header ads

ছাত্ৰ-ছাত্ৰীৰ বাবে গছ বগোৱা আৰু সাঁতোৰ শিক্ষাৰ প্ৰয়োজনীয়তা | Assamese Article by Naba Kr Nath

 ছাত্ৰ-ছাত্ৰীৰ বাবে গছ বগোৱা আৰু সাঁতোৰ শিক্ষাৰ প্ৰয়োজনীয়তা



            এটি সুস্থ শৰীৰত এটি সুস্থ মনে বাস কৰে। আমি সদায় আমাৰ দেহটোক সুস্থ তথা নিৰোগী কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। পঢ়া-শুনা কৰাৰ উপৰিও বিভিন্ন খেল-ধেমালি,সাঁতোৰ,গছ বগোৱা, ছবি অঁকা,তৰ্ক প্ৰতিযোগিতা,আকস্মিক বক্তৃতা ইত্যাদিয়ে আমাৰ শাৰীৰিক আৰু  বৌদ্ধিক বিকাশত সহায় কৰে। 

          সাঁতোৰ এবিধ ভাল ব্যায়াম। ব্যায়ামে আমাৰ শৰীৰ সুস্বাস্থ্যৱান তথা নিৰোগী কৰি ৰাখে। আজি আমি কথা পাতিম সাঁতোৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত। আমি যেতিয়া পানীত সাঁতুৰিবলৈ লওঁ তেতিয়া আমাৰ শৰীৰৰ প্ৰতিতো অংগই ক্ৰিয়া কৰে আৰু তাৰ ফলত গোটেই শৰীৰটোৰ বাবেই ব্যায়াম কৰা হয়। 

         সাঁতোৰ শিক্ষাৰ ফলত হোৱা লাভসমূহ-
          ১/ শ্বাস-প্ৰশ্বাসজনিত বিভিন্ন বেমাৰৰ   উপশম হয়৷
          ২/ মাংসপেশীসমূহ শক্তিশালী কৰি তোলে।
          ৩/ মেদবহুলতা হ্ৰাস হয়৷
          ৪/ মানসিক চাপ হ্ৰাস হয়৷
          ৫/ মনটোক শান্ত কৰি ৰাখে। 
          ৬/ শৰীৰৰ গঠন মজবুত হয় ইত্যাদি ৷

          আনহাতে আৰু এবিধ ভাল ব্যায়াম হ'ল গছ বগোৱা। গছ বগোৱা কাৰ্যই আমাৰ শৰীৰ শক্তিশালী কৰে। 

       গছ বগোৱা কাৰ্যৰ ফলত হোৱা লাভসমূহ-
         ১/ মাংসপেশীসমূহ মজবুত হয়।
         ২/ মানসিক চাপ হ্ৰাস হয়।
         ৩/ বুদ্ধিৰ বিকাশ ঘটায়।
         ৪/ মনটো সাহসী হয়।
        ৫/ আকস্মিক বুদ্ধিৰ প্ৰয়োগ হয়।
        ৬/ হাড়সমূহ মজবুত হয়।

        আমাৰ অসমৰ প্ৰধান সমস্যা হ'ল বানপানী। প্ৰতিবছৰে বানপানীয়ে গোটেই অসমখন ডুবাই ৰাখে। এই বানপানীয়ে যথেষ্ট অনিষ্ট সাধন কৰাৰ লগতে বহুতৰ প্ৰাণ কাঢ়ি নিছে। বানপানীৰ ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবলৈ সাঁতোৰ আৰু গছ-বগোৱা কাৰ্য বিশেষভাৱে প্ৰয়োজনীয়। সাঁতোৰ আৰু গছ-বগোৱা বিদ্যা থাকিলে নিজে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ উপৰিও আনৰো প্ৰাণ ৰক্ষা কৰিব পৰা যায়। বাৰিষা কালত সাঁতোৰ নজনাৰ ফলত চকুৰ সন্মুখত বহুলোকে প্ৰাণ হেৰুৱাব লগা হোৱাৰ দৰে বহুত উদাহৰণ আছে।
          ঠাই এখনৰ ভৌগোলিক পৰিসীমা, জলবায়ু লগতে বিভিন্ন প্ৰাকৃতিক সমস্যাৰ ওপৰত ভিত্তি কৰি উক্ত অঞ্চলটোৰ জীৱন-ধাৰণ প্ৰক্ৰিয়া বাছি লোৱা উচিত। পৰিস্থিতি সাপেক্ষে যুঁজ দিব পৰাকৈ সাজু থকা উচিত। 
      বানপানী অসমৰ এক জ্বলন্ত সমস্যা। বানপানী প্ৰতিৰোধ কৰাৰ বাবে স্থায়ী সমাধান এতিয়ালৈকে যিহেতু হৈ উঠা নাই গতিকে বিশেষকৈ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষকসমাজ আদি প্ৰত্যেকেই উমৈহতীয়া প্ৰচেষ্টাৰে সাঁতোৰ বিদ্যা আৰু গছ বগোৱা বিদ্যাৰ ওপৰত ব্যাপক চৰ্চা কৰিব লাগে আৰু এই দুবিধ বিদ্যা শিকাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। যদি সম্ভৱ প্ৰতি ৫খন বিদ্যালয়ৰ মাজত এটাকৈ "চুইমিং পুল ও ক্লাইম্বিং ট্ৰেইনিং" ৰ ব্যৱস্থা কৰিব লাগে। যদি সঁচাকৈ এই দুবিধ বিদ্যাৰ ওপৰত চৰ্চা কৰা হয়  আৰু পদক্ষেপ লোৱা হয় তেন্তে আগলৈ উক্ত ল'ৰা-ছোৱালীখিনিয়ে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ
ব পাৰিব আৰু সামৰিক বাহিনীৰ নিচিনা নিজৰ লগতে আন দহজনক সহায়ৰ হাত আগবঢ়াব পাৰিব লগতে অসমৰ শিক্ষাজগতত এক নৱসুৰুযৰ উদয় হব বুলি মোৰ বিশ্বাস।

**********************************************


নৱ কুমাৰ নাথ
সহকাৰী শিক্ষক
শিক্ষাখণ্ড -বকো
বকো মজলীয়া বিদ্যালয়, বকো
কামৰূপ(অসম) 



অলংকৰণ :- সুকন্যা ভৰদ্বাজ



Post a Comment

1 Comments