধিসূচনা 4 অনুসৰি যি ব্যক্তিয়ে অধিসূচনা 3A ভংগ কৰি শিশুক শ্ৰমত লগায় বা শিশুক শ্ৰম কৰিবলৈ অনুমতি প্ৰদান কৰিব তেওঁক আইনৰ দৃষ্টিত দোষী বুলি মানি লোৱা হ'ব আৰু সৰ্বনিম্ন ৬ মাহৰ পৰা ২ বছৰ পৰ্য্যন্ত কাৰাবাস খাটিবলগীয়া হ'ব পাৰে বা সৰ্বনিম্ন ২০ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ'ব পাৰে আৰু একে সময়তে দুয়োটা শাস্তি ও প্ৰযোজ্য হ'ব পাৰে। অধিসূচনা 3A ৰ মতে পিতৃ-মাতৃ বা শিশুৰ অভিভাৱকে যদিহে ব্যৱসায়িক ভিত্তিত  শ্ৰম কৰাৰ বাবে শিশুক অনুমতি নিদিয়ে তেন্তে তেওঁলোকক শাস্তি বিহা নহয়। কিন্তু অধিসূচনা 3 আৰু 3A ভংগৰ যদি তথ্য প্ৰমাণ অভিভাৱক বা পিতৃ-মাতৃৰ বিৰুদ্ধে পোৱা যায় তেন্তে নিম্নতম ১ বছৰৰ পৰা ৩ বছৰ পৰ্য্যন্ত কাৰাবাস খাটিবলগীয়া হ'ব পাৰে।



         শিশু শ্ৰম বন্ধ কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা লোৱা দেখা গৈছে যদিও আটাইবোৰ সম্পূৰ্ণ ফলপ্ৰসূ হোৱা নাই। সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা কৰি আইন প্ৰণয়ন কৰা হৈছে যদিও এই আইন বিষয়া আৰু আমাৰ জনসাধাৰণৰ অসহযোগিতাৰ বাবে এই সমস্যা সমাধান হোৱা নাই। বহু ক্ষেত্ৰত কৰ্মৰত শিশু শ্ৰমিক এজনক মূল সুঁতিলৈ আনিবলৈ গৈ বিষয়া বা আৰক্ষী প্ৰশাসন বিমোৰত পৰে । কিয়নো এনেকুৱা বহু শিশু শ্ৰমিক আছে যিসকলে পৰিয়ালৰ দায়িত্ব বহন কৰি আছে। এনে ক্ষেত্ৰত শিশুক ন্যায় দিবলৈ যাওঁতে তেওঁ দায়িত্ব লৈ থকা পৰিয়ালটিৰ ভৰণ পোষণৰ সমস্যা আহি পৰে। সেয়েহে 'শিশু শ্ৰমিক আইন' ( সংশোধিত) খন আৰু সংশোধনৰ প্ৰয়োজন আছে।

       আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক। এখন সুস্থ-সৱল শক্তিশালী দেশ গঢ়িবলৈ শিশুসকলক উপযুক্ত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। বৰ্তমান নতুন  ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ য়ে যদিও শিশুশিক্ষা স্নাতক পৰ্যায়লৈ সম্পূৰ্ণ বিনামূলীয়া কৰিছে , তথাপিও অক্ষম পৰিয়ালৰ শিশুৰ সম্পূৰ্ণ দায়িত্ব তথা যিবোৰ পৰিয়ালৰ মূল উপাৰ্জন কৰোঁতা শিশু, তেনে পৰিয়াল চিনাক্ত কৰি তেওঁলোকৰো সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব। এই ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠনবোৰে অধিক ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব। অৱশেষত শিশু শ্ৰম বন্ধ কৰাৰ বাবে আমি সমাজত সচেতনতা বৃদ্ধি কৰিব লাগিব । নহ'লে ই ভৱিষ্যত সমাজৰ বাবে দেশৰ প্ৰগতিত হেঙাৰ হৈ পৰিব।

(Child is meant to learn not to earn)

 

( শিশু শ্ৰমিক দেখিলে বা অনাথ, শোষিত, নিস্পেষিত শিশু দেখিলে 1098  নং ফোন কৰি শিশুটিৰ ভবিষ্যত সুৰক্ষিত কৰক।) 

ধন্যবাদ

 

***************************

 

কৃষ্ণ কলিতা

মণ্ডল সমল কেন্দ্ৰ সমম্বয়ক

ৰঙিয়া আৰবান ১

ৰঙিয়া শিক্ষাখণ্ড

দূৰভাষ ৯৭০৭৩৯০০৬৮







অলংকৰণ :-  সুৰভি দাস



Post a Comment

0 Comments